প্ৰকৃতি আৰু পৰিসৰ | অধ্য়ায় ১ | Chapter 1 | Class 12 Geography Solution Assam | Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | Class 12 Geography Question and Answer | HS Second Year Geography |
প্ৰকৃতি আৰু পৰিসৰ
অনুশীলনী
1. নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা।
(i) নিম্নলিখিত উক্তিসমুহৰ কোনটোৱে ভুগোলক বৰ্ণনা নকৰে:-
a) এক সন্মিলিত শিক্ষনীয় বিষয়,
b) মানুহ আৰু পৰিৱেশৰ মাজৰ আন্ত:সম্বন্ধৰ অধ্যয়ন,
c) দ্বৈতভাৱধাৰাত পৰাভুত,
d) প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ বাবে বৰ্ত্তমান সময়ত প্ৰাসঙ্গিকতা নাই ।
উত্তৰঃ d) প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ বাবে বৰ্ত্তমান সময়ত প্ৰাসঙ্গিকতা নাই ।
(ii) নিম্নলিখিত কোনটো ভৌগলিক তথ্যৰ উৎস নহয়:-
a) পৰিভ্ৰমণকাৰীৰ টোকা,
b) পুৰনি মানচিত্ৰ,
c) চন্দৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা,
d) পৌৰাণিক মহাকাব্য।
উত্তৰঃ c) চন্দ্ৰৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা ।
(iii)নিম্নলিখিত কোনটো, মানুহ আৰু পৰিৱেশৰ মাজত থকা আন্ম:প্ৰক্ৰিয়াৰ বাবে বহু প্ৰয়োজনিয় কাৰক:-
a) মানুহৰ বুদ্ধি, b) মানব চেতনা,
c) প্ৰযুক্তি, d) মানুহৰ ভাতৃত্ববোধ।
উত্তৰঃ c) প্ৰযুক্তি
(iv) নিম্নলিখিত কোনটো মানৱ ভূগোলৰ বিচাৰপদ্ধতি নহয়ঃ-
a) আঞ্চলিক বৈষম্য, b) স্থানিক সংগঠন,
c) পৰিমাপন বিপ্লব, d) অন্বেষণ আৰু বৰ্ণনা।
উত্তৰঃ c)পৰিমাপন বিপ্লৱ
2. নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ, 30টা মান শব্দেৰ লিখা।
(i) মানৱ ভূগোলৰ সংজ্ঞা দিয়া।
উত্তৰঃ ভূ-পৃষ্ঠ আৰু মানৱ সমাজৰ মাজত থকা সম্পৰ্কৰ সংশ্লেষিক অধ্যয়নেই হল মানৱ ভোগোল ।- ৰাটজেল
বিৰামহীন মানুহ আৰু অস্থিৰ পৃথিৱীৰ, সালসলনি হৈ থকা সম্পৰ্কৰ অধায়নকে মানৱ ভূগোল বোলে ।- এলেন চি চেম্পল ।
(ii) মানৱ ভূগোলৰ কিছুমান উপক্ষেত্ৰৰ নাম লিখা।
উত্তৰঃ আচৰণবাদী ভোগোল, সমাজ যথাৰ্থৰ ভোগোল, অৱকাশ ভোগোল, সাংস্কৃতিক ভোগোল, লিংগ ভোগোল, ঐতিহাসিক ভোগোল, চিকিৎসা ভোগোল, নিৰ্ভাচন সম্বন্ধীয় ভূগোল, সামৰিক ভূগোল, সম্পদ ভোগোল, কৃষি ভূগোল, উদ্যোগ ভূগোল, বজাৰ ভোগোল, পৰ্যটন ভোগোল, আন্তৰ্জাতিক ভোগোল ।
(iii) মানৱ ভূগোল কেনেভাবে আন সমাজ বিজ্ঞানৰ লগত জড়িত?
উত্তৰঃ সাধাৰণতে মানৱ ভোগোলে মানুহ আৰু পৰিৱেশৰ সম্পৰ্কৰ ওপৰত অধ্যয়ন কৰে ।মানৱ ভোগোল অধ্যয়নৰ লগত বহুতো প্ৰায়োগিক আৰু শৈক্ষিক বিষয় জড়িত হৈ থাকে। বিশেষকৈ মানুহৰ কামৰ লগত জড়িত হোৱাৰ বাবে সমাজ বিজ্ঞানৰ বহুতো সূত্ৰ,ব্যাখ্যা আদি পোনপতীয়াকৈ জড়িত হৈ পৰে। এনেদৰেই মানৱ ভোগোল সমাজবিজ্ঞানৰ বিভিন্ন তত্ত্বৰ লগত জড়িত ।
3. নিম্নলিখিত প্ৰশ্নকোইটাৰ উত্তৰ-১৫০টা মান শব্দৰে লিখা।
(i) মানৱ প্ৰকৃত্যায়ন ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰযুক্তিবিদ্যাৰ সহায়ত, মানুহে প্ৰাকৃতিক পৰিৱেশৰ সৈতে পাৰস্পৰিক ক্ৰিয়া কৰে । মানুহে কি কি উৎপাদন আৰু সৃষ্টি কৰি আহিছে এইটো বৰ দৰকাৰী কথা নহয়, কিন্ত্ত আটাইতকৈ জৰুৰী কথাটো হল কি কি সজুঁলি আৰু প্ৰযুক্তিবিদ্যাৰ আলম লৈ উৎপাদন বোৰ সৃষ্টি কৰি আছে।
