অসমৰ ভূ-প্ৰকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু | অধ্যায় ২৪ | Chapter 24 | Class 12 Geography Question and Answer Assam | HS Second Year Geography Question and Answer Assamese Medium | Class 12 Geography Suggestion | Class 12 Geography Free Question and Answer Notes | দ্বাদশ শ্ৰেণী মানৱ ভূগোল |  


(১) অসমৰ বিস্তীৰ্ণ সমভূমি অঞ্চল দুটা কি কি ?

উত্তৰঃ অসমৰ বিস্তীৰ্ণ সমভূমি অঞ্চল  দুটা হ'ল- ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা সমভূমি।

(২) কাৰ্বি মালভূমিৰ উত্তৰ পাৰে কি নদী অৱস্থিত ?

উত্তৰঃ কাৰ্বি মালভূমিৰ উত্তৰ পাৰে ব্ৰহ্মপুত্ৰ নদী অৱস্থিত।

(৩) কাৰ্বি মালভূমিৰ দক্ষিণ ফালে কি পৰ্বতমালা অৱস্থিত ?

উত্তৰঃ কাৰ্বি মালভূমিৰ দক্ষিণ ফালে উত্তৰ কাছাৰৰ ভঙ্গিল পৰ্বতমালা অৱস্থিত।

(৪) মালভূমিটোৰ সৰ্বাধিক উচ্চতা আৰু আয়তন কিমান ?

উত্তৰঃ মানভূমিটোৰ সৰ্বাধিক উচ্চতা হৈছে ১৩৬৩ মিটাৰ আৰু আয়তন প্ৰায় ৭৪০০ বৰ্গ কিলোমিটাৰ।

(৫) কাৰ্বি মালভূমিত সৰ্বাধিক উচ্চতাত অৱস্থিত এলেকা দুটা কি ?

উত্তৰঃ কাৰ্বি মালভূমিত সৰ্বাধিক উচ্চতাত অৱস্থিত এলেকা দুটা হ'ল-ডামবাকচু আৰু সিংহাসন।

(৬) ডামবাকচু আৰু সিংহাসন কিমান মিটাৰ উচ্চতাত অৱস্থিত ?

উত্তৰঃ ডামবাকচু ১৩৬৩ মিটাৰ আৰু সিংহাসন ১৩৫৯ মিটাৰ উচ্চতাত অৱস্থিত।

(৭) কপিলীৰ পশ্চিমে অৱস্থিত কাৰ্বি মালভূমিৰ বাকী অংশক কি নামেৰে জনা যায় ?

উত্তৰঃ কপিলীৰ পশ্চিমে অৱস্থিত কাৰ্বি মালভূমিটোৰ বাকী অংশক হামৰেন্ মালভূমিৰ নামেৰে জনা যায়।

(৮) হামৰেন্ মালভূমিটোৰ আয়তন কিমান ?

উত্তৰঃ হামৰেন্ মালভূমিটোৰ আয়তন ৩০০০ বৰ্গ কিলোমিটাৰ।

(৯) হামৰেন্ মালভূমিটোৰ গঢ় উচ্চতা কিমান ?

উত্তৰঃ হামৰেন্ মালভূমিটোৰ গঢ় উচচতা ৩০০-৬০০ মিটাৰ।

(১০) উমলাপাৰ অঞ্চলৰ সৰ্বাধিক উচ্চতা কিমান ?

উত্তৰঃ উমলাপাৰ অঞ্চলৰ সৰ্বাধিক উচ্চতা ১২১৯ মিটাৰ।

(১১) কাছাৰ অঞ্চলত অৱস্থিত শৃংগ তিনিটা নাম কি ?

উত্তৰঃ বৰাইল পাহাৰত অৱস্থিত শৃংগ তিনিটা নাম হ'ল- ঠেইপিবাং, মহাদেও আৰু কৌকাহা। 

(১২) বৰাইল পাহাৰৰ শিলাসমূহ কি যুগৰ আছিল ?

উত্তৰঃ বৰাইল পাহাৰৰ শিলাসমূহ ইয়চিন আৰু অলিগ'চিন যুগৰ আছিল।

(১৩) বৰাইল পাহাৰৰ উত্থান কিমান বছৰৰ পূৱে হৈছিল ?

