👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answers
👉MCQ Online Exam
👉MCQs Answers
ক) বৰ্তমান কালত ভূমিকম্পৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ পৰিমান বাঢ়ি যোৱাৰ কাৰণ কি?
উত্তৰঃ বৰ্তমান সময়ত ডাঙৰ ডাঙৰ মহানগৰ বোৰত জনসংখ্য়া আৰু সুউচ্চ অট্ৰালিকাৰ সংখ্য়া ইমান বাঢ়ি গৈছে যে লাহেকৈ ভূমিকম্প আহিলে সেই সুউচ্চ অট্ৰলিকাবোৰ বাগৰি পৰে সেইকাৰণে ভূমিকম্পত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণো বাঢ়িছে।
খ) চীনৰ জনসাধাৰণে কিদৰে হোৱাংহো নদীৰ বানপানী ৰোধ কৰিছিল?
উত্তৰঃ চীনৰ জনসাধাৰণে নদীৰ পাৰত বিশাল আৰু সুদীৰ্ঘ পাৰ বান্ধি হোৱাংহো নদীৰ বানপানী ৰোধ কৰিছিল।
গ) ভূকম্পবিদ্যাত কি সম্পৰ্কীয় অধ্য়য়ন আৰু গৱেষণা চলোৱা হয়?
উত্তৰঃ ভূকম্পবিদ্য়াত ভূমিকম্প সম্পৰ্কীয় নানা প্ৰকাৰৰ চিন্তা, অধ্য়য়ন আৰু গৱেষণা চলোৱা হয়।
ঘ) ছিজমছ শব্দটো কোন ভাষাৰ পৰা আহিছে?
উত্তৰঃ ছিজমছ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে।
ঙ) ছিজম'মিটাৰৰ সহায়ত কি কৰা হয়?
উত্তৰঃ ছিজম'মিটাৰৰ সহায়ত ভূমিকম্পৰ হলে সৃষ্টি হোৱা যি কঁপনিৰ প্ৰাৱল্য় তাক জোখাৰ লগতে কৃত্ৰিম উপায়েৰে বিস্ফোৰণ ঘটাই তৰংগ সৃষ্টি কৰি মাটিৰ তলত পোত খাই থকা শিলাস্তৰ, বিশালাকায় উল্কাপিণ্ড আদিৰ গ্ৰাফ বা ৰেখাচিত্ৰও প্ৰস্তুত কৰিব পাৰি।
চ) ছিজম'ল'জি বা ভূকম্পবিদ্যা বিষয়ত কেনে ধৰণৰ ব্যক্তিয়ে যোগদান কৰিবহি পাৰে?
উত্তৰঃ ছিজম'ল'জি বা ভূকম্পবিদ্যাত নিজ নিজ বিষয়ত দক্ষ ব্যক্তিয়ে যোগদান কৰিবহি পাৰে।
২। চমু উত্তৰ লিখা ।
ক) ভূকম্পবিদ্যা বা ছিজম'ল'জি বুলিলে কি বুজা? বৰ্তমান কালত এই বিষয়টোৰ গুৰুত্ব কিয় বাঢ়ি গৈছে?
উত্তৰঃ ভূমিকম্প সম্পৰ্কীয় নানা প্ৰকাৰৰ চিন্তা, অধ্য়য়ন আৰু গৱেষণাক কেন্দ্ৰ কৰি যি বৈজ্ঞানিক চিন্তাধাৰা আৰু কাৰ্যপদ্ধতিৰ জন্ম দিছে সেই বিষয়কে বোলা হয় ভূকম্পবিদ্য়া। এই বিষয়টোক ইংৰাজীত কোৱা হয় ছিজম'ল'জি।
বৰ্তমান সময়ত পৃথিৱীত হোৱা বহুটকেইটা ভূমিকম্প ,ছুনামি আদিৰ দৰে দুৰ্যোগে এই বিষয়টোৰ গুৰুত্ব বৃদ্ধি কৰিছে।
খ) ভূকম্পবিদ্যাই কি কি বিষয় ইয়াৰ অন্তৰ্ভুক্ত কৰি লৈছে?
