খাদ্য় উপাদনআৰু ব্যৱস্থাপনা  | Chapter 16 | অধ্যায়  ১৬| Class 8 Science Answer Jatiya Bidyalay | Assam Jatiya Bidyalay | Class viii Science Question And Answer Assam Jatiya Bidyalay | Class 8 science Suggestion Jatiya Bidyalay | Class 8 science Notes Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ বিজ্ঞান | অসম জাতীয় বিদ্যালয় | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ খাদ্য উৎপাদনআৰু ব্যৱস্থাপনা  পাঠটো প্ৰশ্ন আৰু উত্তৰ ।

 Chapter 16

 খাদ্য় উৎপাদনআৰু ব্যৱস্থাপনা


1. অতি চমুকৈ উত্তৰ দিয়া ।

(i) কাঠৰ নাঙলৰ সলনি লোহাৰ নাঙল ব্যৱহাৰ কৰিলে কি সুবিধা পোৱা যায় ?

উত্তৰঃ কাঠৰ নাঙলৰ পৰিৱৰ্তে লোৰ নাঙল ব্যৱহাৰ কৰিল্ লোৰ নাঙলৰ ওজন বেছি হোৱা বাবে বেছি দলৈ মাটি চহাব পাৰি।

(ii) বীজৰোপণ বুলিলে কি বুজা ?

উত্তৰঃ মাটি চাহ কৰাৰ পিছত মাটিত শস্য়ৰ বীজ গজিবলৈ দিয়া হয়। ইয়াকে বীজৰোপণ বোলা হয়।

(iii) প্ৰমাণিত বীজ ব্যৱহাৰৰ সুবিধা কি ?

উত্তৰঃ  বীজত আন শস্য়ৰ বীজ, অপতৃণৰ বীজ বা একেবিধ শস্য়ৰে আন জাতৰ বীজ মিহলি হৈ থাকিব নালাগে। প্ৰমাণিত বীজ ব্যৱহাৰ কৰিলে এনে হোৱাৰ আশংকা নাথাকে।

(iv) উদ্ভিদে বায়ুৰপৰা পোনে পোনে লব পৰা মৌলকেইটা কি কি ?

উত্তৰঃ উদ্ভিদে বায়ুৰপৰা পোনে পোনে লোৱা মৌলকেইটা হৈছেঃ হাইড্ৰজেন, অক্সিজেন, কাৰ্বন।

(v) দুটা অনুৰেখ মৌলৰ উদাহৰণ দিয়া ।

উত্তৰঃ দুটা অনুৰেখ মৌলৰ উদাহৰণ হৈছেঃ জিংক, বৰ'ণ।

(vi) গছৰ আভ্যন্তৰীণ কাৰ্যকলাপত ভাগ লোৱা মৌলকেইবিধ কি কি ?

উত্তৰঃ গছৰ আভ্য়ন্তৰীণ কাৰ্যকলাপত ভাগ লোৱা মৌলকেইবিধ হৈছে- ক'বাল্ট, ছ'ডিয়াম আৰু ছিলিকন।

(vii) জৈৱিক সাৰ কাক বোলে ?

উত্তৰঃ গছ-গছনি আৰু জীৱ-জন্তুৰ পৰা পোৱা সাৰক জৈৱিক সাৰ বোলে।

(viii) অজৈৱিক বা ৰাসায়নিক সাৰ কাক বোলে ?

উত্তৰঃ যিবিলাক সাৰ ৰসায়নাগাৰত ৰাসায়নিক পদাৰ্থ হিচাপে তৈয়াৰ কৰা হয়, সেইবোৰক ৰাসায়নিক সাৰ বোলে।

(ix) জৈৱিক সাৰৰ দুটা উদাহৰণ দিয়া

উত্তৰঃ জৈৱিক সাৰৰ দুটা উদাহৰণ হৈছেঃ গোবৰ, পচন সাৰ।

( x ) অজৈৱিক বা ৰাসায়নিক সাৰৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ অজৈৱিক সাৰ বা ৰাসায়নিক সাৰৰ দুটা উদাহৰণ হৈছেঃ এম'নিয়াম ছালপেট আৰু ছুপাৰ ছালফেট।

( xi ) জীৱাণু সাৰৰ মূল উৎস কি ?

উত্তৰঃ জীৱাণু সাৰৰ মূল উৎস হৈছে- কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ বীজাণু।  

( xii ) জীৱাণু সাৰৰ ভাগ তিনিটা কি কি ? 

