নাগৰিকতা | Chapter 6 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Citizenship |
Citizenship
Chapter 6
    👉MCQs Online Exam
    👉Chapter 6 MCQs Answer
    👉Paid Answer   (Buy Now)
    👉Paid Answer  (English Medium)
ৰচনাধৰ্মী প্ৰশ্ন (Essay Type questions):
১) নাগৰিকৰ সংজ্ঞা দিয়া । নাগৰিক আৰু বিদেশীৰ মাজত থকা পাৰ্থক্যবোৰ ব্যাখ্যা কৰা । 
উত্তৰঃ গ্ৰীক দাৰ্শনিক আৰু ৰাজনৈতিক চিন্তাবিদ এৰিষ্ট'টল -ৰ মতে "যি ব্য়ক্তিৰ ৰাষ্ট্ৰৰ আলোচনামূলক অথবা বিচাৰ বিভাগীয় প্ৰশাসনত অংশগ্ৰহণৰ ক্ষমতা আছে তেওঁক সেই ৰাষ্ট্ৰৰ নাগৰিক বুলি অভিহিত কৰা হয়। নাগৰিক আৰু বিদেশীৰ মাজৰ পাৰ্থক্য় হ'ল-
    ১। এজন নাগকিৰ সেই দেশৰ স্থায়ী বাসিন্দা আনহাতে, বিদেশীসকল সেইখন দেশত অস্থায়ীভাৱেহে থাকে।
২। নাগৰিকসকলে নিজৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য় দেখুৱাব লাগে আনহাতে, বিদেশীসকলে তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰৰ প্ৰতিহে আনুগত্য় দেখুৱাই থাকিব লাগে। 
৩। বিদেশী এজনে বসবাস কৰাৰ কাৰণে ৰাষ্ট্ৰৰ পৰা অনুমতি পাব লাগে। আনহাতে, স্বাভাৱিক নাগৰিকৰ ক্ষেত্ৰত তেনে ব্য়ৱস্থা প্ৰযোজ্য় নহয়। 
৪। নাগৰিকসকলৰ যিদৰে অধিকাৰ আছে সেইদৰে ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য়ও আছে। আনহাতে, বিদেশী এজনে যি ৰাষ্ট্ৰলৈ আহে সেই ৰাষ্ট্ৰৰ বিভিন্ন দায়িত্ব আৰু কৰ্তব্য় পালনত বাধা নাথাকে।  
২) নাগৰিক কোন  ? নাগৰিকত্ব কেনেকৈ অৰ্জন কৰিব পাৰি  ? - আলোচনা কৰা । 
উত্তৰঃ সামাজিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰি ৰাষ্ট্ৰৰ প্ৰতি কিছুমান কৰ্তব্য় পালন কৰা ব্য়ক্তিকে নাগৰিক বুলি কোৱা হয়। নাগৰিকত্ব কেনেদৰে অৰ্জন কৰিব পাৰি তলত আলোচনা কৰা হ'ল-
    সাধাৰণতে দুটা পদ্ধতিয়ে নাগৰিকত্ব লাভ কৰিব পাৰি। ১। জন্মসূত্ৰৰ দ্বাৰা আৰু ২। দেশীয়কৰণৰ দ্বাৰা। যিসকল লোকে জন্মৰ দ্বাৰা নাগৰিকত্ব পায় তেওঁলোকক স্বাভাৱিক নাগৰিক আৰু যিসকলে দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব পায় তেওঁলোকক দেশীয়কৃত নাগৰিক বোলা হয়। সাধাৰণতে আধুনিক ৰাষ্ট্ৰবোৰে এই তিনিটা পদ্ধতিয়ে নাগৰিকত্ব অৰ্জন ব্য়ৱস্থা কৰে। 
  ১।জন্মসূত্ৰৰ দ্বাৰা নাগৰিকত্ব অৰ্জনঃ জন্মসূত্ৰৰ দ্বাৰা যিকোনো মানুহ এখন দেশৰ নাগৰিক হ'ব পাৰে। এজন শিশু যি দেশত জন্মগ্ৰহণ কৰে সেই দেশৰে নাগৰিক হয়। জন্মৰ দ্বাৰা নাগৰিকত্ব লাভ কৰা নীতিক দুটা ভাগত ভাগ কৰা হৈছে (ক) তেজৰ সম্পৰ্ক আৰু (খ) জন্মস্থান নীতি। জন্মনীতি অনুসৰি এজন লোকে বংশগত হিচাপে নাগৰিকত্ব লাভ কৰিব পাৰে। অৰ্থাৎ ল'ৰা-ছোৱালীয়ে যি দেশত জন্মগ্ৰহণ নকৰক কিয় সিহত্ঁৰ মাক-বাপেক যিখন দেশৰ নাগৰিক সেই দেশখনৰ নাগৰিকত্ব লাভ কৰে। 
  ২। দেশীয়কৰণ পদ্ধতিৰ দ্বাৰা নাগৰিকত্ব অৰ্জনঃ জন্মস্বত্ন সূত্ৰৰ বাহিৰে আন উপায়েৰে নাগৰিকতা লাভ কৰা পদ্ধতিক দেশীয়কৰণ পদ্ধতি বুলি কোৱা হয়। নানাধৰণৰ উপায়েৰে এনে ধৰণে নাগৰিকতা অৰ্জন কৰা সম্ভৱ। সেইসমূহ উপায় হৈছে- 
