☐  প্ৰশ্নাৱলী

(১) ফুলৰ প্ৰধান অংশ কেইটা কি কি ? ছবি আঁকি দেখুওৱা ।

উত্তৰঃ ফুলৰ প্ৰধান অংশ কেইটা হ'ল- চুপহি, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ। 

(২) কিছুমান গুটি নগজাৰ দুটা কাৰণ লিখা ।

উত্তৰঃ কিছুমান গুটি নগজাৰ দুটা কাৰণ হ'ল-

১) অপৈনত গুটিৰ পৰা গজালি নোলায়।

২) পোক-পৰুৱাই খাই নষ্ট কৰিলেও গুটি নগজে।

(৩) গুটি গজিবলৈ কি কি লাগে লিখা ।

উত্তৰঃ গুটি গজিবলৈ পানী ,বায়ু আৰু তাপ লাগে। ইয়াৰি যিকোনো এটা জোখত নাপালে গুটি নগজে।

(৪) ফুল নোহোৱাকৈ গুটি হ'ব পাৰেনে ?

উত্তৰঃ ফুল নোহোৱাকৈ গুটি হব নোৱাৰে।

 (৫) পৰাগযোগ কাক বোলে ?

উত্তৰঃ পৰাগৰেণু গৰ্ভকেশৰত পৰাকে পৰাগযোগ বোলে।

(৬) গুটিৰ ভিতৰত থকা অংশটোৰ নাম কি ?

উত্তৰঃ গুটিৰ ভিতৰত থকা অংশটোৰ নাম হ'ল- ভ্ৰণ।

(৭) পাঁচবিধ এটা গুটি থকা আৰু পাঁচবিধ এটাতকৈ বেছি গুটি থকা ফলৰ নাম লিখা ।
উত্তৰঃ 
 পাঁচবিধ এটা গুটি থকা ফলৰ নাম হ'ল- আম, জাম, লিচু, বগৰী, আমলখি।

পাঁচবিধ এটাতকৈ বেছি গুটি থকা ফলৰ নাম হ'ল- কঁঠাল, আপেল, কমলা, বিলাহি, বেল।

(৮) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া ।

(ক) সকলো ফুলৰ ভিতৰত মৌৰস থাকে/নাথাকে ।

উত্তৰঃ নাথাকে।

(খ) পুংকেশৰৰ মূৰত ডিম্বক তৈয়াৰ হয়/নহয় ।

উত্তৰঃ হয়।

(গ) পৰাগৰেণু নহ'লেও গুটি হ'ব পাৰে নোৱাৰে ।

উত্তৰঃ নোৱাৰে।

(ঘ) বতাহ উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে নকৰে ।

উত্তৰঃ কৰে।

(ঙ) বটলত ভৰাই থোৱা শুকান গুটি গজিব পাৰে/নোৱাৰে ।

উত্তৰঃ নোৱাৰে।

(চ) পানীত ডুব গৈ থকা বীজৰ পৰা গজালি ওলায়/নোলায় ।

উত্তৰঃ নোলায়।

◼️


Type :  Priyam Jyoti Patar



Post ID : DABP005850