উত্তৰঃ জীৱাণু সাৰৰ ভাগ তিনিটা হৈছে- শেলাইজাতীয়, ভেঁকুৰজাতীয় আৰু বেক্টেৰিয়াজাতীয়।

( xii ) কোনবিধ সাৰক ভেঁকুৰে মাটিত দ্রৱীভূত কৰে ?

উত্তৰঃ শৈল ফছফেট সাৰক বেঁকুৰে মাটিত দ্ৰৱীভূত কৰে।

( xiv ) অপতৃণ কি ?

উত্তৰঃ শস্য়ৰ মাজত গজা অলাগতিয়াল ঘাঁহ-বন আদিকে অপতৃণ বোলা হয়।

( xv ) দুবিধ অপতৃণৰ উদাহৰণ দিয়া ।

উত্তৰঃ দুবিধ অপতৃণৰ উদাহৰণ হৈছে- কণাশিমলু আৰু মেটেকা।

( xvi ) অপতৃণ নিয়ন্ত্রণ কৰা কাৰ্যত ব্যৱহাৰ কৰা দুবিধ ৰাসায়নিক পদার্থৰ নাম লিখা । 

উত্তৰঃ অপতৃণ নিয়ন্ত্ৰণ কৰা কাৰ্যত ব্যৱহাৰ কৰা দুবিধ ৰাসায়নিক পদাৰ্থৰ নাম হৈছে- বনতেল আৰু এক্ৰ'লিন।

( xvii ) ব্লাইট কি ?

উত্তৰঃ ব্লাইট হৈছে আলুত হোৱা ভেঁকুৰজনিত বেমাৰ।

( xviii ) দুবিধ উদ্যান শস্যৰ উদাহৰণ দিয়া । 

উত্তৰঃ দুবিধ উদ্য়ান শস্য়ৰ উদাহৰণ হৈছেঃ নাৰিকল, তামোল-পাণ।

( xix ) নিম গছৰপৰা উপাদন কৰা কীটনাশক দ্রব্যবিধৰ নাম কি ? 

উত্তৰঃ নিম গছৰপৰা উৎপাদন কৰা কীটনাশক দ্ৰব্য়বিধৰ নাম হৈছে- এজাডিৰাটিন। 

( xx ) কাঠফুলা কি ? 

উত্তৰঃ ভেঁকুৰৰ মঙহাল অংগকে সাধাৰণতে কাঠফুলা বুলি কোৱা হয়।

( xxi ) দুবিধ উন্নত জাতৰ গাহৰিৰ নাম লিখা ।

উত্তৰঃ দুবিধ উন্নত জাতৰ গাহৰিৰ নাম হৈছে- হেম্পছায়াৰ, ছেডলবেক্।

( xxii ) শস্যাৱর্তন কি ? 

উত্তৰঃ একেডৰা মাটিত পৰিকল্পিতভাৱে বছৰি বেলেগ বেলেগ শস্য়ৰ খেতি এটাৰ পিছত এটাকৈ কৰাকে শস্য়াৱৰ্তন  বোলে।

( xxiii ) উন্নত জাতৰ দুবিধ ছাগলীৰ নাম লিখা ।

উত্তৰঃ উন্নত জাতৰ দুবিধ ছাগলীৰ নাম হৈছে- বাৰবাৰী আৰু যমুনা।

( xxiv ) ব্রাউন ছুইছ কি ? 

উত্তৰঃ ব্ৰাউন ছুইছ হৈছে এবিধ অধিক গাখীৰ দিয়া ছাগলী।

2. ( i ) কৃষি ব্যৱস্থাপনাৰ লগত জড়িত কার্যকেইটা কি কি ?

