Chapter 2
প্ৰাগৈতিহাসিক নৃতত্ত্ব
Methods Of Tool Making in Prehistoric Period
অনুশীলনী
1. আঘাত স্ফীতি কি ? আঘাত স্ফীতি ক'ত পোৱা যায় ?
উত্তৰঃ শিল চলিয়ন পদ্ধতিৰে শিলাখণ্ডটোৰ গাত লম্বভাৱে আঘাত নকৰি শিলৰ,কাঠৰ নতুবা হাড়ৰ দীঘলীয়া আকৃতিৰ হাতুৰীৰে দাঁতি অংশত হেলনীয়াকৈ আঘাত কৰি চলি প্ৰস্তুত কৰা হয়। এনেকুৱা চলিৰ পশ্চাৎ মূৰৰ ফালে অথাৎ যি ঠাইত হাঁতুৰীৰে আঘাত কৰে তাত এটা উঠঙা টেমুনা সদৃশ অংশৰ সৃষ্টি হয়।এই টেমুনা সদৃশ অঞ্চলটোকে আঘাতস্ফীতি বোলা হয়।
ইয়াক চলী সঁজুলিত পোৱা যায়।
2. স্থুল সঁজুলি আৰু চলি সঁজুলিৰ মাজৰ পাৰ্থক্যবোৰ কি কি ?
উত্তৰঃ
স্থুল সঁজুলি |
চলি সঁজুলি |
১। স্থুল সঁজুলি
মূল শিলাখণ্ডৰ পৰা নিৰ্মাণ কৰা হয়। |
১। চলি সঁজুলি মূল শিলাখণ্ডৰ পৰা নিৰ্গত হোৱা চলিৰ পৰা নিৰ্মাণ কৰা হয়। |
২। আকৃতি ডাঙৰ আৰু
গধুৰ। |
২। আকৃতি সৰু আৰু
পাতল। |
৩। দুয়ো পিঠিত
চলিয়ন চিহ্ন থাকে। |
৩।এপিঠিতহে চলিয়ন
চিহ্ন থাকে। |
৪। আঘাত স্ফীতি
শূন্যাঞ্চল থাকে। |
৪। আঘাত স্ফীতি শূন্যাঞ্চল নাথাকে। |
3. ক্ষুদ্ৰাস্ত্ৰ কি ? ক্ষুদ্ৰাস্ত্ৰবোৰ কিদৰে ব্যৱহাৰ কৰা হৈছিল ? page no: 81
উত্তৰঃ মধ্য় প্ৰস্তৰ যুগৰ আকৃতি সৰু আৰু পাতল সঁজুলিসমূহক ক্ষুদ্ৰাস্ত্ৰ বোলে।ক্ষুদ্ৰাস্ত্ৰবোৰক দুটা মুখ্য় ভাগত অন্তভুৰ্ক্ত কৰা হৈছে। ভাগ দুটা হৈছে -- ---- (১) জ্য়ামিতিক ক্ষুদ্ৰাস্ত্ৰ আৰু (২) অজ্য়ামিতিক ক্ষুদ্ৰাস্ত্ৰ।
(ক) অৰ্ধচন্দ্ৰাকৃতি (lunate),(খ) ত্ৰিভূজাকৃতি (triangle),(গ) চতুৰ্ভূজাকৃতি (trapeze) এই তিনিটা জ্য়ামিতিক ক্ষুদ্ৰাস্ত্ৰ আৰু (ঘ) ক্ষুদ্ৰাকায় ফলক (micro blade), (ঙ) ক্ষুদ্ৰাকৃতিৰ জোং (micro point), (চ) ক্ষুদ্ৰাকায় খোদনাস্ত্ৰ (micro burin) এই তিনিটা অজ্য়ামিতিক ক্ষুদ্ৰাস্ত্ৰ ভিতৰত সামৰি লোৱা হৈছে।
