Chapter: 2

ৰজা, কৃষক আৰু নগৰসমূহ 

(Kings, Farmars And Towns,)

প্ৰাৰম্ভিক ৰাজ্য় আৰু অৰ্থব্য়ৱস্থা ( খৃঃ পূঃ ৬০০খৃঃ ৬০০)

(Early States And Economics C-600 BCE- 600 CE) 


◻️ চমুপ্রশ্ন ঃ


১। প্ৰাৰম্ভিক ঐতিহাসিক নগৰসমূহৰ শিল্পকলা উৎপাদনৰ প্রমাণ সম্পর্কে আলােচনা কৰা। হৰপ্পা নগৰৰ প্রমাণৰ সৈতে এইবােৰৰ পার্থক্য উল্লেখ কৰা।

উত্তৰঃ 


২। মহাজনপদ সমূহৰ প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা।

উত্তৰঃ প্ৰাচীন ভাৰতৰ ইতিহাসত খৃঃপূঃ ষষ্ঠ শতিকাটো পৰিৱৰ্তনৰ যুগ বুলি অভিহিত কৰা হৈছিল। এই যুগটোৰ লগত প্ৰাচীন ৰাজ্য়সমূহৰ গঠন প্ৰক্ৰিয়া আৰি নগৰ বিকাশ লোৰ ব্য়ৱহাৰ মুদ্ৰাৰ বিকাশ আদি কথাসমূহ জড়িত হৈ আছে। এই যুগটোতে বৌদ্ধ আৰু জৈন ধৰ্মৰ উৎপত্তিৰ বিভিন্ন দাৰ্শনিক চিন্তাধাৰাৰ বিকাশ ঘটিছিল। প্ৰাচীন বৌদ্ধ আৰু জৈন গ্ৰন্থসমূহত ষোল্লখন ৰাজ্য় আছিল আৰু সেইবোৰকে ষোল্ল মহাজনপদ  বুলি কোৱা হয়।মহাজনপদ সমূহৰ প্ৰধান বৈশিষ্ট্য়সমূহ হ'ল-

    ক) বেছিভাগ মহাজনপদত ৰজাই শাসন কৰিছিল। 

    খ) আন কিছুমান এক শ্ৰেণীৰ দুই চাৰিজন লোকে শাাসন কৰিছিল। যিবোৰক গণ বা সংঘৰাষ্ট্ৰ বুলি কোৱা হৈছিল। 

    গ) প্ৰত্য়েক মহাজনপদতে একোখন ৰাজধানী আছিল। যিবোৰ গড় মাৰি সুৰক্ষিত কৰা হৈছিল।

    ঘ) ষষ্ঠ শতিকাৰ পৰা ব্ৰাহ্মণসকলে সংস্কৃত গ্ৰন্থসমূহ ৰচনা কৰিছিল। 

    ঙ) শাসকসকল সক্ৰিয় হোৱাটোও বাঞ্চনীয় আছিল। 


৩। ইতিহাসবিদসকলে সর্বসাধাৰণ লােকৰ জীৱন ধাৰণ প্ৰণালী কেনেদৰে পুনৰ উদ্ধাৰ কৰিছে।

উত্তৰঃ 


৪। লিপিতত্ববিদসকলে সন্মুখীন হােৱা সমস্যাসমূহ কি কি?

উত্তৰঃ প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চাৰ অন্য়তম প্ৰধান সমল হ'ল লিপিসমূহ। এই প্ৰাচীন লিপিসমূহৰ অধ্য়য়নকেই ইংৰাজীত Epigraphy বুলি কোৱা হয়। লিপিসমূহ বেছিভাগ ব্ৰাহ্মী আৰু মাৰাঠী ভাষাত লিখা হৈছিল। লিপিসমূহত ৰাজ্য়ত ঘটা ডাঙৰ ঘটনা বা ৰচনাৰ কাৰ্যাৱলী, ধৰ্মীয় অনুদান, সমসাময়িক সমাজৰ ৰীতি-নীতি, আচাৰ-ব্য়ৱহাৰ আদি, ব্ৰাহ্মণৰ মাটি বৃত্তি দান দিয়া আদি খোদিত কৰা হৈছিল। লিপিতত্ববিদসকলে সন্মূখীন হোৱা সমস্য়াসমূহ হ'ল-

