প্ৰদূষণ | Chapter 13 | অধ্যায় ১৩| Class 8 Science Jatiya Bidyalay | Assam Jatiya Bidyalay | Class viii Science Question And Answer Assam Jatiya Bidyalay | Class 8 science Suggestion Jatiya Bidyalay | Class 8 science Notes Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ বিজ্ঞান | অসম জাতীয় বিদ্যালয় | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰদূষণ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

Chapter 13

প্ৰদূষণ

1. পৰিৱেশ বুলিলে কি বুজা ?

উত্তৰঃ সাধাৰণ অৰ্থ আমাৰ থকা ঠাই আৰু ইয়াৰ চাৰিওফালৰ অৱস্থাক পৰিৱেশ বোলা হয়।

2. প্ৰদূষণ বুলিলে কি বুজা ? বায়ু প্ৰদূষণৰ উৎসবোৰৰ বিষয়ে উল্লেখ কৰা ঁ।

উত্তৰঃ জীৱমণ্ডলৰ উপাদান বায়ুমণ্ডল, বাৰিমণ্ডল আৰু শিলামণ্ডলত ভৌতিক বা ৰাসায়নিক পৰিৱৰ্তন হ'লে সকলো জীৱৰ ওপৰতে তাৰ প্ৰভাৱ পৰে। এনে প্ৰভাৱে জীৱনৰ অনিষ্ট কৰিলে, তেনে পৰিৱৰ্তনক প্ৰদূষণ বুলি কোৱা হয়।

বায়ু প্ৰদূষণৰ উৎসসমূহ হৈছে- বিভিন্ন কল-কাৰাখানাৰপৰা নিৰ্গত উপজাত দ্ৰব্য়বোৰেই বায়ু প্ৰদূষিত কৰে।  

3. তোমাৰ পাঠ্যপুথিৰ আলমত বায়ু প্ৰদূষণ সম্পৰ্কে এটা প্ৰবন্ধ যুগুতোৱাঁ ।

4. (ক) গছ- গছনি 

উত্তৰঃ বায়ু প্ৰদূষণে উদ্ভিদৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। বায়ু প্ৰদূষণৰ ফলত হোৱা এচিডবৰষুণে কৃষিভূমিৰ অম্লতা বৃদ্ধি কৰে। ফলত কৃষিৰ উৎপাদন হ্ৰাস পায়। বায়ুমণ্ডলত ফ্ল'ৰাইডৰ পৰিমাণ অতিমাত্ৰা বাঢ়ি গ'লে কিছুমান গছৰ ঘাঁ খোৱা দেখা যায়। ফ্ল'ৰাইডে উদ্ভিদৰ সালোকসংশ্লেষণ আৰু শ্বাস-প্ৰশ্বাসৰ প্ৰক্ৰিয়াটো বাধা জন্মায়। ধোঁৱাময় পৰিৱেশেও উদ্ভিদৰ যথেষ্ট ক্ষতি সাধন কৰে। অ'জ'নমিশ্ৰিত বায়ুৰ কাৰণে আঙুৰ, ধঁপাত আৰু টেঙাজাতীয় গছত দাগ পৰে।

(খ)  ধাতু আৰু মাৰ্বলৰ বস্তুৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱ বৰ্ণনা কৰা । 

উত্তৰঃ বায়ু প্ৰদূষণ, এচিড বৰষুণৰ পৰা পূৰণি কীৰ্তিচিহ্ন আৰু অট্টালিকাৰ ক্ষতিসাধন কৰে। এষিড বৰফুণৰ ফলত সৃষ্টি হোৱ মগে মৰাব্লৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহ ক্ষতি কৰি ইয়াৰ উজ্জ্বলতা কমাই আনে।

5. বায়ু প্ৰদূষণ ৰোধৰ উপায় কি ? বায়ু  প্ৰদূষণ ৰোধত উদ্ভিদৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰা আৰু নিয়ন্ত্ৰণ কৰা বৰ্তমান সময়ৰ আটাইতকৈ প্ৰয়োজনীয় কাম। বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ বা ৰোধ কৰিব পৰা কেইটামান উপায় হ'লঃ

