সমতা | Chapter 3 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Equality |




Equality

Chapter 3 

ৰচনাধৰ্মী প্ৰশ্ন ( Essay Type Question ) 


১) সমতাৰ বিভিন্ন দিশবোৰ আলোচনা কৰা । 

উত্তৰঃ 

২) সমতাৰ সংজ্ঞা দিয়া আৰু ইয়াৰ শ্ৰেণীবিভাজন কৰা ।

উত্তৰঃ সমতাৰ সংজ্ঞা বিভিন্ন ৰাজনৈতিক চিন্তাবিদে বিভিন্ন ধৰণে সংজ্ঞা দিছে। ৰাজনৈতিক চিন্তাবিদ লাস্কি মতে "বিশেষ সুযোগ-সুবিধাৰ অনুপস্থিতিয়েই হৈছে সমতা"।

        সমতাৰ বিভিন্ন ধৰণে শ্ৰেণীবিভাজন কৰিছে আৰু সেই সমূহ হৈছে-

(ক) নাগৰিক সমতাঃ নাগৰিক সমতাই ৰাষ্ট্ৰৰ সকলো মানুহৰ সমান অধিকাৰ ক বুজায়। 

 (খ) সামাজিক সমতাঃ সামাজিক সমতা প্ৰতিষ্ঠা কৰিবলৈ হ'লে জাতিৰ ভিত্তিত মানুহৰ মাজত ডাঙৰ-সৰু থাকিব নালাগে। 

(গ) প্ৰাকৃতিক সমতাঃ মানুহে সৃষ্টি কৰা বৈষম্য় নথকাটোকে প্ৰাকৃতিক সমতা বুলি কোৱা হয়। 

৩) সমতাৰ তিনিটা প্ৰধান দিশ কি কি ? ব্যাখ্যা কৰা । 

উত্তৰঃ সমতাৰ তিনিটা প্ৰধান দিশ হৈছে- ৰাজনৈতিক সমতা, সামাজিক সমতা আৰু অৰ্থনৈতিক সমতা। 

(ক) ৰাজনৈতিক সমতাঃ ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমানে সুযোগ-সুবিধা ব্য়ৱস্থা থাকিলে ৰাজনৈতিক সমতা থকা বুজায়। ৰাজনৈতিক সমতাই সাধাৰণতে তিনিটা অধিকাৰ বুজায় আৰু সেই অধিকাৰ তিনিটা হৈছে-

১। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগিব। 

২। অৰ্হতাসম্পন্ন সকলো নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা লাভ কৰিব। 

৩। অৰ্হতাসম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰীৰ কাৰণে আবেদন কৰা অধিকাৰ লাভ কৰিব। 

    এই অধিকাৰসমূহক নাগৰিক বিকাশ সাধন আৰু ৰাষ্ট্ৰৰ বিভিন্ন কাৰ্য-কলাপত অংশগ্ৰহণৰ কাৰণে প্ৰয়োজন। ৰাজনৈতিক সমতা কেৱল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকলৰ মাজতহে থাকিব পাৰিব। 

 (খ) সামাজিক সমতাঃ ৰাজনৈতিক সমতা আৰু আইনৰ চকুত সকলো সমান হ'ল- ৰাষ্ট্ৰ এখনত সামাজিক সমতা প্ৰতিষ্ঠাৰ প্ৰথম পদক্ষেপ। সমাজত বসবাস কৰা বিভিন্ন জাতি, জনজাতি আৰু বিভিন্ন গোষ্ঠীৰ লোকৰ মাজত কোনো ধৰণৰ বৈষম্য়  নাথাকিলে সামাজিক সমতা থকা বুলি ক'ব পাৰি। সামাজিক সমতা প্ৰতিষ্ঠা কৰিবলৈ হ'লে জাতি ভিত্তিত মানুহৰ মাজত উচ্চ-নীচৰ আৰু ডাঙৰ-সৰু ভাৱ থাকিব নালাগে। 

(গ) অৰ্থনৈতিক সমতাঃ আন সকলো সমতাৰ মূল ভেঁটি হৈছে অৰ্থনৈতিক সমতাৰ। নাগৰিকসকলৰ মাজত অৰ্থনৈতিক সমতা নাথাকিলে বেলেগ সমতাবোৰৰ তাৎপৰ্য কমি যায়। এই সমতাই সকলো নাগৰিকৰে সমান সম্পত্তি থকাকে নুবুজায়। সম্পদ, সম্পত্তি আৰু আয়ৰ ক্ষেত্ৰত প্ৰভেদ থাকে তেনে সমাজতে অসমতা বিৰাজ কৰে। অৰ্থনৈতিক সমতাই প্ৰধানকৈ দুটা কথাক বুজায়। নকাৰাত্মক আৰু সকাৰাত্মক।

৪) সমতা কি ? সমতাৰ ধাৰণা ব্যাখ্যা কৰা । 

উত্তৰঃ 

৫) চৰম অৰ্থনৈতিক সমতা সম্ভবো নহয়, বিচাৰিবও নোৱাৰি । যুক্তি দশোৰ্ৱা । 

উত্তৰঃ

vjfjvo[

৬) ''অৰ্থনৈতিক সমতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন । ''- ব্যাখ্যা 

