পাঠ ১৭

আমাৰ ৰাজ্যখন


১। উত্তৰ লিখা-

(ক) অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি?

উঃ অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ ৩ টা-

    ব্ৰহ্মপুত্ৰ উপত্যকা

    বৰাক উপত্যকা আৰু

    পাহাৰীয়া অঞ্চল।


(খ) অসমৰ প্ৰধান নৈ দুখনৰ নাম কি?

উঃ অসমৰ প্ৰধান নৈ দুখনৰ নাম হ'ল-ব্ৰহ্মপুত্ৰ আৰু বৰাক।


(গ) অসম ৰাজ্যৰ ওচৰতে থকা বিদেশী ৰাষ্ট্ৰ কেইখনৰ নাম কি কি?

উঃ অসম ৰাজ্যৰ ওচৰতে থকা দুখন বিদেশী ৰাষ্ট্ৰ হৈছে ভূটান আৰু বাংলাদেশ।


(ঘ) অসমৰ চাৰিসীমা লিখা।

উঃ অসমৰ চাৰিসীমা হৈছে- উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, পূৱে নাগালেণ্ড মণিপুৰ আৰু অৰুণাচল প্ৰদেশ, দক্ষিণে ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰাম আৰু পশ্চিমে মেঘালয় আৰু বাংলাদেশ।


(ঙ) বৰাক উপত্যকাত থকা জিলাকেইখনৰ নাম কি কি?

উঃ বৰাক উপত্যকাত থকা জিলাকেইখনৰ নাম হ'ল- 

কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ।


২। খালী ঠাই পূৰ কৰা-

(ক) অসম ৰাজ্যৰ উত্তৰ অংশত ব্ৰহ্মপুত্ৰ উপত্যকা আছে।


(খ) আমাৰ দেশ ভাৰতৰ উত্তৰ-পূৱ অংশত অসম ৰাজ্য আছে।


(গ) মানচিত্ৰত পৰ্বত, পাহাৰ, নৈ আদি বুজাবলৈ ব্যৱহাৰ কৰা চিনবোৰক সাংকেতিক চিহ্ন বোলে।


(ঘ) অসমৰ দক্ষিণ অংশত বৰাক উপত্যকা আছে।


৩। শুদ্ধ উত্তৰটো বাচি উলিয়াই লিখা-

(ক) অসমক প্ৰধানকৈ দুটা/তিনিটা/চাৰিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে।
উঃ তিনিটা।


(খ) ব্ৰহ্মপুত্ৰ উপত্যকা অসম ৰাজ্যৰ উত্তৰ/দক্ষিণ/পূব অংশত।
উঃ উত্তৰ।


(গ) অসম ৰাজ্যৰ ওচৰত দুখন/তিনিখন/চাৰিখন বিদেশী ৰাষ্ট্ৰ আছে।
উঃ দুখন।


৪। 'ক' অংশৰ লগত 'খ' মিলোৱা-
উঃ






Answered by Hiru Moni Bora

Last Update by Dipawali Bora (07.05.2022)


Post ID : DABP005947