মানৱ-ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ



(ক)  এটা শব্দ / বাক্যত উত্তৰ দিয়া ( প্ৰতিটো প্ৰশ্ন মূল্যাংক- ১)

১। তলত উল্লেখ কৰা কোনটো মতামত লগত মানৱ ভূগোলৰ সম্পৰ্ক নাথাকে?

(ক) অনুসন্ধানমূলক 

(খ) মানৱ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্কৰ অধ্যায়ন

(গ) দ্বৈতবাদী অভিগমন

(ঘ) পৃথিৱীৰ উৎপত্তি 

উত্তৰঃ (গ) দ্বৈতবাদী অভিগমন।

২। তলৰ কোনটো বিষয়বস্তুৰ মানুহ আৰু পৰিৱেশৰ সম্পৰ্ক প্ৰকাশ নঘটে?

(ক) প্ৰাচীন যুগৰ মানচিত্ৰ 

(খ) চন্দ্ৰত সংগ্ৰহ কৰা শিলাখণ্ড 

(গ) ভ্ৰমণ কাহিনী 

(ঘ) প্ৰাচীন মহাকাব্য

উত্তৰঃ (খ) চন্দ্ৰত সংগ্ৰহ শিলাখণ্ড।

৩। মানুহ আৰু পৰিৱেশৰ সম্পৰ্ক কোনখন ক্ষেত্ৰত বেছিকৈ প্ৰকট হয়?

(ক) এস্কিম'সকলৰ জীৱনযাত্ৰাৰ 

(খ) মহাকাশ অভিধান 

(গ) মানুহৰ পৰস্পৰ মিলা-প্ৰীতি 

(ঘ) পঞ্জাবৰ ঘেঁহু খেতি

৪। নব্যনিৰ্ণয়বাদী দৃষ্টিভংগীৰ উপস্থাপক কোন?

উত্তৰঃ- নব্যনিৰ্ণয়বাদী দৃষ্টিভংগীৰ উপস্থাপক গ্ৰীফিট টেইলৰ নামৰ বৃটিছ ভূগোলবিধ আছিল।  

৫। আন্তঃমহাসমৰ যুগত ভূগোল অধ্যায়নৰ অভিগমনটোক কি নামেৰে জনা যায়?

উত্তৰঃ- আন্তঃমহাসমৰ যুগত ভূগোল অধ্যয়নৰ অভিগমনটোক আঞ্চলিক অভিগমন (Regional Approach) নামেৰে জনা যায়।


(খ) তলৰ প্ৰশ্নসমূহৰ ৩০ টা শব্দৰ ভিতৰত উত্তৰ লিখা ( প্ৰতিটো প্ৰশ্ন মূল্যাংক- ৩ )

১। মানৱ ভূগোলৰ সংজ্ঞা দাঙি ধৰা।

উত্তৰঃ- ৰাটজেলৰ মতেঃ- মানৱ সমাজ আৰু ভূ-পৃষ্ঠৰ মাজত গঢ়ি উঠা সৰ্ম্পকৰ অধ্যায়নেই মানৱ গঢ়ি উঠা সৰ্ম্পক অধ্যায়নে হ'ল মানৱ ভূগোল।

                                বৃটিছ ভূগোল বিধ এলেন চি চেম্প'লৰ মতে মানৱ ভূগোলত জিৰণীবিহীন মানৱ জাতিৰ আৰু পৰিবতৰ্ণ শীল পৃথিৱীৰ পৰিৱেশৰ মাজত প্ৰৰিস্থিতি গতিশীল সম্বন্ধৰ অধ্যায়ন ৰূপে আলোচনা কৰিছে।

                                ফৰাচী ভূগোল বিধ পল ভিডেল ডি লা ব্লাচিৰ মতে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ অধ্যায়নৰ কাৰ্য মানুহৰ স্বাৰ্থ আগত ৰাখিহে আগুৱাই নিয়াত পুষকৰ্তা কৰে। মানুহ আৰু পৰিৱেশৰ মাজত থকা সম্পৰ্ক তথা আন্তঃক্ৰিয়াৰ ধৰণ কৰণ সম্পৰ্কীয় ভৌগিলিক অধ্যায়ন প্ৰৰিক্ৰমাটোক মানৱ ভূগোল বুলি কোৱা হয়।   

২। আদিম মানৱৰ কাম-কাজবোৰৰ প্ৰকৃতিৰ নিৰ্দেশত পৰিচালিত হৈছিল কিয়?