ক্ষুদ্ৰাস্ত্ৰবোৰৰ ব্য়ৱহাৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল -----মধ্য়প্ৰস্তৰ যুগত এটা নতুন শৈল শিল্পৰ জন্ম হয়।এই শিল্পটোক কোৱা হয় ক্ষুদ্ৰাআকৃতিৰ শৈল শিল্প। ক্ষুদ্ৰাস্ত অতি সৰু হোৱা বাবে ইয়াক গাইগুটীয়াকৈ ব্য়ৱহাৰ কৰিব নোৱাৰি।সেয়েহে একেলগে কৈইবাটাও ক্ষুদ্ৰাকৃতিৰ সঁজুলি এপাত গছৰ ডাল বা দীঘল হাড়ত শাৰী শাৰীকৈ সংলগ্ন কৰি কৰত বা কটাৰী সদৃশ সঁজুলি হিচাপে কিছুমান কামত ব্য়ৱহাৰ কৰিছিল।
4. মধ্যপ্ৰস্তাৰ যুগৰ কেইবিধমান সজুঁলিৰ নাম লিখা ।
উত্তৰঃ মধ্যপ্ৰস্তাৰ যুগৰ কেইবিধমান সজুঁলিৰ নাম হ'ল---- ক) ক্ষুদ্ৰাকৃতিৰ খোদনাস্ত্ৰ, খ) ক্ষুদ্ৰাকতিৰ জোং, গ) ক্ষুদ্ৰাকৃতিৰ ফলক, ঘ) অৰ্ধচন্দ্ৰাকৃতিৰ ক্ষুদ্ৰাস্ত্ৰ।
5. চাপচলিয়ণ পদ্ধতি কি ? কোন প্ৰকাৰৰ সজুঁলিত এই পদ্ধতি ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰঃ চাপচলিয়ন কৌশল হৈছে এটা উন্নত স্তৰৰ পদ্ধতি। এই কৌশল প্ৰয়োগ কৰিছিল উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ মেগডালেনিয়ান কালৰ ছলুট্ৰিয়ান সংস্কৃতিৰ মানৱগোষ্ঠীবোৰে। কিছুমান সঁজুলি নিৰ্মাণ কৰাৰ কাৰণে হাতুৰিৰ প্ৰয়োজন নহৈ কিছুমান জোঙা আহিলাৰ প্ৰয়োজন হয়। এনেকৈ জোঙা আহিলাৰে চাপ দি চলি নিৰ্গত কৰা পদ্ধতিক চাপচলিয়ন পদ্ধতি বোলে। সাধাৰণতে ফ্লিণ্ট,অবছিডিয়ান,ছেলছিডনি আদি ঠুনুকা শিলৰপৰা সঁজুলি নিৰ্মাণ কৰাক কাৰণে চাপচলিয়ণ পদ্ধতি ব্য়ৱহাৰ কৰা হৈছিল। চাপচলিয়ণ কৌশল প্ৰয়োগ কৰিবলৈ এটুকুৰা কঠিন কাঠৰ টুকুৰা বা হাড় লোৱা হয়। চলি নিৰ্গত কৰিবলৈ লোৱা শিলৰ চলিটো হাতৰ তলুৱাত বা এটুকুৰা নৰম কাঠৰ ওপৰত ৰখা হয়। হাতৰ তলুৱাত কষ্ট নোপোৱাৰ বাবে জন্তুৰ ছাল বা কিছু পৰিমাণে জাৱৰ জোথৰৰ গাদি এটা ৰখা হয়।তাৰ পিছত আন এখন হাতেৰে কাঠ বা হাড়ৰ টুকুৰা এডাল লৈ শিলৰ চলিডোখৰৰ দাঁতি অংশত তলফালে হেঁচা প্ৰয়োগ কৰা হয়। ইয়াৰ ফলত চলিটোৰ তলপিঠিৰপৰা হেঁচাৰ ফলত মাছৰ বাকলিৰ নিচিনা চিকুন সৰু সৰু চলি নিৰ্গত হয়। শেষত চলিটোৰ দুয়ো পিঠিৰ পৰা মাছৰ বাকলি সদৃশ চলি বিছিন্ন হৈ ধুনীয়া আৰু পাতল দুয়ো কাষ ধাৰ যুক্ত মাছবাকলীয়া চলি সঁজুলিলৈ ৰূপান্তৰিত হয়।
ইয়াক নবপ্ৰস্তৰ আৰু ব্ৰ'ঞ্জ যুগৰ শিলৰ কাড়, ছুৰী কটাৰী, কাঁচি আদি নিৰ্মাণ কৰাত ব্য়ৱহাৰ কৰা হয়।
