Chapter: 15

                                               ভাৰত বিভাজনঃমৌখিক সমল

                                              (Partitions Through Oral Sources) 

                                                            প্ৰশ্নাৱলী

◻️ ১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়াঃ


১। সময়ৰ ক্রম অনুসৰি ভাৰত বিভাজনৰ মূল কথাখিনি সজোৱা।

 উত্তৰঃ ভাৰত বিভাজনৰ মানৱ সভ্য়তাৰ বুৰঞ্জীৰ এক চেকা লগা পাত। ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত প্ৰভাৱ পেলাইছিল। প্ৰাচীন কালৰে পৰা আধ্য়াত্মিকতাৰ কেন্দ্ৰ হিচাপে খ্য়াত, অসহিষ্ণুতাৰ বাবে আকবৰ, বিশ্ববৰেণ্য় অশোক, হিন্দু-মুছলীম সন্ত পীৰৰ মিলনভূমি ভাৰতবৰ্ষত ভাৰত আৰু পাকিস্তান সৃষ্টিৰ লগে লগে ভৌগোলিক আৰু ৰাজনৈতিকভাৱে দুখন নতুন ৰাষ্ট্ৰৰ আবিৰ্ভাৱ হৈছিল। 

    গান্ধীজীয়ে উচিতভাৱে ভাৰত বিভাজনৰ বিৰোধীতা কৰি আহিছিল। বিভিন্ন জাতি-ধৰ্ম সম্প্ৰদায়ৰ লোকৰ বাসভূমি ভাৰতবৰ্ষৰ দৰে এখন দেশৰ বিভাজন কোনো পক্ষৰে হিতৰ কাৰণে নহয়, সেই বোৰ কথা ভাৰত বিভাজনৰ আগে-পিছে হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ  আৰু আজিও চলি থকা ভাৰত-পাকিস্তানৰ মাজৰ বিবাদে প্ৰমাণ কৰিছিল।  


২। ভাৰত বিভাজনৰ ইতিহাস বর্ণনা কৰা।

উত্তৰঃ ভাৰত বিভাজনৰ মানৱ সভ্য়তাৰ বুৰঞ্জীৰ এক চেকা লগা পাত। ই ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত বাৰুকৈ প্ৰভাৱ পেলাইছিল। ভাৰত বিভাজনৰ ইতিহাস সমলবোৰ হৈছে- মৌখিক সাহিত্য়, স্মাৰক, ডায়েৰী বংশাৱলী আৰু লিখিত টোকা আদি। চৰকাৰী নথিৰ পৰা বহু সময়ত বিভাজনৰ প্ৰকৃত কথাসমূহ জানিব পাৰি। বৃটিছ আৰু ভাৰতৰ প্ৰধান ৰাজনৈতিক দলবিলাকৰ মাজৰ ভৱিষৎ সম্পৰ্ক আৰু শৰনাৰ্থীক সংস্থাপন দিয়াৰ বিষয়ে চৰকাৰী নথি-পত্ৰৰ পৰা জানিব পৰা যায়। 


৩। ভাৰত বিভাজনে কিমান দূৰ ভাৰতৰ জাতীয় আন্দোলনক দুর্বল কৰিছিল বুলি ভাবা।

উত্তৰঃ ভাৰতৰ বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বী, ভাষা, লোকৰ মাজত যুগ যুগ ধৰি একতা গঢ়ি উঠিছিল। ইয়াৰ ভিত্তিতে এক ভাৰতীয় জাতীয়ত্বৰ বিকাশ হৈছিল। জিন্নাৰ দ্বি-জাতিতত্বই পৰস্পৰৰ মাজত সংস্কৃতিক বিনিময়ৰ দীঘলীয়া ইতিহাস অস্বীকাৰ কৰে। জাতিয়তাবাদ হৈছে একে মানসিক অৱস্থা, যেতিয়াই ভাৰতবাসীয়ে অন্তৰেৰে ভাৱিবলৈ লৈছিল যে তেওঁলোক ভাৰতীয় সেই সময়ৰ পৰাই ভাৰতীয় জাতীয়তাবোধৰ সূত্ৰপাত হৈছিল। ভাষা, সংস্কৃতি, ঐতিহ্য় আদি জাতীয়ত্বৰ কাৰক হ'ব পাৰে। জাতীয়ত্বৰ ভিত্তিত এখন জাতীয় ৰাষ্ট্ৰ গঢ়ি উঠে। দ্বি-জাতি তত্ত্বৰ ভিত্তিত বাংলাদেশ গঠিত হৈছিল। ১৯৭১ চনত বাংলাদেশ জিন্নাৰ পৃথক হৈছিল। 

