বিশ্বকাপ ফুটবল 


পাতনি : দুভৰিৰ যাদুৰে সমগ্ৰ বিশ্বকে মোহাচ্ছন্ন কৰি ৰখা ফুটবলৰ উন্মাদনা আৰু ৰোমাঞ্চে সমগ্ৰ বিশ্বকে এবাৰলৈ হ'লেও আলোড়িত কৰিছে ।  সেইবাবে ফুটবল বুলি ক'লেই হাজাৰ বিজাৰ দৰ্শকৰ এক বেলেগ উৎসুকতা , আগ্ৰহৰ অন্ত নাই ৰোনাল্ডো , মেচি , মাৰাডোনা আদিক লৈ  ।


উৎপত্তি: ফুটবল এটা অতি পূৰণি খেল । বহু শতিকাৰ পূৰ্বে ইংলেণ্ডত এই খেলাৰ জন্ম হৈছিল বুলি জনা যায় । ইংলেণ্ডৰ ডার্বি নামৰ ঠাইত ২১৭ খ্ৰীষ্টাব্দত ফুটবল প্ৰথমে খেলা হৈছিল । পৃথিৱীৰ সবাতোকৈ জনপ্ৰিয় খেলসমুহৰ ভিতৰত ফুটবল অন্যতম । 


বিশ্বকাপৰ চমু ইতিহাস : বিশ্বকাপ ফুটবলৰ আৰম্ভ হৈছিল ১৯৩০ চনত উৰুগুৱেত । উক্ত প্ৰতিযোগিতা খনৰ চূড়ান্ত খেলত ফ্ৰান্সে মেক্সিকোক ৪-১ ৰ ব্যৱধানত পৰাস্ত কৰে । তাৰ পিছৰপৰা চাৰি বছৰৰ মূৰে মূৰে সগৌৰৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে । অৱশ্যে দ্বিতীয় মহাসমৰৰ বাবে ১৯৪২ আৰু ১৯৪৬ চনত বিশ্বকাপ ফুটবল হোৱা নাছিল । এই পৰ্যন্ত একৈশবাৰ এই প্ৰতিযোগিতা হৈছে । ইয়াৰ ভিতৰত ইটালী তিনিবাৰ , ব্ৰাজিল পাঁচবাৰ , উৰুগুৱে দুবাৰ , পশ্চিম জাৰ্মানী তিনিবাৰ , আৰ্জেন্টিনা দুবাৰ , ফ্ৰান্স এবাৰ আৰু ইংলেণ্ড এবাৰ বিশ্ববিজয়ী হৈছিল । 

বিশ্বকাপ ফুটবলৰ বিশাল মানচিত্ৰখনত অসামান্য ক্ৰীড়া -নৈপুণ্য আৰু  যাদুকৰী প্ৰতিভাৰ বাবে কেইবাজনো ফুটবল তাৰকাৰ নাম সোণালী আখৰত খোদিত হৈ আছে । তাৰ ভিতৰত ব্ৰাজিলৰ পেলে , আৰ্জেন্টিনাৰ মাৰাডোনা , পশ্চিম জাৰ্মানীৰ বেকেনবাওৱাৰ , ব্ৰাজিলৰ ৰোমাৰিও , মোৰিও কেম্পেছ, বাতিস্তুতা(আৰ্জেন্টিনা) , ক্লিনচমেন ( পশ্চিম জাৰ্মানী) আদিৰ নাম উল্লেখযোগ্য । 

   বৰ্তমান যুগৰ দুগৰাকী অন্যতম ফুটবল তাৰকা হৈছে ব্ৰাজিলৰ ৰোনাল্ডো আৰু আৰ্জেন্টিনাৰ মেচি । 

দ্বিতীয় বিশ্বকাপ অনুষ্ঠিত হৈছিল ১৯৩৪ চনত ইটালীত ।  পৰ্যায়ক্ৰমে তৃতীয় বিশ্বকাপ ১৯৩৮ চনত ফ্ৰান্সত অনুষ্ঠিত হৈছিল । এই দুয়োখন বিশ্বকাপৰেই বিজয়ী আছিল ইটালী । 

