Chapter: 3 

বন্ধুত্ব, জাতি আৰু শ্ৰেণী প্ৰাৰম্ভিক সমাজ (খৃঃ পূঃ ৬০০- ৬০০ খৃঃ লৈ)

 kingship, Caste and Class, Early Societies (C-600-BCE-600CE)

◻️ চমুপ্ৰশ্নঃ

১। কিয় আৰু কাৰ কাৰ মাজত মহাভাৰত যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ হস্তিনাপুৰ ৰাজ্যৰ সিংহাসন আৰোহণৰ প্ৰশ্নক লৈ পাণ্ডৱ আৰু কৌৰৱৰ মাজত মহাভাৰতৰ যুদ্ধ সংঘটিত হৈছিল ।


২। মহাভাৰতৰ সমালোচাত্মক সংস্কৰণৰ কাম কোনে কেতিয়া আৰম্ভ কৰিছিল?

উত্তৰঃ মহাভাৰতৰ সমালোচাত্মক সংস্কৰণৰ কাম সংস্কৃত পণ্ডিত ভি.এচ.সুকথাঙ্কৰে ১৯১৯ খৃঃত আৰম্ভ কৰে ।


৩। পিতৃ প্ৰধান আৰু মাতৃ প্ৰধান পৰিয়ালৰ প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ পিতৃ প্ৰধান আৰু মাতৃ প্ৰধান পৰিয়ালৰ প্ৰধান বৈশিষ্ট্য় হ'ল 

পিতৃ প্ৰধান পৰিয়ালৰ প্ৰধান বৈশিষ্ট্য় হ'ল পিতৃৰ মৃত্য়ুৰ পিছত পুত্ৰ সমস্ত সম্পদ তথা সিংহাসনৰ উত্তৰাধিকাৰী হয় । 


৪। বহুপতি আৰু বহুপত্নী বিবাহ কাক বােলে?

উত্তৰঃ এগৰাকী তিৰোতাই একাধিক পতি গ্ৰহণ কৰিলে বহুপতি বিবাহ আৰু এজন পুৰুষে একাধিক পত্নী গ্ৰহণ কৰিলে বহুপত্নী বিবাহ বোলে ।


৫। বিবাহ কেইপ্রকাৰ উল্লেখ কৰা।

উত্তৰঃ বিবাহ আঠ প্ৰকাৰৰ যেনে - ক) ব্ৰাহ্ম বিবাহ (খ) দাৱ বিবাহ (গ) অৰ্চ বিবাহ (ঘ) প্ৰজাপত্য় বিবাহ (ঙ) গন্ধৰ্ব বিবাহ (চ) ৰাক্ষস বিবাহ (ছ) অসুৰ বিবাহ (জ) পিশাচ বিবাহ ।


৬। গােত্রৰ কেনেকৈ সৃষ্টি হৈছিল?

উত্তৰঃ শ্ৰেণী বিভাজনৰ কাৰণে গোত্ৰৰ সৃষ্টি হৈছিল ।


৭। গােত্ৰৰ দুটা বিশেষ নিয়ম উল্লেখ কৰা।

উত্তৰঃ গোত্ৰৰ দুটা বিশেষ নিয়ম হ'ল 

(ক) কন্য়াৰ বিবাহৰ পিছত পিতৃ গোত্ৰ ত্য়াগ কৰি স্বামীৰ গোত্ৰ গ্ৰহণ কৰা ।

(খ) সমগোত্ৰীয় লোকৰ মাজত বৈবাহিক সমন্ধ স্থাপন নকৰা ।


৮। গান্ধাৰী কোন আছিল? তেওঁ দুর্যোধনক কি উপদেশ দিছিল?

উত্তৰঃ গান্ধাৰী ধৃতৰাষ্ট্ৰৰ পত্নী আছিল । তেওঁ দুৰ্যোধনক শেষবাৰৰ কাৰণে যুদ্ধ নকৰিবৰ বাবে উপদেশ দিছিল ।


৯। মনুস্মৃতি অনুসৰি পুৰুষে কি কি উপায়েৰে সম্পত্তি আহৰণ কৰিব পাৰিছিল?

উত্তৰঃ মনুস্মৃতি অনুসৰি পুৰুষে সাত প্ৰকাৰৰ উপায়েৰে সম্পত্তি আহৰণ কৰিব পাৰিছিল । উপায়বোৰ হ'ল - উত্তৰাধিকাৰী সূ্ত্ৰে, বিচাৰি লোৱা, ক্ৰয় কৰি, জয় কৰি, বিনিয়োগ কৰি, কাম কৰি আৰু সজ্জনৰ পৰা উপহাৰ হিচাপে ।


১০। দ্ৰোণ আৰু একলব্য কোন আছিল?

