পৰিয়াল


১। চমু উত্তৰ দিয়া-

(ক) পৰিয়াল এটা কোনে পৰিচালনা কৰে?

উত্তৰঃ- পৰিয়াল এটা পৰিয়ালৰ মুৰব্বীজনে পৰিচালনা কৰে।


(খ) অনিতাৰ পৰিয়ালৰ সদস্য কেইজন?

উত্তৰঃ- অনিতাৰ পৰিয়ালৰ সদস্য ৯ জন।


(গ) অনিতাৰ পৰিয়ালটো কোনটো পৰিয়ালৰ অন্তৰ্গত?

উত্তৰঃ- অনিতাৰ পৰিয়ালটো যৌথ পৰিয়ালৰ অন্তৰ্গত।


(ঘ) শশাংকুৰ পৰিয়ালটো কি পৰিয়াল?

উত্তৰঃ- শশাংকুৰ পৰিয়ালটো একক পৰিয়াল।


২। খালী ঠাই পূৰ কৰা-

(ক) সমাজৰ এটা প্ৰাথমিক গোট হ'ল পৰিয়াল

(খ) পৰিয়াল এটা শৃংখলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা নীতি-নিয়ম থাকে।

(গ) শশাংকুৱে ধুনীয়া ছবি আঁকে।

(ঘ) শিক্ষয়িত্ৰীয়ে শশাংকুক সাধুকথা ইংগিতেৰে বুজায়।


৩। উত্তৰ দিয়া-

(ক) একক পৰিয়াল বুলিলে কি বুজা?

উত্তৰঃ- যি পৰিয়ালত কেৱল মাক-দেউতাকৰ সৈতে তেওঁলোকৰ ল'ৰা-ছোৱালী থাকে তেনে পৰিয়ালকে একক পৰিয়াল বোলা হয়।


(খ) শশাংকুৱে কিয় ইংগিতেৰে কথা পাতে?

উত্তৰঃ- শশাংকুৱে ভালদৰে কথা ক'ব নোৱাৰাৰ বাবে ইংগিতেৰে কথা পাতে।


(গ) যৌথ পৰিয়াল বুলিলে কি বুজা?

উত্তৰঃ- যি পৰিয়ালত দুটা বা তিনিটা সৰু পৰিয়াল এক গোট হৈ এটা ডাঙৰ পৰিয়াল হৈ থাকে তাক যৌথ পৰিয়াল বোলা হয়।


(ঘ) শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত কি কৰে?

উত্তৰঃ- শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত একেলগে বেঞ্চত বহে, পঢ়া-শুনা কৰে আৰু নানা ধৰণৰ খেল খেলে।


৪। তলত দিয়া সদস্যসকলৰ সম্পৰ্ক বিচাৰি উলিয়াই 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

দেউতাৰ ককায়েক    -    বৰদেউতা

ককাৰ দেউতাক    -    আজোককা

দেউতাৰ মাক    -    আইতা

মাৰ ভায়েক    -    মামা

দেউতাৰ ভনীয়েক    -    পেহী

মাৰ দেউতাক    -    ককা


অতিৰিক্ত প্ৰশ্নোত্তৰ


অনিতাৰ পৰিয়ালত কোন কোন আছে?

উত্তৰঃ- অনিতাৰ পৰিয়ালত  মাক-দেউতাক, ককাক-আইতাক, খুড়াক-খুড়ীয়েক, পেহীয়েক আৰু খুড়াকৰ ল'ৰা জিণ্টু থাকে।


পৰিয়ালৰ কোন কেইজন সদস্যই তাইৰ যত্ন লয়?

উত্তৰঃ- পৰিয়ালৰ ককাক-আইতাক, খুড়াক-খুড়ীয়েক, পেহীয়েক আৰু মাকে তাইৰ যত্ন লয়।


পৰিয়ালৰ কোন কোন সদস্যই  উপাৰ্জন কৰে?

উত্তৰঃ- পৰিয়ালৰ দেউতাক আৰু খুড়াকে উপাৰ্জন কৰে।


অনিতাই খুড়াকৰ ল'ৰা জিণ্টুক কেনেদৰে যত্ন লয়?

উত্তৰঃ- অনিতাই খুড়াকৰ ল'ৰা জিণ্টুক বৰ যত্ন লয়। কেতিয়াবা তাই তাক গা ধুৱাই দিয়ে, কাপোৰ-কানিও পিন্ধাই দিয়ে।


অনিতাৰ পৰিয়ালটোৰ মুৰব্বী কোন?

উত্তৰঃ- অনিতাৰ পৰিয়ালটোৰ মুৰব্বী হৈছে ককাক।

Answered by Hiru Moni Bora

Last Update by Dipawali Bora (07.05.2022)