(1) বনাঞ্চল ধ্বংস কৰিব নালাগিব আৰু অধিক হাৰত বৃক্ষৰোপণ কৰিব লাগিব। গছ-গছনিয়ে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ সমতা ৰক্ষা কৰে।

(2) বিভিন্ন উদ্য়োগত ব্যৱহাৰ হোৱা যন্ত্ৰপাতিৰ কৰ্মদক্ষতা বঢ়াব লাগিব যাতে কম ইন্ধনেৰে বেছি কাম কৰিব পাৰি।

(3) যান-বাহনৰপৰা ওলোৱা ধোঁৱা নিয়ন্ত্ৰণ কৰিবলৈ উদ্ভাৱন কৰা নতুন কৌশল ব্যৱহাৰ কৰা উচিত।

(4) উন্নয়নৰ লগতে পৰিৱেশ সুৰক্ষা বিষয়টোত সমানে গুৰুত্ব দিব লাগিব।

(5) বায়ু প্ৰদূষণ আইনৰ ধাৰাবোৰ কঠোৰভাৱে বলবৎ কৰিব লাগিব।

6.  গুৰু উদ্যোগবােৰৰ কেওকাষে গছ - গছনিৰ ডাঠ বেষ্টনী এটাৰ সৃষ্টি কৰা হয় --------- ইয়াৰ কাৰণ কি ? 

উত্তৰঃ গুৰু উদ্য়োগবোৰৰ চাৰিওকাষে গছ-গছনিৰ ডাঠ বেষ্টনী এটা সৃষ্টি হয় কাৰণ- গুৰু উদ্য়োগবোৰৰ পৰা ওলাই যোৱা বায়ু দূষিত কৰা বিভিন্ন ধৰণৰ গেছৰ লগত কাৰ্বন-ডাই-অক্সাইড গেছে ওলাই ওচৰ বায়ুমন্স দৃষিত হৈ পৰে। সেইকাৰণে গছ-গছনি অধিক পৰিমাণে থাকিলে অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ সমতা স্থাপন কৰে আৰু বায়ু প্ৰদূষণৰ পৰিমাণ হ্ৰাস পায় আৰু স্থানখনৰ বায়ুণ্ডলৰ উত্তাপ কিছু পৰিমাণে হ্ৰাস পায়। 

7. চমুটোকা লিখা ।

( ক ) এছিড বৰষুণ 

উত্তৰঃ উদ্য়োগৰ পৰা ওলোৱা গেছত ছালফাৰ ডাই-অক্সাইড আৰু যান-বাহনৰপৰা ওলোৱা গেছত নাইট্ৰ'জেনৰ অক্সাইড থাকে। বৰষুণ প্ৰথম অৱস্থাত বিশুদ্ধ পানীৰ ৰূপত নামি আহে।কিন্তু পৃথিৱীলৈ অহাৰ পথত ছালফাৰ আৰু নাইট্ৰ'জেনৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰি এছিডৰ সৃষ্টি কৰে আৰু বৰষুণৰ পানীৰ লগত পৃথিৱীত পৰেহি। ইয়াকেএছিড বৰষুণ বোলে। এচিড বৰষুণৰ তিনিভাগৰ প্ৰায় দুভাগ ছালফিউৰিক এছিডযুক্ত। তিনিভাগৰ প্ৰায় এভাগ বৰষুণ নাইট্ৰিক এচিডযুক্ত হয়। এছিড বৰষুণে  শস্য় আৰু অন্যান্য় উদ্ভিদৰ বৃদ্ধিৰ হাৰ কমায় আৰু শ্বাস-প্ৰশ্বাসৰ ওপৰত প্ৰভাৱ পেলায়।এছিড বৰষুণে জলাশয়ৰ পানী এছিডযুক্ত কৰি তোলে। জলাশয়বোৰত থকা মাছ-কাছ আদি জলজ প্ৰাণীবোৰৰ কণী, পোনা আদি নষ্ট হয়। ইয়াৰোপৰি এছিড বৰষুণে আমাৰ পুৰণি কীৰ্তিচিহ্ন আৰু অট্টালিকাবোৰৰ ক্ষতি সাধন কৰে।