      ইংৰাজ কুটনীতিয়ে ভাৰতীয় জাতীয়ত্বক দুৰ্বল কৰিছিল। ভাৰতৰ জাতীয় স্বাধীনতা আন্দোলনৰ শেষলৈ সাম্প্ৰদায়িক ৰাজনীতিয়ে গান্ধীজীক এক ভাৰতীয় জাতীয়ত্বৰ ধাৰণা নস্য়াৎ কৰিব বিছাৰিছিল। 


৪। ভাৰত দ্বিখণ্ডিত হােৱাৰ বাবে বৃটিছ চৰকাৰ কিমান দূৰ দায়ী আছিল?

উত্তৰঃ ভাৰত দ্বিখণ্ডিত হোৱাৰ বাবে বৃটিছ চৰকাৰ দায়ী আছিল। কাৰণ বৃটিছে ভাৰতক স্বাধীনতা প্ৰদান কৰিছিল যদিও অখণ্ড-ভাৰত দ্বিখণ্ডিত ৰূপতহে। ১৮৫৭ চনৰ পিছৰে পৰা ইংৰাজৰ বিভাজন আৰু শাসনৰ নীতি গ্ৰহণ কৰিছিল। তেনেকৈয়ে ভাৰতত শাসন চলাই গৈছিল। এনে কাৰ্য্য়ৰ ফলত ভৱিষ্য়তলৈ ভাৰত বিভাজনৰ পথ মুকলি হৈ আহিছিল। মহম্মদ আলি জিন্নাই উদ্ভাৱন কৰা দ্বি-জাতীয় সূত্ৰ ইংৰাজসকলে পাকে পকাৰে মানি লৈছিল। ভাৰত বিভক্ত কৰি হ'লেও ইংৰাজে ভাৰতত্য়াগৰ কথা ঘোষণা কৰিছিল। শেষত ভাৰতৰ শেষ ভাইচৰয় লৰ্ড মাউন্টবেটেনে ১৯৪৭ চনৰ ৩ জুন তাৰিখে ভাৰত বিভাজনৰ আঁচনি গ্ৰহণ কৰিছিল। 


৫। স্বাধীনতা সংগ্ৰামৰ শেষৰ দুবছৰত হােৱা আইন শৃংখলা অৱনতিৰ কাৰণ ব্যাখ্যা কৰা। 

উত্তৰঃ স্বাধীনতা সংগ্ৰামৰ শেষত হোৱা আইন শৃংখলা অৱনতিৰ কাৰণ

    ১৯৪৬ চনৰ ১৬ আগষ্টত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ একবছৰ ধৰি চলি আছিল। ভাৰতৰ বিভিন্ন ঠাইত ই বিয়পি পৰিছিল। কংগ্ৰেছে ১৯৪৭ চনৰ মাৰ্চ মাহত পঞ্জাৱক দ্বিখণ্ডিত কৰা সিদ্ধান্ত লৈছিল। শিখ নেতৃত্বই চিন্তা কৰি কৈছিল যে ভাৰত বিভাজন এক অভিশাপ হ'লেও প্ৰয়োজনীয়। কাৰণ একেলগে থাকিলে মুছলমানৰ সংখ্য়া গৰিষ্ঠই তেওঁলোকক ৰাজনৈতিক ভাৱে ক্ষমতাহীন কৰি তুলিছিল। এইবোৰ ৰাজনৈতিক সমীকৰণে সাম্প্ৰদায়িক উত্তেজনা তীব্ৰতৰ কৰিছিল। পঞ্জাৱৰ অমৃতসৰ জিলাৰ শাসন ভাগি পৰিছিল আৰু সেই কাৰণে সাম্প্ৰদায়িক সংঘৰ্ষই উৎকটৰূপ ধাৰণ কৰিছিল। বৃটিছসকলো ভাৰত ত্য়াগ কৰাৰ প্ৰস্তুতিত ব্য়স্ত আছিল। 