উত্তৰঃ দ্ৰোণ পাণ্ডৱৰ শিক্ষাগুৰু আৰু একলব্য় এজন নিষাধ কোঁৱৰ কৌৰৱ আছিল ।


১১। ঘটোৎকচ কোন আছিল?

উত্তৰঃ ঘটোৎকচ দ্বিতীয় পাণ্ডৱ ভীম আৰু হিড়ম্বাৰ গৰ্ভজাত সন্তান আছিল ।


১২। মাতঙ্গ কোন আছিল?

উত্তৰঃ  এজন চণ্ডালৰ ৰূপত জন্ম লোৱা বোধিসত্ব । 


১৩। চণ্ডালসকলৰ কাম কি আছিল?

উত্তৰঃ চণ্ডালসকলৰ কাম আছিল মৃত জীৱ-জন্তু পেলোৱা, মৃতদেহ সৎকাৰ কৰা ।


১৪। স্ত্রীধন মানে কি বুজা?

উত্তৰঃ বিবাহত স্ত্ৰী লগত দিয়া ধনকে স্ত্ৰীধন বোলে । 


১৫। ইতিহাসবিদসকলে মহাভাৰতৰ কাহিনীভাগ কি দুটা প্রধান ভাগত ভাগ কৰিছে?

উত্তৰঃ ইতিহাসবিদসকলে মহাভাৰতৰ কাহিনীভাগ 

(ক) কাহিনীটোৰ বৰ্ণনাত্মাক বৃত্তান্ত আৰু (খ) শিক্ষামূলক উপদেশ আৰু নীতিমূলক শিক্ষণ ।


১৬। গােত্র কি? গােত্র ব্যৱস্থাৰ উল্লেখযােগ্য বিধান দুটা কি কি?

উত্তৰঃ খৃঃপূঃ ১০০০ মানৰ পৰাই শ্ৰেণী বিভাজনৰ কাৰণে গোত্ৰ পদ্ধতিৰ প্ৰচলন হৈছিল। বাস্তৱিকতে এই ব্য়ৱস্থা প্ৰচলনৰ মুখ্য় উদ্দেশ্য আছিল ব্ৰাহ্মণসকলৰ শ্ৰেণী বিভাগ কৰাটো। প্ৰতিটো গোত্ৰ এজন ঋষিৰ নামেৰে ৰখা হৈছিল, একোটা গোত্ৰৰ সদস্য়সকল একোজন ঋষিৰে বংশধৰ বুলি ধৰা হৈছিল ।

    গোত্ৰ ব্য়ৱস্থাৰ উল্লেখযোগ্য় বিধান দুটা হ'ল 

(১) কন্য়াৰ বিবাহৰ পিছত পিতৃ গোত্ৰ ত্য়াগ কৰি স্বামীৰ গোত্ৰ গ্ৰহণ কৰা ।

(২) সমগোত্ৰীয় লোকৰ মাজত বৈবাহিক সমন্ধ স্থাপন নকৰা । 


◻️ বহলাই লিখাঃ


১ । কিয় সম্ভ্রান্ত পৰিয়ালৰ মাজত পিতৃতান্ত্রিক আদর্শ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল, ব্যাখ্যা কৰা।

উত্তৰঃ সম্ভ্ৰান্ত পৰিয়ালৰ মাজত পিতৃতান্ত্ৰিক আদৰ্শ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল। পৰিয়ালৰ অবিহনে মানৱ সমাজৰ কথা চিন্তা কৰিব নোৱাৰি। পৰিয়ালত থাকিলেই ব্য়ক্তিয়ে বিভিন্ন কাৰ্য সম্পাদন কৰে। সময়ৰ লগে লগে পৰিয়ালৰ সদস্য়ৰ সংখ্য়া কাৰ্য  সম্বন্ধৰ ক্ষেত্ৰত পৰিৱৰ্তন হৈছে। প্ৰায়ে দেখা যায় যে একেটা পৰিয়ালৰ সদস্য়সকলে একেলগে খোৱা-লোৱা কৰে, ধৰ্মীয় ক্ৰিয়াকাণ্ড, দৈনন্দিন কাম-কাজ, পৰস্পৰে পৰস্পৰৰ প্ৰতি দায়বদ্ধ হৈ থাকে, পূজা ক্ষেত্ৰত অংশগ্ৰহণ কৰে আৰু সম্পত্তিবোৰৰ ওপৰত সকলোৱে অধিকাৰ থাকে। 