( খ ) গােলকীয় উত্তাপন 

উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰপৰা 11 কিল'মিটাৰ উচ্চতালৈ বিস্তৃত থকা তৰপটোক ট্ৰপ'স্ফিয়েৰ বোলা হয়। ট্ৰপ'স্ফিয়েৰত থকা নাইট্ৰ'জেন, অক্সিজেন, জলীয় বাষ্প, কাৰ্বন ডাই-অক্সাইড, মিথেন, নাইট্ৰ'জেনৰ অক্সাইড প্ৰভৃতি গেছবোৰে পৃথিৱীক এটা ছাতিৰ দৰে আৱৰি আছে। ইয়াকে সেউজ-গৃহ ছাতি বোলে। এই গেছবোৰে, বিশেষকৈ কাৰ্বন-ডাই-অক্সাইডে পৃথিৱীয়ে এৰি দিয়া দীঘল তৰংগৰ তাপ শোষণৰ পৰিমাণো বাঢ়িছে। পৃথিৱীয়ে এৰি দিয়া তাপ মহাকাশলৈ ঘূৰি যোৱাত বেছি বাধাৰ সৃষ্টি হৈছে আৰু বায়ুমণ্ডলৰ উষ্ণতা ক্ৰমে বাঢ়ি গৈ আছে। ইয়াক গোলকীয় উত্তাপন বুলি কোৱা হয়। গোলকীয় উত্তাপনৰ দুটা প্ৰধান কাৰণ হৈছে-

1. গছ-গছনি কাটি বনাঞ্চল বা সেউজ আৱৰণ কমোৱা বাবে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িছে।

2. ক'ল-কাৰাখানাত জীৱাষ্ম ইন্ধনৰ দহনত সৃষ্টি হোৱা কাৰ্বন-ডাই-অখ্সাইডৰ বায়ুমণ্ডলত পৰিমাণ বাঢ়িছে।

8.  স্মগ কি ? ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ সম্পর্কে লিখা । 

উত্তৰঃ যানবাহনৰপৰা ওলোৱা প্ৰদূষকবোৰ কম সময়ৰ ভিতৰতে অদৃশ্য় হৈ গ'লেও  ইহঁত বায়ুমণ্ডলৰ লগত মিহলি হৈ থাকে। সূৰ্যৰ পোহৰত ইহঁতে এক ধোঁৱাময় পৰিৱেশৰ সৃষ্টি কৰে। ইয়াক 'স্মগ' বুলি কোৱা হয়।

জীৱৰ স্বাস্থ্যৰ কাৰণে স্মগক অধিক ভয়ংকৰ। স্মগৰ কাৰণে তেজত অক্সিজেন কঢিয়াই অনা ক্ষমতাৰ হ্ৰাস হয়, স্মগৰ প্ৰভাৱ হাওংফাওঁৰ ওপৰত পৰে আৰু স্মগে স্নায়ুতন্ত্ৰৰ ওপৰতো প্ৰভাৱ পেলায়।

9. গােলকীয় উত্তাপনৰ দুটা অন্যতম কাৰণ উল্লেখ কৰাঁ ।

উত্তৰঃ গোলকীয় উত্তাপনৰ দুটা উল্লেখনীয় কাৰণ হৈছে-

(১) গছ-গছনি কাটি বনাঞ্চল বা সেউজ আৱৰণ কমোৱা বাবে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িছে।

(২) ক'ল-কাৰাখানাত জীৱাষ্ম ইন্ধনৰ দহনত সৃষ্টি হোৱা কাৰ্বন ডাই-অক্সাইডৰ বায়ুমণ্ডলত পৰিমাণ বাঢ়িছে।

10. বায়ুমণ্ডলত কি কি গেছৰ উপস্থিতিয়ে এছিড বৰষুণ সৃষ্টিত অৰিহণা যােগায় ? এই গেছকেইটাৰ প্রধান উৎস কি ? 

