Chapter: 8

এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ ( খৃঃ ১৪ - ১৬ শ )

(An Imperial Capital Vijayanagar( 14th - 16th Century ) 

 ◻️ চমুপ্ৰশ্ন

১। কোনে, কেতিয়া বিজয়নগৰ সাম্রাজ্য প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ হৰিহৰ আৰু বুক্কই ১৩৩৬ খৃঃত বিজয়নগৰ প্ৰতিষ্ঠা কৰিছিল ।

২। বিজয়নগৰ সাম্রাজ্যৰ আটাইতকৈ শ্রেষ্ঠ ৰজাজন কোন আৰু তেওঁ কোন ৰাজবংশৰ লােক আছিল?

উত্তৰঃ বিজয়নগৰ সাম্ৰাজ্য়ৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজাজন কৃষ্ণদেৱ ৰায় আৰু তেওঁ তুলুভা ৰাজবংশৰ লোক আছিল ।

৩। বিজয়নগৰ হাম্পী নামেৰে কেনেকৈ জনাজাত হ’ল?

উত্তৰঃ হাম্পী নামটো স্থানীয় দেৱী 'পম্পা'ৰ পৰা উদ্ভৱ হৈছিল। 

৪। বিজয়নগৰৰ প্রশাসন ব্যৱস্থাত ৰায় আৰু নায়কসকল কোন আছিল?

উত্তৰঃ বিজয়নগৰৰ প্ৰশাসন ব্য়ৱস্থাত ৰজাসকলে নিজকে  ৰায় বুলি কৈছিল । ৰায়ক নৰপতি অৰ্থাৎ নৰ স্বামী বুলি কৈছিল । নায়ক হ'ল সেনাধ্য়ক্ষসকল । তেলেগু আৰু কানাড়া ভাষী এই সেনাধিনায়কসকলক সাধাৰণতে নায়ক বুলি জনা গৈছিল ।

৫। বিজয়নগৰৰ ৰজাই অমৰ নায়কসকলক কেনেকৈ নিয়ন্ত্রণ কৰিছিল?

উত্তৰঃ অমৰ নায়কসকল সেনাধ্য়ক্ষ আছিল। তেওঁলোকৰ ওপৰত একোখন প্ৰদেশৰ শাসনভাৰ অৰ্পণ কৰা হৈছিল। তেওঁলোকে আৱশ্য়ক অনুসৰি ৰজাক সামৰিক বহিনীৰ যোগান ধৰিব লগা হৈছিল এনেদৰে বিজয়নগৰৰ ৰজাই অমৰ নায়কসকলক নিয়ন্ত্ৰণ কৰি ৰাখিছিল।  

৬। কোনে, কেতিয়া বিজয়নগৰ সাম্রাজ্যৰ পুনৰ উদ্ধাৰ কৰিছিল?

উত্তৰঃ কৰ্ণেল কলিন মেকেঞ্জিয়ে ১৮০০ খৃঃত বিজয়নগৰ সাম্ৰাজ্য়ৰ পুনৰ উদ্ধাৰ কৰিছিল। 

৭। বিজয়নগৰ সম্পর্কে জানিবলৈ দুটা সমলৰ নাম লিখা।

উত্তৰঃ বিজয়নগৰ সম্পৰ্কে জানিবলৈ দুটা সমলৰ নাম হৈছে  ৰাজনৈতিক আৰু সামাজিক। 

৮। বিজয়নগৰ ভ্ৰমণ কৰা দুজন বিদেশী পর্যটকৰ নাম লিখা।

উত্তৰঃ বিজয়নগৰ ভ্ৰমণ কৰা দুজন বিদেশী পৰ্যটকৰ নাম হৈছে 

    ১। ইটালীৰ নিকলকণ্টি আৰু ২। পাৰস্য়ৰ আব্দুৰ ৰাজা। 

৯। বিজয়নগৰ শাসন কৰা ৰাজবংশ কেইটাৰ নাম লিখা।

উত্তৰঃ বিজয়নগৰ শাসন কৰা ৰাজবংশ কেইটা হ'ল-

    (ক) সংগম বংশ, (খ) চালুভা বংশ, (গ) তুলুভা বংশ আৰু (ঘ) অৰবিন্দ বংশ। 

১০। হাজৰ ৰাম মন্দিৰ ক'ত অৱস্থিত, ইয়াৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ হাজৰ ৰাম মন্দিৰ বিজয় নগৰত অৱস্থিত। ইয়াৰ দুটা বৈশিষ্ট্য় হ'ল

    (ক) বিজয়নগৰ ৰাজ্য়ৰ সকলোবোৰ মন্দিৰ ভিতৰত হাজৰ ৰাম মন্দিৰ আকৰ্ষণীয় মন্দিৰ আছিল।

    (খ) হাজৰ ৰাম মন্দিৰৰ ভিতৰত কেৱল ৰজা আৰু পৰিয়ালৰ লোকসকলেহে প্ৰৱেশ কৰিব পাৰিছিল। 

১১। বিৰুপাক্ষ কোন আছিল?