    পৰিয়ালৰ সম্বন্ধবোৰ পিতৃৰ ফালৰ পৰা ধৰা হ'লে তেনে সম্বন্ধক পিতৃস্থানীয় সম্বন্ধ বুলি কোৱা হয়। এইবোৰ পদ্ধতিৰ পৰা পিতৃ প্ৰধান পৰিয়ালৰ সৃষ্টি হয়। পিতৃপ্ৰধান পৰিয়ালৰ আদৰ্শ স্পষ্ট কৰিবৰ কাৰণে মহাভাৰতৰ কাহিনীভাগ অতি প্ৰয়োজন। ইয়াত কুৰুবংশীয় ভাই ভাতৃ ( কৌৰৱ আৰু পাণ্ডৱৰ) মাজত হস্তিনাপুৰৰ সিংহাসন আৰোহণৰ কাৰণে হোৱা যুদ্ধ বিযয়ে বৰ্ণনা কৰা হৈছে। সেই সময়ত কুৰু এখন জনপদ আছিল। সেই যুদ্ধত পাণ্ডৱৰ জয়ে পিতৃতান্ত্ৰিক অধিকাৰ সাব্য়স্ত কৰিছিল। পিতৃ প্ৰধান পৰিয়ালৰ আদৰ্শ হ'ল পিতৃৰ মৃত্য়ু পিছত পুত্ৰ সমস্ত সম্প্ৰত্তি আৰু সিংহাসনৰ উত্তৰাধিকাৰী হয়।   


২। কিয় প্ৰাৰম্ভিক অৱস্থাত ৰাজ্যসমূহৰ শাসকসকল ক্ষত্রিয় আছিল আলােচনা কৰা।

উত্তৰঃ  শাস্ত্ৰসমূহত উল্লেখ আছে যে ৰজা হ'বলৈ হ'লে তেওঁ ক্ষত্ৰিয় হোৱাতো অনিবাৰ্য্য় আছিল। বৌদ্ধ গ্ৰন্থসমূহত মৌয্য় বংশৰ শাসকসকল ক্ষত্ৰিয় আছিল। বিশাখাদত্তৰ 'মুদ্ৰাৰাক্ষস' নাটকটো মৌৰ্য্য় বংশ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য্য়ক 'কুলহীন' আখ্য়া দিছে। মৌৰ্য্য় বংশৰ তৎকালীন উত্তৰাধিকাৰী শুংগ আৰু কান্বসকল আছিল ব্ৰাহ্মণ। এখন প্ৰাৰম্ভিক সংস্কৃত লিপিৰ পৰা জনা যায় যে ২য় শতিকাৰ শ্ৰেষ্ঠ শাক্ত ৰজা ৰুদ্ৰ দমনে মৌৰ্য্য় যুগতে নিৰ্মাণ কৰা বিশাল সুদৰ্শন জলধাৰাটো পূৰ্ণ নিৰ্মাণ কৰি উলিয়াইছিল। ৰুদ্ৰ দমন সাহিত্য় সংস্কৃতি কলা শিল্পৰো পৃষ্ঠপোষক আছিল। বিদেশী হোৱা সত্ত্বেও তেওঁ সংস্কৃত ভাষা আয়ত্ত কৰি তাত বিশেষ বুৎপত্তি লাভ কৰিছিল। 

    সাতবাহনসকলৰ শ্ৰেষ্ঠ ৰজা গৌতমী পুত্ৰ শ্ৰী সাতকণী উচ্চ বংশৰ বাহ্মণ সন্তান আছিল। তেওঁ নিজকে ক্ষত্ৰিয়সকলৰ ধ্বংসকাৰী বুলি উল্লেখ কৰিছে। জাতিসমূহৰ মাজত ঐক্য়তা স্থাপন কৰাতো বৰ সহজ নাছিল। তেওঁলোকে নিজকে বাহ্মণ বুলি উল্লেখ কৰিছিল। 


৩। দ্রোণ, হিড়িম্বা আৰু মাতঙ্গৰ ধৰ্মৰ তুলনাত্মক বিচাৰ কৰা আৰু পার্থক্য সমূহ লিখা।

উত্তৰঃ 


৪। ভাৰতীয় সাহিত্যৰ প্রসিদ্ধ ইতিহাসবিদ মৌৰিছ উইনটাচনিটছে মহাভাৰত সম্পর্কে মন্তব্য কৰিছে যে “বাস্তৱতে মহাভাৰতে সম্পূর্ণ সাহিত্যৰ প্রতিনিধিত্ব কৰিছে আৰু বহুত প্ৰকাৰৰ কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে... গ্রন্থখনে ভাৰতীয়সকলৰ হৃদয়ৰ গভীৰতালৈ প্ৰৱেশ কৰি এক অন্তর্দৃষ্টি প্রদান কৰিছে। ব্যাখ্যা কৰা।