পঞ্চদশ বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈছিল ১৯৯৪ চনৰ ১৭ জুনৰ পৰা ১৮ জুলাইলৈ । একুৰি বাৰদিনীয়া এই ব্যয়বহুল প্ৰতিযোগিতা হৈছিল ফুটবলক পূৰ্বতে এলাগী কৰি ৰখা দেশ আমেৰিকাত । ন খন চহৰৰ ন খন ষ্টেডিয়ামত খেলবোৰ অনুষ্ঠিত হৈছিল ।  ফাইনেল খন হৈছিল লছ এঞ্জেলছৰ পাচাদেনা ৰ'জবল ষ্টেডিয়ামত । 

প্ৰাক বিশ্বকাপত অংশগ্ৰহণ কৰা ১৭২ খন দেশৰ ভিতৰত ৩২ খন দেশ মূল প্ৰতিযোগিতালৈ উত্তীৰ্ণ হয় । আফ্ৰিকা মহাদেশৰ নাইজেৰিয়া , মৰক্কো আৰু কেমেৰুণ , এছিয়াৰ চৌদি আৰব আৰু দক্ষিণ কোৰিয়া , উত্তৰ মধ্য আৰু দক্ষিণ আমেৰিকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ , মেক্সিকো, কম্বিয়া , বলিভিয়া , আৰ্জেন্টিনা , ব্ৰাজিল আৰু ইউৰোপৰ ৰাছিয়া , ৰোমানিয়া , জাৰ্মানী , আয়াৰলেণ্ড , বুলগেৰিয়া , ছুইজাৰলেণ্ড , গ্ৰীচ , নৰৱে , ছুইডেন , বেলজিয়াম , হলেণ্ড , স্পেইন আৰু ইটালী ছটা গ্রুপত বিভক্ত এই ২৪ খন দেশৰ মাজৰপৰা ইটালী , জাৰ্মানী, স্পেইন , ছুইডেন , বুলগেৰিয়া , ৰোমানিয়া , আমেৰিকা আৰু ব্ৰাজিল দলে কোৱাৰ্টাৰ ফাইনেল পাইছিল । ছেমি ফাইনেল খেলিছিল ইটালী , ব্ৰাজিল , ছুইডেন আৰু বুলগেৰিয়াই ।অৱশেষত  ফাইনেলত ব্ৰাজিলে ইটালীক টাই - ব্ৰেকাৰত ৩-২ গ'লৰ  ব্যৱধানত পৰাস্ত কৰি পঞ্চদশ বিশ্বকাপ লাভ কৰিছিল । 

  পঞ্চদশ বিশ্বকাপ প্ৰতিযোগিতা তীব্ৰ প্ৰতিদ্বন্দিতামূলক হৈছিল  । মন কৰিবলগীয়া যে ইংলেণ্ড , ফ্ৰান্স , ডেনমাৰ্ক , পোলেণ্ড , পৰ্তুগাল, চেকোশ্লোভাকিয়া , উৰুগুৱে আদি দেশে মূল প্ৰতিযোগিতাত খেলাৰ যোগ্যতা অর্জন কৰিব পৰা নাছিল । চতুৰ্দশ বিশ্বকাপ বিজয়ী জাৰ্মানী এইবাৰ ছেমি ফাইনেলতে পৰাজিত হৈছিল । পঞ্চদশ বিশ্বকাপত ৰাছিয়াৰ ওলেগ ছালেংকা আৰু বুলগেৰিয়াৰ ষ্টইকভে অধিক সংখ্যক গ'ল দিয়াৰ কৃতিত্ব অর্জন কৰিছিল  । ছালেংকা আৰু লগতে আৰ্জেন্টিনাৰ গেব্ৰিয়েল বাটিস্তুতাই হেট্ৰিক কৰিবলৈ সমৰ্থ হৈছিল । 