উত্তৰ 

৭) সমতাৰ অৰ্থ ব্যাখ্যা কৰা। বিশ্ৱ অসমতাৰ তালিকা এখন প্ৰস্তুত কৰা । 

উত্তৰঃ সমতা অৰ্থ হৈছে সকলো মানুহকে সমান বুলি গণ্য় কৰি সকলোকে সমানে সুযোগ-সুবিধা দিব লাগিব। সকলো মানুহকে জন্ম সময়ত সমান বুলি কোৱা হয়। মানুহৰ কৰ্মশক্তি বা বিদ্য়া-বুদ্ধিৰ ক্ষেত্ৰত প্ৰভেদ আছে, সমাজত কেতিয়াও সমতা প্ৰতিষ্ঠা হোৱা আশা কৰিব নোৱাৰি। সমতা হৈছে সমান সুযোগ-সুবিধা আৰু সমান ব্য়ৱহাৰক বুজায়। ইয়াক বিজগণিতৰ সমীকৰণৰ দৰে ব্য়ৱহাৰ কৰিব নোৱাৰি। জাতি, বৰ্ণ, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে সকলো লোকৰ কাৰণে সুবিধা মুকলি কৰি ৰাখিব লাগে।

 বিশ্ব অসমতাৰ তালিকাঃ 

    ১। বিশ্বৰ ৫০ গৰাকী আটাইতকৈ ঐশ্বৰ্যশালী ব্য়ক্তিৰ মুঠ আয় আটাইতকৈ দূখীয়া ৪০ কোটি মানুহতকৈ বেছি। 

   ২। বিশ্বৰ জনসংখ্য়াৰ ৪০% শতাংশ মানুহে বিশ্ব আয়ৰ ৫% শতাংশহে লাভ কৰে। আনফালে বিশ্ব জনসংখ্য়াৰ আটাইতকৈ ঐশ্বৰ্যশালী ১০% শতাংশ মানুহে বিশ্ব আয়ৰ ৫৪% নিয়ন্ত্ৰণ কৰে। 

    ৩। প্ৰথম বিশ্বৰ উন্নত উদ্য়োগপ্ৰধান ৰাষ্ট্ৰসমূহৰ ভিতৰত বিশ্বৰ ২৫% শতাংশ জনসংখ্য়াৰ দেশ বিশেষকৈ উত্তৰ আমেৰিকা আৰু পশ্চিম ইউৰোপে বিশ্বৰ উদ্য়োগসমূহৰ ৮৬% শতাংশ উদ্য়োগ গৰাকী আৰু বিশ্বৰ উৎপাদিত শক্তিৰ ৮০% শতাংশ ব্য়য় কৰে। 

    ৪। জনমূৰি আয়ৰ ভিত্তিত উন্নত উদ্য়োগপ্ৰধান ৰাষ্ট্ৰত বাস কৰা এজন বাসিন্দাই ভাৰতৰ দৰে উন্নয়শীল দেশৰ এজন বাসিন্দাৰতকৈ ৩ গুণ বেছি পানী, ১০ গুণ বেছি শক্তি, ১৩ গুণ বেছি লো আৰু ষ্টীল আৰু আৰু ১৪ গুণ বেছি কাগজ ব্য়য় কৰে। 

    ৫। নাইজেৰিয়াত গৰ্ভধাৰণজনিত কাৰণত মৃত্য়ুবৰণ কৰে ১-ৰ পৰা ১৮ গৰাকী মহিলাই কিন্তু কানাডাত ১-ৰ পৰা ৮৭০০ গৰাকী।

৮) সুযোগ-সুবিধাৰ সমতা সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ সমতা শব্দটো প্ৰকৃত তাৎপৰ্য হৈছে সকলোৰ বাবে সমান সুযোগ-সুবিধাৰ পথ খোলা ৰাখি সমভাৱে সকলোৱে ব্য়ক্তিত্ব বিকাশৰ পথৰ অন্তৰায়বোৰ দূৰ কৰা। অৰ্থাৎ প্ৰত্য়েকজন ব্য়ক্তি মানুহ হিচাপে সমানে সা-সুবিধা আৰু অধিকাৰ লাভ কৰা বাবে উপযুক্ত। তেওঁলোকে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা আৰু বিকাশ সাধন কৰা লক্ষ্য়ত উপনীত হ'ব পাৰে। অৰ্থনৈতিক বৈষম্য় বা বিশেষ সা-সুবিধা বিশেষ গুৰুত্বপূৰ্ণ নহয়। বাসস্থানৰ নিৰাপত্তা, জনস্বাস্থ্য় আৰু সুশিক্ষাৰ ক্ষেত্ৰত যদি জনসাধাৰণ সমান সা-সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হয় তেতিয়াই সমাজখন অন্য়ায় আৰু অসমতাৰ ভেঁটিত প্ৰতিষ্ঠা হয়।  

৯) প্ৰাকৃতিক আৰু সামাজিক অসমতাৰ সমতাৰ ওপৰত এটা টোকা প্ৰস্তুত কৰা । 

উত্তৰঃ প্ৰাকৃতিক আৰু সামাজিক অসমতৰ সমতাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

    আধুনিক ৰাজনীতি বিজ্ঞানৰ অধ্য়ায়নত প্ৰাকৃতিক অসমতা আৰু সামাজিক অসমতাই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। ৰাজনীতি বিজ্ঞানত প্ৰাকৃতিক সমতা আৰু সামাজিক সমতাৰ মাজত কিছু ক্ষেত্ৰত পাৰ্থক্য় দেখা যায়। মানুহ জন্মতে সমান যদিও মানুহৰ মাজত থকা সামৰ্থ্য়, প্ৰতিভা আৰু বিভিন্নতাৰ ভিত্তিত তেওঁলোকৰ মাজত প্ৰাকৃতিক অসমতাৰ সৃষ্টি হয়। এনে ধৰণৰ অসমতা সামাজিক সামাজিক অসমতাৰ পৰা সম্পূৰ্ণ পৃথক। কাৰণ প্ৰকৃতিয়ে সকলো মানুহকে সমানে সৃষ্টি নকৰে। 