উত্তৰঃ কৃষি ব্যৱস্থাপনাৰ লগত জড়িত কাৰ্যকেইটা হৈছে-

১। শস্য়ৰ বীজৰোপণৰ বাবে মাটিৰ প্ৰস্তুতি

২। বীজ ৰোপণ

৩। জলসিঞ্চন আৰু জলনিৰ্গমন

৪। সাৰ প্ৰয়োগ

৫। অপতৃণৰ নিয়ন্ত্ৰণ

৬। ৰোগ আৰু কীট-পতংগৰ নিয়ন্ত্ৰণ

৭। ফচল সংগ্ৰহ আৰু

৮। ফচল সংৰক্ষণ।


( ii ) মাটি চহােৱাৰ 4 টা সুবিধা লিখা ।

উত্তৰঃ মাটি চহোৱাৰ চাৰিটা সুবিধা হৈছে-

১। মাটিৰ উপৰিভাগ কিছু তললৈ কোমল হৈ পৰে। সেইবাবে শস্য়ৰ সিপা গভীৰলৈ বাঢ়িব পাৰে।

২। মাটিত থকা ঘাঁহ-বন আদি মাটিৰ তলত সোমাই পৰি গেলি-পচি সাৰ হয়।

৩। মাটিৰ মাজেৰে বায়ু চলাচল কৰিবলৈ সহজ হয়।

৪। মাটিয়ে অধিক পানী আৰু জলীয় বাষ্প শুহি ল'ব পৰা হয়।

( iii ) পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ আলােচনা কৰাঁ ।

উত্তৰঃ পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হৈছ-

১। পাৱাৰ টিলাৰ বা ট্ৰেক্টৰেৰে অতি টান হৈ থকা বা চন পৰি থকা মাটিও সহজে চহাব পাৰি। এনে মাটি গৰু-ম'হেৰে চহাবলৈ যথেষ্ট অসুবিধা পোৱা যায়।

২। পাৱাৰ টিলাৰ বা ট্ৰেক্টৰেৰে মাটি বেছি দলৈ চহাব পাৰি। ফলত অলাগতিয়াল ঘাঁহ-বনৰ শিপা (অপতৃণ) উভালি সেইবোৰ ভালদৰে নাশ কৰিব পৰা হয়।

৩। শাৰীৰিক পৰিশ্ৰম লাঘৱ হয়। কম সময়ত অধিক মাটি চহাব পাৰি।

( iv ) বীজৰােপণৰ বাবে উন্নতমানৰ বীজ নির্বাচন কৰাটো কিয় প্রয়ােজন ?

উত্তৰঃ অধিক উৎপাদনৰ বাবে উন্নতমানৰ বীজ অতি প্ৰয়োজনীয়। বীজবোৰ নিৰোগী হ'ব লাগে যাতে বীজৰপৰা হোৱা শস্য়ৰ কোনো ৰোগ হ'ব নোৱাৰে। বীজত অন্য় শস্য়ৰ বীজ, অপতৃণৰ বীজ বা একেবিধ শস্য়ৰে আন জাতৰ মিহলি হৈ থাকিব নালাগে।

( v ) নির্দিষ্ট নিয়ম মানি বীজ সিঁচাৰ সুফলসমূহ ব্যাখ্যা কৰাঁ ।

উত্তৰঃ নিৰ্দিষ্ট নিয়ম মানি বীজ সিঁচাৰ সুফলসমূহ হৈছেঃ 

১। বীজৰ অপচয় নহয়। পুলিবোৰ সুষমভাৱে বাঢ়ে।

২। শস্য়ত পানী যোগান ধৰাত সুবিধা হয়।

৩। ৰোগাক্ৰান্ত পুলিবোৰ আৰু অপতৃণবোৰ উভালি পেলাবলৈ, অৰ্থাৎ নিৰণি কৰিবলৈ সুবিধা হয়। 

 3. চমুটোকা লিখা ।

( ক ) জলসিঞ্চন আৰু জলনির্গমন

উত্তৰঃ পানী যোগান বা জলসিঞ্চন আধুনিক কৃষি পদ্ধতিৰ এটা গুৰুত্বপূৰ্ণ অংশ। জলসিঞ্চন ব্যৱস্থাৰে-

১। সঠিক সময়ত সঠিক জোখত শস্য়ত পানী যোগান ধৰিব পাৰি।

২। এই পদ্ধতিৰদ্বাৰা বতৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ইচ্ছানুযায়ী একেডৰা মাটিতে একাধিক খেতি কৰিব পাৰি।

৩। খৰাং বতৰৰ দৰে প্ৰতিকূল অৱস্থাতো খেতি কৰিব পাৰি বা শস্য় ৰক্ষা কৰিব পাৰি।

অধিক পানীয়ে শস্য়ৰ ক্ষতি কৰে। সেইবাবে জলনিৰ্গমন ব্যৱস্থাৰে খেতি-পথাৰৰপৰা অতিৰিক্ত পানীভাগ উলিয়াই অনাৰ ব্য়ৱস্থা কৰিব লাগে। অধিক পানীত শস্য়ডৰা ডুবি থাকিলে- 