    ক) লিপিসমূহৰ আখৰসমূহ ভালদৰে খোদিত নকৰাৰ বাবে ইয়াৰ প্ৰকৃত অৰ্থ বুজি পোৱা নাছিল। 

খ) লিপিসমূহত অৰ্থনৈতিক আৰু ৰাজনৈতিক কথাবোৰ উল্লেখ কৰা নাছিল। 

গ) তেওঁলোকে লিপিসমূহত ৰজা গুণ-গৰিমাৰ ওপৰত বেছি গুৰুত্ব দিয়া নাছিল। 


৫। মৌৰ্য্য প্রকাশন ব্যৱস্থাৰ প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা। ইয়াৰ কোনবােৰ বিষয় অশােকৰ লিপি সমূহৰ পৰা পােৱা গৈছে।

উত্তৰঃ চন্দ্ৰগুপ্ত মৌৰ্য্য় বংশৰ প্ৰতিষ্ঠাতা আছিল। মৌৰ্য্য় বংশৰ আগমনৰ লগে লগে মগধৰ বিকাশ চৰম বিন্দুত উপনীত হৈছিল। মৌৰ্য্য় সাম্ৰাজ্য়খন উত্তৰ পশ্চিমে আফগানিস্থান আৰু বেলুচিস্থান পৰ্যন্ত বিস্তৃত আছিল। অশোক তেওঁ নাতি আছিল। তেওঁ প্ৰাচীন ভাৰতৰ বিখ্য়াত ৰজা আছিল। অশোকে কলিংগ জয় কৰিছিল। মৌৰ্য্য় সাম্ৰাজ্য়ত ইতিহাস পুনৰ ৰচনা কৰিব বাবে বিভিন্ন সমল ব্য়ৱহাৰ কৰিছিল। সেই সমলসমূহ দুটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগ কেইটা হ'ল ১। লিখিত সমল আৰু ২। প্ৰত্নতাত্ত্বিক সমল। 

    ১। লিখিত সমলঃ লিখিত সমলসমূহৰ ভিতৰত কৌটিল্য়ৰ অৰ্থশাস্ত্ৰ, বৌদ্ধ আৰু জৈন সাহিত্য়, মেগাস্থেনিছৰ ইণ্ডিকা, পৌৰাণিক সাহিত্য় আৰু মুদ্ৰাৰাক্ষস আদি। প্ৰত্নতাত্ত্বিক সমলৰ ভিতৰত উল্লেখযোগ্য় হৈছে অশোকৰ শিলালিপি। চন্দ্ৰগুপ্ত মৌৰ্য্য়ৰ ৰাজসভালৈ অহা গ্ৰীক কটকী ঐতিহাসিক পণ্ডিত মেগাস্থেনিছৰ "ইণ্ডিকা" নামৰ পুথিখন মৌৰ্য্য় যুগৰ ইতিহাস ৰচনা আন এক মূল্য়ৱান সমল আছিল। সেই পুথিখনৰ মূল পাঠ পোৱা নাছিল। পিছলৈ গ্ৰীক লেখকসকলে এই পুথিৰ পৰা দিয়া স্থিতিৰ পৰাই কিছু তথ্য় আহৰণ কৰিব পাৰিছিল। মৌৰ্য্য় যুগৰ ইতিহাস ৰচনা কৰা কাৰণে আটাইতকৈ মূল্য়ৱান সমল হৈছে মহান সম্ৰাট অশোকৰ শিলালিপিসমূহ। প্ৰথম সম্ৰাট আছিল অশোক, তেওঁ প্ৰজাৰ আৰু ৰজা বিষয়াসকলৰ বাবে নিজৰ বাণীসমূহ শিলৰ উপৰিভাগত খোদিত কৰিছিল। তেওঁ ধৰ্ম সম্পৰ্কে যি ধাৰণা কৰিছিল সেইসমূহ প্ৰকাশ কৰিব কাৰণে স্তম্ভ লিপি আৰু শিলালিপিসমূহ ব্য়ৱহাৰ কৰিছিল। সেই লিপিসমূহত তেওঁ বহুতো কথা খোদিত কৰিছিল। যেনে বিলাসী জীৱন পৰিত্য়াগ কৰা, জীৱহত্য়াৰ পৰা বিৰত থকা, মান্য়জনৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা, আন ধৰ্ম প্ৰতি সাহিষ্ণুতা প্ৰদৰ্শন কৰা, নীতি-ধৰ্মৰ প্ৰতি আগ্ৰহী হোৱা আৰু দাস আৰু ভৃত্য়ৰ প্ৰতি মধূৰ ব্য়ৱহাৰ কৰা আদি। 