উত্তৰঃ বৰাইল পাহাৰৰ উত্থান ৩০-৪০ নিযুত বছৰৰ পূৱে হৈছিল।

(১৪) ব্ৰহ্মপুত্ৰ সমভূমি আয়তন কিমান ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ সমভূমি আয়তন ৫৮,৩১৫ বৰ্গ কিলোমিটাৰ।

(১৯) ব্ৰহ্মপুত্ৰ সমভূমি দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ সমভূমিৰ দৈৰ্ঘ্য ৭২০ কি.মি. আৰু প্ৰস্থ ঠায়ে ঠায়ে ৩০-১০০ কি.মি.।

(২০) ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলক কি অঞ্চল হিচাপে জনা যায়।

উত্তৰঃ ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলক বিশ্বৰ ভিতৰতে অন্যতম্ নদীবহুল অঞ্চল হিচাপে জনা যায়।

(২১) ব্ৰহ্মপুত্ৰ বুকুত কিমানটা চাপৰি আছে ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ বুকুত প্ৰায় ছশটামান চাপৰি আছে।

(২২) সু-প্ৰতিষ্ঠিত সমতল কাক বোলে ?

উত্তৰঃ গিৰিপদী অঞ্চলৰ দক্ষিণে সুদৃঢ় পলসুৱা মাঠিৰ প্লাৱনমুক্ত উৰ্বৰ অঞ্চল এটা পোৱা যায়। এই অঞ্চলটোক আমি সু-প্ৰতিষ্ঠিত সমতল বোলে।

(২৩) গিৰিপদী অঞ্চলটোৰ উচ্চতা কিমান ?

উত্তৰঃ গিৰিপদী অঞ্চলটোৰ উচ্চতা ১৫০-৫০০ মিটাৰ।

(২৪) বৰাক উপত্যকাৰ ভৌগলিক আয়তন আৰু উচ্চতা কিমান ?

উত্তৰঃ বৰাক উপত্যকাৰ ভৌগলিক আয়তন ৬৯৬২ বৰ্গ কিলোমিটাৰ আৰু উচ্চতা ৫০-২০০ মিটাৰ।

(২৫) বৰাক নদীৰ গতিপথ কেনে কোৱা ?

উত্তৰঃ বৰাক নদীৰ গতিপথ অতন্ত্য সৰ্পিল।

(২৬) বৰাকৰ বাওঁপাৰৰ প্ৰধান উপনৈসমূহৰ নাম কি ?

উত্তৰঃ বৰাকৰ বাওঁপাৰৰ প্ৰধান উপনৈসমূহৰ নাম হ'ল-সোনাই আৰু ধলেশ্বৰী।

(২৭) চেপ্টেম্বৰ মাহৰ ভিতৰত তুলনামূলকভাৱে বৃষ্টিহীন অৱস্থাৰ দিনকেইটাক কি বোলে ?

উত্তৰঃ চেপ্টেম্বৰ মাহৰ ভিতৰত তুলনামূলকভাৱে বৃষ্টিহীন অৱস্থাৰ দিনকেইটাক গ্ৰীষ্ম দিৱস বোলে।

(২৯) অসমৰ ভূখণ্ডত অনুভূত ব্যক্তিক্ৰমী লক্ষণৰ বৃষ্টিপ্ৰধান মধ্যতাপী জলবায়ু গঠন প্ৰক্ৰিয়াৰ কাৰণসমূহ লিখা ?

উত্তৰঃ অসমত ভূখণ্ডত অনুভূত ব্যক্তিক্ৰমী লক্ষণৰ এই বৃষ্টিপ্ৰধান মধ্যতাপী জলবায়ুৰ গঠন প্ৰক্ৰিয়াৰ অন্তৰালত ঘাইকৈ ছটা ভৌগোলিক কাৰণ পোৱা যায়। কাৰণসমূহ হ'ল-

(১) অসমকে ধৰি ৰাজ্যখনৰ চৌদিশে অৱস্থিত ভূ-আকূতিক অবয়বসমূহৰ সংৰেখন প্ৰতিৰূপ।

(২) জুন-চেপ্টেম্বৰ মাহৰ সময়ছোৱাত অসমৰ নিম্নস্তৰীয় বায়ুমণ্ডলত দক্ষিণ-পশ্চিম মৌচুমীৰ পৰিগৰ্ভন।

(৩) পঞ্জাব সমতল আৰু বংগোপসাগৰ পৃষ্ঠত বায়ুচাপৰ একান্তৰণ।

(৪) ভূমধ্য সাগৰীয় অস্থিৰতাজনিত শীতকালীন বৃষ্টিপাত।

(৫) পাৰ্বত্য-পৱন আৰু উপত্যকা-পৱন।

(৬) স্থানীয় তথা আঞ্চলিক পৰিসৰত বিস্তৃত জলাশয়, অৰণ্যভূমি আৰু বায়ুচাপৰ তাৰতম্য।

(৩০) অসমত গড় হিচাপে বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান চেন্টিমিটাৰ ?