১। মাটিৰ ছিদ্ৰবোৰত বায়ু সোমাব নোৱাৰে। ফলত শস্য়ৰ শিপাৰ বৃদ্ধি বাধাগ্ৰস্ত হয়।

২। মাটিত থকা উপকাৰী অণুজীৱ ধ্বসং হয়।

( খ ) জীৱাণু সাৰ 

উত্তৰঃ জীৱাণু সাৰৰ মূল উৎস কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ বীজাণু। উৎস হিচাবে জীৱাণু সাৰক তিনিভাগ ভগাব পাৰি- শেলাইজাতীয়, ভেঁকুৰজাতীয় আৰু বেক্টেৰিয়াজাতীয়।অসমৰ জলবায়ু শেলাইৰ বৃদ্ধিৰ বাবে অনূকুল। বিভিন্ন প্ৰকাৰৰ শেলাইৰ ভিতৰত নীলা শেলাইহে জীৱাণু সাৰ হিচাবে ব্যৱহাৰ কৰা হয়। এিবিধ শেলাইয়ে বায়ুত থকা নাইট্ৰ'জেন ধৰি ৰাখিব পাৰে। ইয়াক মাটিত প্ৰয়োগ কৰিলে এই নাইট্ৰ'জেন মাটিত মিহলি হয়। ভেঁকুৰজাতীয় জীৱাণুয়ে মাটিত থকা বহুতো অদ্ৰৱণীয় পদাৰ্থ দ্ৰৱীভূত কৰি মাটি সাৰুৱা কৰে। শৈল ফছফেট সাৰ মাটিত দিলে ইয়াক দ্ৰৱীভূত কৰাত ভেঁকুৰে আগভাগ লয়। বেক্টেৰিয়াজাতীয় সাৰৰ ভিতৰত ৰাইজ'বিয়াম আৰু এজ'টবেক্টৰ প্ৰধান। ইহঁতে শস্য়ৰ সিপাত থিতাপি লৈ বায়ুৰপৰা নাইট্ৰ'জেন সংগ্ৰহ কৰে। ছেইজাতীয় শস্য়ৰ শিপাৰ সৰু সৰু টেমুনাবোৰত ৰাইজ'বিয়াম জীৱাণুবোৰে নাইট্ৰ'জেন সংগ্ৰহ কৰি থয়। পাছত হাল বাই দিলে সেইবোৰ মটািৰ লগত মিহলি হয় আৰু মাটি নাইট্ৰ'জেনযুক্ত হয়। জীৱাণু সাৰ ব্যৱহাৰৰ বহুতো সুবিধা আছে। ই মাটিত নাইট্ৰ'জেন সাৰ দিয়াৰ উপৰিও মাটি সংগঠনত বিশেষ ভূমিকা লয়, কম পৰিমাণৰ সাৰ বহু ঠাইত দিব পাৰি, খৰচো কম আৰু প্ৰয়োগ পদ্ধতিও উজু।

( গ ) কাঠফুলা ।

উত্তৰঃ ভেঁকুৰৰ মঙহাল অংগকে সাধাৰণতে কাঠফুলা বুলি কোৱা হয়। প্ৰায় 10,000 বিধ প্ৰজাতিৰ কাঠফুলাৰ 200 বিধমানহে খোৱাৰ বাবে উপযুক্ত। বিভিন্ন প্ৰজাতিৰ কাঠফুলাৰ ভিতৰত অসমত অয়ষ্টাৰ প্ৰজাতিৰ কাঠফুলা হ'ল অতি সুমিষ্ট আৰু আৱশ্য়কীয় খাদ্য়প্ৰাণ তথা খনিজ পদাৰ্থমিহলি প্ৰ'টিনেৰে সমৃদ্ধ এবিধ মঙহাল ভেঁকুৰ। কাঠফুলা বহুম৭ঊ ৰোগ, হৃদৰোগ, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ, এইডছ, ৰক্তহীনতা, যক্ষ্মা আদি ৰোগত ভুগি থকা ৰোগীৰ বাবে অতি উত্তম খাদ্য়।                                                                        

4. মাটিত কিয় সাৰ প্ৰয়ােগ কৰিব লাগে ? জৈৱিক সাৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ আলােচনা কৰা ।ট