উত্তৰঃ বিৰুপাক্ষ আছিল শিৱৰ এটা ৰূপ। 

১২। ৰাজকীয় কেন্দ্ৰৰ বিখ্যাত মঞ্চ দুখনৰ নাম কি আছিল?

উত্তৰঃ ৰাজকীয় কেন্দ্ৰৰ বিখ্য়াত মঞ্চ দুখনৰ নাম হৈছে ১। সভামণ্ডপ আৰু ২। মহানৱমী ডিব্বা। 

◻️ বহলাই লিখাঃ

১। হাম্পীৰ ভগ্নাৱশেষসমূহ অধ্যয়ন কৰিবলৈ কি কি পদ্ধতি ব্যৱহাৰ কৰা হৈছে?

উত্তৰঃ হাম্পীৰ নামটো স্থানীয় দেৱী 'পম্পা' পৰা উদ্ভৱ হৈছে। এই মৌখিক পৰম্পৰা লগতে স্থাপত্য় ভাস্কৰ্য্য লিপিসমূহ, পুৰাতাত্ত্বিক সমল, ভগ্নাৱশেষ আৰু আন আন সমলসমূহৰ ওপৰত নিৰ্ভৰ কৰি ইতিহাসবিদসকলে বিজয় নগৰৰ ইতিহাস পুনৰ উদ্ধাৰ কৰিছিল। বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন পুৰাতত্ববিদ কৰ্ণেল কলিন মেকেঞ্জীয়ে ১৮০০ খৃঃত হাম্পী চহৰৰ ধবংসাৱশেষ আৱিষ্কাৰ কৰিছিল। কৰ্ণেল কলিন মেকেঞ্জীয়ে সেই স্থানৰ জৰীপ মেপ তৈয়াৰ কৰিছিল। তেওঁ বহুটো প্ৰাথমিক তথ্য় আহৰণ কৰিছিল বীৰুপাক্ষ মন্দিৰ পুৰোহিত আৰু পম্পাদেৱীৰ স্মৃতিৰ ওপৰত ভিত্তি কৰি। ১৮৫৬ খৃঃত ইয়াৰ ভগ্নাৱশেষ সমূহ ফটোগ্ৰাফাৰসকলে ফটো সংগ্ৰহ কৰিছিল। সেই সমূহ তেওঁলোকে বিজয়নগৰ সাম্ৰাজ্য়ৰ ইতিহাস অধ্য়য়নত সহায় কৰিছিল। ইতিহাসবিদসকলে বিদেশী লিখকৰ টোকা, কানাড়া, তামিল, তেলেগু আৰু সংস্কৃত ভাষাৰ সাহিত্য় ওপৰত নিৰ্ভৰ কৰি বিজয়নগৰৰ সাম্ৰাজ্য়ৰ ইতিহাস পুনৰদ্ধাৰ কৰিছিল।   

২। বিজয়নগৰৰ পানীৰ সমস্যা কি দৰে পূৰণ কৰা হৈছিল আলােচনা কৰা।

উত্তৰঃ বিজয়নগৰৰ পানী সমস্য়া কিদৰে পূৰণ কৰা হৈছিল সেই বিষয়ে তলত আলোচনা কৰা হ'ল

    উত্তৰ-পূব দিশত বৈ যোৱা তুংগভদ্ৰা নদীৰ দ্বাৰা সৃষ্ট এক বিশাল প্ৰাকৃতিক জলধাৰা বিজয়নগৰ সাম্ৰাজ্য়ৰ ভৌগলিক স্থিতিৰ এটা প্ৰধান বৈশিষ্ট্য় আছিল। নগৰখন চাৰিওফালে ৰমণীয়া গ্ৰেনাইট শিলৰ পাহাৰে আবৃত কৰি ৰাখিছে। সেই পাহাৰৰ পৰা বহুতো জলধাৰা বৈ আহিছে। সেই জলধাৰাৰ কাষে কাষে বান্ধ নিৰ্মাণ কৰি বিভিন্ন আকৃতিৰ জলাশয় নিৰ্মাণ কৰিছিল। আটাইতকৈ খৰাং অঞ্চলসমূহৰ ভিতৰত এই অঞ্চলটোৱে আছিল অন্য়তম। সেই বাবে বৰষুণৰ পানী সংৰক্ষণ আৰু বৰষুণৰ পানীসমূহ চহৰলৈ বোৱাই নিয়াৰ বিস্তৃত ব্য়ৱস্থা গ্ৰহণ কৰিছিল। 

