অসমৰ জনগাঁথনি

 

(১) ২০০১ চনৰ জনসংখ্যা অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল ?

উত্তৰঃ ২০০১ চনৰ জনসংখ্য়া অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩১,১৬৯,২৭২ (৩১) নিযুত আছিল।

(২) ২০০১ চনত ভাৰতৰ জনসংখ্যা আছিল ?

উত্তৰঃ ২০০১ চনত ভাৰতৰ জনসংখ্যা ২.৫৭ শতাংশ।

(৩) অসমৰ সৰ্বমুঠ কিমানখন গাওঁ আৰু কিমানটা পৌৰ এলেকা আছে ?

উত্তৰঃ অসমৰ সৰ্বমুঠ ২৬,৩৯৫ খন সৰু-ডাঙৰ গাওঁ আৰু ২১৪ টা পৌৰ এলেকা আছে।

(৪) অসমৰ সকলো জিলাৰ ভিতৰত সৰ্বাধিক নিৰীখৰ লিংগানুপাত কোন জিলাত পোৱা যায় ?

উত্তৰঃ অসমৰ সকলো জিলাৰ ভিতৰত সৰ্বাধিক নিৰীখৰ লিংগানুপাত মৰিগাঁও জিলাত পোৱা যায়।

(৫) অসমৰ কিমান শতাংশ জনসংখ্যা অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত ?

উত্তৰঃ অসমৰ ৬.৮৫ শতাংশ জনসংখ্যা অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত।

(৬) অসমত কিমানটা অনুসূচিত জন-সম্প্ৰদায় পোৱা যায়?

উত্তৰঃ অসমত ১৭ টা অনুসূচিত জন-সম্প্ৰদায় পােৱা যায়।

(৭) অসমৰ কোন কোন জিলাত তুলনাত কোন কোন জিলাত অনুসূচিত জাতিৰ অধিবাসীৰ সংখ্যা কম ?

উত্তৰঃ অসমৰ কাছাৰ, কৰিমগঞ্জ, মৰিগাঁও, হাইলাকান্দি বঙাইগাঁও আৰু নগাঁও জিলাসমূহৰ তুলনাত উত্তৰ কাছাৰ, তিনিচুকীয়া, শিৱসাগৰ, কোকৰাঝাৰ, কাৰ্বি আংলং প্ৰভৃতি মূলক সংস্কৃতিবাহী জিলাসমূহত অনুসূচিত জাতিৰ অধিবাসীৰ সংখ্যা যথেষ্ট কম। 

(৮) ২০০১ চনৰ জনগণনা অনুসৰি অসমত হিন্দু মুঠ জনসংখ্যা  কিমান শতাংশ ?

উত্তৰঃ ২০০১ চনৰ জনগণনা অনুসৰি অসমত হিন্দু মুঠ জনসংখ্যা ৬৪.৮৯ শতাংশ।

(৯)  ২০০১ চনৰ জনগণনা অনুসৰি অসমত সৰ্বমুঠ কৰ্মজীৱীৰ সংখ্যা কিমান আছিল ?  

উত্তৰঃ ২০০১ চনৰ জনগণনা অনুসৰি অসমত সৰ্বমুঠ কৰ্মজীৱীৰ সংখ্যা ৯৫,৩৮,৫৯১ জন অৰ্থাৎ মুঠ জনসংখ্যা ৩৫.৭৮ শতাংশ।

(১০) কৰ্মজীৱী লোকৰ সংখ্যা কিমান ?

উত্তৰঃ কৰ্মজীৱী লোকৰ সংখ্যা ৭১,১৪,০৯৭ জন।    

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type- Nayan Jyoti Bordolo. 

Author: Himashree Bora.



Post ID : DABP006425