উত্তৰঃভূমিকম্পবিদ্য়াই সাগৰীয় ভূমিকম্প, আগ্নেয়গিৰিৰ উদগিৰণ ফলত উৎপত্তি হোৱা শক্তি তৰংগ, পৃথিৱীৰ বিভিন্ন মহাদেশসমূহ অৱস্থিত মহাদেশীয়, প্লেটসমূহৰ চলাচলৰ ফলত হ'ব পৰা ভূ প্ৰকৃতিক পৰিবৰ্তন আদি বিষয় ইয়াৰ অন্তৰ্ভূক্ত কৰি লৈছে।
গ) ভূমিকম্পবিদ্যাৰ ক্ষেত্ৰখনত কেনে ধৰনৰ ক্ষেত্ৰত আৰু পেচাৰ ব্যাক্তিয়ে সেৱা আগবঢ়াই আহিছে তোমাৰ ভাষাত লিখা।
উত্তৰঃ ভূমিকম্পবিদ্য়া ক্ষেত্ৰখনত বিশেষকৈ ভূবিজ্ঞানী আৰু কাৰিকৰী পোচাৰ সৈতে জড়িত ব্য়ক্তিয়ে সেৱা আগবঢ়াই আহিছে। ইয়াৰ উপৰিও কম্পিউটাৰ বিশেষজ্ঞ, পদাৰ্থ বিজ্ঞানৰ সৈতে জড়িত ব্য়ক্তি, বৈদ্য়ুতিক কৰ্মী, আৰু তাৎক্ষণিক সেৱা সৈতে জড়িত ব্য়ক্তিয়ে নিজৰ নিজৰ সেৱা আগবঢ়াই আহিছে।
ঘ) ছিজমগ্ৰাফৰ কাৰ্য্যপদ্ধতি সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ভূমিকম্প হ'লে ছিজমগ্ৰাফৰ জৰিয়তে কম্পনৰ ফলত সৃষ্টি হোৱা প্ৰবল্য় জোখা হয়।
৩। ভূকম্পবিদ্যাই মানৱ জাতিৰ অপকাৰৰ অৰ্থে কিদৰে কাম কৰিব পাৰে সেই বিষয়ে নিজৰ ভাষাত বুজাই লিখা।
উত্তৰঃ ভূকম্প বিদ্যাৰ সহায়ত পৃথিৱীৰ কোনবিলাক ঠাইত সঘনে ভূমিকম্প হব পাৰে সেই বিষয়ে অধ্যয়ন কৰি মানুহবোৰক ভূমিকম্প সম্পৰ্কে সজাগ কৰি তুলিব পাৰে। ভূমিকম্প আহিলে লবলগীয়া সাৱধানতা সম্পৰ্কে আগতীয়াকৈ জনাই থব পাৰে। ভূমিকম্প বিধ্বংসী গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। ভূকম্প বিদ্যাই মানৱ জাতিৰ উপকাৰৰ অৰ্থে নানা ধৰণৰ কাম কৰিব পাৰে।
৪) প্ৰসংগ-সংগতি দৰ্শাই ব্যখ্যা কৰাঃ
সেয়েহে কব পাৰি যে ছিজমলজি হৈছে নানা ক্ষেত্ৰ আৰু বিষয়ৰ সমন্বয়ত গঢ়ি উঠা এক অধ্যয়ন , গৱেষনা তথা ব্যৱস্থাপনা প্ৰক্ৰিয়া ।
উত্তৰঃএই কথাষাৰি আমাৰ পাঠ্য়পুথি আপোন পাঠৰ হোমেন গগৈ দেৱে ৰচনা কৰা "ভূমিকম্প বিষয়ে অধ্য়য়ন" নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
বাক্য়টোৰ দ্বাৰা ছিমজ লজি ৰ জৰিয়তে অধ্য়য়ন আৰু গবেষনা কৰি মানৱ জাতিক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰাৰ ব্য়ৱস্থা কৰিব খুজিছে বুলি কবলৈ বিচাৰিছে।
ছিমজ'লজি বা ভূ-কম্পবিদ্য়া এনে এটা বিষয় যাক অধ্য়য়ন আৰু গৱেষনা কৰি ভূমিকম্পৰ বিষয়ে জানিব পাৰি । দক্ষ লোকসকলে ভূকম্পবিদ্য়া শিকিবলৈ আগ্ৰহী হৈ ইয়াত যোগদান কৰি ভূকম্পবিদ্য়াৰ বিভিন্ন দিশৰ অধ্য়য়ন আৰু গৱেষণা কৰিব লাগে। ভূমিকম্পৰ কাৰম তৰংগৰ প্ৰতি প্ৰকৃতি ভূ-গৰ্বস্থিত পদাৰ্থৰ ৰূপ পৰিৱৰ্তন আদিৰ বিষয়ে অধ্য়য়ন কৰি ভালদৰে জানিব পাৰিলে মানৱ জাতিৰ অশেষ উপকাৰ হ'ব। এই অধ্য়য়ন আৰু গৱেণাৰ জৰিয়তে কিছু পৰিমাণে হলেও ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতি ৰোধ কৰিব পৰা যাৱ।