     ৰজাই এটা জলাশয় নিৰ্মাণ কৰিছিল দুটা পাহাৰৰ মাজত। সেই ঠাইত যিকোনো পাহাৰৰ পৰা অহা পানী একত্ৰিত হৈছিল। এইসমূহৰ উপৰিও সেই ঠাইত ৩ লীগ দূৰৰ পৰা পাহাৰৰ বাহিৰৰ তলৰ অংশইদি পাইপৰ দ্বাৰা পানী বোৱাই অনা হৈছিল। সেই পানীসমূহ এটা হ্ৰদৰ পৰা অনা হৈছিল আৰু এখন সৰু নদীয়ে ওফন্দি আছিল। সেই জলাশয় নিৰ্মাণ কৰোতে ৰজাই এটা পাহাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব লগা হৈছিল। সেই জলাশয়টোত পোন্ধৰ-বিছ হেজাৰ মানুহে কাম কৰি আছিল। ইয়াত দুটা জলাশয় পৰা পানী বোৱাই অনা হৈছিল। 

৩। বিজয়নগৰৰ পতনৰ কাৰণসমূহ আলােচনা কৰা।

উত্তৰঃ বিজয়নগৰৰ পতনৰ কাৰণসমূহ হ'ল-

    (ক) বিজয়নগৰৰ শ্ৰেষ্ঠ ৰজা কৃষ্ণদেৱ ৰায়ৰ মৃত্য়ু পিছত তেওঁ পিছৰ শাসকসকল দুৰ্বল হৈ পৰিছিল। 

(খ) বিজয়নগৰ ৰাজ্য়ৰ পতনত পতুৰ্গীজসকলেও সহায় কৰিছিল। 

(গ) কৃষ্ণদেৱ ৰায়ৰ পিছৰ শাসনকৰ্তা সদাশিৱ ৰায়ে তেওঁ সেনাপতি ৰামৰায়ৰ হাতৰ পুতলাৰ দৰে হৈছিল।

(ঘ) বিজয়নগৰৰ পতনৰ অন্য়তম কাৰণ আছিল বিজয় নগৰত নায়ক আৰু সেনাধ্য়ক্ষসকল যথেষ্ট শক্তিশালী হৈ পৰিছিল। 

(ঙ) ১৫৬৫ চনত টেলিকোটাৰ ওচৰত বিজয়নগৰ ৰাজ্য় সম্পূৰ্ণভাৱে পতন হৈছিল। 

৪। প্রাচীৰৰ ভিতৰত কৃষি ভূমিসমূহ অৱস্থিত হােৱাৰ বাবে কি সুবিধা আৰু অসুবিধা হৈছিল বুলি তুমি ভাবা?

উত্তৰঃ

৫। মহানৱমী ডিব্বাত অনুষ্ঠিত ক্রিয়া কাণ্ডসমূহৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ মহানৱমী ডিব্বাত অনুষ্ঠিত ক্ৰিয়া কাণ্ডসমূহৰ

    নগৰখনৰ সকলোতকৈ ওখ স্থানসমূহৰ এঠাইত মহানৱমী ডিব্বা নামৰ বিশাল আকাৰৰ মঞ্চখন অৱস্থিত। ই ১১০০০ বৰ্গ ফুটৰ এটা ভেটিৰ ওপৰত অৱস্থিত। ইয়াৰ উচ্চতা আছিল ৪০ ফুট বৰ্গ। এই মঞ্চৰ ভেটিত বিভিন্ন ধৰণৰ চিত্ৰ খোদিত কৰা হৈছিল। হিন্দু সকলে শৰ মাহত উদযাপন কৰা দহদিনিয়া উৎসৱৰ পৰা উদ্ভৱ হৈছে। ইয়াক দক্ষিণ ভাৰতত নৱৰাত্ৰি বা মহানৱমী বুলি কোৱা হয়। এই অনুষ্ঠানৰ জৰিয়তে বিজয়নগৰৰ সম্ৰাটে নিজৰ মান সন্মান আৰু সাৰ্বভৌমত্বৰ প্ৰদৰ্শন কৰিছিল। 

