অধিকাৰ | Chapter 5 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Rights |
Rights
Chapter 5
ৰচনাধৰ্মী প্ৰশ্ন ( Essay Type Question)
১) অধিকাৰ কি ? অধিকাৰৰ সংজ্ঞা দিয়া ।
উত্তৰঃ যিবোৰ সুযোগ-সুবিধাৰদ্বাৰা মানুহে নিজৰ ব্য়ক্তিত্ব প্ৰকাশ কৰিব পাৰে তাকে অধিকাৰ বুলি কোৱা হয়।
অধ্য়াপক লাস্কি-ৰ মতে "অধিকাৰ হৈছে সমাজ জীৱনত যিবোৰ নহ'লে সাধাৰণতে মীনুহে ব্য়ক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে।
হব্হাউছে কৈছিল যে "আমি আনৰ পৰা যি আশা কৰো আৰু আনেও আমাৰ পৰা যি আশা কৰে সেয়াই হৈছে অধিকাৰ
২) অধিকাৰ আৰু দায়বদ্ধতৰ মাজৰ সম্পৰ্কে
উত্তৰঃ ৰাষ্ট্ৰৰ নাগৰিকসকলে যিদৰে কিছুমান অধিকাৰ লাভ কৰে তেনেকৈ তেওঁলোকৰ কিছুমান দায়িত্বও থাকে। এটাক বাদ দি আনটো বৰ্ত্তি থাকিব নোৱাৰে। প্ৰত্য়েক নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব বা কৰ্তব্য় থাকে আৰু সেই সমূহ হৈছে
(ক) প্ৰত্য়েক নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য় থকা উচিত। প্ৰত্য়েক নাগৰিকে ব্য়ক্তিগত স্বাৰ্থ ৰাষ্ট্ৰৰ স্বাৰ্থৰ লগত মিলাই দি সমাজৰ স্বাৰ্থ বাবে যিকোনো ত্য়াগ কৰিবলৈ সাজু থাকিব লাগে।
(খ) নাগৰিকৰ আন এটা দায়িত্ব হৈছে আইন মানি চলা। ব্য়ক্তিস্বাধীনতা ৰক্ষাৰ উপৰিও সমাজৰ সৰ্বাংগীন মংগলৰ কাৰণে আইন প্ৰণয়ন কৰা হয়।
(গ) প্ৰত্য়েক নাগৰিকে নিজৰ স্বাৰ্থতকৈ দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগে। ব্য়ক্তিগত স্বাৰ্থৰ কথা চিন্তা কৰা লগতে সমাজৰ সমূহীয়া স্বাৰ্থ ৰক্ষাৰ কৰা কাৰণে প্ৰয়োজনীয় কিছুমান বিষয়ৰ ওপৰত ৰক্ষণা-বেক্ষণৰ দায়িত্ব পালন কৰিব লাগে। যেনে- বায়ুমণ্ডল ৰক্ষণা-বেক্ষণ, বায়ু আৰু পানীৰ প্ৰদূষণ ৰোধ কৰা।
৩) অধিকাৰ কাক বোলে ? এইবোৰৰ কিয় প্ৰয়োজন ?
উত্তৰঃ সমাজৰ যিবোৰ সুযোগ-সুবিধাৰদ্বাৰা মানুহে নিজৰ ব্য়ক্তিত প্ৰকাশ কৰিব পাৰে ইয়াকে অধিকাৰ বুলি কোৱা হয়। অধিকাৰ হৈছে ৰাষ্ট্ৰৰদ্বাৰা স্বীকৃত মানুহৰ কিছুমান দাবী।
৪) অধিকাৰৰ অৰ্থ ব্যাখ্যা কৰা । ইয়াৰ বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰঃ অধিকাৰ বৈশিষ্ট্য়সমূহ হ'ল
(ক) অধিকাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য় অংগ।
(খ) অধিকাৰৰ উদ্দেশ্য় হ'ল সামাজিক প্ৰাণী হিচাপে প্ৰতিজন মানুহৰ ব্য়ক্তিত্ব বিকাশৰ সুযোগ প্ৰদান।
(গ) অধিকাৰসমূহ সুনিৰ্দিষ্ট আৰু নিৰ্ধাৰিত। আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ অধিকাৰসমূহ লিপিবদ্ধ থাকে।
(ঘ) অধিকাৰ মানুহৰ ব্য়ক্তিগত দাবী নহয়, ই হ'ল মানুহৰ সামগ্ৰীক কল্য়াণৰ দাবী।
(ঙ) অধিকাৰ চিৰন্তন নহয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে অধিকাৰৰো পৰিৱৰ্তন হয়।
(চ) অধিকাৰ সাৰ্বজনীন, কোনো নিৰ্দিষ্ট শ্ৰেণী বা বা গোষ্ঠীৰ বাবে নহয়।
(ছ) অধিকাৰৰ লক্ষ্য় বা উদ্দেশ্য় হ'ল জনকল্য়াণমূখী।
৫) অধিকাৰৰ ভিত্তি কি ? কিহৰ ভিত্তিত কিছুমান অধিকাৰক সাৰ্বজনীন প্ৰকৃতিৰ বুলি বিবেচনা কৰা হয় ?
