অসমৰ কৃষিকাৰ্য আৰু শিল্প উদ্যোগ | অধ্যায় ২৭ | Chapter 27 | Class 12 Geography Solution Assam | Class 12 Geography Question and Answer Assamese Medium | Class 12 Geography Question and Answer | Class 12 Geography Suggestion | HS Second Year Geography | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | Class 12 Geography Free Question and Answer Notes | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ | অসমৰ কৃষিকাৰ্য আৰু শিল্প উদ্যোগ পাঠটো প্ৰশ্ন আৰু উত্তৰ |



(১) অসমত উৎপাদিত শস্যসমূহৰ ভিতৰত অন্নশস্যবোৰ কি কি ?

উত্তৰঃ অসমত উৎপাদিত শস্যসমূহৰ ভিতৰত অন্নশস্যবোৰ হ'ল- ধান, মাকৈ, ঘেঁহু আৰু জোৱাৰ।

(২) অসমত উৎপাদিত তৈলবীজ শস্য বোৰৰ নাম লিখা ?

উত্তৰঃ অসমত উৎপাদিত তৈলবীজ শস্যবোৰৰ নাম হ'ল- তিল, সৰিয়হ, এড়াগুৰি আৰু নাৰিকল।

(৩) অসমত উৎপাদিত আঁহ-জাতীয় শস্যবোৰৰ নাম লিখা ?

উত্তৰঃ অসমত উৎপাদিত আঁহ-জাতীয় শস্যবোৰৰ নাম হ'ল- কপাহ, মৰাপাট আৰু সন।

(৪) অসমত উৎপাদিত শাক-পাচলি আৰু ফলৰ নাম লিখা ?

উত্তৰঃ অসমত উৎপাদিত শাক-পাচলি নাম হ'ল- অমিতা, আলু,ৰঙা-আলু, টপিওকা, পিয়াজ, অন্যান্য পাচলি আৰু ফলৰ নাম হ'ল- আম, সুমথিৰা আৰু মাটিকঁঠাল।

(৫) অসমৰ সংগঠিত খণ্ডৰ বাণিজ্যিক কৃষি নাম কি ?

উত্তৰঃ অসমৰ সংগঠিত খণ্ডত বাণিজ্যিক কৃষি নাম হ'ল- চাহ।

(৬) অসমত পৰম্পৰাগতভাৱে কেইবিধ কৃষি প্ৰচলন দেখা যায় আৰু কি কি ?

উত্তৰঃ অসমৰ পৰম্পৰাগতভাৱে তিনি ধৰণৰ কৃষি প্ৰচলন দেখা যায় আৰু সেইকেই বিধ হ'ল- অন্তৰণ কৃষি, কৃষক, পৰিচালিত পোষক কৃষি আৰু ৰোপণ কৃষি।

(৭) অসমৰ পাৰ্বত্য এলেকাত কিমান কিলোমিটাৰ অৰণ্যভূমি অন্তৰণ কৃষি অথবা ঝুমখেতিৰ কাৰণে মুকলি কৰা হৈছে ?

উত্তৰঃ অসমৰ পাৰ্বত্য এলেকাত ৭০০ বৰ্গ কিলোমিটাৰ, অৰ্থাৎ ৭০, ০০০ হেক্টৰ অৰণ্যভূমি অন্তৰণ কৃষি অথবা ঝুমখেতিৰ কাৰণে মুকলি কৰা হৈছে।

(৮) অসমত কৃষকে পৰিচালিত কৰা  কৃষি ভূমিৰ পৰিমাণ কিমান ?

উত্তৰঃ অসমত কৃষকে পৰিচালিত কৰা  কৃষি ভূমিৰ পৰিমাণ মুঠতে ২৮.১১ লাখ হেক্টৰ।

(৯) অসমত ২০১১-১২ চনৰ পৰিসংখ্যা অনুসৰি মুঠ কৃষিভূমিৰ  কিমান ?

উত্তৰঃ অসমৰ ২০১১-১২ চনৰ পৰিসংখ্যা অনুসৰি মুঠ কৃষিভূমিৰ ( ২৮.১১ লাখ হেক্টৰ ) ৯৭.৫৯ শতাংশ ।

(১০) শস্য চপোৱাৰ ঋতুভিত্তিত অসমত কেই প্ৰকাৰৰ ধান খেতি পোৱা যায় আৰু কি কি  ?

উত্তৰঃ শস্য চপোৱাৰ ঋতুভিত্তিক অসমত তিনি প্ৰকাৰৰ ধান খেতি পোৱা যায় আৰু সেইবোৰ হ'ল শৰৎকালীন, শীতকালীন আৰু গ্ৰীষ্মকালীন ধানৰ খেতি।

(১১) অসমৰ অন্যতম বাণিজ্যিক শস্যৰ নাম লিখা ?

উত্তৰঃ অসমৰ অন্যতম বাণিজ্যিক শস্যৰ নাম হ'ল- মৰাপাট আৰু সন।

(১২) ২০০৩-০৪ বাণিজ্যিক বৰ্ষত ভাৰতবৰ্ষই উৎপাদন কৰা মুঠ মৰাপাট কিমান ?

উত্তৰঃ ২০০৩-০৪ বাণিজ্যিক বৰ্ষত ভাৰতবৰ্ষই উৎপাদন কৰা মুঠ মৰাপাটৰ ১১২লাখ গাঁথ অৰ্থাৎ ২০.১৮ লাখ টন।

(১৩) ২০০৩-০৪ অসমত কিমান মৰাপাট উৎপাদন হৈছিল ?

 উত্তৰঃ ২০০৩-০৪ অসমত মাত্ৰ ৬.১৯ শতাংশ মৰাপাট উৎপাদন হৈছিল।

(১৪) অসমত মৰাপাট উৎপাদনকাৰী প্ৰধান জিলাসমূহৰ নাম লিখা ?