   মহানৱমী অনুষ্ঠানত মূৰ্ত্তি পূজা কৰা হৈছিল। ইয়াত ম'হ আৰু আন জীৱ-জন্তুৰ বলি দিয়া হৈছিল। ইয়াৰ বাবে নৃত্য়-গীত, হাতী-ঘোঁৰা, মল্লযুদ্ধ ৰথ আৰু সৈনিকসকলৰ দ্বাৰা শোভাযাত্ৰা কৰা হৈছিল। উৎসৱৰ অন্তিম দিনা মুকলি পথাৰত অনুষ্ঠিত এক মহা সমাৰোহত ৰজাই তেওঁ ৰাজকীয় নায়কসকলক সৈন্য়-বাহিনী পৰ্যবেক্ষণ কৰিছিল। 

৬। পবিত্র স্থানৰ লগত জড়িত স্থানীয় পৰম্পৰাসমূহ উল্লেখ কৰা।

উত্তৰঃ

৭। বিজয়নগৰৰ দুর্গ নির্মাণ সম্পর্কে বহলাই লিখা।

উত্তৰঃ বিজয়নগৰৰ দুৰ্গ নিৰ্মাণৰ সম্পৰ্কে তলত আলোচনা কৰা হ'ল 

    বিজয়নগৰ সাম্ৰাজ্য়ৰ বিভিন্ন ভাগসমূহ দুৰ্গ সদৃশ বিশাল প্ৰাচীয়ে ঘেৰি ৰখা হৈছিল। ইখনৰ পিছত সিখনকৈ সাতখন প্ৰাচীয়ে নগৰখন বেৰি ৰখা হৈছিল। এই প্ৰাচীসমূহে চহৰ আৰু সমগ্ৰ কৃষিভূমি আৰু ইয়াৰ অঞ্চলৰ জংঘল সমূহো ঘেৰি ৰাখিছিল। এই বিশাল প্ৰাচীৰৰ নিৰ্মাণ শৈলী সাধাৰণ আছিল। ইয়াৰ গাঁথনিত কোনো ধৰণৰ চিমেন্ট ব্য়ৱহাৰ কৰা নাছিল। শিলসমূহ খাজ কটা আৰু চেপেটা হোৱাৰ বাবে ইটোৰ ওপৰত সিটো ৰৈ আছিল। প্ৰাচীৰটো ভিতৰ ভাগ জাৱৰ আৰু মাটিৰে বনোৱা হৈছিল। বৰ্গক্ষেত্ৰাকাৰ আৰু আয়তাকাৰ সমূহ প্ৰাচীৰৰ বাহিৰৰ ফালে ওলোৱা আছিল। 

    দুৰ্গ নিৰ্মাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল কৃষিভূমিসমূহো ঘেৰী আছিল। পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ শাসকসকলে দুৰ্গৰ ভিতৰত কৃষি ভূমিসমূহ আৰু খাদ্য় সামগ্ৰীৰ ভঁৰালসমূহ নিৰ্মাণ কৰিছিল। দ্বিতীয় লানি প্ৰাচীৰে নগৰ কেন্দ্ৰৰ অন্তৰ্ভাগ আৱৰি আছিল। এই অট্টালিকাবোৰ আকৌ ওখ ওখ পকীবেৰাৰে আৱৰি আছিল। 

৮। বিজয়নগৰ সাম্রাজ্যৰ অমৰ নায়কসকলৰ ভূমিকা আলােচনা কৰা।

উত্তৰঃ বিজয়নগৰ সাম্ৰাজ্য়ৰ অমৰ নায়কসকলৰ ভূমিকা বিষয়ে তলত আলোচনা কৰা হ'ল 

    অমৰ নায়কসকল সেনাধ্য়ক্ষ আছিল। এই প্ৰণালীত ভালেমান বৈশিষ্ট্য় দিল্লী চুলতানীসকলৰ 'ইকটা' প্ৰণালীৰ সৈতে মিল আছিল। তেওঁলোকৰ ওপৰত একোখন প্ৰদেশৰ শাসনভাৰ অৰ্পণ কৰা হৈছিল। এই অমৰ নায়কসকল স্বাধীন শাসক আছিল।  তেওঁলোকে প্ৰজাৰৰ পৰা ৰাজহ সংগ্ৰহ কৰিব পাৰিছিল। ইয়াৰে এটা অংশ হাতী-ঘোঁৰা আৰু সৈনিকসকলৰ পৰিচালনা কাৰণে ৰাখি বাকীবোৰ ৰজাক দিব লগা হৈছিল। তেওঁলোকে ৰজাক সামৰিক বাহিনীও যোগান ধৰিব লগা হৈছিল। 