উত্তৰঃ
৬) অধিকাৰৰ সংজ্ঞা দিয়া ।বিভিন্ন প্ৰকাৰৰ অধিকাৰসমূহ উল্লেখ কৰা ।
উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ মতে সমাজৰ যিবোৰ সুযোগ-সুবিধাৰদ্বাৰা মানুহে নিজৰ ব্য়ক্তিত্ব প্ৰকাশ কৰিব পাৰে সেইসমূহকে অধিকাৰ বোলে। অধ্য়াপক লাস্কিৰ মতে "অধিকাৰ হ'ল সমাজ জীৱনৰ সেইবিলাক অৱস্থা যিবোৰ নহ'লে সাধাৰণতে মানুহে ব্য়ক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে"।
আন এজন চিন্তাবিদ হব্হাউছে কৈছিল যে- "আমি আনৰ পৰা যি আশা কৰো আৰু আনেও আমাৰ পৰা যি আশা কৰে সেইবোৰে হৈছে অধিকাৰ আৰু সকলো অকৃত্ৰিম অধিকাৰেই হৈছে সমাজ কল্য়াণৰ চৰ্ত"।
ডাঃ বেণী প্ৰসাদে কৈছিল যে- "অধিকাৰসমূহ হৈছে ব্য়ক্তিত্ব বিকাশৰ বাবে আৱশ্য়কীয় কিছুমান সামাজিক ব্য়ৱস্থা"।
অধিকাৰসমূহ তিনিটা ভাগত কৰা হৈছে প্ৰাকৃতিক অধিকাৰ নৈতিক অধিকাৰ আৰু মানৱ অধিকাৰ।
৭) বিভিন্ন প্ৰকাৰৰ অধিকাৰসমূহৰ উল্লেখ কৰা । তাৰে যিকোনো এটা চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ অধিকাৰ বিভিন্ন প্ৰকাৰৰ হৈছে, যিবোৰ ব্যক্তি আৰু সমাজৰ মঙ্গলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। অধিকাৰসমূহ সাধাৰণতে নিম্নলিখিত শ্ৰেণীত ভাগ কৰা হয়—
- প্ৰাকৃতিক অধিকাৰ (Natural Rights)
- আইনী অধিকাৰ (Legal Rights)
- নাগৰিক অধিকাৰ (Civil Rights)
- ৰাজনৈতিক অধিকাৰ (Political Rights)
- সামাজিক অধিকাৰ (Social Rights)
- অর্থনৈতিক অধিকাৰ (Economic Rights)
- সাংস্কৃতিক অধিকাৰ (Cultural Rights)
- মানৱ অধিকাৰ (Human Rights)
ৰাজনৈতিক অধিকাৰ (Political Rights) – চমু ব্যাখ্যা
ৰাজনৈতিক অধিকাৰ হৈছে নাগৰিকসকলে ৰাজ্যৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ লাভ কৰা অধিকাৰ। এই অধিকাৰসমূহৰ অন্তৰ্গত ভোটাধিকাৰ, নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ অধিকাৰ, চৰকাৰ গঠনত অংশগ্ৰহণ, মত প্ৰকাশৰ স্বাধীনতা, আৰু ৰাজনৈতিক সংগঠন গঠনৰ অধিকাৰ আছে। এই অধিকাৰে নাগৰিকসকলে গণতান্ত্ৰিক পদ্ধতিৰ জৰিয়তে শাসনব্যৱস্থাত সক্ৰিয় ভূমিকা লব পাৰে।
৮) সাম্প্ৰতিক কালত আমাৰ দেশত দাবী কৰা নুতন কিছুমান অধিকাৰৰ চমু আলোচনা কৰা ।
উত্তৰঃ সাম্প্ৰতিক কালত ভাৰতত বিভিন্ন গোষ্ঠী, সংগঠন, আৰু নাগৰিকসকলে নতুন অধিকাৰৰ দাবী উত্থাপন কৰিছে, যিবোৰ সমাজৰ উন্নতি, ন্যায়, আৰু অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূর্ণ। তলত তেনে কিছুমান গুৰুত্বপূৰ্ণ অধিকাৰৰ উল্লেখ কৰা হল—
১) ডিজিটেল গোপনীয়তাৰ অধিকাৰ (Right to Digital Privacy)
ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ বৃদ্ধিৰ লগে লগে ব্যক্তি তথ্য সুৰক্ষিত ৰাখিবলৈ ডাটা সুৰক্ষাৰ অধিকাৰ (Data Protection Right) দাবী কৰা হৈছে। ২০১৭ চনত ভাৰতৰ সুপ্ৰিম কোর্টে ব্যক্তিগত গোপনীয়তা মৌলিক অধিকাৰ বুলি স্বীকৃতি দিছে, কিন্তু এক বিশেষ ডাটা সুৰক্ষা আইনৰ প্ৰয়োজনীয়তা বৰ্তমানো অনুভৱ কৰা হয়।
২) পৰিবেশ অধিকাৰ (Right to a Clean Environment)
বায়ু দূষণ, পানী দূষণ, আৰু বন ধ্বংসৰ দৰে সমস্যাৰ বাবে পৰিবেশ সুৰক্ষাৰ অধিকাৰ দাবী উঠিছে। এই অধিকাৰৰ অধীনত নাগৰিকে পৰিবেশ সুৰক্ষিত ৰাখিবলৈ চৰকাৰক দায়বদ্ধ কৰিব পাৰিব।
৩) এলজিবিটিকিউ+ অধিকাৰ (LGBTQ+ Rights)
ভাৰতত ২০১৮ চনত ধাৰা ৩৭৭ ৰদ কৰা হৈছিল, কিন্তু সমলিঙ্গৰ বিবাহ আইনগতভাৱে স্বীকৃতি লাভ কৰা নাই। সেইবাবে এলজিবিটিকিউ+ গোষ্ঠীয়ে সমান অধিকাৰৰ দাবী অব্যাহত ৰাখিছে।
৪) ই-গভৰ্নেন্স আৰু ডিজিটেল নাগৰিক অধিকাৰ (Right to Digital Access and Governance)
সকলো নাগৰিকে ইণ্টাৰনেট আৰু অনলাইন চৰকাৰী সেৱাসমূহ লাভ কৰাৰ অধিকাৰ দাবী কৰিছে, বিশেষকৈ গ্ৰাম্য অঞ্চলৰ জনসাধাৰণৰ বাবে।
৫) মহিলাৰ সুৰক্ষাৰ অধিকাৰ (Right to Women’s Safety and Equality)
ভাৰতত মহিলাৰ সুৰক্ষাৰ বাবে নতুন আইন আৰু অধিকাৰৰ দাবী বৃদ্ধি পাইছে, যেনে কর্মক্ষেত্ৰত যৌন হয়ৰানি প্ৰতিৰোধ, সমান দৰমহাৰ অধিকাৰ, আৰু বিবাহত সমান অধিকাৰ।
৬) ৰোগীৰ অধিকাৰ (Right to Healthcare and Medical Facilities)