    লিপিসমূহ প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চাৰ অন্য়তম প্ৰধান সমল আছিল। এই লিপিসমূহ অধ্য়য়নকেই ইংৰাজীত Epigraphy বুলি কোৱা হয়। লিপিসমূহ সাধাৰণতে লোহা, সোণ, ইটা, তাম, শিল আৰু ব্ৰঞ্জ আদিত খোদিত কৰা হৈছিল। প্ৰাচীন যুগৰ ইতিহাস ৰচনাৰ বাবে এইসমূহে নিৰ্ভৰযোগ্য় সমল আছিল। লিপিসমূহ সৰহ ভাগে ব্ৰাহ্মী অক্ষৰত লিখা হৈছিল। প্ৰাৰম্ভিক লিপিসমূহ প্ৰাকৃত ভাষাত লিখা হৈছিল। এই অধ্য়ায়ত উল্লেখ কৰা অজাত শত্ৰু আৰু অশোকৰ নাম প্ৰাকৃত ভাষাৰ লিপিত পোৱা গৈছে। ইয়াত সংস্কৃত, পালি আৰু তামিল আদি বিভিন্ন ভাষাৰ শব্দ পোৱা যায়। কাৰণ সেইসমূহ ভাষাত লিপিসমূহ খোদিত কৰা হৈছিল। অশোকৰ লিপিসমূহত উল্লেখ আছে যে মৌৰ্য্য় সাম্ৰাজ্য়খন পাঁচখন মূখ্য় ৰাজনৈতিক কেন্দ্ৰত বিভক্ত আছিল। সেইকেইখন হৈছে ১। ৰাজধানী পাতলিপুত্ৰ, ২। উজ্জয়িনী,৩। তোশালী, ৪। তক্ষশীলা আৰু ৫। সুবৰ্ণগিৰি। 


৬। ডি. চি. চৰকাৰৰ মতে “ভাৰতীয় সকলৰ জীৱন-সংস্কৃতি আৰু গতিবিধিৰ এনে কোনাে বিষয় নাই যিবােৰ লিপিসমূহত প্রতিবিম্বিত হােৱা নাই” ব্যাখ্যা কৰা।

উত্তৰঃ 


৭। উত্তৰ মৌৰ্য্যকালত বিকশিত হােৱা ৰাজধৰ্মৰ নতুন ধাৰণা সম্পর্কে আলােচনা কৰা।

উত্তৰঃ  উত্তৰ মৌৰ্য্য়কালত বিকশিত হোৱা ৰাজধৰ্মৰ নতুন ধাৰণা 

    মগধৰ ৰাজধানী আছিল ৰাজগৃহ, এই প্ৰাচীন নামটোৰ অৰ্থ হৈছে "ৰজাৰ ঘৰ"। চতুৰ্থ শতিকাত ৰাজধানীখন ৰাজগৃহৰপৰা পাতলিপুত্ৰলৈ স্থানান্তৰিত কৰা হয়। বৰ্তমান পাটনাই গংগাৰ পাৰত অৱস্থিত। মৌৰ্য্য় বংশৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য্য়ৰ সাম্ৰাজ্য়খন উত্তৰ পশ্চিমে আফগানিস্থান আৰু বেলুচিস্থান পৰ্যন্ত বিস্তৃত আছিল। মৌৰ্য্য় যুগৰ ইতিহাস পুনৰ ৰচনা কৰা প্ৰধান সমল হ'ল কৌটিল্য়ৰ অৰ্থশাস্ত্ৰ। 

    দাক্ষিণাত্য় আৰু সুদুৰ দক্ষিণত যিবোৰ নতুন ৰাজ্য়ৰ আবিৰ্ভাৱ হৈছিল তামিলকমত। চোল, চেৰা, আৰু পাণ্ড্য়ই স্থায়ী আৰু সম্পদশালী ৰাজ্য় হিচাপে নিজকে প্ৰমাণ কৰিছিল। বহুতো উৎসৰ পৰা এই ৰাজ্য়সমূহৰ বিষয়ে জানিব পাৰে। গ্ৰন্থসমূহৰ পৰা জানিব পৰা গৈছে যে বহুতো ৰজা আৰু নায়কে দূৰণিবটীয়া বাণিজ্য়ৰ পৰা সম্পদ আহৰণ কৰিছিল। এই সমূহৰ ভিতৰত মধ্য় আৰু পশ্চিম ভাৰতে শাসন কৰা সাতবাহনসকল আৰু উপমহাদ্বীপখনৰ উত্তৰ পশ্চিম আৰু পশ্চিম অঞ্চলত শাসন কৰা মধ্য় এছিয়া মূল শকসকলৰ আছিল প্ৰধান। শকসকলে সামাজিক বিকাশৰ বিষয়ে অধিক তথ্য় জনা নাছিল। 