6. নৱ প্ৰস্তৰ যুগৰ কেইবিধমান শিলৰ সজুঁলিৰ নাম লিখা আৰু সেইবোৰৰ নিৰ্মাণ কৌশল বৰ্ণনা কৰা ।
উত্তৰঃ ছেল্ট, শিলৰ কাঁচি, মিট্ দা বা ডেগাৰ।
নব প্ৰস্তৰ যুগৰ সঁজুলিসমূহ ঘৰ্ষণ আৰু ঘঁহি-পিহি মিহি কৰা পদ্ধতি প্ৰয়োগ কৰি নিৰ্মাণ কৰা হয়।
7. নৱ প্ৰস্তৰ যুগৰ বিপ্লৱ কি ? কোনে পোন প্ৰথমে এই নাম উদ্ভাৱন কৰিছিল?
উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ খাদ্য উৎপাদন কৰা প্ৰথাৰ আৰম্ভ হয়। ইয়াৰ ফলত মানৱ সমাজত এক বৈপ্লৱিক পৰিবৰ্তন আহে। কৃষি আৰু পশুপালনৰ সহায়ত খাদ্য উৎপাদন কৰা প্ৰথা আৰম্ভ হোৱাৰ লগে লগে মানৱ সমাজত কিছুমান আনুষংগিক সাংস্কৃতিক লক্ষণৰ উদ্ভৱ হয়। নৱপ্ৰস্তৰ যুগৰ কৃষিজীৱী মানুহে কৃষিক্ষেত্ৰ এৰি অঘৰী জীৱন যাপন কৰিব নোৱাৰা হ'ল। ইয়াৰ পৰিবৰ্তে তেওঁলোকে কৃষিক্ষেত্ৰৰ ওচৰতে গাওঁ পাতি স্থায়ীভাৱে বসবাস কৰিবলৈ ললে। আনহাতে খাদ্য উৎপাদনে খাদ্যৰ নিৰ্ভৰযোগ্যতা আনি দিয়াত মানুহে শিল্পকলা আৰু আধ্যাত্মিক চৰ্চাত মনোনিবেশ কৰিবলৈ আজৰি সময় পালে। মানৱ সমাজত ঘৰ্ষণ কৌশল প্ৰয়োগ কৰি শিলৰ সঁজুলি নিৰ্মাণ কৰা পদ্ধতি, মৃৎপাত্ৰ তৈয়াৰ কৰা প্ৰথা, বোৱা-কটা কৰা প্ৰথা, পাচি-খৰাহি সজা প্ৰথা আদিৰ প্ৰচলন হয়। নৱপ্ৰস্তৰ যুগত মানৱ সমাজত সংঘটিত এই পৰিৱৰ্তনসমূহকে ভি. গৰ্ডন ছাইল্ডে নৱপ্ৰস্তৰ যুগৰ বিপ্লৱ আখ্যা দিছে।
8. খোদনাস্ত্ৰ কি ? ইয়াক কি কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰঃ খোদানাস্ত্ৰ হৈছে এবিধ সঁজুলি। ইয়াক নানা ধৰণৰ চিত্ৰ আঁকিবলৈ ব্য়ৱহাৰ কৰিছিল।
9. প্ৰাকৃতিক কাৰণত খণ্ডিত শিলাখণ্ড আৰু সজুঁলিৰ মাজত পাৰ্থক্য দেখুওৱা ।
উত্তৰঃ
প্ৰাকৃতিক
কাৰণত খণ্ডিত শিলাখণ্ড |
সঁজুলি |
১। প্ৰাকৃতিক
ভাৱে খণ্ডিত শিলাখণ্ডৰ কোনো বিশেষ আকৃতি নাথাকে। |
১। মানুহৰ
দ্বাৰা নিৰ্মিত সঁজুলিৰ বিশেষ আকৃতি থাকে। |
২।
প্ৰধান চলি পৃষ্ঠ খহটা। |
২।
প্ৰধান চলি পৃষ্ঠ তুলনামূলক ভাৱে মসৃণ। |
৩।
চলিয়ন চিহ্নবোৰ য’তে ত’তে সিঁচৰিত হৈ থাকে। |
৩।
চলিয়ন চিহ্নবোৰ য’তে ত’তে সিঁচৰিত হৈ নাথাকি পৰিকল্পিতভাৱে নিৰ্গত হৈ থাকে। |