    (ক) দীৰ্ঘকাল বসবাসঃ কোনো এজন বিদেশীয়ে নাগৰিকতা লাভ কৰিব বিচৰা ৰাষ্ট্ৰত কেইবছৰমান স্থায়ীভাৱে বাস কৰিব লাগিব। 
    (খ) বিবাহঃ বিবাহৰ দ্বাৰা কোনো বিদেশী মহিলাই আন এখন দেশৰ নাগৰিকতা লাভ কৰিব পাৰে। 
    (গ) চৰকাৰী চাকৰি গ্ৰহণঃ যদি কোনো ব্য়ক্তিয়ে দীৰ্ঘদিন ধৰি আন কোনো দেশৰ চৰকাৰৰ অধিনত চাকৰিৰ গ্ৰহণ কৰে তেন্তে তেওঁ নিজৰ দেশৰ নাগৰিকতা ত্য়াগ কৰি সেই দেশৰ নাগৰিকতা লাভ কৰিব পাৰে। 
    ৩। কোনো অঞ্চল চামিলকৰণৰ জৰিয়তে নাগৰিকতা অৰ্জনঃ এই পদ্ধতিৰ অনুসৰি কোনো এখন ৰাষ্ট্ৰই ওচৰ-চুবুৰীয়া কোনো ৰাষ্ট্ৰৰ এটা অঞ্চল যদি নিজৰ ৰাষ্ট্ৰৰ লগত চামিল কৰি লয় তেতিয়া সেই অঞ্চলত বাস কৰা মানুহখিনি চামিলকৃত ৰাষ্ট্ৰৰ নাগৰিক হ'ব। 
৩) কি কি কাৰণত নাগৰিকত্ব লোপ পায় বৰ্ণনা কৰা । 
উত্তৰঃ নাগৰিকতা যেনেকৈ লাভ কৰা হয় ঠিক তেনেদৰে নাগৰিকতা হেৰুৱাবও পাৰে। বিভিন্ন কাৰণত এজন লোকে নাগৰিকতা হেৰুৱাবৰ পাৰে সেইসমূহ হৈছে-
 (ক) যদি এখন দেশৰ নাগৰিকে আন এখন দেশৰ দেশীয়কৃত নাগৰিকত্ব গ্ৰহণ কৰে, তেতিয়া তেওঁ নিজৰ দেশৰ নাগৰিকত্ব হেৰুৱাই। কাৰণ এজন ব্য়ক্তিয়ে একেলগে দুখন ৰাষ্ট্ৰৰ নাগৰিক হ'ব নোৱাৰে। 
(খ) কোনো এগৰাকী মহিলাই যদি আন দেশৰ নাগৰিকৰ লগত বিয়া হৈ বিদেশী স্বামীৰ নাগৰিকতা গ্ৰহণ কৰে তেতিয়া তেওঁ নিজৰ দেশৰ নাগৰিকতা হেৰুৱাবলগীয়া হয়। 
(গ) যদি কোনো এজন নাগৰিকে নিজৰ দেশৰ বিনা অনুমতিত বিদেশী ৰাষ্ট্ৰৰ অধীনত চাকৰি কৰে তেন্তে সেই নাগৰিকে নিজৰ দেশৰ নাগৰিকতা হেৰুৱায়। 
(ঘ) কোনো নাগৰিকে যদি নিজ দেশৰ সামৰিক বাহিনীৰ পৰা পলায়ন কৰে তেন্তে তেওঁ নাগৰিকতা লোপ পায়। 
(ঙ) নিজৰ দেশৰ বিনা অনুমতিত কোনো নাগৰিকে যদি বিদেশী ৰাষ্ট্ৰৰ পৰা কোনো সন্মান বা উপাধি গ্ৰহণ কৰে তেন্তে তেওঁ নিজৰ দেশৰ নাগৰিকতা হেৰুৱাবলগা হয়।   
৪) আজিকালি প্ৰায়বোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকে কোনবোৰ অধিকাৰ আশা কৰে  ? তেওঁলোকৰ ৰাষ্ট্ৰত অন্যান্য নাগৰিকৰ প্ৰতি কি বাধ্য- বাধকতা থাকিব  ?
উত্তৰঃ 
৫) সাৰ্বজনীন নাগৰিকত্বৰ ধাৰণাটো পৰীক্ষা কৰা । 
উত্তৰ  
৬) নাগৰিকক সমান অধিকাৰ প্ৰদান কৰা হলেও সকলোৱে তাক সমানে প্ৰয়োগ কৰিব নোৱাৰিব পাৰে ।- ব্যাখ্যা কৰা । 
উত্তৰ  
৭) সুনাগৰিকৰ গুণসমূহ কি কি ?
উত্তৰঃ নাগৰিকসকলৰ কাৰ্য-কলাপৰ ওপৰতে ৰাষ্ট্ৰৰ ভাল-বেয়া নিৰ্ভৰ কৰে। ফৰাচী দাৰ্শনিক ভল্টেয়াৰে কয় যে "জনগণ যেনে ধৰণৰ চৰকাৰ পোৱাৰ যোগ্য় তেওঁলোকে তেনে ধৰণৰ চৰকাৰেই পায়"। গতিকে এখন দেশৰ নাগৰিকসকল ভাল হ'লে ৰাষ্ট্ৰখনো ভাল হ'ব। এখন সুস্থ-সবল ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ হ'লে ৰাষ্ট্ৰত বাস কৰা প্ৰত্য়েকজন ব্য়ক্তিয়ে সুনাগৰিক হ'ব লাগিব। 
    এজন সুনাগৰিক হ'বলৈ হ'লে তেওঁ গাত তলত দিয়া গুণসমূহ থাকিব লাগিব।যেনেঃ বুদ্ধিমত্তা, আত্মসংযম, বিবেকসম্পন্ন, শিক্ষা, সৎ চৰিত্ৰ, কৰ্তব্য়পৰায়ণতা,সততা আৰু উদাৰতা, সাহসিকতা, ৰাজনৈতিক চেতনাবোধ, দেশপ্ৰেম, ৰাষ্ট্য়ৰ প্ৰতি আনুগত্য়, সহনশীলতা আৰু ধৰ্মবিশ্বাসৰ প্ৰতি সন্মান প্ৰদৰ্শন। 