প্ৰযুক্তিবিদ্যাই, সমাজ এখনৰ সাংস্কৃতিৰ উন্নয়নৰ স্তৰ সূচায় । প্ৰকৃতিক নিয়ম ধাৰা, ভালদৰে জানিবুজি লৈহে মানুহে প্ৰযুক্তিবিদ্যাৰ বিকাশ সাধিবলৈ সমৰ্থ হৈছে । উদাহৰণস্বৰুপ্, ঘৰ্ষণ আৰু তাপৰ ধাৰণেই, জুই আৱিস্কাৰ কৰাত সহায় কৰে । তেনেদৰে, DNA আৰু বংশগতিৰ তত্ত্ব ভালদৰে বুজি পোৱাৰ বাবে, আমি বহুটো ৰোগ নিৰ্মূল কৰিব পৰা হলো । উৰণ সক্ৰিয়তাৰ নিয়মৰ ব্যৱহাৰৰ দ্ধাৰা, আমি দ্ৰুতবেগী উৰাজাহাজ নিৰ্মাণ কৰিব পৰা হলো । প্ৰযুক্তিবিদ্যাৰ বিকাশ কৰিবলৈ হলে, প্ৰকৃতিৰ বিষয়ে জ্ঞান থকাটো অতিশয় প্ৰয়োজনীয় আৰু প্ৰযুক্তিবিদ্যাই, মানুহৰ ওপৰত থকা পৰিবেশিক শিকলিৰ বান্ধোন, ঢিলা কৰি তুলিছে।আদিতে,প্ৰাকৃতিক পৰিবেশত সৈতে আন্তঃক্ৰিয়া কৰোতে,মানুহ, প্ৰকৃতিৰ প্ৰভাৱৰ দ্ধাৰা প্ৰভাৱান্বিত হৈছিল । প্ৰকৃতিয়ে যি দিছিল, তাতেই নিজকে খাপ খুৱাই ৰাখিছিল । কাৰণ, প্ৰযুক্তিবিদ্যা বৰ নিম্নস্তৰৰ আছিল আৰু মানুহৰ সামাজিক উন্নয়নৰ স্তৰো, পৌৰাণিক আছিল । প্ৰাচীন মানৱ সমাজ আৰু প্ৰকৃতিৰ অপৰিসীম শক্তিৰ মাজৰ এনেকুৱা আন্তঃক্ৰিয়াক পৰিৱেযিক নিৰ্দ্ধাৰণবাদ বোলা হয় । অতি নিম্ন মানৰ প্ৰযুক্তিবিদ্যাৰ স্তৰত থকা, প্ৰকৃতিক কথা শুনা নতুবা প্ৰকৃতিৰ ভয়ঙ্কৰ ৰুপ দেখিলে ভীতগ্ৰস্ত হোৱা আৰু উপাসনা কৰিবলৈ লোৱা, এনে প্ৰকৃতি পৰাভূত মানুহৰ উপস্হিতিৰ বিষয়ে আমি অনুমান কৰিবহে পাৰো ।
(ii) মানৱ ভূগোলৰ পৰিসৰৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ যিটো শাখাত মানুহৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে মানৱ ভোগোল বোলে ।
পৃথিৱীৰ অঞ্চলভেদে প্ৰাকৃতিক পৰিৱেশ একে নহয় । সেইহিচাপে সমস্যাবোৰো বেলেগ বেলেগ । এনে সমস্যাবোৰ নানানতা কৌশলৰে সমাধান কৰাই মানৱ ভোগোলৰ কাম ।প্ৰাকৃতিক পৰিৱেশে মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলায় । প্ৰাকৃতিক পৰিৱেশে মানুহৰ ওপৰত প্ৰভাৱ পেলায় । প্ৰাকৃতিক পৰিৱেশৰ দ্ধাৰা মানুহৰ অৰ্থনৈতিক আৰু সামাজিক ক্ৰিয়াকলাপ প্ৰভাৱিত হয় । এনেকুৱা বিষয়সমূহ যুক্তিৰে অধ্যয়ন কৰাই মানৱ ভোগোলৰ মূল উদ্দেশ্য ।
মানুহৰ ক্ৰিয়া-কলাপ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজৰ সম্পৰ্ক মানৱ ভোগোলৰ মূল বিষয় বস্তু । যিহেতু মানুহ গতিশীল আৰু পৰিৱেশ পৰিৱৰ্তনশীল গতিকে মানৱ ভোগোল হৈছে গতিশীল মানৱ আৰু পৰিৱৰ্তনশীল প্ৰাকৃতিক সম্পৰ্কক অধ্যয়ন কৰা। মানৱ ভোগোলৰ ওপৰত বিভিন্ন ভোগোলবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে তাৰে ভিতৰত দুটামান তলত উল্লেখ কৰা হল -
(১)ভূ-পৃষ্ঠ আৰু মানৱ সমাজৰ মাজত থকা সম্পৰ্কৰ সাংশ্লেষিক অধ্যয়নেই হল মানৱ ভোগোল ।
(২)বিৰামহীন মানুহ আৰু অস্থিৰ পৃথিৱীৰ,সালসলনি হৈ থকা সম্পৰ্কৰ অধ্যয়নকে মানৱ ভোগোল বোলে ।
(৩)আমাৰ পৃথিৱীত প্ৰভূত্ব বিস্তাৰ কৰি থকা প্ৰাকৃতিক নিয়মৰ বহু সংশ্লেষিক জ্ঞানৰ পৰা উৎপত্তি লাভ কৰা ধাৰণা সমূহ আৰু ইয়াত বসবাস কৰি থকা জীৱৰ মাজৰ সম্পৰ্ক ।
Author- Leena kakati
B.A - 1st semester
Post ID : DABP006439