 ৬। ভাৰত বিভাজনৰ ইতিহাস ৰচনাত মৌখিক সমলো কেনেদৰে সহায় কৰে?

উত্তৰঃ ভাৰত বিভাজনৰ ইতিহাস ৰচনাত সহায় কৰা মৌখিক সমলবোৰ  হৈছে 

    চৰকাৰী নথিৰ-পত্ৰ পৰা সময়ত বিভাজনৰ প্ৰকৃত কৰা জানিব পাৰিছিল। এইবোৰে চৰকাৰী নীতি নিৰ্দেশনা আৰু চৰকাৰী আঁচনিৰ বিষয়ে অধিক গুৰুত্ব দিছিল। বৃটিছ আৰু ভাৰতৰ প্ৰধান ৰাজনৈতিক দলবোৰৰ মাজৰ ভৱিষ্য়ত সম্পৰ্ক আৰু শৰনাৰ্থীক সংস্থাপন দিয়াৰ বিষয়ে চৰকাৰী নথি-পত্ৰ পৰা জানিব পাৰিছিল। মৌখিক সমলবিলাকৰ পৰা ঐতিহাসিকৰ সকলো চৰকাৰী নথি-পত্ৰৰ অতি ঠেক গণ্ডীৰ পৰা সজীৱ অভিজ্ঞতাবোৰ সংগ্ৰহ কৰি বুৰঞ্জীত বহলাই উল্লেখ কৰিছিল। ক্ষুদ্ৰ জীৱিকা অৱলম্বী মজদুৰ আৰু কৃষক এইবোৰ সমাজৰ পৰা একেবাৰে নিম্ন স্তৰৰ লোকসকলৰ অভিজ্ঞতাবোৰৰ পৰা ইতিহাসৰ বহুমূলীয়া তথ্য় লাভ কৰিব পাৰি বুলি তেওঁলোকে পূৰ্বতে ধাৰণা কৰিব পৰা নাছিল। 

    মৌখিক সমলবোৰ চালি জাৰি চাব লাগে। স্মৃতিয়ে বহু সময়ত মানুহক কোনো কথাৰ পৰা বঞ্চিত কৰিব পাৰে। সাধাৰণ লোকৰ কামবোৰ সহজ-সৰল আৰু পোনপটীয়া নহয়। সেইবাবে ভূক্তভোগীৰ অভিজ্ঞতাৰ ভিত্তিত লিখা পদ্ধতিগত লিখনি অধিক গ্ৰহণযোগ্য় হয়। তেওঁলোকে মৌখিক আৰু লিখিত সমল বিশ্লেষণ কৰি ভাৰত বিভাজনৰ নিৰ্মোহ অধ্য়য়ন কৰিব পাৰি। 


৭। ১৯৪০ চনৰ প্ৰস্তাৱত মুছলীম লীগে কি দাবী কৰিছিল?