(ক) বুদ্ধিমত্তাঃ বুদ্ধিমত্তা হ'ল বিচাৰ বুদ্ধিৰ ক্ষমতা। যিজন ব্য়ক্তিয়ে ভাল-বেয়াৰ নিৰ্ণয় কৰি কোনো বিষয়ৰ ওপৰত মতামত দিব পাৰে তেওঁকে বিচাৰ-বুদ্ধিসম্পন্ন সুনাগৰিক বোলা হয়। 
(খ) আত্মসংযমঃ আত্মসংযম সুনাগৰিক হোৱাৰ কাৰণে অন্য়তম গুণ। নৈতিক আদৰ্শত অনুপ্ৰাণিত হ'লে আত্মসংযমী হ'ব পৰা যায়। আত্মসংযমী লোকে সমূহীয়া স্বাৰ্থৰ হকে কাম কৰে। এনে নাগৰিকেহে দেশৰ মংগল সাধন কৰিব পাৰে। 
(গ) বিবেকসম্পন্নঃ এজন সুনাগৰিক হ'ব লাগিলে তেওঁ বিবেকসম্পন্ন হ'ব লাগিব। নাগৰিকসকলৰ বিবেকশীল হ'লেহে এখন আদৰ্শ ৰাষ্ট্ৰ গঢ়ি উঠিব পাৰে। 
(ঘ) শিক্ষাঃ সুনাগৰিকৰ কাৰণে শিক্ষাৰ একান্ত প্ৰয়োজন। সুশিক্ষাৰ জৰিয়তে নাগৰিক মহৎ গুণৰ অধিকাৰী হ'ব পাৰে। যিজন ব্য়ক্তি সুশিক্ষিত নহয়, তেওঁ কেতিয়াও সুনাগৰিক হ'ব নোৱাৰে। 
(ঙ) সৎ চৰিত্ৰঃ এজন ব্য়ক্তি ভাল নাগৰিক হ'ব লাগিলে তেওঁ সৎ চৰিত্ৰবান হ'ব লাগিব। 
(চ) কৰ্তব্য়পৰায়ণতাঃ কৰ্তব্য়পয়াৰণতা সুনাগৰিকৰ আন এটা গুণ। এজন কৰ্তব্য়পৰায়ণ ব্য়ক্তি নিজৰ দায়িত্ব আৰু কৰ্তব্য়ৰ প্ৰতি সচেতন থাকে। 
(ছ) সাহসিকতাঃ সাহসিকতা সুনাগৰিকৰ এটা মহৎ গুণ। এজন ভাল নাগৰিকৰ সাহস থাকে। তেওঁ যিকোনো অন্য়ায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পৰা ক্ষমতা থাকে। 
৮) সুনাগৰিকত্ব অন্তৰায়সমূহ কি কি ?
উত্তৰঃ 
৯) সাৰ্বজনীন নাগৰিকত্বৰ বিষয়ে কি জানা লিখা । 
উত্তৰঃ ৰাষ্ট্ৰৰ নাগৰিকসকলক লৈ সাৰ্বজনীন নাগৰিকত্বৰ গঠিত হয়। যিসকল ব্য়ক্তিয়ে কোনো এখন ৰাষ্ট্ৰৰ স্থায়ীভাৱে বসবাস কৰি ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য় দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগ কৰে তেওঁলোকক নাগৰিক বোলা হয়। 
    নাগৰিক হিচাপে এখন ৰাষ্ট্ৰত বসবাস কৰা আৰু কাম কৰা সকলো লোকে সমান আৰু সম্পৰ্ণ সদস্য়তা পোৱা অধিকাৰ আছে। আজিকালি বিশ্বৰ প্ৰায়বিলাক দেশে সাৰ্বজনীন নাগৰিকত্বৰ ধাৰণাক সমৰ্থন কৰে। সকলো ৰাষ্ট্ৰই নিজৰ দেশৰ বাসিন্দাসকলক নাগৰিক বুলি স্বীকৃতি দিয়াৰ বাবে একোটা সুনিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰে। এই নীতিবিলেক দেশৰ সংবিধান আৰু আইনত স্পষ্টভাৱে লিপিবদ্ধ হৈ থাকে। 
প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ আৰু অন্য়ান্য় কিছুমান কাৰণতো এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ প্ৰৱজন হ'ব পাৰে। যেনে- অভাৱ, অনাটন, জনসংখ্য়া বিস্ফোৰণৰ ফলত বাংলাদেশৰ পৰা লাখ লাখ বাংলাদেশৰ মানুহ ভাৰতলৈ স্থানান্তৰিত হৈ আছে। কোনো ৰাষ্ট্ৰই যদি তেওঁলোকক আশ্ৰয় দিব নিবিচাৰে আৰু তেওঁলোক যদি নিজৰ দেশলৈ উভতি যাব পৰা ব্য়ৱস্থা নাথাকে তেনে ক্ষেত্ৰত এইসকল লোক ৰাষ্ট্ৰবিহীন হৈ পৰে। ১৯৭২ চনত বাংলাদেশৰ পৰা যুদ্ধৰ ভয়াবহতাৰ পৰা ৰক্ষা পাবৰ বাবে বহু বাংলাদেশী নাগৰিকে ভাৰতৰ বিভিন্ন ৰাজ্য়ত আশ্ৰয় গ্ৰহণ কৰি আছে। 
১০) গোলকীয় নাগৰিকত্বই কি বুজায় লিখা । 