৮। খৃঃ পূঃ 600 খৃঃ ৰপৰা খৃঃ600ৰ ভিতৰত কৃষি জগতলৈ অহা পৰিবর্তনবােৰ আলােচনা কৰা।

উত্তৰঃ খৃঃ পূঃ ৬০০ ৰপৰা খৃঃ ৬০০ৰ ভিতৰত কৃষি জগতলৈ অহা পৰিবৰ্তনসমূহ হ'ল 

    উৎপাদন বৃদ্ধি বাবে লোৱা এটা কৌশল আছিল হালবাই খেতি কৰা। ষষ্ঠ শতিকাত গঙ্গাৰ পৰা কাবেৰী উপত্য়কালৈকে বিস্তৃত সাৰুৱা মাটিত হাল বাই কৃষিকাৰ্য্য় কৰা হৈছিল। যথেষ্ট বৰষুণ হোৱা অঞ্চলৰ কৃষিভূমিত নাঙলৰ লোহাৰ ফাল লগাই চহোৱা হৈছিল। এইসমূহৰ উপৰিও গঙ্গাৰ উপত্য়কাৰ কিছুমান অঞ্চলত এঠাই পৰা নি আন ঠাইত ৰোপণ কৰিছিল। এইসমূহ উৎপাদনকাৰী সমূহৰ বাবে যথেষ্ট কষ্ট কাম আছিল। উপমহাদেশখনৰ উত্তৰ পশ্চিম আৰু মধ্য় অঞ্চলৰ পাবৰ্ত্য় অঞ্চলৰ বাসিন্দাসকলে কোৰ মাৰি খেতি কৰিছিল। সেই অঞ্চলৰ ভূখণ্ডৰ বাবে উপযোগী আছিল। 

    জলসিঞ্চনৰ ব্য়ৱহাৰ কৃষি উৎপাদন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা আন এটা কৌশল আছিল। পুখুৰী, নাদ আৰু খালৰ পৰা পথাৰত পানী যোগান ধৰা হৈছিল। ব্য়ক্তিগতভাৱে জলসিঞ্চনৰ প্ৰণালীবোৰ নিৰ্মাণ কৰা হৈছিল। প্ৰাচীন বৌদ্ধ গ্ৰন্থসমূহত কৃষি শ্ৰমিক, ক্ষুদ্ৰ খেতিয়ক আৰু জমিদাৰসকলৰ কথা উল্লেখ আছে। প্ৰাচীন তামিল সংগম সাহিত্য় গ্ৰাম্য় সমাজত বাস কৰা বিবিন্ন শ্ৰেণী লোকসকল হৈছে- বৃহৎ জমিদাৰ, হালোৱা আৰু দাস বা আদিমাই।  


৯। মৌৰ্যসকলৰ ইতিহাস পুনৰ গঠনৰ বাবে ইতিহাসবিদসকলে ব্যৱহাৰ কৰা যিকোনাে দুটা গুৰুত্বপূর্ণ সমল উল্লেখ কৰা।

উত্তৰঃ মৌৰ্যসকলৰ ইতিহাস পুনৰ গঠনৰ বাবে ইতিহাসবিদসকলে ব্যৱহাৰ কৰা যিকোনো দুটা গুৰুত্বপূৰ্ণ সমল হ'ল  ১। লিখিত সমল আৰু ২। প্ৰত্নতাত্বিক সমল ।