উত্তৰঃ অসমত গড় হিচাপে বাৰ্ষিক বৰষুণৰ পৰিমাণ ২৩০ চেন্টিমিটাৰ।

(৩১) মাৰ্ঘেৰিটাত শীতকালীন সৰ্বোচ্চ বৃষ্টিপাতৰ পৰিমাণ কিমান?

উত্তৰঃ মাৰ্ঘেৰিটাৰ শীতকালীন সৰ্বোচ্চ বৃষ্টিপাতৰ পৰিমাণ ১২.৮ চেণ্টিমিটাৰ।

(৩২) বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি সমগ্ৰ অসমত কেইটা বৃষ্টিবলয় পোৱা যায়?

উত্তৰঃ বাৰ্ষিক বৃষ্টিপাৰত পৰিমাণ অনুসৰি সমগ্ৰ অসমক চাৰিটা বৃষ্টিবলয় পোৱা যায়।

(৩৩) অসমৰ বৃষ্টিপাত প্ৰতিৰূপ বুলিলে কি বুজা যায় ?

উত্তৰঃ সাধাৰণ অৰ্থত ৰাজ্যখনৰ বৃহত্তম এলেকাটোক সামৰি লোৱা এই পৰিমাণৰ বৰষুণকে অসমৰ বৃষ্টিপাত প্ৰতিৰূপ বুলি কোৱা হয়। 

(৩৪) ব্ৰহ্মপুত্ৰ নদীখন সৰ্বমুঠ কিমান কিলোমিটাৰ দীঘল ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীখন সৰ্বমুঠ ২,৯০০ কিলোমিটাৰ দীঘল।

(৩৫) ভৌগোলিক সীমাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখনে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ?

উত্তৰঃ ভৌগোলিক সীমাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখনে ৬৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে।

(৩৬) অসমৰ চাৰিসীমাৰ ভিতৰত ব্ৰহ্মপুত্ৰ উল্লেখযোগ্য উপনৈৰ সংখ্যা কিমান ?

 উত্তৰঃ অসমৰ চাৰিসীমাৰ ভিতৰত ব্ৰহ্মপুত্ৰ উল্লেখযোগ্য উপনৈৰ সংখ্যা ৯০ খন।

(৩৭) হিমালয়ভেদী নদী কাক বোলে ?

উত্তৰঃ গিৰিৰাজ হিমালয় পৰ্বতক উলম্ব দিশত বিচ্ছেদ কৰি অহা এনেবোৰ নদীক হিমালয়ভেদী নদী বোলা হয়।

(৩৮) দক্ষিণ অসমৰ প্ৰধান নদী কি ?

উত্তৰঃ দক্ষিণ অসমৰ প্ৰধান নদী হ'ল- বৰাক নদী।

(৩৯) বৰাক নদী মূল ধাৰাটো বদলপুৰৰ দুটা শাখাত বিভক্ত কৰিছে শাখা দুটা নাম কি ?

উত্তৰঃ বৰাক নদী মূল ধাৰাটো বদলপুৰৰ দুটা শাখাত বিভক্ত কৰিছে শাখা দুটা নাম হ'ল-উত্তৰৰ শাখাটোক সুৰমা আৰু আনটো শাখাক কুছিয়াৰা নামে জনা যায়।

(৪০) অসমৰ চাৰিসীমাৰ ভিতৰত বৰাক নদীৰ প্ৰধান দক্ষিণবাহিনী উপনদীসমূহৰ নাম লিখা ?

উত্তৰঃ অসমৰ চাৰিসীমাৰ ভিতৰত বৰাক নদীৰ প্ৰধান দক্ষিণবাহিনী উপনদীসমূহৰ নাম হ'ল- জিৰি, চিৰি, মধুৰা, জাটিংগা আৰু লাৰাং উল্লেখযোগ্য। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Author: Himashree Bora.               




Post ID : DABP006423