উত্তৰঃ সাম্প্ৰতিক কালত গোলকীয় নাগৰিকত্বৰ ধাৰণাই ৰাজনীতি বিজ্ঞানৰ অধ্য়য়নত এক গুৰুত্বপূৰ্ণ স্থান আধিকাৰ কৰি আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ নতুন নতুন আৱিষ্কাৰ যেনে- দূৰদৰ্শন, ইন্টাৰনেট, আৰু দূৰভাষ আদি প্ৰভাৱে সমগ্ৰ বিশ্বতে এক নতুন দিগন্তৰ সূচনা কৰিছে। পৃথিৱীৰ যিকোনো ঠাইত সংঘটিত বহুতো ঘটনা তৎকালেই সংবাদ-মাধ্য়মৰ জৰিয়তে বিয়পি পৰে। যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু ভূমিকম্প আদিৰ ফলত বিশ্বৰ সকলো মানুহে কম-বেছি পৰিমাণে ভোগ কৰিব লাগে। ইয়াৰ বাবে বিশ্বৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত সচেতনতা, সহানুভূতি আৰু ভ্ৰাতৃত্বৰ ভাৱ গঢ়ি উঠিছে। 
    আজিৰ সমস্য়াবহুল ৰাষ্ট্ৰবিলাকে জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এনে কিছুমান সমস্য়াৰ সন্মূখীন হৈছে যাৰ বাবে সেইবোৰে অকলশৰীয়াকৈ সকলো সমস্য়া সমাধান কৰা সম্ভৱ নহয়। এনে ধৰণৰ পৰিস্থিতিত কোনো ৰাষ্ট্ৰই প্ৰদান কৰা অধিকাৰবোৰ ব্য়ক্তিৰ স্বাধীনতাক ৰক্ষণা-বেক্ষণ দিয়ে। গতিকে মানৱ অধিকাৰ আৰু গোলকীয় নাগৰিকত্বৰ প্ৰয়োজনীয়তা নিশ্চিয় আছে। গোলকীয় নাগৰিকত্বই ৰাষ্ট্ৰৰ চাৰিসীমা বাহিৰত সৃষ্টি হোৱা সমস্য়াবোৰৰ আশু সমাধানৰ কাৰণে সহায় হ'ব বুলি বহুতো মনীষীয়ে মন্তব্য় কৰিছে। 
১১) বিশ্ব-নাগৰিকত্বৰ বিষয়ে আলোচনা কৰা । 
উত্তৰঃ বিশ্ব- নাগৰিকত্বৰ সমৰ্থকসকলৰ মতে বিশ্ব কোনো এখন দেশ বা কোনো অঞ্চলৰ জনসাধাৰণে আন কোনো কাৰণত ক্ষতিগ্ৰস্ত হ'লে পৃথিৱীৰ সকলো ঠাইৰ পৰা সহায়ৰ হাত আগবঢ়ায়। এনে ধৰণৰ সহায়-সহযোগিতাৰ বাবে এখন বিশ্ব সমাজ গঠন হোৱাত ইংগিত বহন কৰে। 
    আজিৰ বিশ্ব মৰ্যাদা সন্মানসহকাৰে জীয়াই থকা কাৰণে প্ৰয়োজনীয় অধিকাৰ আৰু নিৰাপত্তাকে ধৰি সকলো সা-সুবিধা কোনো এখন দেশৰ জাতীয় নাগৰিকত্বই প্ৰদান কৰিব লাগে। কিন্তু আজি ৰাষ্ট্ৰবিলাকে জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এনে কিছুমান সমস্য়াৰ সন্মূখীন হৈছে  যাৰ কাৰণে কিছুমান সমস্য়াৰ সন্মূখীন হৈছে। সেই সমস্য়া সমূহ অকলশৰীয়াকৈ সকলো সমস্য়া সমাধান কৰাত সম্ভৱ নহয়। 
১২) ৰাষ্ট্ৰীয় নাগৰিকতা কি ?বুজাই লিখা । 
উত্তৰ  
১৩) দেশীয়কৰণ সূত্ৰৰ দ্বাৰা এজন নাগৰিকে কি কি উপায়ে নাগৰিকত্ব অৰ্জনকৰিব পাৰে বৰ্ণনা কৰা । 
উত্তৰ                                  
১৪) বৰ্তমান সময়ত বিশ্ব নাগৰিকত্ৱ সম্ভব নে ? আলোচনা কৰা । 
উত্তৰ  
১৫) আমাৰ দেশ ভাৰতবৰ্ষত নাগৰিকত্ৱ সম্পৰ্কত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে আলোচনা কৰা । 
উত্তৰ           
১৬) কৰ্তব্য বুলিলে কি বুজা নাগৰিকৰ কৰ্তব্য সমূহ কি কি ? 
উত্তৰঃ নাগৰিকসকলে পালন কৰা দায়িত্বক কৰ্তব্য় হিচাপে অভিহিত কৰা হয়। কৰ্তব্য়ক দুটা ভাগত ভাগ কৰা হয়। আইনগত কৰ্তব্য় আৰু নৈতিক কৰ্তব্য়। যিবোৰ আইনৰ দ্বাৰা দায়িত্ব নিদিৰ্ষ্ট কৰি দিয়া হয় আৰু যিবোৰ ভংগ কৰিলে শাস্তিৰ ব্য়ৱস্থা থাকে সেইবোৰকে আইনগত কৰ্তব্য় বোলে। নৈতিক কৰ্তব্য় হৈছে যিবোৰ সমাজ নৈতিকবোধৰ ওপৰত নিৰ্ভশীল ইয়াকে নৈতিক কৰ্তব্য় বুলি কোৱা হয়। 