১) লিখিত সমলঃ লিখিত সমলসমূহৰ ভিতৰত কৌটিল্য়ৰ অৰ্থশাস্ত্ৰ, বৌদ্ধ আৰু জৈন সাহিত্য়, মেগাস্থেনিছৰ ইণ্ডিকা, মুদ্ৰাৰাক্ষস আৰু পৌৰাণিক সাহিত্য় ইত্য়াদি এই নামসমূহ উল্লেখযোগ্য়। কৌতিল্য়ৰ অৰ্থশাস্ত্ৰ মৌৰ্য যুগৰ ইতিহাস পুনৰ ৰচনা কৰা এক প্ৰধান সমল। কৌটিল্য় তথা বিষ্ণুগুপ্ত আছিল এই গ্ৰন্থৰ লিখক। ই ৰাষ্ট্ৰবিজ্ঞান সম্পৰ্কীয় পুথি, ইয়াত মৌৰ্যসকলৰ শাসনব্য়ৱস্থা ৰাজহ ৰাজ কৰ্তব্য় ভালেমান বিষয় সন্নিবিষ্ট হৈছিল। 

২) প্ৰত্নতাত্ত্বিক সমলঃ প্ৰত্নতাত্ত্বিক সমলৰ ভিতৰত উল্লেখযোগ্য় হ'ল অশোকৰ শিলালিপি, স্তম্ভলিপি, গুহালিপি আৰু স্থাপত্য় ভাস্কৰ্যৰ ধ্বংসাৱশেষ সমূহ। অশোক আছিল প্ৰথম সম্ৰাট তেওঁ প্ৰজাসকল আৰু ৰজা বিষয়াসকলৰ বাবে নিজৰ বাণীসমূহে শিলৰ উপৰিভাগত খোদিত কৰিছিল।  


◻️ চমু উত্তৰ লিখাঃ


১। মহাজনপদ মানে কি? কেইখনমান গুৰুত্বপূৰ্ণ মহাজনপদৰ নাম লিখা।

উত্তৰঃ বৌদ্ধ আৰু জৈন ধৰ্মৰ শাস্ত্ৰত উল্লেখ থকা মতে প্ৰাচীন ভাৰতবৰ্ষত খ্ৰীষ্ট্ৰপূৰ্ব শতিকাৰ ১৬ খন ৰাজ্য় বা জনপদ আছিল । এই ১৬ খন ৰাজ্যৰ সমষ্টিকে মহাজনপদ বুলি কোৱা হয় ।    কেইখনমান গুৰুত্বপূৰ্ণ মহাজনপদৰ নাম হ'ল- বিজ্জি, মগধ, কোশল, কুৰু, পাঞ্চাল, গান্ধাৰ আৰু অৱন্তী ।


২। আটাইতকৈ শক্তিশালী মহাজনপদখনৰ নাম কি আছিল?

উত্তৰঃ আটাইতকৈ শক্তিশালী মহাজনপদখনৰ নাম হ'ল মগধ ।


৩। মগধৰ প্ৰাৰম্ভিক ৰাজধানীখনৰ নাম কি আছিল?

উত্তৰঃ মগধৰ প্ৰাৰম্ভিক ৰাজধানীখনৰ নাম হ'ল ৰাজগৃহ ।


৪। প্রতিবেদকসকল কোন আছিল? তেওঁলােকৰ কৰ্তব্যসমূহ আলােচনা কৰা।

উত্তৰঃ


৫। সংগম সাহিত্য মানে কি?

উত্তৰঃ সংগম সাহিত্য় মানে দক্ষিণ ভাৰতৰ কবিসকলে তামিল ভাষাত লিখা সাহিত্যৰাজিক বোজা যায় । 


৬। মৌর্য সাম্রাজ্য পতনৰ পিছত আবির্ভাব ঘটা কেইটামান আঞ্চলিক শক্তিৰ নাম লিখা।

উত্তৰঃ মৌৰ্য সাম্ৰাজ্য় পতনৰ পিছত আৰ্বিভাব ঘটা কেইটামান আঞ্চলিক শক্তিৰ নাম হ'ল চোল , চেৰা , পাণ্ড্য, তালিকম আদি । 


৭। অশােকৰ 'ধর্ম’ মানে কি বুজা?

উত্তৰঃ অশোকৰ ধৰ্ম মানে সত্য়, দান , দয়া , সাধুতা , বহুকল্যাণ , শুচিতা, মাৰ্দব এই সাতটা বৈশিষ্ট্য নীতি-নিয়ম বা ধৰ্মক বুজা যায় ।


৮। কোনে কেতিয়া ব্রাহ্মী আৰু খাৰােষ্ঠী লিপিৰ পাঠোদ্বাৰ কৰিছিল?