  ১০ জুন ১৯৯৮ চনত ফ্ৰান্সত ষষ্ঠদশ বিশ্বকাপৰ শুভাৰম্ভ হয় । ব্ৰাজিল , নেদাৰলেণ্ড , ফ্ৰান্স , ক্ৰোৱেচিয়াই  ছেমি ফাইনেল পায় । ব্ৰাজিল আৰু ফ্ৰান্সৰ মাজত  অনুষ্ঠিত হোৱা ফাইনেল খেলত ফ্ৰান্সে ৩-০ গলত ব্ৰাজিলক হৰুৱাই বিজয়ীৰ সন্মান লাভ কৰে । ৰোনাল্ডোৱে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰে । 

  ইয়াৰ পিছত ২০০২ চনত দক্ষিণ কোৰিয়া আৰু আৰু জাপানে যুটীয়াভাৱে আয়োজন কৰা বিশ্বকাপ ফুটবলৰ অন্তিম মহাৰণ খন জাৰ্মানী আৰু ব্ৰাজিলৰ মাজত অনুষ্ঠিত হয় । এই ৰণত ব্ৰাজিলে জাৰ্মানীক দুই গ'ল দি বিজয় মুকুট পৰিধান কৰে । ব্ৰাজিলৰ হৈ দুয়োটা গ'ল দিয়ে ৰোনাল্ডোৱে । ৰোনাল্ডোৱে সোণালী জোতাও লাভ কৰে  ।

  ২০০৬ চনৰ বিশ্বকাপ অনুষ্ঠিত হয় জাৰ্মানীত । ইটালী আৰু ফ্ৰান্সে চূড়ান্ত খেলখন খেলিছিল । বিজয়ৰ মুকুট পিন্ধিছিল ইটালীয়ে । সেই বাৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল ফ্ৰান্সৰ জিনেদাইন জিদানে । ২০১০ চনৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰিছিল দক্ষিণ আফ্ৰিকাই । এই বিশ্বকাপত অপ্ৰত্যাশিতভাৱে ইত ফেভাৰিট দলসমূহ দ্বিতীয় পৰ্যায়তে আউট হৈ গৈছিল । বিশেষকৈ ব্ৰাজিল , আৰ্জেন্টিনা , জাৰ্মানী , ফ্ৰান্স আদি দলসমূহৰ প্ৰদৰ্শন পুতৌজনক আছিল । এই বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল স্পেইন আৰু নেদাৰলেণ্ডৰ মাজত । শেষ হাঁহি প্ৰথমবাৰলৈ স্পেইনে মাৰিবলৈ সক্ষম হৈছিল । খেলৰ  স্ক'ৰ আছিল ০-১ গ'ল ।এই স্ক'ৰ অতিৰিক্ত সময়ত হৈছিল , স্পেইনৰ হৈ গ'ল কৰিছিল কুইওল নামৰ খেলুৱৈজনে । 

২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল জাৰ্মানী আৰু আৰ্জেন্টিনাৰ মাজত  । এই খেলত জাৰ্মানীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।  ২০১৮ চনত ৰাছিয়াত অনুষ্ঠিত বিশ্বকাপৰ চূড়ান্ত খেলখনৰ প্ৰতিদ্বন্দী দল দুটা আছিল ফ্ৰান্স আৰু ক্ৰোৱেচিয়া । উক্ত প্ৰতিযোগিতাখনত  ফ্ৰান্সে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।  

পৰৱৰ্তী বিশ্বকাপ ফুটবল অনুষ্ঠিত হব ২০২২ চনত ছৌদি আৰৱৰ কাটাৰত । 


সামৰণি: যদিও আমাৰ দেশে এই বিশ্বকাপ ফুটবলত যোগদান কৰিব পৰাকৈ যোগ্য হৈ উঠা নাই আমি আশা কৰিছোঁ সেই সময় অতি সোনকালেই আহক । দূৰদৰ্শনৰ যোগেদি সমগ্ৰ বিশ্বতে বিশ্বকাপ ফুটবলৰ জনপ্ৰিয়তা অধিক হাৰত প্ৰসাৰিত হ'বলৈ লৈছে দিনক দিনে ।


Chinku Moni Adhikari

(M.A in Assamese)



Post ID : DABP006003