উত্তৰঃ একেডৰা মাটিত খেতি কৰি থাকিলে মাটিত সেই মৌলবোৰৰ পৰিমাণ কমি যায় বাবে সাৰ প্ৰয়োগ কৰিব লাগে। 

জৈৱিক সাৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ'লঃ

১। পইচা খৰচ নকৰাকৈ এই সাৰ নিজেই তৈয়াৰ কৰি ল'ব পাৰি।

২। ই মাটিৰ গঠন ভাল কৰে।

৩। জৈৱিক সাৰ থাকিলে মাটিৰ ভিতৰত বতাহ সুচল হয় আৰু গছৰ শিপাৰ শ্বসন ক্ৰিয়া ভালদে চলে।

৪। জৈৱিক সাৰে মাটিতগছৰ কাৰণে প্ৰয়োজনীয় পানী সংৰক্ষণ কৰিব পাৰে।

৫। জৈৱিক সাৰ গছৰ আহাৰৰ ভঁৰাল। ইয়াত উদ্ভিদৰ বাবে প্ৰয়োজনীয় আটাইকেইটা উপাদান থাকে।  

5. ৰাসায়নিক সাৰৰ ভাগ তিনিটা কি কি ? প্রত্যেকৰে নাম লিখি একোটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ ৰাসায়নিক সাৰৰ ভাগ তিনিটা হৈছেঃ 

(১) নাইট্ৰ'জেনযুক্ত সাৰ। উদাহৰণঃ ইউৰিয়া।

(২) ফছফৰাছযুক্ত সাৰ। উদাহৰণঃ ছুপাৰ ফছফেট।

(৩) পটেছিয়ামযুক্ত সাৰ। উদাহৰণঃ পটেছিয়াম ছালফেট।

6. মিশ্রিত সাৰ কি ? এবিধ মিশ্রিত সাৰৰ উদাহৰণ দিয়া । 

উত্তৰঃ মিশ্ৰিত সাৰ হৈছে ব্যৱহাৰৰ সুবিধাৰ কাৰণে মূল সাৰবোৰ শস্য়ৰ আৱশ্য়কতা অনুসৰি বিভিন্ন পৰিমাণত মিহলাই প্ৰস্তুত কৰা সাৰ। এবিধ মিশ্ৰিত সাৰৰ উদাহৰণ হৈছে- 'অমৃত'।

7. মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি কি ? ৰাসায়নিক সাৰ সদায় সঠিক জোখত প্রয়ােগ কৰিব লাগে কিয় ?

উত্তৰঃ মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হৈছেঃ

১। ৰাসায়নিক সাৰত শস্য়ৰ বাবে লাগতিয়াল উপাদানবোৰ বেছিকৈ থাকে।

২। এইবোৰ পানীৰ লগত সহজে মিহলি হয় আৰু শস্য়ই সহজে আহৰণ কৰিব পাৰে।

৩। আয়তন কম হোৱা বাবে সহজসাধ্য হয়।

৪। সাৰবোৰ গছৰ প্ৰয়োজন অনুসৰি বিভিন্ন অনুপাতত প্ৰয়োগ কৰিব পাৰি।

ৰাসায়নিক সাৰ সদায় সঠিক জোখত আৱশ্য়ক অনুসৰিহে প্ৰয়োগ কৰা উচিত। জধে-মধে মাত্ৰাধিক হাৰত ইয়াক প্ৰয়োগ কৰিলে শস্য়ৰ উৎপাদন ব্যৱহৃত হয়, মাটিৰ ভৌতিক গুণাগুণ নষ্ট হয় আৰু পৰিৱেশ প্ৰদূষিত হয়।

৪. অপতৃণে শস্যৰ কি কি অপকাৰ সাধন কৰে বুজাই লিখা । 

উত্তৰঃ অপতৃণই কৰা অপকাৰবোৰ হৈছেঃ

১। শস্য়ৰ পুলিয়ে ডাল বা পোখা মেলাত অপতৃণে বাধা দিয়ে।

২। মাটিৰপৰা শস্য়ৰ লাগতিয়াল সাৰ-পানী শোষণ কৰি শস্য়ডৰাক প্ৰয়োজনীয় উপাদানৰ অভাৱত ভোগায়। 