    ৰাজহৰ কিছু অংশ মন্দিৰসমূহ পৰিচালনা আৰু জলসিঞ্চনৰ কামত ব্য়ৱহাৰ কৰিছিল। অমৰ নায়কসকলে বছৰত এবাৰ ৰজাৰ আগত নিজৰ আনুগত্য় প্ৰকাশ কৰিব বাবে মূল্য়ৱান উপহাৰ আৰু বাৰ্ষিক কৰ সৈতে উপস্থিত হ'ব লগা হৈছিল। কেতিয়াবা ৰজাই তেওঁলোকক নিজৰ নিয়ন্ত্ৰণ বজাই ৰাখিব কাৰণে এখন প্ৰদেশৰ পৰা আন এখন প্ৰদেশলৈ স্থানান্তৰিত কৰিছিল। 

৯। নগৰ কেন্দ্ৰৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ পুৰাতাত্ত্বিকসকলে নগৰ কেন্দ্ৰৰ উত্তৰ-পূৱ কোণ আৰু আন কিছু অঞ্চলত পৰিষ্কাৰ চীনা মাটিৰ বাচন উদ্ধাৰ কৰিছে। এই অঞ্চলত ধনী সদাগৰ সকলে বাস কৰিছিল। ইয়াতে মুছলমান সকলৰ আৱাস গৃহৰ আছিল। গম্বুজ আৰু মছজিদসমূহৰ পৃথক বৈশিষ্ট্য় আছিল। 

    ১৬ শতিকাৰত পতুৰ্গীজ পৰ্যটক বাৰবোছাই উল্লেখ কৰিছে সাধাৰণ লোকৰ আৱাসসমূহ আন লোকসকলৰ আৱাসতকৈ চাপৰ আছিল যদিও যথেষ্ট মজবুত আছিল। সমগ্ৰ অঞ্চলটোত ভালেমান মন্দিৰ আৰু পূজাস্থলী আছিল। ইয়াত থকা কুঁৱা, বৰষুণৰ পানী সংৰক্ষণ কৰা জলাশয় আৰু মন্দিৰৰ পুখুৰীসমূহেই সাধাৰণ লোকৰ পানীৰ অভাৱবোৰ পূৰণ কৰিছিল। নগৰখনৰ দক্ষিণ-পশ্চিম অংশত ৰাজকীয় কেন্দ্ৰসমূহ অৱস্থিত। নগৰখনৰ সকলোতকৈ ওখ স্থানসমূহৰ এঠাইত মহানৱমী ডিব্বা নামৰ বিশাল আকাৰৰ মঞ্চখন অৱস্থিত আছিল। 

১০। বিজয়নগৰৰ প্রশাসনিক ব্যৱস্থাত ৰায় আৰু নায়কসকলৰ ভূমিকা আলােচনা কৰা।

উত্তৰঃ বিজয়নগৰৰ প্ৰশাসনিক ব্য়ৱস্থাৰ ৰায় আৰু নায়কসকলৰ ভূমিকা 

    বিজয়নগৰ সাম্ৰাজ্য়ৰ প্ৰভাৱশালী ব্য়ক্তিসকলৰ ভিতৰত সেনাধ্য়ক্ষসকলে আছিল অন্য়তম। তেওঁলোকে দুৰ্গ আৰু সৈন্য়বাহিনীৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বজাই ৰাখিছিল। তেওঁলোকে ৰজাৰ অধিকাৰ সুদূঢ় কৰিব কাৰণে মাজে মাজে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিছিল। কৃষকসকলেও কৃষি ভূমি সন্ধানত তেওঁলোকৰ লগত ভ্ৰমণ কৰিছিল। কানাড়া আৰু তেলেগু সেনাধিনায়ক লোকসকলক সাধাৰণতে নায়ক বুলি কোৱা হৈছিল। নায়কসকলে মাজে মাজে বিদ্ৰোহ আচৰণ কৰিছিল। তেওঁলোকক ৰজাই কঠোৰ হাতেৰে দমন কৰিছিল। অমৰ নায়কসকল সেনাধ্য়ক্ষ আছিল। তেওঁলোকৰ ওপৰত একোখনকৈ প্ৰদেশৰ শাসনভাৰ অৰ্পণ কৰা হৈছিল। বহুতোক্ষেত্ৰত এই অমৰ নায়কসকল স্বাধীন শাসক আছিল। তেওঁলোকে প্ৰজাৰৰ পৰা ৰাজহ সংগ্ৰহ কৰিব পাৰিছিল। 

    অমৰ নায়কসকলে বছৰত এবাৰ ৰজাৰ আগত নিজৰ আনুগত্য় প্ৰকাশ কৰিছিল। তেওঁলোকে ৰজাৰ ওচৰত আনুগত্য় প্ৰকাশ কৰিব কাৰণে বাৰ্ষিক কৰ আৰু মূল্য়ৱান উপহাৰ সৈতে উপস্থিত হ'ব লগা হৈছিল।  