বিনামূলীয়া চিকিৎসা সুবিধা, প্ৰতি ঔষধৰ দাম নিয়ন্ত্ৰণ, আৰু ৰোগীৰ তথ্য গোপনীয়তা নিশ্চিত কৰাৰ অধিকাৰ দাবী কৰা হৈছে।
এইসকল অধিকাৰে ভাৰতৰ সমাজত অধিক ন্যায়, সাম্য, আৰু গণতান্ত্ৰিক মূল্যবোধ সুরক্ষিত হোৱাৰ আশা কৰা হৈছে।
৯) উপযুক্ত উদাহৰণৰে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ চমু আলোচনা কৰা ।
উত্তৰঃ
ভাৰতত নাগৰিকসকলক প্ৰদান কৰা বিভিন্ন অধিকাৰৰ ভিতৰত ৰাজনৈতিক, অৰ্থনৈতিক, আৰু সাংস্কৃতিক অধিকাৰ বিশেষভাৱে গুৰুত্বপূর্ণ। তলত এই তিনিটা অধিকাৰৰ সংক্ষিপ্ত আলোচনা কৰা হল—
১) ৰাজনৈতিক অধিকাৰ (Political Rights)
সংজ্ঞা: নাগৰিকসকলে ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ লাভ কৰা অধিকাৰ।
উদাহৰণ:
∎ ভোটাধিকাৰ: ভাৰতৰ প্ৰত্যেক নাগৰিকে ১৮ বছৰৰ পৰা ভোটদানৰ অধিকাৰ লাভ কৰে। উদাহৰণস্বৰূপে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভোট দি নাগৰিকে নিজৰ চৰকাৰ নিৰ্বাচন কৰিব।
∎ প্ৰাৰ্থী হোৱাৰ অধিকাৰ: যিকোনো যোগ্য নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ আছে, যেনে কেবিনেট মন্ত্ৰী হোৱাৰ সুযোগ।
∎ প্ৰতিবাদ আৰু মত প্ৰকাশৰ অধিকাৰ: ২০১৯ চনৰ CAA (Citizen Amendment Act)ৰ বিৰুদ্ধে বহুতো প্ৰতিবাদ সংঘটিত হৈছিল, যি মত প্ৰকাশৰ অধিকাৰৰ অন্যতম প্ৰয়োগ।
২) অৰ্থনৈতিক অধিকাৰ (Economic Rights)
সংজ্ঞা: নাগৰিকে অর্থনৈতিকভাৱে সুৰক্ষিত হোৱাৰ আৰু অৰ্থনৈতিক উন্নয়নত অংশগ্ৰহণ কৰাৰ অধিকাৰ।
উদাহৰণ:
∎ কৰ্মসংস্থাপন অধিকাৰ: ভাৰতত MGNREGA (Mahatma Gandhi National Rural Employment Guarantee Act) আইন অনুসৰি গ্ৰাম্য অঞ্চলৰ লোকসকলক বছৰি ১০০ দিনৰ নিশ্চিত কৰ্মসংস্থান প্ৰদান কৰা হয়।
∎ সমান দৰমহাৰ অধিকাৰ: ভাৰতত পুৰুষ আৰু মহিলাই সমান কামৰ বাবে সমান দৰমহা পোৱাৰ অধিকাৰ লাভ কৰিছে।
∎ মফচল এলেকাৰ ক্ষুদ্ৰ ব্যৱসায়: চৰকাৰে "Startup India" আৰু "Mudra Loan" ৰ জৰিয়তে নতুন উদ্যমীসকলক অৰ্থনৈতিকভাৱে সহায় কৰে।
৩) সাংস্কৃতিক অধিকাৰ (Cultural Rights)
সংজ্ঞা: ব্যক্তি বা গোষ্ঠীয়ে নিজৰ ভাষা, ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰা অটুট ৰাখিবলৈ লাভ কৰা অধিকাৰ।
উদাহৰণ:
∎ ভাষাগত অধিকাৰ: ভাৰতৰ সংবিধানে বিভিন্ন ভাষাক স্বীকৃতি দিছে। উদাহৰণস্বৰূপে, অসমীয়া ভাষা অসম ৰাজ্যৰ চৰকাৰী ভাষা হিচাপে স্বীকৃত।
∎ সংখ্যালঘু গোষ্ঠীৰ সাংস্কৃতিক অধিকাৰ: সংখ্যালঘু সম্প্রদায়ৰ লোকসকলে নিজৰ বিদ্যালয় স্থাপন কৰিব পাৰে, যেনে দিল্লীৰ "জামিয়া মিলিয়া ইসলামিয়া" বিশ্ববিদ্যালয়।
∎ সাংস্কৃতিক উত্সৱ উদযাপন: ভাৰতত হোলী, বিহু, ঈদ, দীপাৱলী, পংগল আদি বিভিন্ন উৎসৱ উৎসাহেৰে উদযাপন কৰা হয়, যি সাংস্কৃতিক অধিকাৰৰ প্ৰতিফলন।
এই তিনিটা অধিকাৰে নাগৰিকে ৰাজনৈতিক, অৰ্থনৈতিক, আৰু সাংস্কৃতিকভাৱে অধিক সজাগ আৰু শক্তিশালী হোৱাৰ সুযোগ লাভ কৰে।
১০) ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা ।
উত্তৰঃ
১১) বৈধ অধিকাৰ আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা ।
উত্তৰঃ
উপসংহাৰ:
এই তিনিটা অধিকাৰ পৰস্পৰ সম্পৰ্কিত হলেও, তেওঁলোকৰ উদ্দেশ্য আৰু কাৰ্যক্ষেত্ৰ পৃথক। ৰাজনৈতিক অধিকাৰ নাগৰিকসকলক চৰকাৰী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ সুযোগ দিয়ে, অৰ্থনৈতিক অধিকাৰ তেওঁলোকৰ জীৱিকা নিশ্চিত কৰে, আৰু সাংস্কৃতিক অধিকাৰে ভাষা, ধৰ্ম আৰু পৰম্পৰা ৰক্ষা কৰে।
১২) অধিকাৰে ৰাষ্ট্ৰীয় কৃৰ্তপক্ষৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰে । উদাহৰণ সমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ
১৩) অধিকাৰ উপভোগৰ ক্ষেত্ৰত থকা দায়বদ্ধতা আৰোপ কৰে । উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ
১৪) নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ বিভিন্ন উপায়বিলাক আলোচনা কৰা ।
উত্তৰঃ
১৫) আইনগত অধিকাৰ সম্পৰ্কে ব্যাখ্যা কৰা ।
উত্তৰঃ
১৬) ইমানুৱেল কাণ্টৰ অধিকাৰৰ ধাৰণাটো ব্য়াখ্যা কৰা ।
উত্তৰঃ
চমু উত্তৰৰ প্ৰশ্ন ( Short answer questions) :
১) সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা ।
উত্তৰঃ
২) অধিকাৰ কি ?