উত্তৰঃ জেমচ প্ৰিন্সচেপে ১৮৩৮ খৃঃত ব্ৰাহ্মী আৰু খাৰোষ্ঠী লিপিৰ পাঠোদ্বাৰ কৰিছিল । 


৯। 'পিয়দাসী’ মানে কি বুজা? ইয়াৰ যােগেদি কাক বুজোৱা হৈছিল?

উত্তৰঃ পিয়দাসী মানে- দেখিলে মন জুৰোৱা লোকক বুজায় । ইয়াৰ যোগেদি অশোকক বুজোৱা হৈছিল । 


১০। অশােকৰ লিপিসমূহ কি কি ভাষাত খােদিত কৰা হৈছিল?

উত্তৰঃ অশোকৰ লিপিসমূহ প্ৰাকৃত, ব্ৰাহ্মী আৰু খাৰোষ্ঠী ভাষাত খোদিত কৰা হৈছিল । 


১১। মহাজনপদ আৰু গণসংঘৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ মহাজনপদ আৰু গণসংঘৰ দুটা প্ৰধান বৈশিষ্ট্য় হৈছে

    ক) মহাজনপদবোৰ ৰজাই শাসন কৰিছিল, আনহাতে গণসংঘৰবোৰ দুই চাৰিজন লোকে শাসন কৰিছিল।

    খ) প্ৰত্য়েক মহাজনপদতে একোখন ৰাজধানী নগৰ আছিল। যিবোৰ গড় মাৰি সুৰক্ষিত কৰা হৈছিল। 


১২। মগধৰ উত্থানৰ চাৰিটা কাৰণ লিখা।

উত্তৰঃ মগধৰ উত্থানৰ চাৰিটা কাৰণ হ'ল 

১। প্ৰথমে মগধ আছিল প্ৰকৃতি প্ৰদত্ত সুৰক্ষাৰে সুৰক্ষিত এখন নদীমাতৃক ৰাজ্য় । ইয়াৰ চাৰিওফালে পাহাৰ আগুৰি থকাত ই অত্যন্ত সুৰক্ষিত আছিল । ইয়াৰ সাৰুৱা মাটিত হোৱা কৃষি উৎপাদনে স্বাভৱিকতেই অঞ্চলটোলৈ সমৃদ্ধি কঢ়িয়াই আনিছিল । 

২। মগধত খনিজ সম্পদ মূলতঃ লো পোৱা গৈছিল প্ৰচুৰ পৰিমাণে । ই দেশৰ কৃষি উৎপাদনৰ পৰা যুদ্ধ বিগ্ৰহৰ অস্ত্ৰ-সস্ত্ৰ লৈকে বৃহৎ বৰঙণি আগবঢ়াইছিল ।

৩। মগধৰ হাবিত বিস্তৰ হাতী পোৱা গৈছিল আৰু এই হাতীৰে দুৰ্ভেদ্য় হস্তী বাহিনী গঠন কৰিছিল । 

৪। গংগা আৰু ইয়াৰ উপনদীসমূহৰ যোগেদি আন্তঃ আৰু বৰ্হি বাণিজ্য় চলাবলৈ যাতায়াত আৰু যোগাযোগ ব্য়ৱস্থা সূচল আছিল । ফলত বাণিজ্যত মগধে এক শক্তিশালী স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।


১৩। হৰিসেন কোন আছিল?

উত্তৰঃ হৰিসেন আছিল সমুদ্ৰগুপ্তৰ ৰাজকবি । 


১৪। মনুস্মৃতি কি ? ইয়াত ৰজা সকলৰ প্রতি কি উপদেশ দিছে?

উত্তৰঃ মনুস্মৃতি হ'ল প্ৰাচীন ভাৰতৰ প্ৰসিদ্ধ আইন বিষয়ক গ্ৰন্থ ।


১৫। প্ৰভাৱতীগুপ্ত কোন? তেওঁৰ এটা অন্যতম প্রধান কাৰ্য্য উল্লেখ কৰা।

উত্তৰঃ প্ৰভাৱতীগুপ্ত হ'ল ৰজা দ্বিতীয় চন্দ্ৰগুপ্তৰ জীয়েক আছিল । তেওঁ অন্য়তম প্ৰধান কাৰ্য্য় হ'ল মাটি দান । 