উত্তৰঃ ১৯৪০ চনত মুছলীম লীগে প্ৰস্তাৱ গ্ৰহণ কৰিছিল- 'The parition of India is the only solution of the most difficult problem of India's future constitution.' ত্ৰিপছ মিছনে আওপকীয়াকৈ হ'লেও কৈছিল যে কোনো প্ৰদেশে ইচ্ছা কৰিলে ভাৰত যুক্তৰাষ্ট্ৰত নাথাকি নিজেই সংবিধান ৰচনা কৰিব পাৰিব। ১৯৪৫-৪৬ চনৰ নিৰ্বাচনত জিন্নাৰ নেতৃত্বত লীগে উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ বাহিৰে বঙ্গৰ আৰু সিন্ধু প্ৰদেশৰ সংখ্য়া গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল। ৱাভেল আঁচনিত লীগে ভেট দিয়াৰ পিছত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী লৰ্ড এট্লীয়ে ঘোষণা কৰিছিল যে সংখ্য়া গৰিষ্ঠ মতক সংখ্য়া লঘিষ্ঠই কোনো ধৰণৰ বাধা দিব নোৱাৰিব। মিছনে পাকিস্তানৰ দাবী অগ্ৰাহ্য় কৰি প্ৰদেশবিলাকক অধিক ক্ষমতা দি কেন্দ্ৰীয় চৰকাৰক প্ৰতিৰক্ষা, যাতায়াত ব্য়ৱস্থা আৰু বৈদেশিক সম্পৰ্ক দায়িত্ব ন্য়স্ত কৰি সংবিধান ৰচনা কৰিছিল। 

    লীগৰ প্ৰতি সঁহাৰি জনাই মিছনে প্ৰদেশ বোৰক তিনিটা ভাগত ভাগ কৰিছিল আৰু সেই ভাগ কেইটা হৈছে (ক) গোটত হিন্দু সংখ্য়া গৰিষ্ঠ, (খ) গোটত মুছলিম সংখ্য়াগৰিষ্ঠ আৰু (গ) গোটত বঙ্গ আৰু অসমক অন্তৰ্ভূক্ত কৰা। 


৮ | সাধাৰণ লােকে ভাৰত বিভাজনক কেনেদৰে লৈছিল?

উত্তৰঃ 


◻️ চমু ৰচনা লিখা


৯। বৃটিছে ভাৰতক কিয় দ্বিখণ্ডিত কৰিছিল?

উত্তৰঃ বৃটিছে ভাৰতক স্বাধীনতা প্রদান কৰিছিল যদিও অখণ্ড-ভাৰত দ্বিখণ্ডিত ৰূপতহে।

(ক) ১৮৫৭ চনৰ পিছৰে পৰা ইংৰাজৰ বিভাজন আৰু শাসনৰ নীতি গ্রহণ কৰিছিল আৰু তেনেকৈয়ে ভাৰতত শাসন চলাই গৈছিল। অর্থাৎ হিন্দু মুছলমানৰ মাজত বিভাজনৰ কাৰণে চেষ্টা চলাইছিল। এনে কাৰ্য্যৰ ফলত ভবিষ্যতলৈ ভাৰত বিভাজনৰ পথ মুকলি হৈ আছিল।

(খ) ১৯৩৭ চনৰ প্ৰাদেশিক নিৰ্বাচনৰ ফলশ্রুতিও আছিল ভাৰত বিভাজনৰ অন্য এটা দিশ

(গ) মহম্মদ আলি জিন্নাই উদ্ভাৱন কৰা দ্বি-জাতীয় সূত্ৰ ইংৰাজসকলে পাকে প্রকাৰান্তৰে মানি লৈছিল। ফলত ইংৰাজৰ দ্বাৰা ভাৰত বিভাজন স্পষ্ট ৰূপত প্রকাশ পাইছিল।

(ঘ) বনুৱা দলৰ প্ৰধানমন্ত্ৰী এটলি ভাৰতৰ স্বাধীনতাৰ প্রতি সহানুভূতিশীল আছিল। সেয়ে ভাৰত বিভক্ত কৰি হ'লেও ইংৰাজে ভাৰতত্যাগৰ কথা ঘোষণা কৰে। (২০ ফেব্ৰুৱাৰী, ১৯৪৭ চন)।

(ঙ) শেষত ভাৰতৰ শেষ ভাইচৰয় লর্ড মাউন্টবেটেনে ১৯৪৭ চনৰ ৩ জুন তাৰিখে ভাৰত বিভাজনৰ আঁচনি গ্রহণ কৰে।

