অসমত জনসংখ্যা বিতৰণ আৰু ঘনত্ব | অধ্যায় ২৬ | Chapter 26 | Class 12 Geography Question and Answer Assam | Class 12 Geography Question and Answer Assamese Medium | Class 12 Geography Suggestion | HS Second Year Geography Question and Answer | Class 12 Geography | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | Class 12 Geography Free Question and Answer Notes | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ অসমত জনসংখ্যা বিতৰণ আৰু ঘনত্ব  পাঠটো প্ৰশ্ন আৰু উত্তৰ | 

অসমত জনসংখ্যা বিতৰণ আৰু ঘনত্ব 


(১) গ্ৰাম্য় বসতি এলেকাবোৰৰ উপৰিও সমগ্ৰ অসমত সৰ্বমুঠ কেইটা পৌৰ এলেকা সিঁচৰিত হৈ আছে ?

উত্তৰঃ গ্ৰাম্য বসতি এলেকাবোৰৰ উপৰিও সমগ্ৰ অসমত সৰ্বমুঠ ২১৪ টা পৌৰ এলেকা সিঁটৰিত হৈ আছে।

(২) ২০১১ চনৰ অনুসৰি সমগ্ৰ ভাৰতৰ কিমান শতাংশ লোক পৌৰ অঞ্চলৰ বাসিন্দা ?

উত্তৰঃ ২০১১ চনৰ অনুসৰি সমগ্ৰ ভাৰতৰ ৩১.২ শতাংশ লোক পৌৰ অঞ্চলৰ বাসিন্দা।

(৩) অসমৰ মুঠ অধিবাসীৰ কিমান শতাংশ লোক নগৰ এলেকাৰ বাসিন্দা ?

উত্তৰঃ অসমৰ মুঠ অধিবাসীৰ ১৪ শতাংশ লোক নগৰ এলেকাত বাসিন্দা।

(৪) অসমত বৰ্তমান কিমান খন গাঁও আৰু নগৰ আছে ?

উত্তৰঃ অসমত বৰ্তমান ২৬,৩৯৫ খন গাঁও আৰু ২১৪ খন নগৰ আছে।

(৫) ভাৰত চৰকাৰৰ প্ৰকাশন বিভাগৰ সূত্ৰ অনুসৰি অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান ?

উত্তৰঃ ভাৰত চৰকাৰৰ প্ৰকাশন বিভাগৰ সূত্ৰ অনুসৰি অসমৰ মুঠ গাঁৱৰ সংখ্যা ২৫,১২৪ খন।

(৬) অসমৰ কোন কোন জিলাত ভালেমান ডাঙৰ গাঁও পোৱা যায় ?

উত্তৰঃ অসমৰ কামৰূপ, নলবাৰী, বৰপেটা, আৰু কৰিমগঞ্জ জিলাত ভালেমান ডাঙৰ গাঁও পোৱা যায়।

(৭) অসমত মুঠতে কেই প্ৰকাৰৰ গ্ৰাম্য বসতি পোৱা যায় আৰু কি কি ?

উত্তৰঃ অসমত মুঠতে তিনি প্ৰকাৰৰ গ্ৰাম্য বসতি পোৱা যায়। সেইকেইটা হ'ল- (১) পল্লী।

                           (২) নিগাজী গাঁও।

                          (৩) লেটিফুন্দিয়াম্ বসতি।

(৮) কৃষি, কুটীৰ-শিল্প অথবা মাছধৰা আদি স্থিৰ অৰ্থনীতিৰ লগত জড়িত দ্বিতীয়টো শ্ৰেণীৰ গাঁও সমূহৰ নাম কি ?

উত্তৰঃ কৃষি, কুটীৰ-শিল্প অথবা মাছধৰা আদি স্থিৰ অৰ্থনীতিৰ লগত জড়িত দ্বিতীয়টো শ্ৰেণীৰ গাঁও সমূহৰ নাম হ'ল- নিগাজী গাঁও।

(৯) জনগণনা চহৰ কাক বোলে ?