    সামাজিক সমতা আৰু প্ৰাকৃতিক সমতা পৰস্পৰ বিৰোধী। মানুহৰ কিছুমান জন্মগত বৈশিষ্ট্য় থাকে। যিবোৰক প্ৰাকৃতিক অসমতা বুলি কোৱা হয়। কিছুমান লোক আছে যিসকলৰ আকৃতি, প্ৰকৃতি আৰু বুদ্ধি-বৃত্তিৰ পৰিমান যথেষ্ট কম। আনহাতে সামাজিক অসমতা মানৱসৃষ্ট। প্ৰাকৃতিক অসমতা আৰু সামাজিক অসমতাৰ এটা জটিল ধাৰণা। 

১০) সমতা মানে কি বুজা ? ৰাজনৈতিক আৰু সামাজিক সমতা ব্যাখ্যা কৰা ।

উত্তৰঃ সমতা মানে হৈছে- প্ৰতিজন ব্য়ক্তি মানুহ হিচাপে সমান সা-সুবিধা আৰু অধিকাৰ লাভ কৰা। 

    ৰাজনৈতিক আৰু সামাজিক সমতাঃ গণতান্ত্ৰিক ৰাজনৈতিক সমাজত ৰাষ্ট্ৰৰ সকলো নাগৰিকক কিছুমান অধিকাৰ দিয়াটো সুচায়। ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমান সুযোগ-সুবিধা ব্য়ৱস্থা থাকিলে ৰাজনৈতিক সমতা বুজায়। ৰাজনৈতিক সমতাৰ তিনিটা অধিকাৰ আছে এই অধিকাৰ তিনিটাৰ থাকিলে ইয়াক ৰাজনৈতিক সমতা থকা বুলি কোৱা হয়, এই অধিকাৰ তিনিটা হৈছে-

   (ক) জাতি, বৰ্ণ, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগে। 

    (খ) অৰ্হতাসম্পন্ন সকলো নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ পাব লাগে। 

    (গ) অৰ্হতাসম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰীৰ কাৰণে আবেদন কৰা অধিকাৰ পাব লাগে। 

এইবোৰ দেশৰ সংবিধান তথা আইনপ্ৰদত্ত অধিকাৰ। সংবিধানপ্ৰদত্ত এই অধিকাৰবোৰ সকলোৰ কাৰণে সমান। গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকলৰ মাজতহে ৰাজনৈতিক সমতা থাকিব পাৰে।

    ৰাজনৈতিক সমতা আৰু আইনৰ চকুত সকলো সমান হ'ল ৰাষ্ট্ৰ এখনত সামাজিক সমতা প্ৰতিষ্ঠাৰ প্ৰথম পদক্ষেপ। সমাজত বসবাস কৰা বিভিন্ন জাতি, জনজাতি আৰু বিভিন্ন গোষ্ঠীৰ লোকৰ মাজত কোনো ধৰণৰ বৈষম্য় নাথাকিলে সামাজিক সমতা বুলি কোৱা হয়। মানুহৰ মাজত সৃষ্টি হোৱা বিভিন্ন জাতি, উপজাতিৰ ফলতেই সাধাৰণতে সমাজত এনে অসমতা সৃষ্টি হয়। 

১১) সমতা আৰু নাৰীবাদ সম্পৰ্কে কি জানা লিখা ।

উত্তৰঃ সমতা আৰু নাৰীবাদৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

    মহিলা মূল্য় আৰু ব্য়ক্তিগত মৰ্যাদা, ধৰ্মীয় আৰু নৈতিক আদৰ্শত উদ্ভাৱন, ৰাষ্ট্ৰীয় আইনত শিক্ষাগত, ভোট বা নিৰ্বাচন ব্য়ৱস্থাৰ বিশেষ সংস্কাৰৰ বাবে কৰা আন্দোলনকে নাৰীবাদ বুলি আখ্য়া দিয়া হয়। মানৱ সমাজখনৰ চলিত নীতি। যুগে যুগে মহিলা বিভিন্ন সামাজিক সুবিধা আৰু মৰ্যাদাৰ পৰা বঞ্চিত হৈ আহিছে। জনসংখ্য়াৰ ফালৰ পৰা নাৰী পুৰুষ শ্ৰেণীৰ সমান। 

১২) সমতা কি ? ইয়াৰ প্ৰয়োজন সম্পৰ্কে আলোচনা কৰা  । 

উত্তৰঃ 

১৩) স্বাভাৱিক আৰু সামাজিক অসমতাৰ বিষয়ে উদাহৰণসহ বুজাই লিখা। 

উত্তৰ  

১৪) যোগাত্মক পদক্ষেপ কি ? সমালোচনামূলক আলোচনা কৰা । 

উত্তৰঃ যোগাত্মক পদক্ষেপ হৈছে- ভাৰতীয় সংবিধানে জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে সকলোকে আইনৰ চকুত সমান বুলি কৈছে। এনে এক পৰিস্থিতিৰ অৱসান ঘটাই সমতা প্ৰতিষ্ঠাৰ বাবে সাংবিধানিকভাৱে আইনৰ চকুত সকলো সমান বুলি স্বীকৃতি দিয়াটোৱে সহজ নহয়। ইয়াৰ বাবে অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হয়। এনে পদক্ষেপসমূহকে যোগাত্মক পদক্ষেপ বুলি কোৱা হয়। 