 নাগৰিকৰ কৰ্তব্য়সমূহঃ
     (১) পৰিয়ালৰ প্ৰতি কৰ্তব্য়ঃ সৰ্বপ্ৰধান হৈছে পৰিয়ালৰ প্ৰতি থকা কৰ্তব্য়। পাৰিবাৰিক সম্বন্ধ শক্তিশালী নহ'লে সামাজিক সম্বন্ধও শক্তিশালী নহয়। 
(২) ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য়ঃ এজন নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি বহুতো কৰ্তব্য় থাকে। মাতৃভূমিৰ আৰু ৰাষ্ট্ৰ প্ৰতিৰক্ষা প্ৰত্য়েক নাগৰিকৰ মহান কৰ্তব্য়। 
(৩) জনসেৱাঃ সমাজৰ প্ৰতিও নাগৰিকৰ বহুতো কৰ্তব্য় আছে। মানুহ জীয়াই ঠাকে সমাজক আশ্ৰয় কৰি। 
(৪) আইন মানি চলাঃ নাগৰিকসকলে ৰাষ্ট্ৰীয় আইন মানি চলিব লাগে। 
(৫) কৰ-কাটল প্ৰদানঃ নাগৰিকসকলে ৰাষ্ট্ৰক দিবলগীয়া কৰসমূহ সময়মতে দিয়া উটিত।
(৬) সৎভাৱে ভোটদানঃ গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকসকলে ভোটদান কৰা এক প্ৰধান কৰ্তব্য়। যোগ্য় প্ৰাৰ্থীক নিৰ্বাচিত কৰিব নোৱাৰিলে গণতন্ত্ৰ কৃতকাৰ্য্য় নহয়। 
(৭) আইন-শৃংখলা ৰক্ষাঃ জনসাধাৰণৰ সহায় অবিহনে ৰাষ্ট্ৰৰ পক্ষে আইন-শৃংখলা ৰক্ষা কৰা সম্ভৱ নহয়। 
চমু উত্তৰৰ প্ৰশ্ন (( Short answer question )       
১) সুনাগৰিকৰ যিকোনো পাচঁটা গুণ উল্লেখ কৰা । 
উত্তৰঃ সুনাগৰিকৰ পাচঁটা গুণ হৈছে-
(ক) বুদ্ধিমত্তাঃ বুদ্ধিমতা হ'ল বিচাৰ-বুদ্ধিৰ ক্ষমতা। 
(খ) আত্মসংযমঃ আত্মসংযম সুনাগৰিক হোৱাৰ বাবে অন্য়তম গুণ। 
(গ)  শিক্ষাঃ সুনাগৰিকৰ কাৰণে শিক্ষাৰ একান্ত প্ৰয়োজন। 
(ঘ) সৎ চৰিত্ৰঃ এজন ব্য়ক্তি সৎ নাগৰিক হ'ব লাগিলে তেওঁ সৎ চৰিত্ৰবান হ'ব লাগিব। আৰু 
(ঙ) সাহসিকতাঃ সাহসিকতা সুনাগৰিকৰ এটা মহৎ গুণ। 
২) ভাৰতত নাগৰিকত্বক লৈ আজিকালি উথাপিত হোৱা বিষয়বোৰৰ কিছুমান আলোচনা কৰা ।  
উত্তৰ  
৩) মাৰ্টিন লুথাৰ কিঙৰ নাগৰিকত্বৰ ধাৰণা ব্যাখ্যা কৰা ।
উত্তৰঃ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ দক্ষিণ অঞ্চলত অৱস্থিত প্ৰায়বোৰ প্ৰদেশতে ১৯৫০ চনৰ পৰা শ্বেতবৰ্ণ আৰু কৃষ্ণবৰ্ণৰ লোকসকলৰ মাজত অসমতাৰ বিৰুদ্ধে এক নাগৰিক অধিকাৰ আন্দোলনে গা কৰি আহিছে। এখন বৰ্ণবাদী বিশেষ আইনৰ জৰিয়তে দক্ষিণৰ এই ৰাজ্য়বোৰত বৈষম্য় প্ৰতিষ্ঠা কৰিব বিচাৰিছে। এই আইনৰ দ্বাৰা কৃষ্ণবৰ্ণৰ বাসিন্দাসকলক ৰাজনৈতিক আৰু নাগৰিক অধিকাৰ পৰা বঞ্চিত কৰা হৈছে।  এই বৰ্ণবাদী আইনখনে কৃষ্ণবৰ্ণৰ আৰু শ্বেতবৰ্ণৰ লোকসকলক বিভিন্ন স্থানত যেনে- হোটেল, ৰেলগাড়ী আৰু নৃট্য়গৃহ আদি। 
    কণিষ্ট মাৰ্টিন লুথাৰ কিং আছিল এই আইনবোৰৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলা প্ৰথমজন কৃষ্ণাঙ্গ ব্য়ক্তি। তেওঁ প্ৰচলিত বৰ্ণবাদী আইনৰ বিৰুদ্ধে বহুতো যুক্তি দাঙি ধৰিছিল। আত্মসন্মান আছিল তেওঁ প্ৰথম যুক্তি। আত্মসন্মান আৰু মৰ্যাদাৰ ক্ষেত্ৰত বিশ্বৰ প্ৰতিজন ব্য়ক্তি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সমান। দ্বিতীয়তে, বৰ্ণবাদী নীতিসমূহে কৃষ্ণাঙ্গ লোকসকলৰ মৰ্যাদা আৰু জীৱন-নিৰ্বাহ লঘু কৰিছে। 
৪) পৰিৱেশ ৰক্ষনা-বেক্ষনৰ বাবে কেইটামান কামৰ উল্লেখ কৰা । .