উত্তৰঃ সাধাৰণ অৰ্থত অধিকাৰ হৈছে কিছুমান কাম কৰা। ৰাজনীতি বিজ্ঞানৰ মতে সমাজৰ যিবোৰ সুযোগ-সুবিধাৰদ্বাৰা মানুহে নিজৰ ব্য়ক্তিত্ব প্ৰকাশ কৰিব পাৰে সেইবোৰকে অধিকাৰ বুলি কোৱা হয়।
৩) প্ৰাকৃতিক অধিকাৰ ।
উত্তৰঃ প্ৰাকৃতিক অধিকাৰ সাধাৰণ ইচ্ছা লগত অংগীভূত।
৪) অৰ্থনৈতিক অধিকাৰ ।
উত্তৰঃ ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা স্বীকৃত সকলো অধিকাৰৰ মূল ভিত্তি হ'ল অৰ্থনৈতিক অধিকাৰ। এই অধিকাৰে মানুহৰ অৰ্থনৈতিক নিৰাপত্তাক সুৰক্ষিত কৰে। অৰ্থনৈতিক অধিকাৰৰ অবিহনে নাগৰিকৰ আন সকলো অধিকাৰ মূল্য়হীন হয়।
৫) অধিকাৰৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা ।
উত্তৰঃ
৬) অধিকাৰৰ বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰঃ অধিকাৰৰ বৈশিষ্ট্য়সমূহ
১। অধিকাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য় অংগ।
২। অধিকাৰৰ উদ্দেশ্য় হৈছে সামাজিক প্ৰাণী হিচাপে প্ৰতিজন মানুহৰ ব্য়ক্তিত্ব বিকাশৰ সুযোগ প্ৰদান।
৩। অধিকাৰসমূহ সুনিৰ্দিষ্ট আৰু নিৰ্ধাৰিত। আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ অধিকাৰসমূহ লিপিবদ্ধ থাকে।
৪। অধিকাৰ মানুহৰ ব্য়ক্তিগত দাবী নহয়, ই হ'ল মানুহৰ সামগ্ৰীক কল্য়াণৰ দাবী।
৫। অধিকাৰ সাৰ্বজনীন, কোনো নিৰ্দিষ্ট শ্ৰেণী বা গোষ্ঠীৰ বাবে নহয়।
৬। অধিকাৰৰ লক্ষ্য় বা উদ্দেশ্য় হৈছে জনকল্য়াণমূখী।
৭) বৈধ অধিকাৰ আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা ।
উত্তৰঃ
৮) সাংস্কৃতিক অধিকাৰ ।
উত্তৰ
৯) মানুহৰ মৰ্যাদা সম্পৰ্কে কাণ্টৰ ধাৰণা কৰা ।
উত্তৰঃ পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰাণী মানৱ জাতি তুলনামূলকভাৱে সৰ্বশ্ৰেষ্ঠ সন্মান আৰু মৰ্যাদাৰ অধিকাৰী। ওঠৰ শতিকাৰ বিশিষ্ট জাৰ্মান দাৰ্শনিক- চিন্তাবিধ ইমানুৱেল কান্টৰ মতে এই ধাৰণাটোৰ অৰ্থ হৈছে প্ৰত্য়েক ব্য়ক্তিৰ ব্য়ক্তি হিচাপে তেওঁৰ সন্মান আৰু মৰ্যাদা আছে। সেই মতে তেওঁলোকক মান্য় কৰা উচিত।
কান্টৰ মতে মানুহক সন্মান জনোৱা মানে তেওঁক নৈতিকভাৱেও একে ব্য়ৱহাৰ কৰাকে বুজায়। যিসকলে সমাজৰ শ্ৰেণী বিভাজন আৰু মানৱ অধিকাৰ ভংগকাৰীৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হৈ আছে তেওঁলোকৰ বাবে এইটো এক বিশ্বাসযোগ্য় ব্য়ৱস্থা হিচাপে নিদিষ্ট হৈছে। তেওঁৰ এই স্থিতি দুটা যুক্তিৰ ওপৰত সুপ্ৰতিষ্ঠিত আৰু সেই দুটা হৈছে-
১। আমি নিজকে যেনেকৈ যেনেদৰে ভাবো আনকো ঠিক তেনেদৰে ভবা উচিত।
২। আমাৰ উদ্দেশ্য় সাধনৰ কাৰণে আন লোকক প্ৰলোভিত নকৰাটো নিশ্চিত হোৱা উচিত। আমি মানুহক আমাৰ প্ৰয়োজন বুলিয়েই নহয় তেওঁলোকক আমি মানুহ হিচাপেহে মান্য় কৰিব লাগে।
১০) অধিকাৰৰ দায়বদ্ধতাই কি বুজায় ?