    অনুসূচীত জাতি, অনুসূচিত জনজাতি সমূহৰ বাবে শিক্ষানুষ্ঠান, কৰ্মসংস্থান আৰু পদোন্নতিৰ ক্ষেত্ৰত পদ সংৰক্ষণৰ ব্য়ৱস্থা আছে। এই জাতি-জনজাতিসকল ঐতিহাসিকভাৱে পিছ পৰি থকা আৰু জাতিৰ লোকৰ দ্বাৰা নিপীড়িত হোৱাৰ কাৰণে এনে সংৰক্ষণ ব্য়ৱস্থা কৰা হয়। এই ব্য়ৱস্থাক যোগাত্মক বৈষম্য় বুলি কোৱা হয়। 

১৫) সমতাক কেনেকৈ উন্নত কৰিব পাৰি ? সমতা আহৰণৰ কাৰণে যিকোনো এটা 

নীতি আলোচনা কৰা । 

উত্তৰঃ 

১৬) নাৰীবাদ মানে কি বুজা ? 

উত্তৰঃ নাৰিবাদ মানে হ'ল জনসংখ্য়াৰ পৰা নাৰী পুৰুষ শ্ৰেণীৰ সমান যদিও পুৰুষতান্ত্ৰিক সমাজত নাৰীক পুৰুষৰ লগত সমান অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। 

১৭) সমতাৰ সামাজিক ধাৰণা ব্যাখ্যা কৰা  । 

উত্তৰ 

১৮) সমতা অবিহনে স্বাধীনতা অৰ্থহীন । তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া । 

উত্তৰ 

১৯) সমতাৰ যোগাত্মক আৰু নকৰাত্মক দিশ আলোচনা কৰা । 

উত্তৰ  

২০) চাৰি প্ৰকাৰৰ সমতা আলোচনা কৰা । 

উত্তৰ                                                  

২১) সমতা আৰু স্বাধীনতাৰ মহত্বৰ সম্পৰ্কে আলোচনা কৰা ।

উত্তৰ  

২২) কিছুমান মানুহে যুক্তি দৰ্শাই যে অসমতা থকাটো স্বাভাৱিক , আনবাতে কিছুমানে কয় যে সমতাহে  স্বাভাৱিক আৰু আমাৰ চাৰিওফালে যি অসমতা দেখা পাওঁ সেইবোৰ সমাজে সৃষ্টি কৰা । তুমি কোনটো মত সমৰ্থন কৰা ? কাৰণ দৰ্শোৱা । 

উত্তৰ  

২৩) এটা প্ৰচলিত মত আছে যে চুড়ান্ত অৰ্থনৈতিক সমতা সম্ভৱো নহয় আৰু কাম্যও নহয় । সমাজে খুব বেছি ধনী আৰু দুখীয়াৰ মাজত থকা পাৰ্থক্যটো নূন্যতম স্তৰলৈ আনিব পাৰে । কোথাটো তুমি মানি লোৱানে । 

উত্তৰ   

২৪) খেতিয়কৰ সমস্যাৰ ওপৰত দাখিল কৰা চৰকাৰী প্ৰতিবেদনত কোৱা হৈছে যে ক্ষুদ্ৰ আৰু উপান্ত কৃষকে বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নাপায় । প্ৰতিবেদনে চুপাৰিচ কৰে যে চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰি সঠিক মূল্যৰ ব্যৱস্থা কৰিব লাগে। এই চুপাৰিটোৰ সমতাৰ নীতিৰ লগত সামঞ্জস্য আছে নে ?

উত্তৰ 

২৫) সমতাৰ পাচঁটা প্ৰকাৰ উল্লেখ কৰা । 

উত্তৰঃ সমতাৰ পাঁচটা প্ৰকাৰ হৈছে- 

(ক) নাগৰিক সমতা, (খ) সামাজিক সমতা, (গ) প্ৰাকৃতিক সমতা, (ঘ) ৰাজনৈতিক সমতা আৰু (ঙ) অৰ্থনৈতিক সমতা। 

২৬) সামাজিক সমতাই কি বুজায় ?

উত্তৰঃ ৰাজনৈতিক সমতা আৰু আইনৰ চকুত সকলো সমান ৰাষ্ট্ৰ এখনত সৈমজিক সমতা প্ৰতিষ্ঠাৰ প্ৰথম পদক্ষেপ। বৰ্তমান সময়ত সুযোগৰ সমতাও কম-বেছি পৰিমানে ইয়াৰ লগত জড়িত। সামাজিক সমতা প্ৰতিষ্ঠা কৰিবলৈ হ'লে জাতিৰ ভিত্তিত মানুহৰ মাজত ডাঙৰ-সৰু আৰু উচ্চ-নীচৰ ভাৱ থাকিব নালাগে। 

