অধ্যায় ৪ 

মানৱ বিকাশ

    👉Download Book PDF
    👉MCQs Online exam 
    👉Chapter 4 MCQs Answer

অনুশীলনী

1. নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱা।

(i) নিম্নলিখিত কোনটোৰ বিকাশৰ আটাইতকৈ ভাল বৰ্ণনা দিয়েঃ-

a) বৰ্দ্ধিত আকাৰে,           b) অবিৰত আকাৰে,

c) গুণগত ধনাত্মক পৰিৱৰ্তনে,  d) গুণগত সাধাৰন পৰিবৰ্ত্তনে।

উত্তৰঃ (c) গুণগত ধনাত্মক পৰিৱৰ্তনে।

(ii) নিম্নলিখিত বিদ্বান সকলৰ মাজৰ কোনজনে মানৱ বিকাশৰ ধাৰনাৰ পৰিচিতি দিছিলঃ-

(a) প্ৰোফেচৰ অমৰ্ত্য সেন; (b) এলেন চি চেম্পল; (c) ডঃ মুহবুব-উল-হক; (d) ৰাটজেল।

উত্তৰঃ (c) ডঃ মুহবুব-উল-হক।

(ii) নিম্নলিখি সমূহৰ মাজৰ কোনখন দেশ, উচ্চ মানব বিকাশ যুক্ত নহয়ঃ-

a) নৰৱে,                 b) জাপান,

c) আৰ্জেন্টিনা,       d) ইজিপ্ত

উত্তৰঃ (d) ইজিপ্ত।


2. ৩০টা মান শব্দৰে নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(i)মানৱ বিকাশৰ তিনিটা মৌলিক অঞ্চল কি কি?

উত্তৰঃ মানৱ বিকাশৰ তিনিটা মৌলিক ক্ষেত্ৰ হ’ল— সুস্থ আৰু দীৰ্ঘ জীৱন যাপন কৰা, জ্ঞান আহৰণ কৰা আৰু এক শোভনীয় জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় সম্পদৰ সুবিধা লাভ কৰা।

(ii) মানৱ বিকাশৰ চাৰিটা মূখ্য উপাংশৰ নাম লিখা?

উত্তৰঃ  মানৱ বিকাশৰ চাৰিটা মূখ্য উপাংশৰ হল - সমদৰ্শন, ধাৰণাক্ষমতা, উৎপাদনশীলতা আৰু ক্ষমতা প্ৰদানশীলতা ।

(iii) মানৱ বিকাশৰ সূচকৰ আধাৰত দেশবোৰক কেনেদৰে বৰ্গীকৰন কৰা হয়?

উত্তৰঃ মানৱ বিকাশ সূচকৰ আধাৰত বিশ্বৰ দেশসমূহক সাধাৰণতে অতি উচ্চ, উচ্চ, মধ্যম আৰু নিম্ন মানৱ বিকাশযুক্ত দেশ— এই চাৰিটা শ্ৰেণীত ভাগ কৰা হয়।


3. ১৫০টা শব্দৰ প্ৰয়োগ কৰি নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(i) মানৱ বিকাশ সংজ্ঞাটোৰ দ্বাৰা কি বুজি পাইছা?

(ii) মানৱ বিকাশৰ ধাৰনাত অন্তৰ্গত হৈ থকা সমদৰ্শন আৰু ধাৰণক্ষমতাই কি বুজায়?

আঁচনি/কৰ্ম

(i) দহখন আটাইতকৈ বেছি দূনীৰ্তিগ্ৰস্ত দেশ আৰু দহখন কম দূনীৰ্তি থকা দেশৰ তালিকা প্ৰস্তুত কৰা। মানৱ বিকাশৰ সূচকত সেইবোৰৰ সাফল্যাংক তুলনা কৰা। তোমালোকে কি ধাৰণা কৰিব পাৰিলা?

(ii) তোমালোকে মানৱ বিকাশৰ ওপৰত যগুটোৱা আটাইতকৈ নতুন তথ্য সমূহৰ বিষয়ে আলোচনা কৰা।





Post ID : DABP006451

New Update 2026