Chapter: 5
নৃগোষ্ঠী বৰ্ণনাতত্ত্ব
Ethnography
অনুশীলনী
1. গাৰোসকলৰ মাজত থকা ডেকা চাঙৰ নাম কি ?
উত্তৰঃ নোকাপান্তে।
2. গাৰোসকলৰ এটা প্ৰধান কৃষি উৎসৱৰ নাম লিখা ।
উত্তৰঃ ৱানগালা।
3. গাৰোসকলে খেতি কৰা প্ৰধান শস্যবোৰ কি কি ?
উত্তৰঃ ধান, গোমধান, মাকৈ, কণীধান।
4. মিচিংসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস কি ?
উত্তৰঃ কৃষি।
5. আপটানিসকলে ক'ত বাস কৰে ?
উত্তৰঃ অৰুণাচল প্ৰদেশত।
6. মিচিংসকলৰ কৃষি পদ্ধতি আলোচনা কৰা।
উত্তৰঃ মিচিংসকলৰ মুখ্য় জীৱিকা হৈছে কৃষি। তেওঁলোকে গৰু আৰু ম'হেৰে হাল বাই খেতি-বাতি কৰে। তেওঁলোকে আহু-শালি দুয়োবিধ ধানৰ খেতি কৰে। তদুপৰি কপাহ, মিঠা আলু, তিয়ঁহ, গোম ধান, আদা, হালধি, কল আদিৰ খেতিও তেওঁলোকে কৰে। মতা মানুহে সাধাৰণতে হাল বাই মাটি চহাই আৰু তিৰোতাই ৰোৱা আৰু নিৰণিৰ কাম কৰে।
7. গাৰোসকলৰ কৃষি পদ্ধতি সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ পৰম্পৰাগত গাৰোসকলৰ জীৱিকাৰ প্ৰধান উপায় হ'ল ঝুম খেতিৰ খেতি। ঝুম খেতিক তেওঁলোকে 'আৰংগা গামা' অথবা 'আগাচাআ' বোলে। ঝুম খেতিৰ প্ৰধান আহিলা হ'ল এখন ক্ষুদ্ৰ আকাৰৰ কোৰ। গাৰোভাষাত ইয়াক 'গিৎচি' বোলা হয়। তদুপৰি হাবি-বন কাটিবলৈ কুঠাৰৰ আকৃতিৰ দা ব্য়ৱহাৰ কৰে। এই দা খনক 'আঠে মোংৰেং' বোলে।
8. গাৰোসকলৰ সাজ-পাৰৰ বিষয়ে কি জানা লিখা ।
উত্তৰঃ পুৰণীকলিয়া গাৰো পুৰুষে কেৱল কৌপিন পৰিধান কৰিছিল। কৌপিন হৈছে নীলা ৰঙৰ দীঘলীয়া এডোখৰ কাপোৰ আৰু ইয়াত দীঘলে দীঘলে ৰঙা আঁচ থাকে। কাপোৰখন 4 আৰু পুতল প্ৰায় এবেগেত।
পৰম্পৰাগত গাৰো নাৰীৰ সাজপাৰ হ'ল দুহাতমান দীঘল আৰু দুবেগেতমান বহল গামোচাৰ আকাৰ এখনি বস্ত্ৰ। বস্ত্ৰখন কঁকালৰ তলত আঁঠুৰ ওপৰলৈকে পিন্ধিছিল। কাপোৰখন সাধাৰণতে ক'লা বা নীলা ৰঙৰ আৰু ইয়াত দীঘলে ৰঙা আঁচ আছিল।
9. আপটানিসকলৰ বুলিয়াং সংগঠন কি?
উত্তৰঃ আপটানি গাঁৱৰ শাসন ব্য়ৱস্থা বিভিন্ন গোত্ৰৰ প্ৰতিনিধিসকলৰ দ্বাৰা পৰিচালিত হয়। এনে প্ৰতিনিধিসকলক 'বুলিয়াং' বোলা হয়।
10. আপটানিসকলৰ সমাজ সংগঠন সম্বন্ধে এটা টোকা লিখা।
উত্তৰঃ আপটানি উপত্য়াকটো সাতখন গাঁৱৰ সমষ্টি। এই গাঁৱকেইখন হ'ল- হাং, হাৰি, বেলা, হাজা, দুতা, মুদাং-তাগে আৰু মিচি-বামিন। আপটানিসকলে গাঁও একোখনক 'লেম্বা' বোলে। একোখন গাঁৱত একাধিক গোত্ৰৰ লোকে বাস কৰিব পাৰে। এই সাতখন গাঁৱৰ অধিবাসীসকলৰ কিছুমান সমূহীয়া ধৰ্মীয় তথা সামাজিক অনুষ্ঠান আছে। এই অনুষ্ঠানবোৰত সাতখন গাঁৱৰ ৰাইজে একেটা সামাজিক-সাংস্কৃতিক গোটস্বৰূপে কাম কৰে।
11. আওনগাসকলৰ বয়:বস্তু পদ্ধতিৰ বিষয়ে কি জানা লিখা।
উত্তৰঃ
12. আওনগাসকলৰ মোৰাং সংগঠন সম্বন্ধে লিখা।
উত্তৰঃ
Type: Hirokjyoti Bora.
Author: Himashree Bora.
Post ID : DABP002836
Paid E-Notes Available
Only 50 Rupees (Get All Chapter Notes)