উত্তৰঃ- আদিম মানুহে প্ৰকৃতিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল আছিল। খাদ্য, বাসস্থান, বস্ত্ৰ আদি মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ তেওঁলোকে প্ৰকৃতিৰ পৰা পোৱা সম্পদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। সেয়েহে আদিম মানৱৰ কাম-কাজবোৰ প্ৰকৃতিৰ নিৰ্দেশত পৰিচালিত হৈছিল।


৩। নব্যনিৰ্ণয়বাদী দৃষ্টিভংগীৰ মূল লক্ষণটোৰ কি?

উত্তৰঃ- নব্যনিৰ্ণয়বাদী দৃষ্টিভংগীৰ মূল লক্ষণ হৈছে **মানুহে প্ৰকৃতিৰ সীমাবদ্ধতা মানি লৈ, প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি নিজৰ কাৰ্যকলাপ পৰিচালনা কৰা।**


৪। মানৱ ভূগোলৰ যিকোনো দুটা প্ৰশাখাৰ লক্ষণ দাঙি ধৰা। 

উত্তৰঃ- 

১। জনসংখ্যা ভূগোল: জনসংখ্যাৰ বিতৰণ, ঘনত্ব, বৃদ্ধি, গঠন আৰু প্ৰব্ৰজনৰ অধ্যয়ন কৰে।

২। কৃষি ভূগোল: কৃষিকাৰ্যৰ স্থানিক বিতৰণ, কৃষিৰ প্ৰকাৰ, শস্যৰ উৎপাদন আৰু কৃষিৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ অধ্যয়ন কৰে।


৫। মানৱ ভূগোলৰ লগত সমাজবিজ্ঞানৰ আনবোৰ বিষয় কেনেকৈ জড়িত হয়?

উত্তৰঃ- মানৱ ভূগোলৰ লগত সমাজবিজ্ঞানৰ আনবোৰ বিষয় ঘনিষ্ঠভাৱে জড়িত। মানৱ ভূগোলে মানুহৰ বাসস্থান, জনসংখ্যা, সমাজ, সংস্কৃতি, অৰ্থনৈতিক কাৰ্যকলাপ আৰু সামাজিক সম্পৰ্কৰ স্থানিক বিতৰণ অধ্যয়ন কৰে। সেয়ে সমাজবিজ্ঞান, অৰ্থনীতি, ৰাজনীতি, ইতিহাস আদি বিষয়ৰ জ্ঞান মানৱ ভূগোলৰ অধ্যয়নত সহায় কৰে।


৬। ঔপনিবেশিক যুগৰ ভূগোলৰ লগত সামুদ্ৰিক অভিযানৰ সম্পৰ্ক কেনেকুৱা?

উত্তৰঃ- ঔপনিবেশিক যুগত সামুদ্ৰিক অভিযানৰ ফলত নতুন নতুন দেশ, অঞ্চল আৰু সমুদ্ৰপথৰ সন্ধান পোৱা গৈছিল। এই অভিযানসমূহে ইউৰোপীয় দেশসমূহক নতুন ভূখণ্ড দখল কৰি উপনিৱেশ স্থাপন কৰাত সহায় কৰিছিল। সেয়েহে ঔপনিবেশিক যুগৰ ভূগোলৰ বিকাশৰ লগত সামুদ্ৰিক অভিযানৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।


(গ) কম-বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্ৰতিটো প্ৰশ্ন মূল্যাংক-৫ )