উত্তৰঃ অসমত মৰাপাট উৎপাদনকাৰী প্ৰধান জিলাসমূহৰ নাম হ'ল- ধুবুৰী, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, মৰিগাঁও, নগাঁও, কাছাৰ আৰু কৰিমগঞ্জ।

(১৫) চাহগছ স্বাভাৱিকতে  কিমান মিটাৰ পৰ্যন্ত উচ্চতা আৰু ই কি গছ ?

উত্তৰঃ চাহগছ স্বাভাৱিকতে ৩-৫ মিটাৰ পৰ্যন্ত উচ্চতা আৰু ই এজাতি বৰ্ষানুবৰ্ষী গছ।

(১৬) চাহ গছৰ গড় জীৱনকাল কিমান বছৰ ?

উত্তৰঃ ইয়াৰ গড় জীৱনকাল ৫০ বছৰ।

(১৭) চাহ গছবোৰ কলম দি কিমান উচ্চতাত জােপোহা অৱস্থাত ৰখা হয়?

উত্তৰঃ চাহ গছবোৰ কলম দি ১০০-১১০ চেন্টিমিটাৰ উচ্চতাত জোপোহা অৱস্থাত ৰখা হয়।

(১৮) চাহগছৰ ক্ষীপ্ৰ বৃদ্ধি আৰু পত্ৰণ কাৰ্যৰ আদৰ্শ পৰিৱেশ কিমান ?

উত্তৰঃ চাহগছৰ ক্ষীপ্ৰ বৃদ্ধি আৰু পত্ৰণ কাৰ্যৰ আদৰ্শ পৰিৱেশ ২০-৩৫° চে. উত্তাপ।

(১৯) কিমান চে. পৰিসৰৰ বাহিৰত তাপমান বেছি হ'লে চাহগছ অত্যন্ত ক্ষতিকৰ হয় ?

উত্তৰঃ ১০°-৩৫° চে. পৰিসৰৰ বাহিৰত তাপমান বেছি হ'লে চাহগছ অত্যন্ত ক্ষতিকৰক হয়।

(২০) চাহবাগিছাৰ বাবে কি পৃষ্ঠ দেখা যায় ?

উত্তৰঃ চাহবাগিছাৰ বাবে তৰংগাকৃতিক পৃষ্ঠতহে দেখা যায়।

(২১) চাহগছৰ পুষ্টিৰ উদ্দেশ্য প্ৰচুৰ পৰিমানে কিহৰ প্ৰয়োজন ?

উত্তৰঃ চাহগছৰ পুষ্টিৰ উদ্দেশ্য প্ৰচুৰ পৰিমানে হাইড্ৰজেন আৰু নাইট্ৰজেনৰ প্ৰয়োজন।

(২২) চাহ বাগিছাত কি সাৰ সঘনাই প্ৰয়োগ কৰিব লাগে ?

 


 




(২৩) ৰাজ্যখনৰ ভিতৰত উৎকৃষ্ট সুবৃহৎ চাহবাগিছা ক'ত পোৱা যায় ?

উত্তৰঃ ৰাজ্যখনৰ ভিতৰত উৎকৃষ্ট সুবৃহৎ চাহবাগিছা তিনিচুকীয়াত পোৱা যায়।

(২৪) অসম আৰু ভাৰতত মুঠ উৎপাদন কিমান শতাংশ উৎপন্ন হয় ?

উত্তৰঃ অসম আৰু ভাৰতত মুঠ উৎপাদন ৫৫ শতাংশ উৎপন্ন হয়।

(২৫) নগাঁও আৰু মৰিগাঁও জিলাত সৰ্বমুঠ কিমানখন চাহবাগিছা আছে ?

উত্তৰঃ নগাঁও আৰু মৰিগাঁও জিলাত সৰ্বমুঠ ২১৩ খন চাহবাগিছা আছে।

(২৬) অসমৰ কোন জিলাত বৃহৎ চাহবাগিছা নাই ?

উত্তৰঃ অসমৰ ডিমা হাছাও জিলাত বৃহৎ চাহবাগিছা নাই।

(২৭) অসমত উৎপাদনৰ লেখেৰে কোনকেইটা ফলে প্ৰথম স্থান অধিকাৰ কৰিছে?

উত্তৰঃ অসমত উৎপাদনৰ লেখেৰে কল, কঁঠাল, মাটিকঁঠাল আৰু অমিতাই প্ৰথম স্থান অধিকাৰ কৰিছে।

(২৮) ঔদ্যোগিক গোটৰ সংখ্যাভিত্তিত অসমতকৈ তলৰ অৱস্থানত থকা  ৰাজ্যসমূহৰ নাম লিখা ?

উত্তৰঃ ঔদ্যোগিক গোটৰ সংখ্যাভিত্তিত অসমতকৈ তলৰ অৱস্থানত থকা  ৰাজ্যসমূহৰ নাম হ'ল- চিকিম, গোৱা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু উত্তৰাঞ্চল।

(২৯) ২০১১ চনত অসমত সৰু-ডাঙৰ কিমান টা ফেক্টৰীত আছে ?

উত্তৰঃ ২০১১ চনত অসমত সৰু-ডাঙৰ ১১,৭১৭ টা পঞ্জীকৃত ফেক্টৰী আছে।

(৩০) ফেক্টৰীত মকৰলপ্ৰাপ্ত কৰ্মীৰ সংখ্যা কিমান ?

উত্তৰঃ ফেক্টৰীত মকৰলপ্ৰাপ্ত কৰ্মীৰ সংখ্যা আছিল ১,৬০,৫৫১ জন।    


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Author: Himashree Bora.



Post ID : DABP006429