উত্তৰঃ ৰাষ্ট্ৰৰ নাগৰিকসকলে যেনেকৈ কিছুমান অধিকাৰ লাভ কৰে তেনেকৈ তেওঁলোকৰ কিছুমান দায়িত্বও থাকে। ৰাষ্ট্ৰই নাগৰিকৰ অধিকাৰক স্বীকৃতি দি তেওঁলোকৰ নিজ নিজ ব্য়ক্তিত্বৰ পৰিপূৰ্ণতাৰ বিকাশৰ পথ সুগম কৰি তোলে। প্ৰত্য়েক নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব বা কৰ্তব্য় থাকে। প্ৰত্য়েক নাগৰিকে এই দায়িত্ব পালন নকৰিলে ৰাষ্ট্ৰৰ প্ৰগতিত বাধা হয়। নিজৰ সমাজ আৰু দেশৰ সৰ্বাংগীন মংগলৰ কাৰণে প্ৰত্য়েক নাগৰিকৰ কিছুমান দায়িত্ব থাকে আৰু সেই সমূহ হৈছে-
১। প্ৰত্য়েক নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য় থকা উচিত। নিজৰ স্বাৰ্থক দেশৰ স্বাৰ্থৰ লগত মিলাই দিব পাৰিলে নিজৰ আৰু দেশৰ মংগল সাধন হয়।
২। নাগৰিকৰ আন এটা দায়িত্ব হৈছে আইন মানি চলা। ব্য়ক্তিস্বাধীনতা ৰক্ষাৰ উপৰিও সমাজৰ সৰ্বাংগীন মংগলৰ কাৰণে আইন প্ৰণয়ন কৰা হয়। প্ৰত্য়েক নাগৰিকৰ দায়িত্ব হৈছে আইন মানি চলা।
৩। প্ৰত্য়েক নাগৰিকে নিজৰ স্বাৰ্থতকৈ দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগে। অৰ্থাৎ, ব্য়ক্তিগত স্বাৰ্থৰ কথা চিন্তা কৰাৰ লগতে সমাজৰ সমূহীয়া স্বাৰ্থ ৰক্ষাৰ কাৰণে প্ৰয়োজনীয় কিছুমান বিষয়ৰ ৰক্ষণা-বেক্ষণৰ দায়িত্ব পালন কৰিব লাগে।
১১) সাৰ্বজনীন মানৱ অধিকাৰৰ প্ৰস্তাৱনাটো উল্লেখ কৰা ।
উত্তৰঃ "মানৱ পৰিয়ালৰ প্ৰত্য়েক সদস্য়ৰ সহজাত মৰ্যাদা, সন্মান আৰু অ-বিচ্ছিন্ন অধিকাৰৰ স্বীকৃতিয়েই হৈছে পৃথিৱীত স্বাধীনতা, ন্য়ায় আৰু শান্তিৰ ভেঁটি"। মানৱ অধিকাৰ উলংঘন আৰু অৱমাননাৰ ফলত হোৱা নৃশংস আৰু অমানুষিক কাৰ্যই মানৱ জাতিৰ বিবেক-বুদ্ধিক চৰম অৱমাননা কৰিছে।
১২) সাৰ্বজনীন বুলি বিবেচনা কৰা তিনিটা অধিকাৰৰ নাম লিখা ।
উত্তৰঃ সাৰ্বজনীন বুলি বিবেচনা কৰা তিনিটা অধিকাৰৰ নাম হৈছে-
(ক) মানৱ অধিকাৰ, (খ) মৌলিক অধিকাৰ আৰু (গ) স্বাধীনতা অধিকাৰ।
১৩) তিনিটা অৰ্থনৈতিক অধিকাৰ উল্লেখ কৰা ।
উত্তৰঃ ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা স্বীকৃত সকলো অধিকাৰৰ মূল ভিত্তি হ'ল অৰ্থনৈতিক অধিকাৰ। অৰ্থনৈতিক অধিকাৰে মানুহৰ অৰ্থনৈতিক নিৰাপত্তাক সুৰক্ষিত কৰে। অৰ্থনৈতিক অধিকাৰ তিনিটা হৈছে
(ক) কৰ্মৰ অধিকাৰঃ কৰ্মৰ অধিকাৰ হৈছে নাগৰিকৰ সৰ্বপ্ৰধান অৰ্থনৈতিক অধিকাৰ। ৰাষ্ট্ৰই বিভিন্ন উপায় অৱলম্বন কৰি নাগৰিকৰ কৰ্মসংস্থানৰ দিহা কৰিব লাগে। কামৰ অধিকাৰৰ নিৰাপত্তা থাকিলেহে মানুহে দক্ষতাৰে কাম কৰাত প্ৰেৰণা পায়। সাধাৰণতে সমাজবাদী ৰাষ্ট্ৰবোৰত কামৰ অধিকাৰৰ লগতে নিৰাপত্তাৰ অধিকাৰো লাভ কৰে।
(খ) উপযুক্ত বেতনৰ অধিকাৰঃ উপযুক্ত মজুৰিৰ অধিকাৰ কামৰ অধিকাৰৰ লগত সম্পৰ্কযুক্ত। কোনো এজন কৰ্মচাৰীয়ে কামৰ আৰু ইয়াৰ পৰিমান অনুসাৰে উপযুক্ত পৰিশ্ৰমিক পাব লাগে যাতে তেওঁ প্ৰয়োজনীয় নিম্নতম সামগ্ৰীখিনি সংগ্ৰহ কৰিব পাৰে। অন্ধ, কলা, বোবা আৰু শাৰীৰিকভাৱে অক্ষম লোকক আৱশ্য়কীয় সাহায্য় দিয়াৰ বিধান আছে। আধুনিক যুগত এই লোকসকলক নানা ধৰণেৰে অৰ্থনৈতিক নিৰাপত্তাৰৰ ব্য়ৱস্থা প্ৰায়বোৰ ৰাষ্ট্ৰতে থকা দেখা যায়।
(গ) বিশ্ৰাম আৰু জিৰণিৰ অধিকাৰঃ সকলো শ্ৰমিকৰ বিশ্ৰামৰ অধিকাৰ থাকে। গ্ৰীক দাৰ্শনিক এৰিষ্ট'টলে কৈছিল যে "সূখী হ'ব কাৰণে জিৰণিৰ আৱশ্য়ক"।