২৭) ৰাজনৈতিক সমতাৰ অৰ্থ ব্যাখ্যা কৰা ।

উত্তৰঃ ৰাজনৈতিক সমতা অৰ্থ হৈছে- গণতান্ত্ৰিক ৰাজনৈতিক সমাজত ৰাষ্ট্ৰৰ সকলো নাগৰিকক কিছুমান অধিকাৰ দিয়াটো প্ৰয়োজন। ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমান সুযোগ-সুবিধাৰ ব্য়ৱস্থা থাকিলে ৰাজনৈতিক সমতা থকা বুজায়। ৰাজনৈতি সমতাৰ তিনিটা অধিকাৰ থাকিলে ইয়াক ৰাজনৈতিক সমতা বুলি কোৱা হয়। সেই অধিকাৰ  তিনিটা হৈছে-

 (ক) জাতি, বৰ্ণ, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগে। 

 (খ) অৰ্হতাসম্পন্ন সকলো নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ পাব লাগে। 

  (গ) অৰ্হতাসম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰীৰ কাৰণে আবেদন কৰা অধিকাৰ পাব লাগে। 

 ২৮) সমতাৰ অধিকাৰ ওপৰত এটা টোকা লিখা । 

উত্তৰঃ 

২৯) সকলো সামাজিক আৰু অৰ্থনৈতিক অসমতাৰ এখন তালিকা প্ৰস্তুত কৰা । 

উত্তৰ 

৩০) ৰাজনৈতিক আৰ্দশ হিচাপে সমাতই কি বুজায় ?

উত্তৰ 

৩১) স্বাভাৱিক অসমতা কি বুজাই লিখা । 

উত্তৰ 

৩২) কোনবিলাক বৈষম্যমূলক আচৰণ গ্ৰহণীয় আৰু কোনবিলাক নহয় সেইটো নিৰ্ধাৰণ কৰাটো এটা সমস্যা । 

উত্তৰ 

৩৩) কিছুমান স্বাভাৱিক অসমতা এতিয়া অপৰিৱৰ্তনীয় বুলি ভবা নহয় । উদাহৰণ দি বুজাই লিখা ।

উত্তৰ 

৩৪)ৰাম মনোহৰ লোহিয়াৰে "সপ্ত ক্ৰান্তি " কি ?

উত্তৰঃ ৰাম মনোহৰ লোহিয়া ভাৰতৰ এজন বিশিষ্ট সমাজবাদী চিন্তাবিদ আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁ এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল। তেওঁ ভাৰতৰ সমাজবাদী আন্দোলনত তাৎপৰ্যপূৰ্ণ অৱদান আগবঢ়াইছিল। লোহিয়াই ভাৰতীয় সমাজত পাঁচ প্ৰকাৰৰ অসমতাৰ প্ৰচলন কথা উল্লেখ কৰিছে আৰু সেই অসমতাৰ পাঁচতা হৈছে-

    (ক) জাতিগত অসমতা, (খ) অৰ্থনৈতিক অসমতা, (গ) চাল আৰু গাৰ ৰঙত থকা অসমতা, (ঘ) পুৰুষ আৰু মহিলাৰ মাজত অসমতা আৰু (ঙ) কিছুমান দেশৰ আন কিছুমান দেশৰ ওপৰত থকা উপনিৱেশিক শাসন। 

৩৫) সংৰক্ষণৰ ব্যৱস্থাটো স্থায়ী ব্যৱস্থা হোৱা উচিত নে ?

উত্তৰ 

৩৬) চমু উত্তৰৰ প্ৰশ্নঃ

(a) মাৰ্ক্সবাদ আৰু সমতাৰ ধাৰণা  

উত্তৰঃ ঊনৈশ শতিকাৰ খ্য়াতনামা জাৰ্মান দাৰ্শনিক কাৰ্লমাৰ্ক্সৰ লিখনিত সমতাৰ ধাৰণাই নতুন যুগৰ সূচনা কৰিছিল। তেওঁৰ সমাজবাদৰ ব্য়াখ্য়াই পৃথিৱীৰ সকলো দেশৰ জনসাধাৰণক অনুপ্ৰাণিত কৰিছে। তেওঁ প্ৰচাৰ কৰা মতবাদক মাৰ্ক্সবাদ বুলি কোৱা হয়। কাৰ্লমাৰ্ক্সৰ তত্ত্ব মতে পৃথিৱীখন গতিশীল। তেওঁ মতে ইতিহাস অধ্য়ায়ন কৰিলে দেখা যায় যে প্ৰত্য়েক যুগতে সমাজত অসমতা হৈছিল। সমাজত অসমতাৰ মূল কাৰণ হৈছে অৰ্থনৈতিক। অৰ্থনৈতিক ক্ষমতা ৰাজনৈতিক ক্ষমতাৰ এটা প্ৰধান ভেঁটি। অৰ্থনৈতিক এই অসমতাই সমাজত ধৰ্ম, সংস্কৃতিকে ধৰি সকলো ক্ষেত্ৰতে অসমতা আনি দিয়ে। 

    সমাজৰ পৰা অসমতাক  প্ৰতিহাৰ কৰা কাৰণে মাৰ্ক্সবাদে ব্য়ক্তিগত সম্পত্তি লাভৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰি সমাজত অৰ্থনৈতিক সমসৰ্যাদা লাভৰ ওপৰত গুৰুত্ব দিছে। 