(চ) মহম্মদ আলি জিন্নাৰ আঁকোৰ গোজ মনোভাৱৰ ফলত সকলো ইংৰাজে ভাৰত বিভাজন কৰিবলৈ বাধ্য হৈছিল।

১০। ভাৰত বিভাজনৰ ভূক্তভােগীসকলৰ অভিজ্ঞতা বর্ণনা কৰা।

উত্তৰঃ

১১। ভাৰতীয় জাতীয় কংগ্ৰেছে কিয় আৰু কেনেকৈ বিভাজনৰ ক্ষেত্ৰত নিজৰ স্থিতি সলনি কৰিছিল?

উত্তৰঃ

১২। ভাৰত বিভাজনত ১৯৩৭-ৰ নির্বাচনে কেনেদৰে প্ৰভাৱ পেলাইছিল?

উত্তৰঃ 

১৩। ভাৰত বুৰঞ্জীত ভাৰত বিভাজনৰ গুৰুত্ব বর্ণোৱা।

উত্তৰঃ

১৪। ভাৰত বিভাজনত গান্ধীজীৰ স্থিতি বিশ্লেষণ ক ৰা।

উত্তৰঃ


১৫। মৌখিক সমলৰ দোষ আৰু গুণ বিচাৰ কৰা

উত্তৰঃ 


১৬। ভাৰত বিভাজনৰ বিৰুদ্ধে গান্ধীজীয়ে কি কি যুক্তি দৰ্শাইছিল? 

উত্তৰঃ হিন্দু আৰু মুছলমানৰ মাজত ঐক্য সাধনৰ জৰিয়তে গান্ধীজীয়ে নেতৃত্বত স্বাধীনতা আন্দোলন কৰিছিল। আৰু এই দিশত তেওঁ সফলতাও লাভ কৰিছিল। সেয়ে আসন্ন ভাৰত বিভাজনৰ কথা গান্ধীজীয়ে কল্পনা কৰিব পৰা নাছিল। তেওঁ অবিভাজিত ভাৰতৰ কথাহে কল্পনা কৰিছিল। সেয়ে তেওঁ ভাৰত বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল। এই কথাৰ উমান তেওঁৰ বক্তব্য আৰু লেখাবোৰৰ পৰাই জানিব পাৰি।

    গান্ধীজীয়ে দৃঢ়তাৰে কৈছিল যে তেওঁৰ মৃতদেহ গচকিহে ভাৰত বিভাজিত হ'ব পাৰে। গান্ধীজীৰ ধাৰণা মতে ইচলাম ধর্মই হিন্দু মুছলমানৰ মাজত কেতিয়াও বিভাজনৰ সীমাৰেখা টনা নাই। ভাষা, সংস্কৃতি, ধর্ম খাদ্য আৰু বসবাসৰ ক্ষেত্ৰত দুই সম্প্রদায়ৰ মাজত কোনো ভেদাভেদ নাই। ভাৰত বিভাজনৰ প্ৰশ্নক লৈ সাম্প্রদায়িক সংঘর্ষ জড়িত ঠাইবোৰ গান্ধীজীয়ে নিজে ভ্রমণ কৰি সেইবোৰ অঞ্চলত শান্তি স্থাপনৰ কাৰণে কঠোৰ ত্যাগ স্বীকাৰ কৰিছিল। গান্ধীজীৰ মতে এনে সংঘৰ্ষৰ স্থান অতি ক্ষন্তেকীয়া। পুনৰ হিন্দু আৰু মুছলমানে কান্ধত কান্ধ মিলাই ভাৰতৰ পৰা ইংৰাজৰ বিতাড়ণ কৰিব বুলি গান্ধীজীয়ে গভীৰভাৱে আশা কৰিছিল।