৫। বিপৰীত অৰ্থবোধক শব্দ লিখা ।
বুদ্ধিমান, বৃদ্ধি, বিশালাকায়,সুৰক্ষিত,দক্ষ, কুখ্যাত ।
বুদ্ধিমান - বুদ্ধিহিন।
বৃদ্ধি - নিববুদ্ধি।
বিশালাকায় - ক্ষিণকায়।
সুৰক্ষিত - অসুৰক্ষিত।
দক্ষ - অদক্ষ।
কুখ্য়াত - সুখ্য়াত।
৬) বাক্য ৰচনা কৰা ।
চিন্তা-চৰ্চা কৰা , চ্যুতি -বিচ্যুতি, বিপদ-বিঘিনি
চিন্তা-চৰ্চা -- মানুহে ভূমিকম্পৰ কৰাল গ্ৰসৰ পৰা মুক্তি পাৱলৈ চিন্তা-চৰ্চা কৰি আছে।
চ্য়ুতি-বিচ্য়ুতি- ভূ-পৃষ্ঠৰ চ্য়ুতি-বিচ্য়ুতিৰ ফলত পৃথিৱীৰ উপৰিভাগত ভূমিকম্প হয়।
বিপদ-বিঘিনি- ভূমিকম্পৰ ফলত হ'ব পৰা বিপদ-বিঘিনিৰ পৰা আগতিয়াকৈ সজাগ হব লাগে।
৭।তলত দুটা উদাহৰণ দিয়া হৈছে । উদাহৰণ চাই বাকীবােৰ সম্পূৰ্ণ কৰা।
প্রলয় যিয়ে সাধে = প্রলয়ংকৰী।
গৱেষণা যিয়ে কৰে = গৱেষক।
সীমাৰ ভিতৰত যিয়ে আৱদ্ধ = সীমাবদ্ধ।
বৃত্তি যিয়ে ধাৰণ কৰে = বৃত্তিধাৰী।
ভূতত্ব বিদ্যা অধ্যয়ন কৰে যিয়ে = ভূতাত্বিক।
সাৱধান হৈ থাকে যিয়ে = সাৱধনী।
৯।প্রত্যয় ভাঙি দেখুওৱাঃ
প্রাকৃতিক , বিজ্ঞানী , বৈদ্যুতিক , কাৰিকৰী , প্রায়ােগিক , গাণিতিক ।
প্ৰকৃতিক - প্ৰকৃত + ই।
বিজ্ঞানী - বিজ্ঞান + ঈ।
বৈদ্য়ুতিক- বৈদ্য়ুত + ইক।
কাৰিকৰী - কাৰিকৰ + ঈ।
প্ৰয়োগিক - প্ৰয়োগ + ইক।
গানিতিক - গানিত + ইক।
১০। ভাবার্থ লিখা ।
মন কৰিলেই ছন ।
উত্তৰঃ মানুহৰ পাঁচতা ইন্দ্ৰিয়ৰ ভিতৰত মন এটা শক্তিশালী ইন্দ্ৰিয়। প্ৰায়ভাগ মানুহৰ মনৰ দ্বাৰাই প্ৰচালিত হয়।গতিকে মনক সংযুক্ত ৰাখি মানুহে ভাল কাম কৰিবলৈ আগবাঢ়ি গলে মানুহৰ উন্নতি হয়। মানুহে মনৰ বশৱৰ্তী হৈ হাত সাৱতি বহি থাকিলে ভাল ফল আশা কৰাটো মিছা। পৰিক্ষাত ভাল ফল দেখুৱাবলৈ যত্ন সহকাৰে মনক দমন কৰি লিখা পঢ়াৰ দ্বাৰা প্ৰস্তুতি চলালেহে ভাল ফল পাৱ পাৰি। এতেকে ভাল কাম কৰিবলৈ হলে মন কৰি গুৰুত্ব সহকাৰে লব লাগে, তেতিয়াহে বাকৰি মাটিতো ধন পাৱ পাৰি।
১১। সন্ধি ভাঙাঃ
গৱেষণা , সঞ্চয় , অন্বেষণ , নির্গত , দুৰ্যোগ , সীমাৱদ্ধ ।
গৱেষণা = গৱ + এষনা।
সঞ্চয় = সন + চয়।
অন্বেষণ = অন + এষন।
নিৰ্গত = নিঃ + গত।
দুৰ্যোগ = দুঃ + যোগ।
সীমাৱদ্ধ = সীমা + আবদ্ধ।