১১। ধর্মকেন্দ্ৰৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

১২। বিজয়নগৰ সাম্রাজ্যৰ আর্থ - সামাজিক অৱস্থাৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ

১৩। কৃষ্ণ দেৱৰায় সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ কৃষ্ণ দেৱৰায় সম্পৰ্কে তলত উল্লেখ কৰা হ'ল 

    কৃষ্ণদেৱ ৰায়ৰ ৰাজত্ব কালত বিজয়নগৰ ৰাজ্য়ৰ বিস্তাৰ আৰু সুদৃঢ়কৰণৰ কাৰণে বিখ্য়াত আছিল। কৃষ্ণ দেৱৰায় দিনতে বিজয়নগৰ সাম্ৰাজ্য়ই চৰম উন্নতি লাভ কৰিছিল। তেওঁক ইতিহাসত মধ্য়যুগৰ ভাৰতৰ অন্য়তম প্ৰখ্য়াত যোদ্ধা বুলি কোৱা হয়। তেওঁ কৃষ্ণানদীৰ আৰু তুংগভদ্ৰা মাজৰ ৰাইচুৰ দোৱাৰ অধিকাৰ কৰি লৈছিল। চুবুৰীয়া ৰাজ্য়বোৰক যুদ্ধত ঘটোৱাই কৃষ্ণদেৱ ৰায়ে তেওঁ সামৰিক শ্ৰেষ্ঠা প্ৰতিপন্ন কৰিছিল। তেওঁ ১৫১৪ খৃঃত উৰিষ্য়াৰ বিৰুদ্ধে যুদ্ধ কৰি উৰিষ্য়াক পৰাভূত কৰিছিল। ১৫২০ খৃঃত বিজাপুৰৰ চুলতানৰ সেনাবাহিনীক পৰাস্ত কৰিছিল। তেওঁ এজন বিক্য়াত নিৰ্মাতা আৰু শিক্ষাপ্ৰেমী ৰজা আছিল। তেওঁ দক্ষিণ ভাৰতৰ কেইবাটাও বিখ্য়াত মন্দিৰ নিৰ্মাণ কৰিছিল। কৃষ্ণদেৱ ৰায় ১৫২৯ খৃঃত মৃত্য়ু হৈছিল। 

 ১৪। চমু টোকা লিখা ঃ

( ক ) ভিঠালস্বামী মন্দিৰ

উত্তৰঃ ভিঠালা স্বামী মন্দিৰৰ মুখ্য় দেৱতা আছিল বিষ্ণুৰ এটা ৰূপ ভিঠালা, যাক সমগ্ৰ মহাৰাষ্ট্ৰতে পূজা কৰা হৈছিল । বিষ্ণু পূজা পশ্চিম, মধ্য় আৰু উত্তৰভাৰতত প্ৰচলিত আছিল। কৰ্ণাটকত বিজয়নগৰৰ সম্ৰাট সকলৰ দ্বাৰা বিষ্ণু পূজাৰ প্ৰচলন কৰা হৈছিল।  প্ৰকৃততে ই আছিল বিজয়নগৰ সাম্ৰাজ্য়ৰ সংস্কৃতিক আৰু অধিক সমৃদ্ধ কৰিবৰ কাৰণে ভিন ভিন পৰম্পৰাক আকোৱালি লোৱাৰ প্ৰচেষ্টা । এই মন্দিৰটো আন মন্দিৰৰ দৰে বিভিন্ন সভাঘৰ আছিল । ৰথৰ আকৃতিত নিৰ্মাণ কৰা এই মন্দিৰৰ স্থাপত্য় আছিল অতুলনীয় । ইয়াৰ ভাস্কৰ্য্য় শৈলীয়ে বিজয়নগৰ সাম্ৰাজ্য়ত গঢ় লৈ উঠা ভাস্কৰ্য্য় বিদ্য়াৰ নিৰ্দিষ্ট বৈশিষ্ট্য় আৰু উচ্চ মানদণ্ডলৈ আঙুলিয়াই দিয়ে । 

        এই মন্দিৰৰ উল্লেখযোগ্য় বৈশিষ্ট্য় হৈছে যে মন্দিৰত ৰথৰ ৰাস্তা আছিল । যিটো গোপুৰমৰ পৰা মন্দিৰলৈকে পোন আছিল । এই ৰাস্তাবোৰ চেপেটা শিলেৰে নিৰ্মিত আছিল আৰু ইয়াৰ দুয়োপাৰে স্তম্ভ যুক্ত মণ্ডপ আছিল । এই মণ্ডপসমূহতে ব্য়ৱসায়ীসকলে দোকান দিছিল । নায়কসকলে দুৰ্গ নিৰ্মাণৰ পৰম্পৰা ৰক্ষা কৰাৰ দৰে মন্দিৰ নিৰ্মাণৰ পৰম্পৰাও ৰক্ষা কৰিছিল । বাস্তৱিকতে স্থানীয় নায়কসকলেই বহুতো দৰ্শনীয় গোপুৰম নিৰ্মাণ কৰাইছিল । 