(b)উদাৰতাবাদ আৰু সমতাৰ

উত্তৰঃ উদাৰতাবাদে সমাজত সমতা স্থাপনৰ ক্ষেত্ৰত এক নৱধাৰাৰ সংযোজন কৰিছে। সাধাৰণতে যি আদৰ্শই ব্য়ক্তিক বিভিন্ন দিশত অধিক স্বাধীনতা দিয়াৰ লগতে প্ৰচলিত সমাজব্য়ৱস্থাৰ সংস্কাৰৰ ওপৰত প্ৰাধান্য় দিয়ে তাকে উদাৰতাবাদ বোলা হয়। নতুন সমাজৰ যুক্তিসংগত ব্য়ৱস্থা হিচাপে নতুন দৰ্শনে গা কৰি উঠিছে এই নতুন দৰ্শনেই হৈছে উদাৰতাবাদ। উদাৰনীতিবিদসকলে সাংবিধানিক সংস্কাৰৰ জৰিয়তে সমাজত সমতা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য় সম্পদ আৰু পুৰস্কাৰ সমানুপাতিক বিতৰণৰ এটা সুস্থ, সবল আৰু ন্য়ায়সংগত নীতি হিচাপে প্ৰতিযোগিতা নীতি আগবঢ়াইছে। 

    উদাৰতাবাদীসকলে  কৈছিল যে আধুনিক কালৰ বৃহৎ ৰাষ্ট্ৰসমূহত কিছুমান ক্ষেত্ৰত কিছু পৰিমাণৰ অসমতা থাকিব। তেওঁলোকৰ মতে প্ৰত্য়েক দিশতে থকা অসমতাবোৰক দূৰ কৰিবলৈ চেষ্টা কৰাটো চৰকাৰ কৰ্তব্য়। 

(c) সমাজবাদ আৰু সমতাৰ ধাৰণা  

উত্তৰঃ বৰ্তমান সময়ত সমাজবাদ হ'ল এটা সাৰ্বজনীন মতবাদ হিচাপে স্বীকৃত ধাৰণা। সমাজবাদ মূল লক্ষ্য় হৈছে শ্ৰেণী বৈষম্য়হীন আৰু শোষণবিহীন এখন সমাজ প্ৰতিষ্ঠা কৰা। বৰ্তমান সমাজত চলি থকা কিছুমান সামাজিক, ৰাজনৈতিক অসমতাৰ প্ৰতিবাদস্বৰূপে সমাজবাদৰ অৱিৰ্ভাৱ হৈছিল। সমাজবাদ হৈছে এটা ৰাজনৈতিক ধাৰণা। সেই কাৰণে সমাজবাদৰ মূল লক্ষ্য় হৈছে সমাজৰ পৰা সমাজৰ পৰা সকলোৰ প্ৰকাৰৰ অসমতাক প্ৰতিহিত কৰি ৰাষ্ট্ৰীয় সম্পদৰাজীক ন্য়ায়সংগতভাৱে বিতৰণ কৰা। শিক্ষা, আৰু স্বাস্থ্য় ওপৰত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ প্ৰযোজ্য় কৰা উচিত। 

৩৭) চমুটোকা (Short notes) 

(a) অৰ্থনৈতিক সমতা 

উত্তৰঃ অৰ্থনৈতিক সমতা- হৈছে আন সকলো সমতা মূল ভেঁটি। নাগৰিকসকলৰ মাজত অৰ্থনৈতিক সমতা নাথাকিলে আন আন সমতাবোৰৰ তাৎপৰ্য কমি যায়। কৰ্মশক্তি, বিদ্য়া-বুদ্ধি আদিৰ ক্ষেত্ৰত মানুহৰ মাজত প্ৰভেদ আছে। যি ব্য়ক্তিৰ মাজত সম্পদ, সম্পত্তি আৰু আয়ৰ ক্ষেত্ৰত প্ৰভেদ থাকে তেনে সমাজতে অসমতা বিৰাজ কৰে। অৰ্থনৈতিক সমতাই দুটা কথাকে বুজায়। নকাৰাত্মক আৰু সকাৰাত্মক। নকাৰাত্মকভাৱে প্ৰকাশ কৰিবলৈ হ'লে বিশেষ লোকৰ কাৰণে কোনো ধৰণৰ সুযোগ-সুবিধাৰ ব্য়ৱস্থা থাকিব নালাগে আৰু সকাৰাত্মকভাৱে প্ৰকাশ কৰিবলৈ হ'ল জীৱন-ধাৰণৰ বাবে নিম্নত্ম আৰ্থিক সুবিধা সকলোৱে পাব লাগে।  

(b) ৰাজনৈতিক সমতা 

উত্তৰঃ ৰাজনৈতিক সমতা-  ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমানে সুযোগ-সুবিধা ব্য়ৱস্থা থাকিলে ৰাজনৈতিক সমতা থকা বুজায়। ৰাজনৈতিক সমতাই সাধাৰণতে তিনিটা অধিকাৰ বুজায় আৰু সেই অধিকাৰ তিনিটা হৈছে-

১। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগিব। 

২। অৰ্হতাসম্পন্ন সকলো নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা লাভ কৰিব। 

৩। অৰ্হতাসম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰীৰ কাৰণে আবেদন কৰা অধিকাৰ লাভ কৰিব। 

    এই অধিকাৰসমূহক নাগৰিক বিকাশ সাধন আৰু ৰাষ্ট্ৰৰ বিভিন্ন কাৰ্য-কলাপত অংশগ্ৰহণৰ কাৰণে প্ৰয়োজন। ৰাজনৈতিক সমতা কেৱল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকলৰ মাজতহে থাকিব পাৰিব। 