উত্তৰঃ গেছছালভাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ উপস্থিতিয়ে এচিড বৰষুণৰ সৃষ্টিত অৰিহণা যোগায়।

11. সেউজ - গৃহ ছাতিৰ প্রধান উপাদান কি ? পৃথিৱীয়ে এৰি দিয়া তাপৰ অন্যতম শােষক কি ? 

উত্তৰঃ সেউজ গৃহ ছাতিৰ প্ৰধান উপাদানবোৰ হৈছে- নাইট্ৰজেন, অক্সিজেন, মিথেন, জলীয়া বাষ্প, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰজেন অক্সাইড, প্ৰভৃতি গেছ।

পৃথিৱীয়ে এৰি দিয়া তাপৰ অন্য়তম শোষক হৈছে কাব্ন-ডাই-অক্সাইড।

12. ‘ পানীয়েই প্রাণ’– এই কথাষাৰৰ গুৰুত্ব আলােচনা কৰাঁ ।

উত্তৰঃ পানী অবিহনে কোনো প্ৰাণীয়েই এই পৃথিৱীত জীয়াই থাকিব নোৱাৰে। পানী অবিহনে কোনো কামেই সম্ভৱ নহয়। পৃথিৱীৰ উপিভাগৰ ৭০ ভাগেই পানী যদিও ইয়াৰ প্ৰায় ৯৭% লুণীয়া পানী হিচাবে সাগৰত আছে। এইখিনি পানী আমাৰ কাৰণে ব্য়ৱহাৰ উপযোগী নহয়। মুঠ পানীৰ মাত্ৰ ১% পানীয়েহে খোৱা, কৃষিকাৰ্য আৰু উদ্য়োগত ব্যৱহাৰ কৰিব পৰা যায়।

13. পানী প্রদূষণ বুলিলে কি বুজা ? কি কি উৎসৰদ্বাৰা পানী প্রদুষিত হ'ব পাৰে লিখা ।

উত্তৰঃ জীৱ-জন্তুৰ মল-মূত্ৰ, জাবৰ-জোঁথৰ, বিভিন্ন উদ্য়োগৰপৰা ওলোৱা পেলনীয়া দ্ৰব্য় ইত্য়াদি সাধাৰণতে ওচৰত থকা নৈ, নিজৰা বা জলাশয়বোৰত পেলাই দিয়া হয়। উদ্য়োগৰ পেলনীয়া দ্ৰব্য়বোৰত এছিড, ক্ষাৰ, ৰং, গধুৰ ধাতু, ছায়েনাইডৰ দৰে বিষাক্ত দ্ৰব্য় আৰু নানা ধৰণৰ প্ৰদূষক গেছ থাকে। এিবোৰে পানীৰ গুণাগুণনষ্ট কৰে আৰু মানুহ, আ জীৱ-জন্তু আৰু কৃষিকৰ্মৰ বাবে অনুপযোগী হৈ পৰে। ইয়েই হ'ল পানী প্ৰদূষণ।

পানী প্ৰদূষণৰ উৎসবোৰ হৈছে- 

এছিডঃ প্ৰায়বোৰ উদ্য়োগৰপৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থবোৰত বিভিন্ন এছিড মিহলি হৈ থাকে। এই এছিডসমূহৰ ভিতৰত ছালফিউৰিক এছিডেই প্ৰধান। এছিডসমূহে পানীত থকা কিছুমান অণুজীৱ মাৰি পেলায়, যিবোৰ অণুজীৱই পানী নিৰ্মল কৰাত সহায় কৰে। ইয়াৰোপৰি এই এছিডসমূহে মাছ আৰু আন জলজ প্ৰাণীবোৰৰো যথেষ্ট ক্ষতিসাধন কৰে।