৪। প্ৰহাৰ
মঞ্চ দেখা নাযায়। |
৪।
প্ৰহাৰ মঞ্চ দেখা যায়। |
10. প্ৰত্নপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ জীৱন ধাৰাৰ মাজত থকা পাৰ্থক্য দেখুওৱা ।
উত্তৰঃ
প্ৰত্নপ্ৰস্তৰ
যুগ |
নবপ্ৰস্তৰ
যুগ |
১।প্ৰত্নপ্ৰস্তৰ
যুগৰ জলবায়ু প্লাইষ্টাইনউপযুগৰ অন্তৰ্গত পৰিৱৰ্তনীয় শীত আৰু গ্ৰীষ্ম জলবায়ু
প্ৰধান তুষাৰ যুগ আছিল। |
১।নবপ্ৰস্তৰ
যুগৰ জলবায়ু হ’ল ছিন উপযুগৰ অন্তৰ্গত বৰ্তমান কালৰ জলবায়ুৰ দৰে আছিল। |
২।পাচি-খৰাহী
সজা প্ৰথা প্ৰচলন নাছিল। |
২।পাচি-খৰাহী
সজা প্ৰথা প্ৰচলন আছিল। |
11. চিত্ৰৰ সহায়ত এখন হস্ত কুঠাৰ বৰ্ণনা কৰা ।
উত্তৰঃ
12. যথাৰ্থভাবে চিহ্নিত কৰি এটা ৰোকনী জাতীয় সজুঁলিৰ চিত্ৰ আকিঁ বৰ্ণনা কৰা ।
উত্তৰঃ
ৰোকনি এবিধ চলি সঁজুলি। ৰোকনীৰ ব্যৱহাৰ মধ্য প্ৰত্নপ্ৰস্তৰ যুগৰ পৰা আৰম্ভ হয়। ইয়াৰ ব্যৱহাৰ আধুনিক যুগৰ কিছুমান আদিম অধিবাসীৰ মাজতো দেখা যায়।
ৰোকনীৰ চিকুণ চলিয়ন কৌশল প্ৰয়োগ কৰি তৈয়াৰ কৰা ধাৰযুক্ত মুখ এখন থাকে। ইয়াৰ ওপৰৰ পিঠিখন সৰু-ডাঙৰ চলিয়ন চিহ্নেৰে আগুৰি থাকে। তল পিঠিখন সাধাৰণতে মিহি আৰু সমান। আকৃতি, গঠন আৰু ধাৰযুক্ত মুখখনৰ অৱস্থিতি অনুসৰি ৰোকনী জাতীয় সঁজুলিক কেইবাটাও প্ৰকাৰত ভাগ কৰিব পাৰি। যেনে- গোলাকাৰ ৰোকনী, এমুখীয়া ৰোকনী, এমূৰীয়া ৰোকনী, স্থূল ৰোকনী, নাসিকাসদৃশ ৰোকনী আদি।
13. কি কি বিষয়ত উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ উদ্যোগবোৰ ইয়াৰ আগৰ উদ্যোগবোৰতকৈ অধিক আগবঢ়া আছিল ।
উত্তৰঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগটো প্ৰধানকৈ চাৰিটা সাংস্কৃতিক বিশেষত্বৰে নিম্ন আৰু মধ্য প্ৰত্নপ্ৰস্তৰ যুগতকৈ উন্নত আছিল। তলত উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ সাংস্কৃতিক বিশেষত্বকেইটা উল্লেখ কৰা হ'ল-
(ক) হাড় আৰু শিঙৰ সঁজুলিঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগতে সৰ্বপ্ৰথম সঁজুলি নিৰ্মাণৰ বাবে হাড় আৰু শিং ব্যৱহাৰ কৰা হৈছিল। শিঙৰ ৰাজদণ্ড উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ এক উল্লেখযোগ্য হাড়ৰ সঁজুলি।