১৪) '' অৰ্থনৈতিক অধিকাৰ অবিহনে নাগৰিকৰ আন সকলো মূল্যহীন ।''- ব্যাখ্যা কৰা ।
উত্তৰঃ "অৰ্থনৈতিক অধিকাৰ অবিহনে নাগৰিকৰ আন সকলো মূল্য়হীন। অৰ্থনৈতিক অধিকাৰে ৰাজনীতি বিজ্ঞানৰ অধ্য়ায়নত এক উল্লেখযোগ্য় স্থান অধিকাৰ কৰি আহিছে। ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা স্বীকৃত সকলো অধিকাৰৰ মূল ভিত্তি হ'ল অৰ্থনৈতিক অধিকাৰ। এই অধিকাৰে মানুহৰ অৰ্থনৈতিক নিৰাপত্তাক সুৰক্ষিত কৰে। অধ্য়াপক লাস্কিৰ মতে "অৰ্থনৈতিক অধিকাৰ হ'ল দৈনিক খাদ্য় সংস্থানৰ বাবে যুক্তিসংগত অৰ্থ সংগ্ৰহ কৰাৰ উচিত।
১৫) প্ৰাচীন কালত অধিকাৰ সম্বন্ধে ৰাজনীতিবিদসকলে কি কৈছিল ?
চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ প্ৰাচীন কালত অধিকাৰ সম্বন্ধে হব্চ্, ল'ক আৰু ৰুছোৰ মতে প্ৰাকৃতিক ৰাজ্য়ত মানুহে কিছুমান অধিকাৰ ভোগ কৰিছিল। সেই অধিকাৰসমূহ আছিল প্ৰকৃতি। সেই অধিকাৰসমূহ সমাজ সৃষ্টিৰ আগতে প্ৰকৃতি ৰাজ্য়ত মানুহে ভোগ কৰিছিল। সেই কাৰণে কৈছিল যে মানুহে ভোগ কৰা অধিকাৰবিলাকৰ উৎপত্তি হ'ল প্ৰাকৃতিক নিয়ম-নীতি। মানুহে জন্ম লগে লগে এই অধিকাৰবিলাকৰ অধিকাৰী হৈছিল। প্ৰাকৃতিক অধিকাৰবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভআগ কেইটা হৈছে জীৱন-ধাৰণৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ। মানুহে জন্মগ্ৰহণ কৰা লগতে কিছুমান অধিকাৰ ভোগ কৰে। গতিকে প্ৰাকৃতিক নিয়ম অনুসাৰে লাভ কৰা অধিকাৰসমূহ কোনো সংগঠনে আঁতৰাই নিয়া উচিত নহয়।
ৰাষ্ট্ৰৰ বুনিয়াদ হৈছে মানুহৰ অধিকাৰবোৰ। এই অধিকাৰসমূহৰ অবিহনে এজন ব্য়ক্তিয়ে প্ৰকৃত অৰ্থত মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে। সকলো মানুহে সমান কোনেও কাৰো অনুগত হ'বলৈ জন্মগ্ৰহণ নকৰে।
১৬) ব্যাক্তিগত অধিকাৰ ৰাষ্ট্ৰৰ ওপৰত কিয় সীমাবদ্ধতা ? দুটা কাৰণ লিখা ।
উত্তৰ
১৭) প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটো সমালোচনাসহ ব্যাখ্যা কৰা ।
উত্তৰঃ প্ৰাকৃতিক ৰাজ্য়ত মানুহে কিছুমান অধিকাৰ ভোগ কৰিছিল। এই অধিকাৰবোৰ সমাজ সৃষ্টিৰ আগতে প্ৰকৃতিৰ ৰাজত্বত মানুহে ভোগ কৰিছিল। সামাজিক চুক্তিৰ সমৰ্থকসকলৰ মতে সমাজ সৃষ্টিৰ আগতে প্ৰকৃতিৰ ৰাজত্ব আছিল।সেইটো সময়ত মানুহে অবাধ স্বাধীনতা অধিকাৰী আছিল। ল'কে কৈছিল যে সমাজ গঠন হোৱা পিছতো মানুহৰ প্ৰাকৃতিক অধিকাৰবোৰ লোপ পোৱা নাছিল। হবছ্, ল'ক আৰু ৰুছোৰ মতে মানুহৰ প্ৰাকৃতিক অধিকাৰসমূহ ৰাষ্ট্ৰৰ উৎপত্তিৰ আগৰ পৰাই বিৰাজ কৰিছিল।
প্ৰাকৃতিক অধিকাৰ তত্ত্বটো বিভিন্ন দিশৰ পৰা তীব্ৰ সমালোচনাৰ সন্মূখীন হৈছিল।
'প্ৰাকৃতিক অধিকাৰ' এই শব্দৰাজিৰ কোনো সৰ্বজনগ্ৰাহ্য় তাৎপৰ্য নাই। প্ৰাকৃতিক অধিকাৰ বুলিলে বিভিন্ন লেখকে বিভিন্ন অভিমত পোষণ কৰিছিল।
ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে 'প্ৰকৃতি' ৰাজ্য় আছিল যদিও যুক্তিৰ ফালৰ পৰা অধিকাৰৰ অস্তিত্ব নাছিল। মানুহৰ অবাধ স্বাধীনতা কিছুমান নিয়ম-নীতি জৰিয়তে ৰাষ্ট্ৰৰদ্বাৰা স্বীকৃত হৈছিল। সমাজৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ অধিকাৰো পৰিৱৰ্তন ঘটিছিল। প্ৰাকৃতিক অধিকাৰ কেতিয়াও অবাধ নহয়। সামাজিক অৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে অধিকাৰৰ পৰিৱৰ্তন হয়।