উত্তৰঃ জনবসতিৰ ঘনত্ব আৰু জীৱিকা নিৰ্বাহৰ লক্ষণ ভিত্তিত ইয়াৰে ১২৫ টা এলেকাক জনগণনা কৰ্তৃপক্ষই নগৰৰ মৰ্যাদা দিছে যদিও এনে কোনো এটা এলেকাত এতিয়াও নগৰ প্ৰকাৰ্যৰ অত্যাৱশ্যকীয় উপাদান নগৰ প্ৰশাসন গঢ়ি উঠা নাই। এনেবোৰ এলেকাক জনগণনা চহৰ বোলা হয়।

(১০) জনগণনা ভিত্তিক নগৰসমূহৰ মুঠ অধিবাসীৰ সংখ্যা কিমান জন ?

উত্তৰঃ জনগণনা ভিত্তিত নগৰসমূহৰ মুঠ অধিবাসীৰ সংখ্যা হৈছে ৯,৬৬,৮১০ খন, অৰ্থাৎ ৰাজ্যৰ মুঠ নগৰবাসীৰ বাইছ শতাংশৰো অধিক।

(১১)  অসমত প্ৰকৃততে পৌৰ প্ৰশাসনৰ অধীনস্থ পূৰ্ণ পৰ্যায়ৰ নগৰ কিমান খন আৰু নগৰৰ মুঠ বাসিন্দা  কিমান ?

উত্তৰঃ অসমত প্ৰকৃততে পৌৰ প্ৰশাসনৰ অধীনস্থ পূৰ্ণ পৰ্যায়ৰ নগৰ ৮৯ খন আৰু নগৰৰ মুঠ বাসিন্দা হৈছে ৩৩,১৩,০২৩ জন, অৰ্থাৎ ৰাজ্যখনৰ অধিবাসীৰ ১০.৬৩ শতাংশ।

(১২) ১৮৭২ চনত সম্পাদন কৰা ভাৰতৰ প্ৰথমটো জনগণনা অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল ?

উত্তৰঃ ১৮৭২ চনত সম্পাদন কৰা ভাৰতৰ প্ৰথমটো জমগণনা অনুসৰি অসমৰ জনসংখ্যা প্ৰায় ২২ লাখ আছিল।

(১৩) ১৯১১-২১ চনত অসমৰ জনসংখ্যা কিমান শতাংশ বৃদ্ধি পাইছিল ?

উত্তৰঃ ১৯১১-২১ চনত অসমৰ জনসংখ্যা ২০.৪৮ শতাংশ বৃদ্ধি পাইছিল।

(১৪) ২০০১-২০১১ চনত দশকত ৰাজ্যৰ ১৪ খন জিলাত জনসংখ্যা বৃদ্ধি হাৰ কিমান শতাংশ ?

উত্তৰঃ ২০০১-২০১১ চনত দশকত ৰাজ্যৰ ১৪ খন জিলাত জনসংখ্যা বৃদ্ধি হাৰ ৰাজ্যিক গড় ১৬.৯৩ শতাংশ।

(১৫) ২০১১ চনৰ গণনা অনুসৰি অসমত প্ৰতি বৰ্গকিলোমিটাৰ সামগ্ৰিক ভাৱে কিমান জন লোকৰ বসতি আছে ?

উত্তৰঃ ২০১১ চনৰ গণনা অনুসৰি অসমত প্ৰতি বৰ্গকিলোমিটাৰ সামগ্ৰিক ভাৱে ৩৯৭ লোকৰ বসতি আছে।

(১৬) অসমৰ দুখন পাৰ্বত্য জিলাৰ নাম লিখা ?

উত্তৰঃ অসমৰ দুখন পাৰ্বত্য জিলাৰ নাম হ'ল- কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)


 

  


Type- Nayan Jyoti Bordoloi.

Author: Himashree Bora.  




Post ID : DABP006427