( খ ) বিৰুপাক্ষ মন্দিৰ

 উত্তৰঃ বিৰুপাক্ষ মন্দিৰটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰিবলৈ কেইবা শতিকাও লাগিছিল । ইয়াৰ মুখ্য় দেৱতা আছিল শিৱৰ এটা ৰূপ ''বিৰুপাক্ষ'' । বিভিন্ন শিলালিপিৰ পৰা পোৱা তথ্য়মতে ৯ম আৰু ১০ম শতিকাতে ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল । বিজয়নগৰ সাম্ৰাজ্য স্থাপনৰ পিছত ইয়াৰ পৰিসৰ যথেষ্ট বৃদ্ধি পাইছিল । ৰজা কৃষ্ণদেৱ ৰায়ে নিজৰ সিংহাসন আৰোহণ উপলক্ষে মুখ্য় মন্দিৰৰ ওচৰত বিশাল মণ্ডপ নিৰ্মাণ কৰোৱাইছিল । ইয়াৰ স্তম্ভসমূহ অতি সূক্ষ্ম কৰুকাৰ্য খচিত আছিল । কৃষ্ণদেৱ ৰায়েই ইয়াৰ পূব দিশৰ গোপুৰমো নিৰ্মাণ কৰা খ্য়াতি অৰ্জন কৰিছিল । ই সংযোগৰ ফলত মুখ্য় দেৱালয় তুলনামূলকভাৱে এক সৰু ভাগত সীমাবদ্ধ হৈ পৰিছিল ।  

        মন্দিৰৰ সন্মুখ ভাগৰ সভা গৃহটো বিভিন্ন কামত ব্য়ৱহাৰ হৈছিল । ইয়াৰ কিছু অংশত দেৱতাৰ মূৰ্ত্তি আছিল আৰু বাকী অংশ নৃত্য়-গীত, নাটক আদি উপভোগৰ কাৰণে ৰখা হৈছিল । আন সভাগৃহসমূহত দেৱ-দেৱীৰ বিবাহ উৎসৱ পালন কৰা হৈছিল । আকৌ আন কিছুমানত দেৱ-দেৱীৰ ঝোলন কাৰ্য্য়সূচী পালন কৰা হৈছিল । এই উপলক্ষে বিশিষ্ট মূৰ্ত্তিৰ ব্য়ৱহাৰ কৰা হৈছিল, যিবোৰ সৰু আৰু কেন্দ্ৰীয় দেৱালয়ত স্থাপিত মূৰ্ত্তিতকৈ বেলেগ আছিল।

Type: Pallab Jyoti Bora


Post ID : DABP006318

Important Question Answers 


১) কিমান খ্ৰীঃত দিল্লী চুলতানী সাম্ৰাজ্য স্থাপন কৰা হৈছিল ।

উত্তৰঃ  খ্ৰীঃ ১২০০-১৩০০ ত দিল্লী চুলতানী সাম্ৰাজ্য স্থাপন কৰা হৈছিল । 


২) কিমান খ্ৰীঃত আৰু কোনে হাম্পী চহৰৰ ধ্বংসাৱশেষ আৱিস্কাৰ কৰে ।

উত্তৰঃ  ১৮০০ খ্ৰীঃত পুৰাতত্ত্ববিদ কৰ্ণেল কলিন মেকেঞ্জীয়ে হাম্পী চহৰৰ ধ্বংসাৱশেষ আৱিস্কাৰ কৰে ।


৩) বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজকীয় কেন্দ্ৰৰ আটাইতকৈ সুন্দৰ মহলটোৰ  নাম কি ।

উত্তৰঃ  বিজয়নগৰ  সাম্ৰাজ্যৰ ৰাজকীয় কেন্দ্ৰৰ আটাইতকৈ সুন্দৰ ভৱনটোৰ নাম হল  কমল মহল  । 


৪) শিৱৰ এটা ৰূপৰ নাম লিখা ।

উত্তৰঃ  শিৱৰ এটা ৰূপৰ নাম হল বিৰুপাক্ষ ।


৫) ভগৱান বিষ্ণুৰ এটা ৰূপৰ নাম লিখা ।

উত্তৰঃ  ভগৱান বিষ্ণুৰ এটা ৰূপৰ নাম হল ভিঠালা ।


৬) কিমান খ্ৰীঃত হাম্পীক ৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় ।