(খ) চিত্ৰকলাঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগতে মানৱ সমাজত সৰ্বপ্ৰথম চিত্ৰকলাৰ চৰ্চা আৰম্ভ হয়। সেই সময়ত মানুহে গৃহকলা আৰু গুহাকলাৰ চৰ্চা কৰিছিল। উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ চিত্ৰ তথা ভাস্কৰ্যসমূহ যথেষ্ট উন্নত মানদণ্ডৰ আছিল।
(গ) চাপ চলিয়ন কৌশল আৱিষ্কাৰঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ প্ৰস্তৰ সঁজুলি নিৰ্মাণৰ বাবে চাপ চলিয়ন পদ্ধতি প্ৰয়োগ কৰা হৈছিল। সেই সময়ত কিছুমান সঁজুলি হাতুৰীৰে প্ৰহাৰ কৰি নিৰ্মাণ কৰাৰ সলনি কোনো জােঙা অস্ত্ৰৰে চাপ দি চলি নিৰ্গত কৰা হৈছিল। ফলত নিৰ্মিত সঁজুলি অধিক কাৰ্যক্ষম আৰু শুৱলি আছিল। বিভিন্ন প্ৰকাৰৰ বৃক্ষপত্ৰসদৃশ জোঙাল অস্ত্ৰসমূহ চাপ চলিয়ন কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰা হৈছিল।
(ঘ) ফলক সঁজুলিঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ ফলক সঁজুলিৰ প্ৰচলন হয়। অ'ডি ফলক ছুৰী উচ্চ প্ৰস্তপ্ৰস্তৰ যুগৰ উল্লেখযোগ্য ফলক সঁজুলি।
১৪। অতি চমু প্ৰশ্ন আৰু উত্তৰ
১। শিলগুটিৰ পৰা নিৰ্মাণ কৰা সঁজুলিৰ শিল্পজাত নাম কি?
উত্তৰঃ শিলগুটিৰ অস্ত্ৰ।
২। মধ্য প্ৰত্নপ্ৰস্তৰ যুগৰ সঁজুলি নিৰ্মাণৰ প্ৰধান উপাদান কি আছিল?
উত্তৰঃ মুছটেৰিয়ান জোং।
৩। প্ৰত্নপ্ৰস্তৰ যুগৰ মানুহৰ সঁজুলি নিৰ্মাণৰ প্ৰধন উপাদান কি আছিল?
উত্তৰঃ প্ৰস্তৰ বা শিল।
৪। মানুহৰ সৰ্বপ্ৰথম শিলৰ সঁজুলি কি আছিল?
উত্তৰঃ শিলগুটিৰ অস্ত্ৰ।
৫। মানুহে ব্যৱহাৰ কৰা সৰ্বপ্ৰথম ধাতুটো কি?
উত্তৰঃ তাম উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ সঁজুলি নিৰ্মাণৰ কৌশল কি আছিল?
৬। নৱপ্ৰস্তৰ যুগৰ সঁজুলি নিৰ্মাণ পদ্ধতি কি আছিল?
উত্তৰঃ ঘৰ্ষণ আৰু ঘঁহি-পিহি মিহি কৰা পদ্ধতি।
৭। সঁজুলি নিৰ্মাণৰ দ্বি-মেৰু কৌশল প্ৰথমে কোনে প্ৰয়োগ কৰিছিল?
উত্তৰঃ পিকিং মানৱে।
৮। নৱপ্ৰস্তৰ যুগৰ সঁজুলি নিৰ্মাণ পদ্ধতি কি আছিল?
