অধ্যায় ১০
কৈশোৰপ্ৰাপ্তি
👉Text Book PDF
👉MCQ Online Exam
👉MCQs Answer
১। দেহৰ পৰিৱর্তনৰ সময়ত অন্তঃস্রাৱী গ্রন্থিবােৰৰ নিঃসৰণক কি বােলে?
উত্তৰঃ দেহৰ পৰিৱৰ্তনৰ সময়ত অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ নিঃসৰণক হৰম'ন বোলে।
২। কৈশােৰপ্ৰাপ্তিৰ সংজ্ঞা লিখা।
উত্তৰঃ ডাঙৰ-দীঘল হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। জীৱনৰ যিটো সময়ত দেহটোৰ পৰিৱৰ্তন হৈ প্ৰজননক্ষম অৱস্থা আহৰণ কৰে তাক কৈশোৰপ্ৰাপ্তি বোলা হয়।
উত্তৰঃ মাইকী মানুহৰ প্ৰজননক্ষম দশা যৌৱনাৰম্ভ আৰম্ভ হয় ১০-১২ বছৰ বয়সত আৰু সাধাৰণতে ৪৫-৫০ বছৰ বয়সলৈকে থাকে। যৌৱনাৰম্ভত ডিম্বাণু পৰিপক্ক হয়। প্ৰায় ২৮-৩০ দিনৰ ভিতৰত এটা ডিম্বাশয়ৰপৰা ওলাই আহে। এই সময়ত যদি ডিম্বাণুটো নিষেচিত হয়, তেতিয়া জৰায়ুৰ বেৰখন ডাঠ হয় যাতে ডিম্বটো জৰায়ুৰ অভ্যন্তৰত ৰাখিব পাৰে আৰু বিকাশ আৰম্ভ হ'ব পাৰে। ইয়াৰ ফলত গৰ্ভধাৰণ হয়, যদি ডিম্বাণুটো নিষেচিত নহয়, তেতিয়া ডিম্বাণুটো ৰক্তনলীসমূহ আৰু জৰায়ুত গঠন হোৱা ডাঠ ত্বকখনৰ সৈতে বাহিৰলৈ ওলাই আহে। ইয়াৰ বাবে মাইকী মানুহৰ ৰক্তক্ষৰণ হয় আৰু যাক ঋতুস্ৰাৱ বোলে।
৪। যৌৱনাৰম্ভত হােৱা দেহৰ পৰিৱর্তনসমূহৰ তালিকা প্রস্তুত কৰা।
উত্তৰঃ
৫। অন্তঃস্রাৱী গ্রন্থি আৰু সিহঁতে নিঃসৰণ কৰা হৰম'নৰ দুটা স্তম্ভ থকা এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ ক্রমিকনং অন্তঃস্রাবী গ্রন্থি পিটুইটাৰী গ্ৰন্থি থাইৰইড গ্ৰন্থি অগ্নাশয় গ্রন্থি এড্রিনেল গ্রন্থি নিঃসৰিত হৰম’ন ট্ৰেষ্ট’ষ্টেৰণ বা পুংহৰম’ন, ইষ্ট্ৰ’জেন বা স্ত্রী হৰম’ন আৰু বৃদ্ধি হ’ৰমন থাইৰক্সিন হৰম’ন! ইনচুলিন হৰম’ন। এড্রিনেলিন হৰম’ন ৷ তালিকাঃঅন্তঃস্রারী গ্রন্থিসমূহ আৰু সিহঁতে নিঃসৰণ কৰা হ’ৰম’ন ।
৬। লৈংগিক হৰম'ন কি? সেইবােৰক কিয় এনেদৰে নামকৰণ কৰা হয়? সিহঁতৰ কার্য লিখা।
উত্তৰঃ যিবোৰ হৰম’ন পুং আৰু স্ত্ৰী লৈংগিক চৰিত্ৰৰ বিকাশত জড়িত সেইবোৰ হৰম’নক লৈংগিক হৰম’ন বোলে। এই হ’ৰমনবোৰ হ’ল – টেষ্ট’ষ্টেৰণ বা পুং হৰম’ন আৰু ইষ্ট্ৰ’জেন বা স্ত্রী হৰম’ন । সিহঁতক এনেদৰে নামকৰণ কৰাৰ কাৰণ হ’ল – শুক্রাশয়ে পুং, লৈংগিক হ’ৰম’ন আৰু ডিম্বাশয়ে স্ত্রী লৈংগিক হৰম’ন নিঃসৰণ কৰে ৷ এই হৰম’ন সমুহে ডিম্বাশয়ত ডিম্বাণু আৰু শুক্রাশয়ত শুক্রাণু পূৰঠ কৰে ।
৭। শুদ্ধ উত্তৰ বাছি উলিওৱা।
(ক) কিশােৰ - কিশােৰীসকল খাদ্যৰ প্রতি সাৱধান হ’ব লাগে, কাৰণ—
(i) সঠিক আহাৰে মগজু বিকাশ ঘটায়।
(ii) দেহৰ দ্রুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্রয়ােজন।
