আমাৰ ভৌগোলিক পৰিৱেশ | Lesson 4 | Class 3 Social Science Sankardev School  Question Answer Assam | শংকৰদেৱ বিদ্যালয় তৃতীয় শ্ৰেণী সমাজ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ |


পাঠ ৪

আমাৰ ভৌগোলিক পৰিৱেশ 



১। নৈ বা নদী কাক বোলে?

উত্তৰঃ কোনো হ্ৰদ বা পৰ্বতৰ পৰা উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ গৈ সাগৰত পৰা পানীভাগক নৈ বা নদী বোলে।


২। নদী আৰু উপ-নদীৰ মাজত পাৰ্থক্য় কি?

উত্তৰঃ নদী আৰু উপনদীৰ মাজত পাৰ্থক্য় হ'ল- 

নদী বৈ গৈ সাগৰত পৰে। আনহাতে উপনদী বৈ গৈ নদীত পৰে।


৩। হ্ৰদ আৰু দ্বীপৰ মাজৰ প্ৰধান পাৰ্থক্য়টো কি?

উত্তৰঃ হ্ৰদ আৰু দ্বীপৰ মাজৰ প্ৰধান পাৰ্থক্য়টো হ'ল- 

হ্ৰদক মাটিৰে বেৰি থাকে। আনহাতে দ্বীপক পানীৰে বেৰি থাকে।


৪। মালভূমি আৰু উপত্য়কা একেনে? যদি নহয় কিয়? 

উত্তৰঃ মালভূমি আৰু উপত্য়কা একে নহয়।

    কাৰণ, মালভূমি হৈছে পৰ্বতৰ দৰে ওখ ঠাইত বহু দূৰ বিয়পি থকা সমান ঠাই। আৰু উপত্য়কা হৈছে দুশাৰী পৰ্বতৰ মাজৰ আহল-বহল সমান ঠাই।


৫) সজাই লিখা -

(ক) বৃহত্তম মৰুভূমি    (ক) গ্ৰীণলেণ্ড 

(খ) উচ্চতম পৰ্বত    (খ) নীল নদী 

(গ) গভীৰতম হ্ৰদ    (গ) হিমালয়

(ঘ) দীৰ্ঘতম নদী    (ঘ) বৈকাল

(ঙ) বৃহত্তম দ্বীপ    (ঙ) চাহাৰা 

উত্তৰঃ 

(ক) বৃহত্তম মৰুভূমি - চাহাৰা।

(খ) উচ্চতম পৰ্বত - হিমালয়।

(গ) গভীৰতম হ্ৰদ - বৈকাল।

(ঘ) দীৰ্ঘতম নদী - নীল নদী।

(ঙ) বৃহত্তম দ্বীপ - গ্ৰীণলেণ্ড।


৬। সূত্ৰ বা সংজ্ঞা লিখি উদাহৰণ দিয়া-

পাহাৰ, পৰ্বত, টিলা, দ্বীপ, হ্ৰদ, মোহনা, আগ্নেয়গিৰি

পাহাৰঃ পৰ্বতৰ দৰে শিলাময়, গছ-গছনিৰে ভৰা কিন্তু পৰ্বততকৈ চাপৰ আৰু কম ঠাই বিয়পি থকা অসমান ভূ-খণ্ডক পাহাৰ বোলে। যেনে- নীলাচল, চৰাইডেউ, গাৰু পাহাৰ আদি।

ৰ্বতঃ বৰ ওখ শিলাময়, গছ-গছনিৰে ভৰা, বহুত দূৰ বিয়পি থকা অসমান ভূ-খণ্ডক পৰ্বত বোলে। যেনে- হিমালয়, বিন্ধ্য, আৰাৱলী আদি।

টিলাঃ গছ-গছনিৰে ভৰা, পাহাৰতকৈ চাপৰ আৰু কম ঠাই আগুৰি থকা অসমান ভূ-খণ্ডক টিলা বোলে। যেনে- টিক্ৰি কিল্লা।

দ্বীপঃ চাৰিওফালে পানীয়ে বেঢ়ি থকা স্থলভাগক দ্বীপ বোলে।

হ্ৰদঃ স্বাভাৱিকতে গঠন হোৱা, কেউপিনে মাটিৰে বেঢ়ি থকা গভীৰ পানীভাগক হ্ৰদ বোলে।

মোহনাঃ নদী বৈ আহি সাগৰ বা হ্ৰদৰ যি ঠাইত পৰে তাকেই সেই নদীৰ মোহনা বোলে। যেনে- গংগা-ব্ৰক্ষ্মপুত্ৰৰ মোহনা।

আগ্নেয়গিৰিঃ যি পৰ্বতৰ মুখেদি ধোঁৱা ছাই, উত্তপ্ত শিলাখণ্ড নিৰ্গত হয় সেই পৰ্বতকে আগ্নেয়গিৰি বোলে। যেনে- বিচুভিয়াছ।


-শ্ৰী হিৰু মনি বৰা



Post ID : DABP002820