৩।অপতৃণ ওখ হৈ শস্য়ৰ ওপৰত ৰ'দ পৰাত বাধি দি সালোকসংশ্লেষণত ব্য়াঘাত জন্মায়।

৪।  বিষাক্ত অপতৃণৰ বীজ শস্য়ৰ লগত মিহলি হৈ খাদ্য়ত বিষক্ৰিয়াৰ সৃষ্টি কৰে।

৫। কিছুমান অপতৃণই শস্য়ৰ ক্ষতিকাৰক কীট-পতংগক আশ্ৰয় দি খেতিডৰাৰ অনিষ্ট সাধন কৰে।

9. ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাটো অপকাৰী কিয় ? দুবিধ জৈৱিক কীটনাশকৰ উদাহৰণ দিয়া । ইহঁতক ক’ৰপৰা আহৰণ কৰা হয় ?

উত্তৰঃ ৰাসায়নিক কীটনাশক প্ৰয়োগৰ ফলত মানুহ, পশুধন আৰু পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন হয়। দুবিধ কীটনাশক হ'ল নিক'টিন আৰু এজাডিৰাচিট'ন। ইহঁতক নিক'টিন ধপাত গছৰপৰা আৰু এজাডিৰাচিট'ন নিম গছৰপৰা আহৰণ কৰা হয়।

10. ৰােগ আৰু কীট - পতংগ নিয়ন্ত্রণত ঔষধৰ ভূমিকা আলােচনা কৰা । 

উত্তৰঃ শস্য়ৰ উৎপাদন বৃদ্ধি কৰিবলৈ যেনেকৈসাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন, সেইদৰে পোক-পৰুৱা আৰু বেমাৰ-আজাৰৰপৰা শস্য ৰক্ষা কৰিবলও ঐঔষণ ব্যৱহাৰ কৰাৰ প্ৰয়োজন। শস্য় ৰক্ষাৰ কাৰণে ব্যৱহাৰ কৰা জৈৱিক বা ৰাসায়নিক ঔষধবোৰ বিভিন্ন প্ৰকৃতিৰ হয়। পোক-পৰুৱা বা ভেঁকুৰ আদিৰ গাত কিছুমান ঔষধ লাগিলেই সেইবোৰ মৰি যায়। কিছুমান ঔষধ পোক-পৰুৱা আদিৰ দেহত সোমাই সিহঁতৰ মৃত্য়ু ঘটায়। কিছুমানে শস্য়ৰ ভিতৰত সোমাই শস্য়ক পোক-পৰুৱা বা বেমাৰ-আজাৰৰপৰা ৰক্ষা পাবলৈ শক্তি প্ৰদান কৰে। ৰগৰ, এলড্ৰিন, বিএইচছি (গেমেক্সিন), ডিডিটি, মালাথিয়ন, ডাইমিক্ৰ'ন, কাৰ্বন টেট্ৰাক্ল'ৰাইড, ইথিলিন ডাইব্ৰ'মাইড আদি ঔষধ ৰোগ নিবাৰণ আৰু প্ৰতিৰোধৰ কাৰণে ব্যৱহাৰ কৰা হয়। কেপটান, কেফটাফান আদি দৰব ভেঁকুৰ ধৰা বেমাৰত ব্যৱহাৰ কৰা হয়। কিছুমান এন্টিবায়'টিক ঔষধো ভেঁকুৰ আৰু বেক্টেৰিয়াঘটিত বেমাৰ নোহোৱা কৰিবলৈ ব্যৱহাৰ কৰা হয়। যেনে, এন্টিমাইচিন-এ ঔষধবিধে আলুৰ ব্লাইট বেমাৰনিৰাময় কৰে। ব্লাইট হ'ল আলুত হোৱা ভেঁকুৰজনিত বেমাৰ। 


11. ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

উত্তৰঃ সকলোবোৰ ৰাসায়নিক কীটনাশকেই কম-বেছি পৰিমাণে বিষাক্ত। গতিকে এইবোৰৰ ব্যৱহাৰ কৰোতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। যেনে,

১। ঔষধবোৰ হাতেৰে চুব নালাগে।

২। পথাৰত ছটিয়াওঁতে নাক-মুখত কাপোৰ বান্ধি ল'ব লাগে।

৩। বতাহৰ বিপৰীতে থিয় হৈ ছটিয়াব নালাগে।

৪। ছটিওৱাৰ পিছত হাত-ভৰি, মুখ আদি ভালদৰে চাবোনেৰে ধুব লাগে।

৫। ঔষধবোৰ ল'ৰা-ছোৱালীৰপৰা আঁতৰাই ৰাখিব লাগে।

৬। অনুমোদিত ঔষধহে নিৰ্দিষ্ট জোখমতে ছটিয়াব লাগে। শেষ হ'লে ঔষধবোৰৰ টেমা বা বাকচবোৰ পুতি পেলাব লাগে।