(iii) কিশােৰ - কিশােৰীৰ সােনকালে ভােক লাগে।
(iv) কিশােৰ - কিশােৰীৰ স্বাদবাদুবােৰ বিকশিত।
উত্তৰঃ (ii) দেহৰ দ্ৰুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্ৰয়োজন।
(খ) স্ত্রী প্রজনন কাল আৰম্ভ হয় যেতিয়া তেওঁলােকৰ-
(i) ঋতুচক্ৰ আৰম্ভ হয়।
(ii) স্তনৰ বিকাশ হয়।
(iii) দেহৰ ওজন বাঢ়ে।
(iv) উচ্চতা বাঢ়ে।
উত্তৰঃ (i) ঋতুচক্ৰ।
(গ) কিশােৰ - কিশােৰীৰ সঠিক আহাৰ হৈছে—
(i) চিছ , চাওমিন , কোকোকোলা।
(ii) ৰুটী, দাইল, শাক - পাচলি ।
(iii) ভাত , চাওমিন , বার্গাৰ।
(iv) কালেট , চিছ আৰু নেমুৰ চৰবত
উত্তৰঃ (ii) ৰুটি, ডাইল, শাক-পাচলি।
(৮) টোকা লিখা-
(ক) ঘটিকা (খ) গৌণ লৈংগিক বৈশিষ্ট্যসমূহ (গ) লিংগ নির্ধাৰণ।
(ক) ঘটিকাঃ যৌৱনাৰম্ভৰ সময়ত ল’ৰাবোৰৰ স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধি হ’বলৈ ধৰে ৷ ছোৱালীবোৰৰ স্বৰযন্ত্ৰটো বাহিৰৰ পৰা দেখা নাযায় কাৰণ ইয়াৰ আকাৰ সৰু । ল’ৰাৰ বৰ্দ্ধিত স্বৰযন্ত্ৰ গ্ৰীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা এটা অংশ হিচাপে দেখা যায়। এই অংশক ডিঙিৰ ঘটিকা বা কণ্ঠনলী বোলা হয়। কৈশোৰ প্ৰাপ্ত ল’ৰাৰ বাঢ়ি থকা স্বৰযন্ত্ৰৰ পেশী নিয়ন্ত্রণত নাথাকে আৰু তেতিয়া মাতবোৰ কৰ্কশ হয়।
(খ) গৌণ লৈংগিক বৈশিষ্ট্য সমূহঃ আমি জানো যে শুক্রাশয় আৰু ডিম্বাশয় জনন অংগ। এই অংগসমূহে যথাক্রমে শুক্রাণু আৰু ডিম্বাণু নামৰ জনন কোষ উৎপন্ন কৰে ৷ যৌৱনাৰম্ভত ছোৱালীবোৰৰ স্তনৰ বিকাশ হয় আৰু ল’ৰাৰ মুখ মণ্ডলত ডাঢ়ি, গোঁফ আদি গজিবলৈ আৰম্ভ হয়। এই লক্ষণসমূহৰ দ্বাৰা ল’ৰা আৰু ছোৱালীৰ মাজত প্ৰাৰ্থক্য নিৰ্দ্ধাৰণ কৰিব পাৰি বাবে এই চৰিত্ৰ সমূহক গৌণ লৈংগিক বৈশিষ্ট্য বোলে। ল’ৰাবোৰৰ বুকু অংশত নোম গজে। ল’ৰা-ছোৱালী উভয়ৰে বাহুৰ তলত আৰু গুপ্তাংগ প্ৰদেশত নোম গজে।
(গ) লিংগ নিৰ্দ্ধাৰণ : নিষিক্ত ডিম্বাণু যোজন কোষেই কেচুৱাটোৰ লিংগ কি হ’ব সেইটোৰ সংকেত দিয়ে। নিষিক্ত ডিম্বাণুৰ ভিতৰত থকা সূতাৰ নিচিনা আকৃতিযুক্ত গঠন, যাক ক্রমজম বোলা হয়, এই সংকেতবোৰ থাকে । তাতেই এই নিদের্শনাবোৰ দিয়া থাকে। প্রতিটো কোষৰ কোষকেন্দ্ৰত এই ক্ৰমজ’মবোৰ থাকে। সকলো মানুহৰে কোষৰ কোষ কেন্দ্ৰত 23 যোৰ ক্ৰমজম থাকে। ইয়াৰে দুডাল অর্থাৎ এযোৰ ক্ৰমজমক X আৰু Y বা লিংগ ক্রমজম বোলে। এগৰাকী মহিলাৰ দুডাল X ক্ৰমজ’ম থাকে। আনহাতে এজন পুৰুষৰ এডাল X আৰু এডাল Y ক্রমজ’ম থাকে। জনন কোষবোৰত ( ডিম্বাণু আৰু শুক্রাণু ) কেৱল এটা লিংগ ক্ৰমজ’ম থাকে। এটা অনিষেচিত ডিম্বাণুত সদায়েই এডাল X ক্রমজম থাকে। শুক্রাণুবোৰ আকৌ দুই প্রকাৰৰ, এক প্ৰকাৰত এডাল