১৮) নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ উপায় সম্পৰ্কে এটা টোকা লিখা।
উত্তৰঃ এখন সমাজত মুক্ত আৰু সভ্য় জীৱন-যাপনৰ বাবে অত্য়াৱশ্য়কীয় অধিকাৰবোৰকে নাগৰিক অধিকাৰ বোলে। এই অধিকাৰসমূহে ব্য়ক্তিৰ ব্য়ক্তিত্ব বিকাশত সহায় কৰে। এই অধইকাৰৰ অবিহনে মানুহে সমাজত সভ্য় জীৱন-যাপন কৰিব নোৱাৰে। প্ৰত্য়েক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ কাৰণে কিছুমান অধিকাৰৰ ব্য়ৱস্থা আছে। নাগৰিকৰ ৰাষ্ট্ৰৰ কৰ্তব্য়। নাগৰিক অধিকাৰ সংৰক্ষণৰ উপায়সমূহ হৈছে-
১। সংবিধানঃ নাগৰিক অধিকাৰ সুৰক্ষাৰ প্ৰথম উপায় হৈছে সংবিধান। প্ৰত্য়েক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ অধিকাৰসমূহ লিপিবদ্ধ কৰি সেইবোৰ সংৰক্ষণৰ ব্য়ৱস্থা কৰা হয়। যেনে- ভাৰতৰ নাগৰিকৰ অধিকাৰসমূহ সংবিধানত সুস্পষ্টভাৱে উল্লেখ আছে।
২। আইনৰ শাসনঃ আইনৰ শাসন নাগৰিকৰ অধিকাৰ ৰক্ষাৰ আন এটা উপায়। ইয়াৰ অৰ্থ হৈছে আইনৰ চকুত সকলো সমান। আইনৰ আগত জাতি-ধৰ্ম, ধনী-দুখীয়া আৰু উচ্চ-নীচ বুলি কোনো প্ৰভেদ নাথাকে।
৩। ক্ষমতা পৃথকীকৰণঃ নাগৰিকৰ অধিকাৰ ৰক্ষা কৰাৰ কাৰণে ক্ষমতা পৃথকীকৰণৰ বিশেষ প্ৰয়োজন।
৪। আইনৰ প্ৰকৃতিঃ আইনৰ প্ৰকৃতিৰ ওপৰতো নাগৰিকৰ অধিকাৰ বহু পৰিমাণে নিৰ্ভৰশীল।
৫। গণতন্ত্ৰঃ গণতন্ত্ৰ ব্য়ক্তিস্বাধীনতা অন্য়তম ৰক্ষাকৱচ। যেতিয়া কোনো চৰকাৰে নাগৰিক অধিকাৰত হস্তক্ষেপ কৰে তেতিয়া জনসাধাৰণে সেই চৰকাৰ ভাঙি বেলেগ চৰকাৰ পাতি তেওঁলোকৰ অধিকাৰ অটুট ৰাখিবলৈ সমৰ্থ হয়।
অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short question ):
১) 'অধিকাৰ'ৰ যিকোনো দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ 'অধিকাৰ'ৰ দুটা বৈশিষ্ট্য় হৈছে-
(ক) অধিকাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য় অংগ।
(খ) অধিকাৰ মানুহৰ ব্য়ক্তিগত দাবী নহয়, ই হ'ল মানুহৰ সামগ্ৰীক কল্য়াণৰ দাবী।
২) নাগৰিকৰ অধিকাৰ ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা ।
উত্তৰঃ নাগৰিক অধিকাৰ ৰক্ষাৰ দুটা উপায় হৈছে-
(ক) সংবিধান আৰু (খ) আইনৰ শাসন।
৩) দুটা ৰাজনৈতিক অধিকাৰৰ নাম লিখা ।
উত্তৰঃ ৰাজনৈতিক অধিকাৰ দুটা নাম হ'ল-
(ক) ভোটদানৰ অধিকাৰ আৰু (খ) আবেদন কৰা অধিকাৰ।
৪) দুটা অৰ্থনৈতিক অধিকাৰ লিখা ।
উত্তৰঃ অৰ্থনৈতিক অধিকাৰ দুটা হৈছে-
(ক) কৰ্মৰ অধিকাৰ আৰু (খ) বিশ্ৰাম আৰু জিৰণিৰ অধিকাৰ।
৫) নাগৰিকৰ দুটা দায়বদ্ধতা উল্লেখ কৰা ।
উত্তৰঃ নাগৰিকৰ দুটা দায়বদ্ধতা হৈছে-
(ক) প্ৰত্য়েক নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য় থকা উচিত। প্ৰত্য়েক নাগৰিকে ব্য়ক্তিগত স্বাৰ্থ ৰাষ্ট্ৰৰ স্বাৰ্থৰ লগত মিলাই দি সমাজৰ স্বাৰ্থৰ বাবে যিকোনো ক্ষেত্ৰত ত্য়াগ কৰিবলৈ সাজু থাকিব লাগে।
(খ) নাগৰিকৰ আন এটা দায়িত্ব হৈছে আইন মানি চলা। ব্য়ক্তিস্বাধীনতা ৰক্ষাৰ উপৰিও সমাজৰ সৰ্বাংগীন মংগলৰ কাৰণে আইন প্ৰণয়ন কৰা হয়।
৬) প্ৰাকৃতিক অধিকাৰে কি বুজায় ?
