পাঠ ১৮

আমাৰ জিলাখনৰ কিছু কথা


১। চমু উত্তৰ দিয়াঃ 

(ক) আমাৰ ৰাজ্যখনক প্ৰশাসনৰ সুবিধাৰ বাবে কেইখন জিলাত ভাগ কৰা হৈছে।

উঃ আমাৰ ৰাজ্যখনক প্ৰশাসনৰ সুবিধাৰ বাবে ৩৪ খন জিলাত ভাগ কৰা হৈছে।


(খ) গোৱালপাৰা আৰু বঙাইগাওঁ জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ নাম কি?

উঃ গোৱালপাৰা আৰু বঙাইগাওঁ জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ নাম নৰনাৰায়ণ সেতু।


(গ) তোমাৰ জিলাৰ সদৰ ঠাইখনৰ নাম কি?

উঃ মোৰ জিলাৰ সদৰ ঠাইখনৰ নাম মৰিগাওঁ।


(ঘ) তোমাৰ জিলাৰ সামাজিক, সাহিত্য, খেল-ধেমালি আদিত অৰিহণা যোগোৱা একোজন ব্যক্তিৰ নাম লিখা।

উঃ জিলা সাপেক্ষে এই প্ৰশ্নৰ উত্তৰ বেলেগ বেলেগ হোৱাৰ বাবে ঘৰৰ জ্যেষ্ঠজনৰ লগত আলোচনা কৰি লিখক।  


(ঙ) অসমৰ কোনখন জিলাত আন্তৰ্জাতিক বিমানবন্দৰ অৱস্থিত?

উঃ অসমৰ কামৰূপ (মহানগৰ) জিলাত আন্তৰ্জডাতিক বিমাীনবন্দৰ অৱস্থিত।


২। খালী ঠাই পূৰ কৰা-

(ক) অসমৰ জনজাতিসকলৰ ভাষা, সংস্কৃতি, ৰীতি-নীতি, শিক্ষা আদিৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ বাবে স্বায়ত্বশাসিত পৰিষদ গঠন কৰি দিয়া হৈছে।


(খ) বড়োলেণ্ড এলেকাৰ অন্তৰ্গত থকা জিলাকেইখন হ'ল কোকৰাঝাৰ, বাকসা, চিৰাং আৰু ওদালগুৰি


(গ) অসমৰ পাহাৰীয়া অঞ্চলৰ স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা জিলাকেইখন হ'ল কাৰ্বি আংলং আৰু ডিমা হাচাও জিলা।


(ঘ) নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰি কলীয়াভোমোৰা দলং আছে।


(ঙ) অসমৰ ৰে'ল-পথসমূহ উত্তৰ পূৱ সীমান্ত ৰে'লমণ্ডলৰ ভিতৰত পৰে।


৩। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা-

(ক) অসমত সাতাইশ/আঠাইশ/উনত্ৰিশ/চৌত্ৰিশ খন জিলা আছে।

উঃ চৌত্ৰিশ খন।


(খ) তিনি/চাৰি/পাঁচখন জিলাক লৈ বি. টি. এ. ডি. গঠিত হৈছে।

উঃ চাৰিখন।


(গ) অসমত এখন/দুখন/তিনিখন পাহাৰীয়া জিলা আছে।

উঃ দুখন।


(ঘ) অসমত পছপন্ন/ছাপন্ন/সাতাৱন্নটা মহকুমা আছে।

উঃ সাতাৱন্নটা।


৪। তোমাৰ জিলাখনৰ নাম কি? জিলাখনৰ চাৰিসীমাটো লিখা।

উঃ মোৰ জিলাখনৰ নাম হ'ল- মৰিগাওঁ। মোৰ জিলাখনৰ চাৰিসীমাটো হ'ল- উত্তৰে দৰং জিলা, দক্ষিণে কাৰ্বি আংলং জিলা, পূবে নগাওঁ জিলা আৰু পশ্চিমে কামৰূপ (মহানগৰ) জিলা।


৫। তোমাৰ জিলাত কি কি যাতায়ত ব্যৱস্থা আছে?

উঃ মোৰ জিলাত স্থলপথ, ৰে'লপথ আৰু জলপথৰ ব্যৱস্থা আছে।


Answered by Hiru Moni Bora 

Last Update by Dipawali Bora (07.05.2022)



Post ID : DABP005949