উত্তৰঃ ১৯৭৬ খ্ৰীঃত হাম্পীক ৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় । 


৭) কিমান খ্ৰীঃত উৰিষ্যাৰ গজপতি ৰাজ্য স্থাপন কৰা হৈছিল ।

উত্তৰঃ  ১৪০০-১৫০০ খ্ৰীঃত উৰিষ্যাৰ গজপতি ৰাজ্য স্থাপন কৰা হৈছিল ।


৮) কিমান খ্ৰীঃত বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ  ১৫২৬ খ্ৰীঃত বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ।


৯) কিমান খ্ৰীঃত বাহমণি ৰাজ্য স্থাপন কৰা হৈছিল ।

উত্তৰঃ  ১৩৪৭ খ্ৰীঃত বাহমণি ৰাজ্য স্থাপন কৰা হৈছিল । 


১০)  ভিঠালা মন্দিৰৰ উল্লেখযোগ্য বৈশিষ্ট্য কি ।

উত্তৰঃ  ভিঠালা মন্দিৰৰ উল্লেখযোগ্য বৈশিষ্ট্য হল মন্দিৰত ৰথৰ ৰাস্তা  আছিল । যিটো গোপুৰমৰ পৰা মন্দিৰলৈকে পোন আছিল । 


১১) কিমান খ্ৰীঃত বিজয়নগৰৰ তথ্যসমূহ দলিলকৰণৰ এটা প্ৰকল্প হাতত লোৱা হয় ।

উত্তৰঃ  ১৯৮০ খ্ৰীঃত বিজয়নগৰৰ তথ্যসমূহ দলিলকৰণৰ এটা প্ৰকল্প হাতত লোৱা হয় ।


১২) চুলতানৰ সংস্কৃত অৰ্থ কি ।

উত্তৰঃ  চুলতানৰ সংস্কৃত অৰ্থ হল হিন্দু চুলতান ।


১৩) ভাৰতলৈ অহা পাৰস্যৰ ৰাষ্ট্ৰদূতজনৰ নাম কি ।

উত্তৰঃ  ভাৰতলৈ অহা পাৰস্যৰ ৰাষ্ট্ৰদূতজনৰ নাম হল আব্দুৰ ৰাজ্জাক ।


১৪) বিজয়নগৰ সাম্ৰাজ্যৰ এজন শক্তিশালী ৰজাৰ নাম লিখা ।

উত্তৰঃ  বিজয়নগৰ সাম্ৰাজ্যৰ এজন শক্তিশালী ৰজাৰ নাম হল কৃষ্ণদেৱৰায় ।


১৫) কিমান খ্ৰীঃত জন মাৰ্শ্বালৰ অধীনত সংৰক্ষণ কাৰ্য্য আৰম্ভ হৈছিল ।

উত্তৰঃ  ১৯০২ খ্ৰীঃত জন মাৰ্শ্বালৰ অধীনত সংৰক্ষণ কাৰ্য্য আৰম্ভ হৈছিল ।


১৬) কিমান চনত গোলকুণ্ডাত চুলতানীৰ উদয় হৈছিল ।

উত্তৰঃ  ১৫১৮ চনত গোলকুণ্ডাত চুলতানীৰ উদয় হৈছিল ।


১৭) কিমান খ্ৰীঃত পতুৰ্গীজসকলৰ দ্বাৰা গোৱা অধিকাৰ কৰা হৈছিল ।

উত্তৰঃ  ১৫১০ খ্ৰীঃত পতুৰ্গীজসকলৰ দ্বাৰা গোৱা অধিকাৰ কৰা হৈছিল ।


১৮) বিজয়নগৰৰ এখন মঞ্চৰ নাম লিখা ।

উত্তৰঃ  বিজয়নগৰৰ এখন মঞ্চৰ নাম হল মহানৱমী ডিব্বা ।


১৯)বিজয়নগৰ সাম্ৰাজ্যৰ ৰজাসকলে পূজা কৰা  এগৰাকী দেৱীৰ নাম লিখা ।

উত্তৰঃ  বিজয়নগৰ সাম্ৰাজ্যৰ ৰজাসকলে পূজা কৰা এগৰাকী দেৱীৰ নাম হল পম্পাদেৱী ।


২০)  বিজয়নগৰ শাসকসকলে গ্ৰহণ কৰা উপাধিটোৰ নাম কি ।

উত্তৰঃ বিজয়নগৰ শাসকসকলে গ্ৰহণ কৰা উপাধিটোৰ নাম হল হিন্দু সুৰত ৰাণা । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Answer type  Ali rani Kakati