উত্তৰ  
৫) সমান অধিকাৰৰ বিষয়ে কি জানা লিখা ।     
উত্তৰ   
৬) নাগৰিক আৰু বিদেশীৰ মাজৰ চাৰিটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰঃ নাগৰিক আৰু বিদেশীৰ মাজত চাৰিটা পাৰ্থক্য় হ'ল-
    (ক) এজন নাগৰিক সেই দেশৰ স্থায়ী বাসিন্দা কিন্তু বিদেশীসকল সেইখন দেশত অস্থায়ী ভাৱে থাকে। বিদেশীসকলৰ নিৰ্দিষ্ট সময় শেষ হ'লে তেওঁলোক নিজৰ দেশলৈ উভতি যায়। 
(খ) নাগৰিকসকলে নিজৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য় দেখুৱাব লাগে। কিন্তু বিদেশীসকলে তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰৰ প্ৰতি অনুগত্য় দেখুৱাই থাকিব লাগে।
(গ) বিদেশী এজনে বসবাস কৰাৰ কাৰণে ৰাষ্ট্ৰৰ পৰা অনুমতি ল'ব লাগে। কিন্তু স্বাভাৱিক নাগৰিকৰ ক্ষেত্ৰত এনেধৰণৰ ব্য়ৱস্থা নাই।
(ঘ) নাগৰিকৰ যিদৰে অধিকাৰ আছে সেইদৰে ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য়ও আছে। কিন্তু বিদেশী এজন যি ৰাষ্ট্ৰৰলৈ আহে সেই ৰাষ্ট্ৰৰ বিভিন্ন কৰ্তব্য় আৰু দায়িত্ব পালনত বাধা নাথাকে।   
৭) গোলকীয় নাগৰিকত্ব ।
উত্তৰঃ গোলকীয় নাগৰিকত্বৰ ধাৰণাই সাম্প্ৰতিক কালত ৰাজনীতি বিজ্ঞানৰ অধ্য়য়নত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়া নতুন নতুন আৱিষ্কাৰ যেনে- ইন্টাৰনেট, দূৰদৰ্শন আৰু দূৰভাষ আদি। এই প্ৰভাৱে সমগ্ৰ বিশ্বতে এক নতুন দিগন্ত সূচনা কৰিছি। বিশ্বৰ কোনো প্ৰান্তত ঘটা দুৰ্যোগ যেনে- যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ, আৰু ভূমিকম্প আদিৰ ফলত বিশ্ব সকলো মানুহে অতি কম বেছি পৰিমাণে ভোগ কৰিব লগা  হৈছে। 
৮) বিদেশীসকলে অন্য ৰাষ্ট্ৰত কি কি অধিকাৰ লাভ কৰিব পাৰে ?
উত্তৰঃ বিদেশীসকলে কোনো এখন ৰাষ্ট্ৰত নিম্নতম নাগৰিক অধিকাৰ লাভ কৰি বসবাস কৰিছিল।  
৯) নাগৰিকৰ ৰাজনৈতিক অধিকাৰ । 
উত্তৰঃ আইনগত অধিকাৰ ভিতৰত ৰাজনৈতিক অধিকাৰ অন্য়তম। যিবিলাকৰ জৰিয়তে জনসাধাৰণে দেশৰ ৰাজনৈতিক কাৰ্যৱলীত অংশগ্ৰহণ কৰিব পাৰে তাকে ৰাজনৈতিক অধিকাৰ বুলি কোৱা হয়। বিদেশীলোক সকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে। এই অধিকাৰ কেইবাধৰণৰঃ 
(ক) ভোটদানৰ অধিকাৰঃ ৰাজনৈতিক অধিকাৰ ভিতৰত ভোটদানৰ অধিকাৰ এক গুৰুত্বপূৰ্ণ অধিকাৰ। ইয়াৰ জৰিয়তে মানুহে নিজৰ ইচ্ছামতে প্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰে। 
(খ) নিৰ্বাচিত হোৱাৰ অধিকাৰঃ এই অধিকাৰ অবিহনে ভোটদানৰ অধিকাৰ মূল্য়হীন হৈ পৰে। 
(গ) চৰকাৰী চাকৰি লাভৰ অধিকাৰঃ এই অধিকাৰ দ্বাৰা মানুহে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰে। 
(ঙ) আবেদনৰ অধিকাৰঃ আবেদনৰ অধিকাৰ মানে হ'ল সমাজৰ সদস্য় হিচাপে প্ৰত্য়েক নাগৰিকৰ এই অধিকাৰ থাকে। 
(চ) চৰকাৰক সমালোচনা কৰাৰ অধিকাৰঃ একনায়কত্বত এই অধিকাৰ দিয়া নহয়।  
১০) নাগৰিক আৰু ভোটৰ একেনে ? উদাহৰণসহ বুজাই লিখা । 
উত্তৰঃ নাগৰিক আৰু ভোটাৰ উভয়ে ৰাষ্ট্ৰৰ নাগৰিক হ'লেও নাগৰিক আৰু ভোটাৰ মাজত মৌলিক প্ৰভেদ আছে।
১১) নাগৰিকত্বৰ ধাৰণাটো অধিকাৰৰ লগত কিদৰে জড়িত ? আলোচনা কৰা । 
উত্তৰঃ   
১২) সুনাগৰিকত্বৰ অন্তৰায়সমূহ কি কি ?
উত্তৰ  
১৩) ফ্ৰান্সৰ বিপ্লৱক নাগৰিকত্ব ধাৰণাৰ মাইলৰ খুঁটা বুলি কেনেকৈ কব পাৰি ?
উত্তৰ  
১৪) অনাটনক সুনাগৰিকত্বৰ প্ৰতিবন্ধক বুলি কিয় কোৱা হয় ?