১। পৰিৱেশ পৰিচালিত মানৱৰ ধাৰণটো উদাহৰণ সহায়ত উপস্থাপন কৰা।

উত্তৰঃ- পৰিৱেশ পৰিচালিত মানৱৰ ধাৰণা

পৰিৱেশ পৰিচালিত মানৱৰ ধাৰণাটো নিয়তিবাদী (Deterministic) দৃষ্টিভংগীৰ সৈতে জড়িত। এই ধাৰণা অনুসৰি মানুহৰ জীৱন-যাপন, খাদ্যাভ্যাস, পোছাক-পৰিচ্ছদ, বাসস্থান, জীৱিকা আৰু বিভিন্ন কাম-কাজ প্ৰধানকৈ প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। আদিম কালত মানুহ প্ৰকৃতিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল আছিল। প্ৰকৃতিৰ জলবায়ু, ভূমিৰ আকৃতি, মাটি, পানী, উদ্ভিদ আদি উপাদানে মানুহৰ জীৱনক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।

উদাহৰণস্বৰূপে, মৰুভূমি অঞ্চলত পানীৰ অভাৱৰ বাবে মানুহে সাধাৰণতে পানীৰ উৎসৰ ওচৰত বসতি স্থাপন কৰে আৰু উট পালন বা বাণিজ্যৰ দৰে কামত জড়িত হয়। আনহাতে, নদী উপত্যকাৰ উৰ্বৰ সমভূমিত পানী আৰু উৰ্বৰ মাটি সহজলভ্য হোৱাৰ বাবে কৃষিকাৰ্যৰ বিকাশ ঘটে আৰু ঘন জনবসতি গঢ় লৈ উঠে। সেয়েহে এই ধাৰণাত প্ৰকৃতিক মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰা মুখ্য শক্তি হিচাপে গণ্য কৰা হয়।


২। সাম্ভাব্যবাদ কি? কেনে পৰিৱেশত এই মতবাদটোৱে গঢ় লৈছিল?

উত্তৰঃ- দ্বিতীয় বিশ্বযোদ্ধ পিছত পৰাই বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই সুন্দৰ অগ্ৰগতি লাভ কৰে। মানুহৰ বৌধিক বিকাশে পৃথিৱীত বিভিন্ন প্ৰয়োজনীয় পৰিৱেশ গঢ় দিয়ে। কিয়নো মানুহৰ জ্ঞান আৰু কৌশল অন্য প্ৰাণীতকৈ যথেষ্ট বেছি। প্ৰকৃতিক পৰিৱেশৰ প্ৰয়োজন সাল-সলনি কৰি লোৱা সম্ভাৱনা বিশ্বাসে মানৱ ভূগোলৰ চৰ্চাৰ মতবাদটোক সাম্ভ্যাৱবাদ বোলা হয়। ভাইডেল-দা-লা-ব্লাচিয়ে এই মতবাদটো আগ বঢ়াইছে। জিন ব্ৰুনচ, এলিচি ৰেক্লাচ, ইমানুৱেল দা মাৰ্টিন আদি সকলো সাম্ভাব্যবাদৰ অনুগ্ৰামী আছিল। 

৩। মানৱ ভূগোলৰ অধ্যয়ন পৰিসৰ চমুকৈ উপস্থাপন কৰা?

উত্তৰঃ- মানৱ ভূগোলৰ পৰিসৰ অতি বহল কিয়নো ই কেৱল প্ৰাকৃতিক বিজ্ঞানৰ লগতে নহয় সামাজিক বিজ্ঞান সমূহৰ লগতো জড়িত। আনহাতে সমাজ বিজ্ঞানৰ সৈতে জড়িত নৃতত্ত্বৰ, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি আদিৰ সৈতেই জড়িত। মানৱভূগোলৰ কেন্দ্ৰীয় বিষয়টো হৈছে প্ৰাকৃতিৰ পৰিৱেশৰ সৈতে আৱদ্ধ নাথাকি মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কে অধ্যায়ন কৰা। প্ৰকৃতিক সম্পদবোৰ মানুহৰ আচৰণ ব্যৱহাৰ গ্ৰহ, উপগ্ৰহ, গ্ৰহানুপুঞ্জ ইত্যাদি সমূহো বিষদভাৱে সামৰি লোৱা হৈছে। সাম্প্ৰতিক সময়ত মানৱ ভূগোলৰ পৰিসীমাৰ ভিতৰত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা সাঙুৰ খাই পৰিছে। কিয়নো এই ব্যৱস্থাসমূহৰ উন্নয়নত মানুহৰ অৱদান অপৰিসীম। 


Type- Nayan Jyoti Bordoloi

Post ID : DABP006308