(c) নাগৰিক সমতা 

উত্তৰঃ নাগৰিক সমতা- নাগৰিক সমতাই ৰাষ্ট্ৰৰ সকলো মানুহৰ সমান অধিকাৰক বুজায়ষ সমাজৰ কিছুমান লোকে বিশেষ সুবিধা পোৱা অনুচিত। ধৰ্ম, জাতি আৰু বৰ্ণ নিৰ্বিশেষে সকলোৱে আইনৰ চকুত সমান। সকলো নাগৰিকে সমতা অধিকাৰী হয় যেতিয়া কোনো ৰাষ্ট্ৰৰ সকলো নাগৰিকে একে দৰে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। 

(d) সামাজিক অসমতা 

উত্তৰঃ 

(e) উদাৰতাবাদ  

উত্তৰঃ উদাৰতাবাদ- যি আদৰ্শই ব্য়ক্তি বিভিন্ন দিশত অধিক স্বাধীনতা দিয়াৰ লগতে প্ৰচলিত সমাজব্য়ৱস্থাৰ সংস্কাৰৰ ওপৰত প্ৰাধান্য় দিয়ে ইয়াকে উদাৰতাবাদ বুলি কোৱা হয়। অধ্য়াপক লাস্কি মতে "নতুন বাস্তৱ ব্য়ৱস্থাৰ ফলত নতুন সামাজিক সম্পৰ্কৰ জন্ম হয়। এই নতুন দৰ্শনেই হৈছে উদাৰতাবাদ। ব্য়াপক অৰ্থত উদাৰতাবাদ হৈছে হৈছে নীতিগত, বুদ্ধিগত, অৰ্থনৈতিক আৰু সামাজিক সম্পৰ্কৰ বিকাশ সাধনৰ প্ৰচেষ্টা। 

    ঊণবিংশ শতিকাৰ শেষৰ সময়ত আধুনিক উদাৰতাবাদ উদ্ভৱ হৈছিল। এই মতবাদে পুৰণিকলীয়া ৰীতি-নীতি আৰু কুসংস্কাৰসমূহৰ অৱদান ঘটাই এক নতুন ধাৰণা সৃষ্টি কৰিছিল। উদাৰতাবাদীসকলে কৈছিল যে বৈচিত্ৰপূৰ্ণ সমাজব্য়ৱস্থাত ন্য়ায় আৰু সমতা নিজে নিজে প্ৰতিষ্ঠা হ'ব নোৱাৰে। 

৩৮) তলৰ ধাৰণাসমূহক উপযুক্ত উদাহৰণৰ সৈতে মিলোৱা ঃ

(a) ইতিবাচক কাৰ্য                       (i) প্ৰত্যেক প্ৰাপ্তবয়স্ক নাগৰিকৰে                                                               ভোটদানৰ অধিকাৰ আছে। 

(b) সুযোগৰ সমতা                      (ii) বেংকে জ্যেষ্ঠ নাগৰিকক বেছি                                                              হাৰত সুদ দিব বিচাৰে ।

(c) সম অধিকাৰ                        (iii) প্ৰত্যেক শিশুৱেই বিনামূলীয়া                                                                  শিক্ষা পোৱা উচিত । 

৩৯) তলৰ কোনবোৰ সমতাৰ নীতি ভংগ কৰিছে আৰু কিয় ?

(a) প্ৰত্যেক শিশুৱে  শ্ৰেণীত নাটকৰ মূল পাঠ (Text)নিজৰ পালা (Turn ) পৰিলে পঢ়িব । 

(b) জ্যেষ্ঠ নাগৰিকৰ বাবে ৰেলত আসন সংৰক্ষণৰ এটা পৃথক বিভাগ  ( Counter )আছে ।  

(c) কিছুমান বনাঞ্চল নিৰ্দিষ্ট কিছুমান জনজাতীয় সম্প্ৰদায়ৰ প্ৰৱেশৰ বাবে সংৰক্ষিত হৈছে । 

৪০) মহিলাৰ ভোটাধিকাৰ সপক্ষে ইয়াত কিছুমান যুক্তি আগবঢ়োৱা হৈছে। ইয়াৰ কোনবোৰ সমতাৰ আদৰ্শৰ সৈতে সংগতিপূৰ্ণ ? যুক্তি দিয়া । 

(a) মহিলাসকল আমাৰ মাতৃ । আমি আমাৰ মাতৃসকলক ভোটাধিকাৰ অস্বীকাৰ কৰি অসন্মান কৰিব নালাগে । 

(b) চৰকাৰী সিদ্ধান্তই মহিলাৰ লগতে পুৰুষৰ ওপৰতো প্ৰভাৱ পেলায়। সেয়ে নেতাসকলক নিৰ্বাচিত কৰোতে তেওঁলোকৰো মতামতৰ অধিকাৰ থকা উচিত ।

(c) মহিলাক ভোটাধিকাৰ প্ৰদান নকৰিলে পৰিয়ালত অশান্তিৰ সৃষ্টি হব । 

(d) মানৱ সমাজৰ আধা সংখ্যাক মহিলা । তেওঁলোকক ভোটাধিকাৰ অস্বীকাৰ কৰি বেছি দিনলৈ ৰাখিব পৰা নাযাব । 

অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short answer question ) 

১) কি কি উপায়ে ৰাজনৈতিক সমতা লাভ কৰিব পাৰি ?