উত্তৰঃ প্ৰাকৃতিক অধিকাৰ হৈছে প্ৰাকৃতিক ৰাজ্য়ত মানুহে কিছুমান অধিকাৰ ভোগ কৰিছিল। এই অধিকাৰবিলাক সমাজ সৃষ্টিৰ আগতে প্ৰকৃতিৰ ৰাজত্ব আছিল। সেই সময়ত মানুহ আছিল অবাধ স্বাধীনতা অধিকাৰী।
৭) নাগৰিক অধিকাৰ দুটাৰ নাম লিখা ।
উত্তৰঃ নাগৰিক অধিকাৰ দুটা নাম হৈছে- (ক) জীৱনৰ অধিকাৰ আৰু (খ) সম্পত্তিৰ অধিকাৰ।
৮) মানৱ অধিকাৰে কি বুজায় ?
উত্তৰঃ
৯) দুটা মানৱ অধিকাৰ উল্লেখ কৰা ।
উত্তৰঃ মানৱ অধিকাৰ দুটা হৈছে (ক) জীৱন-ধাৰণৰ অধিকাৰ আৰু (খ) শিশুৰ অধিকাৰ।
১০) নাগৰিকে উপভোগ কৰা যিকোনো দুটা ৰাজনৈতিক অধিকাৰৰ নাম লিখা ।
উত্তৰ
(ক) বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective Type question )
১) ৰাষ্ট্ৰসংঘই '' সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা - পত্ৰ "খন কেতিয়া গ্ৰহণ কৰিছিল ?
উত্তৰ
২) "অধিকাৰ হল সমাজ জীৱনৰ সেইবিলাক অৱস্থা যিবিলাক নহলে সাধাৰণতে মানুহে ব্যাক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে ।"- এই উক্তিটো কাৰ ?
উত্তৰ
৩) ভোটদানৰ অধিকাৰ কোন শ্ৰেণীৰ অধিকাৰত অন্তভুক্ত ?
উত্তৰ
৪) ভাৰতীয় সংবিধানৰ কোন অংশত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল ।
উত্তৰ
৫) অধিকাৰৰ এটা সূত্ৰ দিয়া ।
উত্তৰ
৬) এটা মৌলিক অধিকাৰ উল্লেখ কৰা ।
উত্তৰ
৭) কাণ্টে মানুহৰ অধিকাৰ সম্পৰ্কে উল্লেখ কৰা যুক্তি এটা লিখা ।
উত্তৰ
৮) নাগৰিকৰ এটা মৌলিক প্ৰয়োজনউল্লেখ কৰা ।
উত্তৰ
৯) প্ৰস্তাৱনাত উল্লেখ থকা এটা অধিকাৰৰ নাম লিখা ।
উত্তৰ
১০) অধিকাৰ ৰক্ষাৰ যিকোনো দুটা উপায় উল্লেখ কৰা ।
উত্তৰ
১১) দুই প্ৰকাৰৰ অধিকাৰৰ নাম লিখা ।
উত্তৰ
১২) তথ্য জনাৰ অধিকাৰ কি ?
উত্তৰ
১৩) অধিকাৰৰ গুৰুত্ব কি ?
উত্তৰ
১৪) তুমি বিচৰা দুটা নতুন অধিকাৰৰ নাম লিখা ।
উত্তৰ
১৫) প্ৰাকৃতিক অধিকাৰৰ এজন সমৰ্থকৰ নাম লিখা ।
উত্তৰ
১৬) নাগৰিকৰ এটা কৰ্তব্য উল্লেখ কৰা ।
উত্তৰ
১৭) অধিকাৰ আৰু দাবীৰ মাজত পাৰ্থক্য ।
উত্তৰ
১৮) মানুহৰ আৱশ্যকীয় অধিকাৰ কি ?
উত্তৰ
১৯) কৰ্মৰ অধিকাৰৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ
২০) মানৱ অধিকাৰৰ এটা উদাহৰণ দিয়া ।
২১) খালী ঠাই পূৰ কৰাঃ
(ক) ভোটাধিকাৰ হল এটা____________ অধিকাৰ ।
(খ) অধিকাৰ আৰু _________ হল এটা মুদ্ৰাৰ দুটা ফাল ।
(খ) শুদ্ধ নে অশুদ্ধ লিখা ( Write correct Incorrect):
১) অধিকাৰে কৰ্তব্যক সূচায় ।
উত্তৰ
২) জীৱিকাৰ অধিকাৰক প্ৰয়োজনীয় বুলি দাবী কৰিব পাৰিনে ?
উত্তৰ
৩) অধিকাৰ মানুহৰ কল্যাণৰ কাৰণে প্ৰয়োজন ।
উত্তৰ
৪) অধিকাৰ আৰু নৈতিকতা পৰস্পৰ বিৰোধী ।
উত্তৰ
৫) ধূমপান বা ড্ৰগচ সেৱন এটা মৌলিক অধিকাৰ ।
উত্তৰ
(গ) শুদ্ধ উত্তৰ বাছি উলিওৱা ( Choose the correct answer):
১) প্ৰাকৃতিক অধিকাৰবোৰে আমাক দিয়ে -
(ক) সংবিধান (খ) সংবাদ (গ) প্ৰকৃতিয়ে (ঘ) ৰজাই
২) জীৱনৰ অধিকাৰ হল -
(ক) নৈতিক অধিকাৰ (খ) পৌৰ অধিকাৰ
(গ)ৰাজনৈতিক অধিকাৰ (ঘ) অৰ্থনৈতিক অধিকাৰ
Type: Bipasha Kakati
Post ID : DABP006470