উত্তৰ  
১৫) সুনাগৰিকৰ তিনিটা গুণ উল্লেখ কৰা । 
উত্তৰঃ সুনাগৰিকৰ তিনিটা গুণ হৈছে-
(ক) বুদ্ধিমত্তাঃ বুদ্ধিমত্তা হ'ল বিচাৰ-বুদ্ধিৰ ক্ষমতা। 
(খ) বিবেকসম্পন্নঃ এজন সুনাগৰিক হ'বলৈ হ'লে তেওঁ বিবেকসম্পন্ন হ'ব লাগিব।
(গ) শিক্ষাঃ সুনাগৰিকৰ বাবে শিক্ষাৰ একান্ত প্ৰয়োজন। যিজন ব্য়ক্তি সুশিক্ষিত নহয়, তেওঁ কেতিয়াও সুনাগৰিক হ'ব নোৱাৰে।    
১৬) অধিকাৰ আৰু কৰ্তব্যৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা । 
উত্তৰঃ মানুহৰ সামাজিকবোধৰ পৰা অধিকাৰ আৰু কৰ্তব্য় জন্ম হৈছে। অধিকাৰ হৈছে আত্মবিকাশৰ বাবে প্ৰয়োজনীয় সা-সুবিধা। এই সুবিধাবোৰ ব্য়ক্তি আৰু সমাজ উভয়ে সৰ্বাধিক কল্য়াণ সাধন কৰিব পাৰে। 
    অধিকাৰ আৰু কৰ্তব্য় সম্পৰ্কে অধ্য়াপক হবহাউচে কৈছিল যে "মোৰ যদি ঠেলা-হেঁচা নোখোৱাকৈ বাটত খোজ কাঢ়িবৰ অধিকাৰ থাকে তেনেহ'লে আন ব্য়ক্তি কৰ্তব্য় হ'ব মোক প্ৰয়োজনমতে বাট এৰি দিয়া"। 
    কৰ্তব্য় সদায় পাৰস্পৰিক। ৰাষ্ট্ৰ ব্য়ক্তিৰ বাবে আৰু ব্য়ক্তিৰ সমাজৰ বাবে। এই নীতিয়ে অধিকাৰ আৰু কৰ্তব্য় বান্ধি ৰাখিছে। মানুহৰ সামাজিক প্ৰকৃতিৰ পৰাই কৰ্তব্য়ৰ আৰম্ভ হৈছিল। নাগৰিক জীৱনৰ সৈতে অধিকাৰ আৰু কৰ্তব্য় এটি বন্ধনত আৱদ্ধ। সকলো অধিকাৰে সামাজিক দিশ আছে। প্ৰত্য়েক নাগৰিকে এনেদৰে তেওঁ অধিকাৰ প্ৰয়োগ কৰা উচিত। অধিকাৰ আৰু কৰ্তব্য় ধাৰণাও বিভিন্ন সমাজত বিভিন্ন ধৰণৰ। কোনো কোনো ৰাষ্ট্ৰত অধিকাৰৰ তুলনাত কৰ্তব্য়ৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হয়। 
    ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে অধিকাৰ আৰু কৰ্তব্য় ওতঃপ্ৰোতভাৱে জড়িত। 
১৭) নাগৰিকৰ কৰ্তব্য সম্পৰ্কে এটি টোকা লিখা  । 
উত্তৰঃ নাগৰিকৰ কৰ্তব্য় সম্পৰ্কে তলত আলোচনা কৰা হ'ল
    নাগৰিকসকলে পালন কৰিবলগীয়া দায়িত্বক কৰ্তব্য় হিচাপে অভিহিত কৰা হয়। নাগৰিক কৰ্তব্য়ক তিনিটা দিশৰ পৰা বিচাৰ কৰিব পাৰি। যেনেঃ (ক) ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য়, (খ) সমাজৰ অন্য় সদস্য় সকলৰ প্ৰতি কৰ্তব্য় আৰু (গ) সমাজৰ প্ৰতি কৰ্তব্য়। 
    পৰিয়ালৰ প্ৰতি থকা কৰ্তব্য় হ'ল নাগৰিক কৰ্তব্য় সৰ্বপ্ৰধান। পাৰিবাৰিক সম্বন্ধ শক্তিশালী নহ'লে সামাজিক সম্বন্ধও নহয়। নাগৰিকসকলে সামাজিক কল্য়াণৰ বিষয়ে সচেতন থাকিব লাগিব। ৰাষ্ট্ৰই নাগৰিকসকলক পালন কৰিবলৈ দিয়া সকলো কৰ্তব্য় নাগৰিকসকলে ভালদৰে পালন কৰিলে নিজৰ সমাজ আৰু ৰাষ্ট্ৰৰ মংগল হ'ব। 
অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short answer questions):
১) নাগৰিকৰ সংজ্ঞা দিয়া ।
উত্তৰঃ গ্ৰীক দাৰ্শনিক আৰু ৰাজনৈতিক চিন্তাবিদ এৰিষ্ট'টল-ৰ মতে "যি ব্য়ক্তিৰ ৰাষ্ট্ৰৰ আলোচনামূলক অথবা বিচাৰ বিভাগীয় প্ৰশাসনত অংশগ্ৰহণৰ ক্ষমতা আছে তেওঁক সেই ৰাষ্ট্ৰৰ নাগৰিক বুলি অভিহিত কৰা হয়"।   
২) নাগৰিকৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা  । 
উত্তৰ_     
৩) নাগৰিকৰ তিনিটা কৰ্তব্য লিখা ।     
উত্তৰঃ নাগৰিকৰ তিনিটা কৰ্তব্য় হৈছে- (ক)  ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য়, (খ) সমাজৰ অন্য় লোকসকলৰ প্ৰতি কৰ্তব্য় আৰু (গ) সমাজৰ প্ৰতি কৰ্তব্য়। 
৪) সুনাগৰিকৰ দুটা গুণ উল্লেখ কৰা ।
.
উত্তৰঃ সুনাগৰিকৰ দুটা গুণ হৈছে-
 (ক) শিক্ষাঃ সুনাগৰিকৰ কাৰণে শিক্ষাৰ একান্ত প্ৰয়োজন। 
 (খ) সহনশীলতাঃ সহনশীলতা সুনাগৰিকৰ এটা মহৎ গুণ। 
৫) সম নাগৰিকত্ব কি ?
উত্তৰ 
৬) নাগৰিকৰ দুটা অৰ্থনৈতিক অধিকাৰ উল্লেখ কৰা । 
উত্তৰঃ নাগৰিকৰ দুটা অৰ্থনৈতিক অধিকাৰ হৈছে-
(ক) কাম কৰা অধিকাৰঃ কাম কৰা অধিকাৰ হ'ল বৰ্তমান যুগত সৰ্বপ্ৰধান অৰ্থনৈতিক অধিকাৰ। এই অধিকাৰ নাথাকিলে মানুহে জীৱিকা ৰক্ষা কৰিব নোৱাৰে। 
(খ) বিশ্ৰামৰ অধিকাৰঃ প্ৰত্য়েক নাগৰিকৰ বিশ্ৰাম অধিকাৰ আৱশ্য়ক। এৰিষ্ট'টলে কৈছিল "সুখী হ'বৰ বাবে জিৰণি অত্য়াৱশ্য়ক"।
৭) শৰনাৰ্থীসকলে সমুখীন হোৱা দুটা সমস্যা উল্লেখ কৰা । 
উত্তৰ      
৮)  মুক্ত অধিকাৰৰ বিচৰণে কি সূচায় ?