উত্তৰঃ ১। জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগে। 

    ২। অৰ্হতাসম্পন্ন সকলো নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা পাব পাৰি। 

    ৩। অৰ্হতাসম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰীৰ কাৰণে আবেদন কৰা অধিকাৰ পাব লাগে। 

২) দুই প্ৰকাৰৰ সমতাৰ নাম লিখা । 

উত্তৰ ৰাজনৈতিক সমতা আৰু অৰ্থনৈতিক সমতা। 

৩) তিনিবিধ নাগৰিক সমতা উল্লেখ কৰা । 

উত্তৰঃ তিনিবিধ নাগৰিক সমতা হৈছে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক। 

৪) দুই প্ৰকাৰৰ অৰ্থনৈতিক সমতাৰ নাম লিখা । 

উত্তৰঃ 

৫) সমতাৰ কিয় আৱশ্যক দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ ঐতিহাসিক আৰু নৈতিক কাৰণে সমতাৰ আৱশ্য়ক। 

৬) সমতাৰ তিনিটা দিশ কি কি ?

উত্তৰঃ 

৭) সকলোৰে বাবে সমান সুযোগ-সুবিধাই কি বুজায় ?

উত্তৰঃ সকলোৰে বাবে সমান সুযোগ-সুবিধাই সমতাক বুজায়। 

৮) সমতা মানে কি বুজা লিখা। 

উত্তৰঃ সমতা মানে হৈছে সমান সুযোগ-সুবিধা আৰু সমান ব্য়ৱস্থাৰ। সমতাই ইয়াকে বুজায় যে জাতি, বৰ্ণ, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে সকলো লোকৰ কাৰণে সুবিধা মুকলি কৰি ৰাখিব লাগে। 

৯) আইনৰ চকুত সমতা বুলিলে কি বুজা।

উত্তৰঃ আইনৰ চকুত সমতা মানে হৈছে ৰাষ্ট্ৰ এখনৰ সামাজিক সমতা। 

১০) 'আইনৰ চকুত সমান' বুলি ক'লে কি বুজা ?

উত্তৰঃ 'আইনৰ চকুত সমান' বুলি ক'লে ৰাষ্ট্ৰ এখনত সামাজিক সমতা প্ৰতিষ্ঠাৰ প্ৰথম পদক্ষেপ বুলি বুজা যায়। 

১১) ৰাজনৈতিক সমতা কি ?

উত্তৰঃ ৰাজনৈতিক সমতা হৈছে ৰাজনৈতিক সকলো নাগৰিকৰ মাজত সমান সুযোগ-সুবিধা ব্য়ৱস্থা থাকিলে ৰাজনৈতিক সমতা থকা বুজায়। 

১২) মাৰ্ক্সৰ সমতাৰ ধাৰণা লিখা । 

উত্তৰঃ মাৰ্ক্সবাদৰ সমতাৰ ধাৰণা হৈছে- নতুন যুগৰ সূচনা। তেওঁ ধাৰণাই পৃথিৱীৰ সকলো দেশৰ জনসাধাৰণক অনুপ্ৰাণীত কৰিছে। কালমাৰ্ক্সৰ তত্ত্ব মতে পৃথিৱীৰখন গতিশীল। সমাজৰ অসমতাৰ মূল কাৰণ হৈছে অৰ্থনৈতিক। 

বস্তনিষ্ঠ প্ৰশ্নৱলী ( Objective Type question ) 

১) স্বাধীনতা সমতা বিৰোধী নে ? ( হয় নে নহয় লিখা ) 

উত্তৰঃ  

২) এটা সামাজিক সমতা উল্লেখ কৰা । 

উত্তৰঃ   

৩) বেছিভাগ গণতন্ত্ৰই জনসাধাৰণক সমান সুযোগ - সুবিধা দিব বিচাৰে । ( শুদ্ধ নে অশুদ্ধ লিখা ) 

উত্তৰঃ  

৪) কৰ্মৰত মহিলাই মাতৃত্ব লাভৰ ছুটি পোৱা উচিত । ( হয় নে নহয় লিখা । ) 

উত্তৰঃ  

৫) অৰ্থনৈতিক সমতাৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ  

৬)   অৰ্থনৈতিক সমতাৰ অবিহনে সমাজত ধনী আৰু দুখীয়া এই দুটা শ্ৰেণীৰ সৃষ্টি হয় । ( শুদ্ধ নে অশুদ্ধ ) 

উত্তৰঃ  

৭) ভাৰতৰ বিখ্যাত সমাজবাদী নেতাজনৰ নাম লিখা । 

উত্তৰঃ  

৮) মাৰ্ক্সৰ মতে অসমতাৰ মূল কাৰণ এটাৰ নাম লিখা । 

উত্তৰঃ  

৯) গণতন্ত্ৰত ৰাজনৈতিক সমতা অপৰিহাৰ্য নে ? ( হয় নে নহয় লিখা)

উত্তৰঃ  

১০) ৰাম মনোহৰ লোহিয়া কোন মতবাদৰ সমৰ্থক আছিল  ?

উত্তৰঃ 

১১) সমতাৰ এটা দিশৰ নাম লিখা । 

উত্তৰঃ 

১২) "মানুহ প্ৰগতিগভাৱে সমান "- কোনে কৈছিল ?

উত্তৰঃ  

১৩) কোন ধেশত বৰ্ণ  বৈষম্যৰ প্ৰচলন আছিল ?

উত্তৰঃ  

১৪) বৈধ সমতাৰ দাবী উত্থাপিত হৈছিল -

(ক) ১৭ শতিকাত                                (খ) ১৯ শতিকাত 

(গ) ১৮ শতিকাত                                (ঘ) ২০ শতিকাত

উত্তৰঃ  


Type: Bipasha kakati     




Post ID : DABP006400