১৬। খৃঃ ষষ্ঠ শতিকাত গঢ়ি উঠা নগৰসমূহৰ তিনিটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ খৃঃ ষষ্ঠ শতিকাত গঢ়ি উঠা নগৰসমূহৰ তিনিটা প্ৰধান বৈশিষ্ট্য় হ'ল-

ক) নগৰ সমূহৰ সৰহ সংখ্য়কেই আছিল মহাজনপদসমূহৰ ৰাজধানী।

খ) বাস্তৱিকতে সকলোবোৰ মূখ্য় নগৰ ৰাজমাৰ্গলমূহৰ কাষত অৱস্থিত। 

গ) এই নগৰসমূহ পাতলিপুত্ৰ নদীপথেৰে যোগাযোগ আছিল। 


১৭। গিল্ড বা শ্রেণী মানে কি বুজা?

উত্তৰঃ গিল্ড বা শ্ৰেণী মানে সদাগৰসকলৰ সংগঠনক বুজা যায় ।


১৮। অগ্রহাৰসমূহ কি আছিল?

উত্তৰঃ অগ্ৰহাৰসমূহ হ'ল বাহ্মণক অনুদান হিচাপে দিয়া মাটি । 


১৯। প্রয়াগ প্রশস্তি কোনে কেতিয়া লিখিছিল?

উত্তৰঃ প্ৰয়াগ প্ৰশস্তি হৰিসেনে খৃঃ চতুৰ্থ শতিকাত লিখিছিল ।


২০। কোনে সুদর্শন হ্রদ নির্মাণ কৰাইছিল?

উত্তৰ ঃ  শাক ৰজা ৰুদ্ৰদমনে সুদৰ্শন হ্ৰদ নিৰ্মাণ কৰাইছিল । 


২১। মগধৰ আদি ৰাজধানী ক’ত আছিল?

উত্তৰঃ মগধৰ অদি ৰাজধানী ৰাজগৃহ আছিল । 


Type: Pallab Jyoti Bora


Author: Monikongkona Saikia 


Post ID : DABP006303


Important Question Answer 


১) প্ৰাচীন ভাৰতৰ ইতিহাসত কোনটো যুগক পৰিৱৰ্তনৰ যুগ বুলি কোৱা হয় । 

উত্তৰঃ  খ্ৰীঃপূঃ ষষ্ঠ শতিকাটো প্ৰাচীন ভাৰতৰ ইতিহাসত পৰিৱৰ্তনৰ যুগ বুলি কোৱা হয় ।


২)  দুখন মহাজনপদৰ নাম লিখা ।

উত্তৰঃ  দুখন মহাজনপদৰ নাম হল 

ক) মগধ ।

খ) কোশল ।  


৩) ব্ৰাহ্মী লিপিত উল্লেখ থকা ৰজাজনৰ নাম কি ।

উত্তৰঃ ব্ৰাহ্মী লিপিত উল্লেখ থকা ৰজাজনৰ নাম হল ৰজা অশোক পিয়াদশী । 


৪) আটাইতকৈ বেছি শক্তিশালী মহাজনপদখনৰ নাম লিখা ।

উত্তৰঃ  আটাইতকৈ বেছি শক্তিশালী মহাজনপদখনৰ নাম হল মগধ ।


৫) মগধৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ মগধৰ ৰাজধানীৰ নাম আছিল ৰাজগৃহ । 


৬) সমলসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ  সমলসমূহক দুটা ভাগত ভগাব পাৰি যেনে 

ক) প্ৰত্নতাত্ত্বিক সমল ।

খ) লিখিত সমল । 

৭) মৌৰ্যযুগৰ ইতিহাস পুনৰ ৰচনাৰ এটা প্ৰধান সমল কি ।

উত্তৰঃ  মৌৰ্যযুগৰ ইতিহাস পুনৰ ৰচনাৰ এটা প্ৰধান সমল হল  কৌটিল্যৰ অৰ্থশাস্ত্ৰ ।


৮) এপিগ্ৰাফী কাক বোলে ।

উত্তৰঃ প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চাৰ অন্যতম প্ৰধান সমল হল লিপিসমূহ । এই প্ৰাচীন লিপিসমূহৰ অধ্যয়নকেই ইংৰাজীত এপিগ্ৰাফী বুলি কোৱা হয় । 