উত্তৰঃ ঘৰ্ষণ আৰু ঘঁহি-ঘঁহি মিহি কৰা পদ্ধতি।
৯। কোন প্ৰাগৈতিহাসিক যুগত মানৱে প্ৰথমে কৃষিকাৰ্য আৰম্ভ কৰিছিল?
উত্তৰঃ নবপ্ৰস্তৰ যুগত।
১০। ক্ষুদ্ৰাস্ত্ৰ কোন প্ৰাগৈতিহাসিক যুগত ব্যৱহৃত হৈছিল?
উত্তৰঃ মধ্য প্ৰস্তৰ যুগত।
১১। কোন প্ৰাগৈতিহাসিক যুগত মানুহে সৰ্বপ্ৰথমে পশুপালন কৰিছিল?
উত্তৰঃ মধ্যপ্ৰস্তৰ যুগৰ আজিলিয়ান সাংস্কৃতিক কালত।
১২। কোন প্ৰাগৈতিহাসিক যুগত মানুহে বোৱা-কটা, মৃৎপাত্ৰ উদ্যোগ আৰু পাচি-খৰাহি সজা প্ৰথাৰ আৰম্ভ কৰে?
উত্তৰঃ নবপ্ৰস্তৰ যুগত।
১৩। অলডোৱান সংস্কৃতিৰ প্ৰধান সঁজুলিবিধ কি?
উত্তৰঃ শিলগুটিৰ অস্ত্ৰ।
১৪। হাড়ৰ সঁজুলি কোন প্ৰাগৈতিহাসিক যুগত ব্যৱহৃত হৈছিল?
উত্তৰঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগত।
১৫। ছলুট্ৰিয়ান সংস্কৃতিৰ সজুলি নিৰ্মাণ পদ্ধতি কি আছিল?
উত্তৰঃ চাপ চলিয়ন কৌশল।
১৬। কোন প্ৰাগৈতিহাসিক যুগত মানুহে স্থায়ীভাবে বসবাস কৰিবলৈ লৈছিল?
উত্তৰঃ নবপ্ৰস্তৰ যুগত।
১৭। প্ৰাগৈতিহাসিক যুগৰ কোনটো সাংস্কৃতিক যুগত আমি গুহাকলা দেখিবলৈ পাওঁ?
উত্তৰঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগত।
১৮। 'EOS' আৰু 'LITHOS' শব্দৰ অৰ্থ কি?
উত্তৰঃ 'EOS' শব্দৰ অৰ্থ হ'ল প্ৰাক্ বা প্ৰাৰম্ভিক আৰু 'LITHOS' শব্দৰ অৰ্থ হ'ল প্ৰস্তৰ।
১৯। আলডোৱান সংস্কৃতিৰ প্ৰধান সঁজুলি বিধ কি?
উত্তৰঃ শিলগুটি।
২০। প্ৰাগৈতিহাসিক যুগৰ কোনটো সাংস্কৃতিক যুগত আমি গুহাকলা দেখিবলৈ পাওঁ?
উত্তৰঃ প্ৰস্তৰ যুগত।
২১। উচ্চ প্ৰত্নপ্ৰস্তৰ যুগত সঁজুলি নিৰ্মাণৰ বাবে কোনটো পদ্ধতি অৱলম্বন কৰা হৈছিল?
উত্তৰঃ চাপ চলিয়ন পদ্ধতি।
২২। মুছটেৰীয়া জোং এবিধ স্থূল/চলি সঁজুলি।
উত্তৰঃ চলি সঁজুলি।
২৩। ক্ষুদ্ৰাস্ত্ৰবোৰ ব্যৱহাৰ হৈছিল আদি প্ৰত্নপ্ৰস্ত/মধ্যপ্ৰত্ন/মধ্যপ্ৰস্ত যুগত।
উত্তৰঃ মধ্যপ্ৰস্ত যুগত।
By: Hirokjyoti Bora.
Author: Himashree Bora.
Post ID : DABP002824
Paid E-Notes Available
Only 50 Rupees (Get All Chapter Notes)