    গান্ধীজীৰ মতে মুছলিম লীগে উত্থাপন কৰা পাকিস্তানৰ দাবী আছিল ইচলাম বিৰোধী। তেওঁ লীগৰ এনে দাবী পাপকাৰ্য্য বুলি কবলৈও কুণ্ঠাবোধ কৰা নাছিল। কাৰণ ইচলাম ধর্মই সদায় ভাতৃত্ববোধৰ হকে কাম কৰি আহিছে। সেয়ে ভাৰত বিভাজনৰ সপক্ষে মাত মতা লোকসকল ইচলাম আৰু ভাৰতৰো শত্ৰু।

১৭। ভাৰত বিভাজনৰ বিৰােধীতা কৰা দুজন কংগ্ৰেছ নেতাৰ নাম লিখা।

উত্তৰঃ


◻️ এটা শব্দ বা বাক্যত উত্তৰ লিখা ঃ


১৮। ১৮৫৭-লৈকে বৃটিছে কোন সম্প্রদায়ৰ পক্ষলৈ ভাৰত শাসন কৰিছিল?

উত্তৰঃ ১৮৫৭ লৈকে বৃটিছে হিন্দুসকলৰ পক্ষলৈ ভাৰত শাসন কৰিছিল। 


১৯। ভাৰতক দুর্বল কৰি ৰাখি শাসন কৰি যাবলৈ বৃটিছে কি নীতি গ্রহণ কৰিছিল?

উত্তৰঃ ভাৰতক দুৰ্বল কৰি ৰাখি শাসন কৰি যাবলৈ বৃটিছে বিভাজন আৰু শাসন নীতি গ্ৰহণ কৰিছিল। 


২০। 'পাকিস্তান’ আঁচনি প্রথমে কোনে প্রস্তুত কৰিছিল?

উত্তৰঃ'পাকিস্তান' আঁচনি প্ৰথমে মুছলীম লীগে প্ৰস্তুত কৰিছিল। 


২১। প্রত্যক্ষ সংগ্রাম (Direct action)-ৰ প্ৰস্তাৱ কোন চনৰ কোন তাৰিখে লােৱা হৈছিল?

উত্তৰঃ প্ৰত্য়ক্ষ সংগ্ৰাম (Direct action-) ৰ প্ৰস্তাৱ ১৯৪৬ চনৰ ১৬ আগষ্টৰ তাৰিখে লোৱা হৈছিল। 


২২। বিভাজন কৰি হ'লেও ভাৰত ত্যাগৰ ঘােষণা ইংলণ্ডৰ কোনজন প্রধানমন্ত্রীয়ে কৰিছিল?

উত্তৰঃ বিভাজন কৰি হ'লেও ভাৰত ত্য়াগৰ ঘোষণা ইংলেণ্ডৰ লৰ্ড এট্লীয় প্ৰধানমন্ত্ৰীয়ে কৈছিল। 


২৩। বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল?

উত্তৰঃ বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম আছিল পূৰ্ববংগ। 


২৪। বিভাজন কালৰ অভিজ্ঞতাৰে লিখা এখন বিখ্যাত উপন্যাসৰ নাম লিখা।

উত্তৰঃ বিভাজনৰ কালৰ অভিজ্ঞতাৰে লিখা এখন বিখ্য়াত উপন্য়াসৰ নাম হ'ল 'Train to Pakistan'।


২৫। গান্ধীজীৰ আদৰ্শৰে অনুপ্রাণিত হৈ প্ৰব্ৰজনকাৰীক সকলাে প্রকাৰে সহায় কৰা হিমাচল প্রদেশৰ চিকিৎসকজনৰ নাম লিখা।

উত্তৰঃ 


২৬। ভাৰত বিভাজনৰ ইতিহাসৰ কেইবিধমান মৌখিক সমল উল্লেখ কৰা।


উত্তৰঃ ভাৰত বিভাজনৰ ইতিহাসৰ কেইবিধমান মৌখিক সমল হৈছে 

    ১। মৌখিক সাহিত্য়,২। ডায়েৰী, ৩। লিখিত টোকা, ৪। স্মাৰক বা স্মৰণিকা আৰু ৫। বংশাৱলী। 



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type: Pallab Jyoti Bora


Author By: Sayanika Das



Post ID : DABP006350