পাঠ সাত
সৰ্বোত্তম আত্মত্যাগ 

অনুশীলনী 

১) জীমৃতবাহন কি কাৰণে অৰণ্য়লৈ গৈছিল ?

উত্তৰঃ- জীমূতবাহন পিতৃ-মাতৃ থাকিবলৈ আশ্ৰমৰ সুবিভাজনক ঠাই বিচাৰি অৰণ্য়লৈ গৈছিল।

২) গৌৰীদেৱীৰ মন্দিৰত জীমূতবাহনে কি জানিলে ?

উত্তৰঃ এগৰাকী ৰাজকুমাৰীয়ে কোৱা শুনিলে, "এইজন ৰাজকুমাৰ পিছলৈ বিদ্য়াধন ৰজা হ'ব, ভগৱতী গৌৰী দেৱীৰ কৃপাত তেঁৱেই মোৰ স্বামী হ'ব।  গৌৰীদেৱীৰ মন্দিৰত জীমূতবাহনে এই কথা জানিলে।

৩) শঙ্খচূড় নামৰ সাপটোৰ পৰা জীমূতবাহনে কি জানিলে ?

উত্তৰঃ- সেই পাহাৰৰ তলদেশত কঙ্কালৰ স্তুপবোৰ, পূৰ্বতে গৰুড়ে মৰা আৰু খোৱা সাপবিলাকৰ দৈহিক অৱশিষ্ট।  শঙ্খচূড় নামৰ সাপটোৰ পৰা জীমূতবাহনে এই কথা জানিলে।

৪) জীমূতবাহনে গৰুড়ক কি কলে ?

উত্তৰঃ-  জীমূতবাহনে শঙ্খচূড়ৰ ঠাইত নিজে গৰুড়ৰ আহাৰ হ'বলৈ ইচ্ছা কৰি পাহাৰৰ নামনিলৈ গ'ল আৰু তাত দীঘল হৈ পৰি থাকিল।    

৫) গৰুড়ে লাজ পাই কি কৰিবলৈ মনস্থ কৰিলে।

উত্তৰঃ-  গৰুড়ে লাজ পাই নিজৰ জীৱন শেষ কৰিবলৈ মনস্থ কৰিলে।

৬) জীমূতবাহনে যেতিয়া গৰুড়ক নিজকে মাৰিবলৈ নিবাৰণ কৰিলে, তেতিয়া গৰুড়ে কি কৰিলে ?

উত্তৰঃ জীমূতবাহনে যেতিয়া গৰুড়ক নিজকে মাৰিবলৈ নিবাৰণ কৰিলে, তেতিয়া গৰুড়ে লৰালৰিকৈ স্বৰ্গলৈ উৰি গ'ল। তাৰ পৰা তেওঁৰ ডাঙৰ ঠোঁটেৰে কেইটোপালমান অমৃত তললৈ পেলাই দিলে  

৭) সাপবিলাকৰ কঙ্কালবোৰ কেনেকৈ পুনৰ জীৱন পালে?

উত্তৰঃ- অমৃতৰ কণিকাবোৰ গৰুড়ে খাদ্য় হিচাপে মৰা সাপৰ কঙ্কালবিলাকৰ ওপৰত পেলাই দিলে আৰু সিহঁতেই পুনৰ জীৱন ঘূৰাই পালে।

8) এই সাধুটোৰ নীতি শিক্ষা  কি ?

উত্তৰঃ-  এই সাধুটোৰ নীতি শিক্ষা  হৈছে পৰৰ হিতৰ কাৰণে কৰা আত্মত্য়াগ সচাঁকৈয়ে এক সৰ্বোত্তম পূণ্য় । 



Type Arup Koch 
Author By: Rajashree Bora

Check by - Mukesh Borah



Post ID : DABP006393