ওপঙি থকা পদাৰ্থঃ কিছুমান পদাৰ্থ পানীত গলি নাযায় আৰু ওপঙি থাকে। এি পদাৰ্থসমূহে পানীৰ তলত থকা প্ৰাণীসমূহৰ শ্বাস-প্ৰশ্বাসত ব্যাঘাত জন্মায়, ফলত পানীৰ স্বাভাৱিক নিৰ্মলীকৰণ প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হয়। ওপঙি থকা পদাৰ্থবোৰতজৈৱ পদাৰ্থ থাকিলে, সেইবোৰ গৰমৰ দিনত গলি তাৰপৰা দুৰ্গন্ধ ওলায়।

গেছজাতীয় প্ৰদূষণঃ এনে প্ৰদূষকৰ ভিতৰত এম'নিয়া, মুক্ত ক্লৰিণ, হাইড্ৰ'জেন ছালফাইড, অ'জ'ন, ফছফৰাছ আদি পৰে।

   এম'নিয়া মাছৰ ফুলৰ ভিতৰেদি দেহৰ ভিতৰত সোমাই বিহৰ দৰে ক্ৰিয়া কৰে। হাইড্ৰ'জেন ছালফাইডৰপৰা দুৰ্গন্ধ ওলায়। তদুপৰি হাইড্ৰ'জেন ছালফাইড গাৰ কোনোবা ঠাইত লাগিলে খজুৱায় আৰু ই শ্বাস-প্ৰশ্বাসত বাধা জন্মায়।

তেলঃ তেল শোধনাগাৰবোৰৰপৰা নিৰ্গত বৰ্জিত পদাৰ্থত তেলজাতীয় পদাৰ্থ মিহলি হৈ থাকে। তেল পানীৰ ওপৰিভাগত বিয়পি পৰে বাবে অক্সিজেন পানীত সোমাব নোৱাৰে। ফলত জলজ প্ৰাণীবোৰৰ শ্বাস-প্ৰশ্বাসত বাধা জন্মে।

বিষাক্ত দ্ৰব্য়ঃ কিছুমান উদ্য়োগৰপৰা নিৰ্গত বৰ্জিত পদাৰ্থৰ পাৰা, কেডমিয়াম, সীহ, ক্ৰ'মিয়াম, তাম, আৰ্ছেনিক আদি ধাতু মিহলি হৈ থাকে। এইবোৰ জীৱৰ বাবে অতি ক্ষতিকাৰক। ইয়াৰ প্ৰভাৱত জলজ পানীৰ লগতে মানুহৰ বিভিন্ন মাৰাত্মক বেমাৰৰ সৃষ্টি হয়।

মলমূত্ৰঃ মলমূত্ৰ, জাবৰ-জোঁথৰ নদী আৰু জলাশয়বোৰত পানী প্ৰদূষণৰ এক সমস্য়াৰূপে দেখা দিছে। জনসংখ্য়া বৃদ্ধিয়ে এই সমস্য়া অধিক জটিল কৰি তুলিছে। মলমূত্ৰ, জাবৰ-জোঁথৰে পানীৰ স্বাভাৱিক গুণ নষ্ট কৰাৰ লগতে পানীৰপৰা হোৱা বিভিন্ন বৃদ্ধি পাইছে।

14. পানী প্রদূষণ ৰােধ কৰিবলৈ কি উপায় অৱলম্বন কৰা উচিত ? 