৭। ঔষধ ছটিওৱাৰ কিছুদিন পিছলৈকে শস্য় খাব নালাগে।

12. উদ্যান শস্যৰ অর্থনৈতিক গুৰুত্বৰ বিষয়ে বিশদভাৱে আলােচনা কৰাঁ । 

উত্তৰঃ সামাজিক পৰিৱৰ্তনৰ লগে লগে কিছুমান উদ্য়ান শস্য়ৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। এই চাহিদা আমাৰ ৰাজ্য়ই পূৰাবলগীয়া হৈছে আন ৰাজ্য়ৰপৰা আমদানি কৰা উদ্য়ান শস্য়ৰেই। উদাহৰণ স্বৰূপে, বিয়া-সবাহ, পূজা-পাৰ্বন, মেল-মিটিং আদি সামাজিক অুষ্ঠানৰ বাবে ফুল আু ফুলজাত সামগ্ৰীৰ বৰ্তমান বৰ চাহিদা। ফুলৰ খেতিয়ে বহু লোকৰ আত্মসংস্থানৰ পথ মুকলি কৰিব পাৰে। আমাৰ ৰাজ্য়ত বিভিন্ন ফলৰো খেতি কৰিব পাৰি। যেনেঃ নাৰিকল, কল, আনাৰস, নেমু, আম, লিচু, মধুৰীআম, কংঠাল, অমিতা, তামোল আদি। ফল-মূলৰ সংৰক্ষণ উদ্য়োগেও যথেষ্ট আত্মসংস্থাপন পথ মুকলি কৰিব পাৰে। শীতকালি হোৱা শাক-পাচলি, যেনে, ফুলকবি, বন্ধাকবি, ওলকবি, ফ্ৰেন্সবিন, গাজৰ, জলকীয়া, কেপ্চিকাম, মূলা আদি আৰু গ্ৰীষ্মকালী হোৱা শাক-পাচলি, যেনে, জিকা, তিয়ঁহ, ৰঙালাও, জাতিলাউ, চিৰাল, কোমোৰা, তিতাকেৰেলা, লেচেৰা মাহ, ভোল, পটল, ভেন্দি, ভাতকেৰেলা আদিৰ খেতি কৰি আৰ্থিকভাৱে যথেষ্ট টনকিয়াল হ'ব পাৰি।  

13. অসমত সর্বাধিক জনপ্রিয় কাঠফুলাবিধৰ নাম কি ? ই এবিধ উত্তম খাদ্য কিয় ? 

উত্তৰঃ অসমত সৰ্বাধিনক জনপ্ৰিয় কাঠফুলাবিধৰ নাম হৈছেঃ অয়ষ্টাৰ প্ৰজাতিৰ কাঠফুলা। ই এবিধ উত্তম খাদ্য় কাৰণ ই অতি সুমিষ্ট আৰু আৱশ্য়কীয় খাদ্য়প্ৰাণ তথা খনিজ পদাৰ্থমিহলি প্ৰ'টিনেৰে সমৃদ্ধ এবিধ মঙহাল ভেঁকুৰ। 

14. সমন্বত কৃষি ব্যৱস্থা বুলিলে কি বুজা লিখা ।

উত্তৰঃ অধিক উৎপাদন আৰু আয়ৰ বাবে একেলগে কেইবাবিধো খেতি যুটীয়াকৈ কৰা হয়। ইয়াকে সমন্বিত কৃষি ব্যৱস্থা বোলে। উদাহৰণ স্বৰূপে, মাছৰ লগত যুটীয়াভাৱে কুঁকুৰা, হাঁহ, গাহৰি আদি পুহিব পাৰি। ইহঁতৰপৰা কণী আৰু মাংস পোৱাৰ উপৰিও ইহঁতৰ মূল-মত্ৰবোৰ মাছৰ আহাৰ হয় আৰু পুখুৰীৰ উৰ্বৰতা বাঢ়ে।

Author: Chinmay Kakati



Post ID : DABP006459