উত্তৰ  
৯) ভাৰতৰ নাগৰিকতা প্ৰদানৰ দুটা পদ্ধতি উল্লেখ কৰা ।
উত্তৰ         
১০) নাগৰিক আৰু বিদেশীৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ  কৰা । 
উত্তৰ  
১১) জাতীয় নাগৰিকত্বৰ সমস্যায়মূহ গোলকীয় নাগৰিকত্বৰ জৰিয়তে সমাধান কৰা সম্ভাৱনে ? যদি সম্ভৱ , কিদৰে ?
উত্তৰ  
১২) এৰিষ্ট'টলে কোনসকল লোকক নাগৰিক বিচাপে গ্ৰাহ্য কৰা নাছিল ?
উত্তৰ         
১৩) এজন মানুহ বহু বছৰ ধৰি নিজৰ দেশৰ বাহিৰত থাকিলে কি ঘটে? 
উত্তৰ  
১৪) জন্মৰ দ্বাৰা নাগৰিকত্বৰ বিষয়ে চমুকৈ লিখা ।    
উত্তৰ                
১৫) নাগৰিক আৰু অধিকাৰৰ মাজৰ সম্পৰ্কে লিখা । 
উত্তৰ  
১৬) নাগৰিকতা অৰ্জনৰ দুটা পদ্ধতি উল্লেখ কৰা  ।    
উত্তৰঃ নাগৰিকতা অৰ্জনৰ দুটা পদ্ধতি হ'ল-
   (ক) জন্মসূৰ্ত্ৰৰ দ্বাৰা নাগৰিকত্ব অৰ্জনঃ জন্মসূৰ্ত্ৰৰ দ্বাৰা যিকোনো মানুহ এখন দেশৰ নাগৰিক হ'ব পাৰে। এটা শিশু যি দেশত জন্মগ্ৰহণ কৰে সেই দেশৰে নাগৰিক হয়। 
(খ) দেশীয়কৰণ পদ্ধতিৰ দ্বাৰা নাগৰিকত্ব অৰ্জনঃ জন্মস্বত্ব সূত্ৰৰ বাহিৰে আন উপায়েৰে নাগৰিকতা লাভ কৰা পদ্ধতিক দেশীয়কৰণ পদ্ধতি বুলি কোৱা  হয়। এই পদ্ধতিৰ জৰিয়তে কোনো এজন বিদেশী নাগৰিক বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিক হ'ব পাৰে।      
বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective type questions): 
১) কৰ্মৰ অধিকাৰ নাগৰিকৰ এটা ৰাজনৈতিক অধিকাৰ হয় নে ?
উত্তৰ   
২) " নাগৰিকত্ব আৰু শ্ৰেণী সমাজ " গ্ৰন্থখন কোনে লিখিছিল ?
উত্তৰ                   
৩) ভাৰতৰ নাগৰিকত্ব হেৰওৱাৰ এটা কাৰণ লিখা । 
উত্তৰ
৪) জন্মসূত্ৰে লাভ কৰা প্ৰকৃত নাগৰিকত্বৰ এটা নীতি উল্লেখ কৰা ।
উত্তৰ   
৫) সুনাগৰিকত্বৰ এটা গুণ উল্লেখ কৰা । 
উত্তৰ   
৬) সাৰ্বজনীন ভোটাধিকাৰ প্ৰদানৰ আগতে সাৰ্বজনীন শিক্ষা দিয়া প্ৰয়োজন বুলি কোনে  কৈছিল । 
উত্তৰ
৭) এজন ব্যক্তিএকে সময়তে দুখন ৰাষ্ট্ৰৰ নাগৰিক হব পাৰেনে ?
উত্তৰ
৮) " ভাৰতীয় নাগৰিকত্ব আইন " কোন চনত গ্ৰহণ কৰা হয় ?
উত্তৰ   
৯) ভাৰতৰ নাগৰিকত্ব আইন কোনে সংশোধন কৰিব পাৰে ?
উত্তৰ       
১০) টি.এইচ. মাৰচাল কোন আছিল ? 
উত্তৰ   
১১) এজন বিদেশী নাগৰিকে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। (শুদ্ধ নে অশুদ্ধ ) 
উত্তৰ   
১২) বিদেশী এজনৰ নাগৰিক অধিকাৰ নাই । ( শুদ্ধ নে অশুদ্ধ লিখা) 
উত্তৰ   
১৩) এজন বিদেশীক ৰাষ্ট্ৰৰ পৰা বহিষ্কাৰ কৰিব পাৰি ।( হয় নে নহয় লিখা) । 
উত্তৰ      
১৪) এজন বিদেশীয়ে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে । ( হয় নে নহয় লিখা ) । 
উত্তৰ   
১৫) কৰ্মৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ । ( হয় নে নহয় লিখা ) । 
উত্তৰ    
১৬) শুদ্ধ উত্তৰ বাছি উলিওৱাঃ 
নাগৰিকতা অৰ্জন কৰিব পাৰি -    
(ক) স্থায়ী বাসিন্দাৰ জৰিয়তে              (খ) বিবাহৰ জৰিয়তে 
(গ) চৰকাৰী চাকৰিৰ জৰিয়তে            (ঘ) ওপৰৰ আটাইকেইটাৰ                                                                      জৰিয়তে  ।
১৭) তলত দিয়া কোনটো সুনাগৰিকৰতাৰ গুণ নহয় - 
(ক) শিক্ষা                (খ) স্বদেশপ্ৰেম          (গ) সুস্বাস্থ্য       (ঘ) অজ্ঞতা 
Type: Bipasha Kakati  
Post ID : DABP006493
 
 