উত্তৰঃ পানী প্ৰদূষণ ৰোধ কৰিবলৈ অবলম্বন কৰা উপায়সূহ হৈছে-

1) কম পৰিমাণে প্ৰদূষিত পানী পুনৰ বিভিন্ন কামত লগাব পাৰি। দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা পানীৰ বৰ্জিত অংশ পৰিশোধন বা পুনৰাৱৰ্তনৰৰ ব্যৱস্থা কৰিব পাৰি।

2) উদ্য়োগৰ বৰ্জিত পানীভাগ শোধন কৰিছে, নদী, হ্ৰদ আদিত পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব।

3) কাপোৰ ধোৱা পানী, গা ধোৱা পানী, পোহনীয়া জীৱ-জন্তুৰ মলমূত্ৰ, গেলা-পচা-শাক-পাচলি আদি কুঁৱা, পুখুৰী আদিত সোমীাবলৈ দিব নালাগিব।

4) পৰিশোধন প্ৰক্ৰিয়াৰ যোগেদি পনীয়া আৱৰ্জনাৰপৰা পানীখিনি আঁতৰাই পেলাব পাৰি আৰু সেই পানী ব্যৱহাৰ কৰিব পাৰি।

5) উদ্য়োগৰপৰা নিৰ্গত ধাতু আৰু ৰাসায়নিক পদাৰ্থ পুনঃউদ্ধাৰ কৰি পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিব লাগিব।

ইয়াৰোপৰি সমাজৰ প্ৰতিজন মানুহে পেলনীয়া খাদ্য়, শাক-পাচলি, প্লাষ্টিক আদি মুকলি নলা বা খালৰ সলনি নিৰ্দিষ্টকৈ থোৱা ডাষ্টবিনত পেলোৱা উচিত।

15 , মাটি প্রদূষণ ৰােধ কৰিবলৈ কি উপায় অৱলম্বন কৰা উচিত ? '

উত্তৰঃ মাটি প্ৰদূষণ ৰোধ কৰাৰ উপায়সমূহ হৈছে-

1) কৃষিকাৰ্যত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য় আদিৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰা উচিত।

2) বৃক্ষৰোপণৰদ্বাৰা মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

3) উপযুক্ত কৃষি-পদ্ধতি অৱলম্বন কৰি মাটি প্ৰদূষণ ৰোধ কৰিব পৰা যায়।

16. বিজ্ঞানসন্মত কাৰণ দৰ্শোৱা । 

( ক ) পৃথিৱীৰ বায়ুমণ্ডলৰ উত্তাপ ক্রমে বৃদ্ধি হ'ব লাগিছে ।

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড , নাইট্ৰজেন অক্সাইড ইত্য়াদি সেউজ গৃহ বিভিন্ন ধৰণৰ গেছবোৰে পৃথিৱীয়ে ত্য়াগ কৰা তাপ শোষণ কৰে। বায়ু প্ৰদূষণৰ কাৰণে সেউজ গৃহ গেছবোৰৰ বিশেষকৈ কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাইছে। যাৰ ফলত গেছবোৰে পৃথিৱীয়েে পৰিহাৰ কৰা দীঘল তৰংগৰ তাপ শোষণৰ পৰিমাণ বৃদ্ধি পাইছে। পৃথিৱীয়ে ত্য়াগ কৰি দিয়া তাপ মহাকাশলৈ ঘূৰি য়োৱাত অধিক বাধাৰ উতপত্তি হৈছে আৰু বায়ুমণ্ডলৰ উষ্ণতা ক্ৰমে বৃদ্ধি পাই আহিছে।


( খ ) ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । 

উত্তৰঃ ধুমপান কৰাৰ ফলত শ্বাস লওঁতে অক্সিজেনৰ সৈতে কাৰ্বন-ডাই-অক্সাইড ইত্য়াদি বিষাক্ত গেছ হাওঁফাওত সোমায়গৈ। যাৰ ফলত বায়ুথলীৰ বেৰ ধ্বংস হৈ পৰে আৰু ফলস্বৰূপে শ্বসন পৃষ্ঠ কমি যায়।হাওঁফাওঁ দুৰ্বল হৈ পৰে আৰু অৱশেষত হাওঁফাওঁ নষ্ট হৈ উশাহ লোৱাত অসুবিধাৰ সৃষ্টি হয়।