৯) সুদৰ্শন হ্ৰদটো কোনে পুনৰনিৰ্মাণ কৰিছিল ।

উত্তৰঃ  শাক ৰজা ৰুদ্ৰদমনে সুদৰ্শন হ্ৰদটো পুনৰনিৰ্মাণ কৰিছিল ।


১০) হৰ্ষচৰিত গ্ৰন্থখন কোনে ৰচনা কৰিছিল ।

উত্তৰঃ  হৰ্ষবৰ্দ্ধনৰ ৰাজকবি বাণভট্টই হৰ্ষচৰিত গ্ৰন্থখন ৰচনা কৰিছিল । 


১১) মগধৰ উত্থানৰ দুটা কাৰণ লিখা ।

উত্তৰঃ  মগধৰ উত্থানৰ দুটা কাৰণ হল 

ক) মগধৰ  হাবিত বিস্তৰ হাতী পোৱা গৈছিল আৰু এই হাতীৰে দুৰ্ভেদ্য হস্তীবাহিনী গঠন কৰিছিল । 

খ) গংগা আৰু ইয়াৰ উপনদীসমূহৰ যোগেদি আন্তঃ আৰু বৰ্হিবাণিজ্য চলাবলৈ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সুচল আছিল । ফলত বাণিজ্যত মগধে এক শক্তিশালী স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।


১২) প্ৰাচীন ভাৰতৰ আটাইতকৈ বিখ্যাত ৰজাজনৰ নাম কি আছিল ।

উত্তৰঃ  প্ৰাচীন ভাৰতৰ আটাইতকৈ বিখ্যাত ৰজাজনৰ নাম হল সম্ৰাট অশোক ।


১৩) পণ্ডিত মেগাস্থেনিছে লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ পণ্ডিত মেগাস্থেনিছে লিখা গ্ৰন্থখনৰ নাম হল ইণ্ডিকা ।



১৪) মৌৰ্য সাম্ৰাজ্যৰ পাঁচখন ৰাজনৈতিক কেন্দ্ৰ বা প্ৰদেশৰ নাম লিখা ।

উত্তৰঃ  মৌৰ্য সাম্ৰাজ্যৰ পাঁচখন ৰাজনৈতিক কেন্দ্ৰ বা প্ৰদেশৰ নাম হল ক) পাটলিপুত্ৰ, তক্ষশীলা, উজ্জয়িনী, তোশালী আৰু সুবৰ্ণগিৰি ।

১৫) প্ৰাচীন ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ আইন বিষয়ক গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  প্ৰাচীন ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ আইন বিষয়ক গ্ৰন্থখনৰ নাম হল মনুস্মৃতি ।


১৬) পাটলিপুত্ৰৰ বিকাশ কৰ পৰা হৈছিল ।

উত্তৰঃ  পাটলিগ্ৰাম নামৰ এখন সৰু গাঁৱৰ পৰা পাটলিপুত্ৰৰ বিকাশ হৈছিল ।


১৭) মৌৰ্যযুগৰ ইতিহাস ৰচনাৰ বাবে আটাইতকৈ মূল্যৱান সমল কি ।

উত্তৰঃ  মৌৰ্যযুগৰ ইতিহাস ৰচনাৰ বাবে আটাইতকৈ মূল্যৱান সমল হল মহান সম্ৰাট অশোকৰ শিলালিপিসমূহ । 


১৮) সমাজৰ প্ৰাথমিক গোটটোৰ নাম কি ।

উত্তৰঃ  সমাজৰ প্ৰাথমিক গোটটোৰ নাম হল পৰিয়াল । 


১৯) কিমান খ্ৰীঃত আৰু কোনে অশোকৰ ব্ৰাহ্মী লিপিৰ পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

উত্তৰঃ  ১৮৩৮ খ্ৰীঃত জেমচ প্ৰিন্সেপে অশোকৰ ব্ৰাহ্মী লিপিৰ পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । 


২০) প্ৰত্নতাত্ত্বিক সমলৰ ভিতৰত উল্লেখযোগ্য সামগ্ৰীসমূহ কি কি ।

উত্তৰঃ  প্ৰত্নতাত্ত্বিক সমলৰ ভিতৰত উল্লেখযোগ্য সামগ্ৰীসমূহ হল অশোকৰ শিলালিপি, স্তম্ভলিপি, গুহালিপি , স্থাপত্য-ভাস্কৰ্যৰ ধ্বংসাৱশেষসমূহ ইত্যাদি । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Answer type  Ali rani Kakati