পাঠ ১৬

কম্পিউটাৰ আৰু যোগাযোগ


১। উত্তৰ লিখা-

(ক) যোগাযোগ ব্যৱস্থা কি? দুটা যোগাযোগৰ মাধ্যমৰ নাম।

উঃ এজনে আন এজন লগত কথা পাতি মনৰ ভাৱ প্ৰকাশ কৰাটোৱে হৈছে যোগাযোগ।

    ইয়াৰ দুটা মাধ্যমৰ নাম হ'ল- চিঠি আৰু টেলিফোন।


(খ) কম্পিউটাৰৰ অংশকেইটাৰ নাম লিখা।

উঃ কম্পিউটাৰৰ অংশকেইটাৰ নাম হ'ল- মনিটৰ, চি পি ইউ, কি-বোৰ্ড আৰু মাউচ।


(গ) কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সহায়ত কৰিব পৰা দুটা কাম উল্লেখ কৰা।

উঃ কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সহায়ত আমি কৰিব পৰা দুটা কাম হ'ল- 

    আমি তথ্য পাব পাৰো।


(ঘ) প্ৰিণ্টাৰৰ কাম কি?

উঃ প্ৰিণ্টাৰৰ কাম হৈছে কম্পিউটাৰত কৰা কামখিনি কাগজত লিখিত আকাৰে প্ৰকাশ কৰা।


২।  'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

উত্তৰঃ

'ক'              -            'খ'

কি-বোৰ্ড      -     লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি।

মাউচ          -      মণিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি।

চি পি ইউ    -    নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে।

মনিটৰ        -      কৰা কামখিনি আৰু ফলাফল দেখা পাওঁ।


৩। খালী ঠাই পূৰ কৰা-

উত্তৰঃ

(ক) টেলিফোন আৰু ম'বাইলৰ দ্বাৰা পৃথিৱীৰ যিকোনো লোকৰ লগত কথা পাতিব পাৰি।


(খ) কৃত্ৰিম উপগ্ৰহৰ বাবে যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে।


(গ) আমি তথ্য সংৰক্ষণ কম্পিউটাৰৰ সহায়ত কৰিব পাৰো।


(ঘ) টেলিফোনত ফেক্স সংযোগ কৰি আমি দৰকাৰী নথি-পত্ৰৰ প্ৰতিলিপি তৎক্ষণাত আন ঠাইলৈ পঠিয়াব পাৰো।


৪। শদ্ধ উত্তৰটোত শুদ্ধ দিয়া-

(ক) ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰি।

উঃ শুদ্ধ।


(খ) প্ৰিণ্টাৰৰ সহায়ত কম্পিউটাৰত কৰা কামবোৰ লিখিত আকাৰে পাব পাৰি।

উঃ শুদ্ধ।


(গ) টেলিভিছন হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত ব্যৱস্থা।

উঃ শুদ্ধ।


(ঘ) ফেক্স টেলিভিছনত সংযোগ কৰা হয়।

উঃ শুদ্ধ।


(ঙ) ম'বাইলে ফোনেৰে লিখিতভাবে ভাব  বিনিময় কৰিব পাৰি।

উঃ শুদ্ধ। 


Answered by Hiru Moni Bora

Last Update by Dipawali Bora (07.05.2022)



Post ID : DABP005923