( গ ) বর্তমান যুগত বাঢ়ি অহা গাড়ী - মটৰবােৰেই বায়ু প্ৰদূষণৰ প্ৰধান উৎস ।

উত্তৰঃ যান-বাহনসমূহৰপৰা প্ৰতিদিনে যথেষ্ট পৰিমাণে ধোঁৱা, গেছ, আদি নিৰ্গত হয়। এইবোৰত মিহলি হৈ থকা কাৰ্বন মন'ক্সাইড, নাইট্ৰ'জেনৰ অক্সাইড আৰু বিভিন্ন হাইড্ৰ'কাৰ্বনে বায়ু প্ৰদূষণৰ সৃষ্টি কৰে। বৰ্তমান বিষাক্ত সীহ নথকা পেট্ৰ'ল, ডিজেলৰ ব্য়ৱহাৰ সম্ভৱপৰ হৈছে। যানবাহানৰপৰা ওলোৱা প্ৰদূষকবোৰ কম সময়ৰ ভিতৰতেঅদৃস্য় হৈ গ'লেও ইহঁত বায়ুমণ্ডলৰ সৈতে মিহলি হৈ থাকে। সূৰ্যৰ পোহৰত ইহঁতে এক ধোঁৱাময় পৰিৱেশৰ সৃষ্টি কৰে।

( ঘ ) বৰষুণৰ পানী খােৱাৰ বাবে ব্যৱহাৰ কৰিব নােৱাৰি । 

উত্তৰঃ বৰষুণ প্ৰথম অৱস্থাত বিশুদ্ধ পানীৰ ৰূপত নামি আহে। কিন্তু পৃথিৱীলৈ অহাৰ পথত ছালফাৰ আৰু নাইট্ৰ'জেনৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰি এছিডৰ সৃষ্টি কৰে আৰু বৰষুণৰ পানীৰ লগত পৃথিৱীত পেৰহি। ফলত বৰষুণৰ পানী দূষিত হৈ পৰে। সেইকাৰণে বৰষুণৰ পানী খোৱাৰ কাৰমে ব্য়ৱহৃত নহয়।

17. খালী ঠাই পূৰ কৰাঁ ।

( ক ) ধূলিকণা , ছাই আদি উদ্ভিদৰ পাতত পৰি পাতত থকা-------- বন্ধ কৰি দিয়ে ।

উত্তৰঃ ৰন্ধ্ৰবোৰ।

( খ ) পৃথিৱীৰ পৃষ্ঠৰপৰা 11 কিমি . উচ্চতালৈ বিস্তৃত থকা বায়ুমণ্ডলৰ তৰপটোক----- বোলা হয় ।

উত্তৰঃ ট্ৰপস্ফিয়েৰ।

(গ) -------- আমাৰ বায়ুমণ্ডলৰ প্রায় সত্তৰ শতাংশ অক্সিজেন উৎপন্ন কৰে ।

উত্তৰঃ উদ্ভিদে।

( ঘ ) যান -বাহনৰ ধোঁৱাত থকা অন্যতম বায়ু প্ৰদূষকটো হৈছে ------ |

উত্তৰঃ নাইট্ৰজেন অক্সাইড। 

( ঙ ) অন্যতম সেউজ - গৃহ গেছটো হৈছে ---------।

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড।

(চ)  --------- দ্বাৰা বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ হ্রাস কৰিব পাৰি । হ্রাস কৰে ।

উত্তৰঃ বৃক্ষৰোপণৰ।

( ছ ) এছিড বৰষুণে কৃষিভূমিৰপৰা পুষ্টিকবােৰ ধুই নি ইয়াৰ --------- হ্রাস কৰে ।  

উত্তৰঃ উৰ্বৰতা।

Author: Chinmay Kakati


Post ID : DABP006237