X ক্রমজ’ম আৰু আনটো প্ৰকাৰত এডাল Y ক্রমজম থাকে। যেতিয়া X ক্ৰমজ’ম থকা এটা শুক্রাণুৱে এটা ডিম্বাণু নিষিক্ত কৰে তেতিয়া যোজন কোষটোৰ দুডাল X ক্রমজ’ম (XX) থাকে। এইটো যোজন কোষৰ পৰা এটি ছোৱালী সন্তান বিকশিত হ’ব। যদি Y ক্ৰম’জ’ম থকা শুক্রাণুৱে এটা ডিম্বাণু নিষিক্ত কৰে তেতিয়া তাৰ পৰা নিষিক্ত হোৱা যোজনকোষটোৰ দুডাল ক্ৰমজ’ম X আৰু Y (XY) থাকে আৰু এইটো যোজন কোষৰ পৰা এটি ল’ৰা সস্তান বিকশিত হ’ব। গতিকে, ইয়াৰ পৰা এইটো জনা গ’ল যে দেউতাকৰ লিংগ ক্ৰমজ’মে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে।
(৯) খালী ঠাই পূর্ণ কৰা -
(i) মগজুৰ লগত সংলগ্ন অন্তঃস্রাৱী গ্রন্থি ।
উত্তৰঃ : পিটুইটাৰী ।
(ii) অগ্ন্যাশয়ে নিঃসৰণ কৰা হৰম'নক বােলে ।
উত্তৰঃ ইনচুলিন ।
(iii) ১১ বছৰৰপৰা ১৯ বছৰৰ ল'ৰা - ছােৱালীক বোলে।
উত্তৰঃ কিশোৰ-কিশোৰী।
(iv) পলুৰপৰা প্রাপ্তবয়স্কলৈ হােৱা পৰিৱৰ্তনক বােলে ।
উত্তৰঃ কিশোৰ –কিশোৰী ।
(v) থাইৰক্সিন হৰম'নৰ উৎপাদনৰ বাবে প্রয়ােজন।
উত্তৰঃ আয়ডিনৰ ।
১০। চমু টোকা লিখা -
(i) ৰজোদর্শন ( menarche )
(ii) ৰজোবন্ধ ( menopause )
(iii) যৌৱনাৰম্ভ ( puberty )
উত্তৰঃ ক) ৰজোদৰ্শনঃ কৈশোৰ প্ৰাপ্তিৰ সময়ত ছোৱালীৰ প্ৰথমবাৰলৈ হোৱা ঋতুস্ৰাৱকৰ ৰজোদৰ্শন বোলে ৷ এই ৰজোদৰ্শন সাধাৰণতে 10-12 বছৰ বয়সত হয় আৰু সেই সময়ৰ পৰাই প্ৰজননক্ষম দশা আৰম্ভ হয়।
(খ) ৰজোবন্ধ : ছোৱালী মানুহৰ প্ৰজননক্ষম দশা যৌৱনাৰম্ভ হয় 10-12 বছৰ বয়সত। এই সময়ৰ পৰাই মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়। এই ঋতু চক্ৰত 28-30 দিনৰ মূৰে মূৰে ঋতুস্ৰাৱ হয়। 45 ৰ পৰা 50 বছৰ বয়সত মাহেকীয়া ঋতুস্ৰাৱ চক্র বন্ধ হয়। ঋতুস্ৰাৱ বন্ধ হোৱাকে ৰজোবদ্ধ বোলে। এই সময়ৰ পৰাই প্রজননক্ষমতা নোহোৱা হয়।
(গ) যৌৱনাৰম্ভঃ ল’ৰা-ছোৱালীৰ কৈশোৰ প্ৰাপ্তিৰ সময়ত দেহত কেইবাটাও পৰিবৰ্তনে দেখা দিয়ে এই পৰিৱৰ্তনে যৌৱনাৰম্ভৰ সূত্ৰপাত কৰে ৷ এই সময়তে ল’ৰা-ছোৱালীবোৰ প্ৰজনন ক্ষম হয়। এই সময়ত উচ্চতাৰ বৃদ্ধি হয়, ল’ৰাৰ মাতৰ পৰিবৰ্তন হয়, ঘৰ্ম আৰু তৈল গ্ৰন্থিৰ ক্ৰিয়া বৃদ্ধি হয়। জনন অংগ সমুহৰ বিকাশ হয় । কিশোৰ-কিশোৰী সকল আগতকৈ অধিক স্বাধীন আৰু আত্মসচেত নহয়। তেওঁলোকৰ বৌদ্ধিক বিকাশ হয়। যৌৱনাৰম্ভত গৌণ লৈংগিক বৈশিষ্ট্যসমূহ প্রকাশ পায়। ছোৱালীবোৰৰ স্তনৰ বিকাশ হয় আৰু ল’ৰাবোৰৰ ডাঢ়ি, গোফ আদি গজিবলৈ ধৰাৰ লগতে বুকুত নোম গজে। ল’ৰা-ছোৱালী উভয়ৰে বাৰ তলত আৰু গুপ্তাংগ প্ৰদেশত নোম গজে।
Type-
Nayan Jyoti Bordoloi
Author: Himashree Bora.
Post ID : DABP006166