উত্তৰঃ 


৫। মহাভাৰত এজন লিখকৰ দ্বাৰা ৰচনা কৰাটো সম্ভৱ আছিল নে আলোচনা কৰা।

উত্তৰঃ মহাভাৰত এজন লিখকৰ দ্বাৰা ৰচনা কৰাটো সম্ভৱ নাছিল। মহাভাৰতৰ ভাষা আছিল সংস্কৃত। কিন্তু এই সংস্কৃত ভাষা বেদসমূহৰ দৰে দূৰূহ নাছিল। ইতিহাসবিদসকলে গ্ৰন্থখনৰ কাহিনীভাগ দুটা বহল ভাগত ভাগ কৰিছিল। সেই ভাগকেইটা হৈছে বৰ্ণনাত্মক আৰু উপদেশাত্মক। প্ৰথমভাগত গ্ৰন্থখনৰ কাহিনীভাগ আৰু দ্বিতীয়ভাগত সমাজৰ ৰীতি-নীতি আচাৰ-ব্য়ৱহাৰ আৰু ইয়াৰ মানদণ্ডৰ বিষয়ে বৰ্ণনা কৰিছে। এইসমূহ সম্পূৰ্ণভাৱে স্বাধীন নাছিল। কাৰণ উপদেশাত্মক ভাগতো কাহিনী আছিল। বৰ্ণনাত্মক ভাগতো সমাজৰ বাবে এটা শিক্ষাৰ নিহিত আছিল। মহাভাৰতক প্ৰাৰম্ভিক সংস্কৃত পম্পৰাৰ এখন 'ইতিহাস' বুলি কোৱা হয়। ইয়াৰ শব্দগত অৰ্থ হৈছে 'এনেকুৱাই' আছিল। 

      মহাভাৰতত বাস্তৱিকতে সংঘটিত হোৱা এখন যুদ্ধ কথা স্মৰণ কৰা হৈছে। কিন্তু ইতিহাসবিদসকলে ধাৰণা কৰিছিল যে আত্মীয়স্বজনৰ মাজত হোৱা যুদ্ধৰ স্মৃতি আছিল মহাভাৰতৰ মূখ্য় কাহিনী। মহাভাৰতৰ কাহিনীভাগ ৰচনা কৰিছিল ভাট সাৰথিয়ে, যাক 'সূত' বুলি কোৱা হয়। এই ৰচনা ৰাজি প্ৰাৰম্ভিক অৱস্থাত মৌখিক ৰূপত আছিল। সমসাময়িকভাৱে মহাভাৰতৰ কাহিনী লগত ওতপ্ৰোতভাৱে জড়িত কুৰু আৰু পাঞ্চালৰ দৰে সৰুজন পদে ৰাজ্য়ৰ ৰূপৰ আত্মপ্ৰকাশ কৰে। তেওঁলোকৰ মতে গ্ৰন্থখন খৃঃপূঃ ২০০ ৰ পৰা খৃঃ ২০০ ভিতৰত গ্ৰন্থখন ৰচনা কৰিছিল। সেই সময়তে বিষ্ণুৰ আৰাধনা ক্ৰমাৎ বৃদ্ধি পাইছিল। 


৬। প্ৰাৰম্ভিক সমাজ ব্যৱস্থাৰ লিংগ বৈষম্য কিমান গুৰুত্বপূৰ্ণ আছিল কাৰণ সহ ব্যাখ্যা কৰা।

উত্তৰঃ খৃঃ পূঃ ষষ্ঠ শতিকাৰ পৰাই সকলো ৰাজবংশই পিতৃপ্ৰধান আদৰ্শ অনুসৰণ কৰিছিল। অৱশ্য়ে বহু সময়ত এই আদৰ্শ কাৰ্যকৰী কৰাত কিছু পৰিবৰ্তন সাধন কৰা হৈছিল। কোনো ৰজা অপুত্ৰক হ'লে তেওঁ ভাতৃয়ে উত্তৰাধিকাৰী সূত্ৰে ৰাজ সিংহাসন লাভ কৰিছিল। কিছু বিশেষ পৰিস্থিতিত প্ৰভাৱশালী নাৰীয়েও উত্তৰাধিকাৰী লাভ কৰিছিল। খৃঃ পূঃ ষষ্ঠ শতাব্দীৰ পৰাই ভাৰতীয় ৰাজবংশসমূহৰ মাজত পিতৃপ্ৰধান আদৰ্শ অনুসৰণ কৰাৰ নামত যুদ্ধত প্ৰবৃত্ত হ'বলৈও কুণ্ঠাবোধ কৰা নাছিল। উচ্চ প্ৰকৃতিৰ দাবীদাৰ আৰ্থিকভাৱে সবল পুৰুষ তথা ব্ৰাহ্মণসকলে এইসমূহ কৰিবলৈ প্ৰয়াস কৰিছিল। 


৭। বন্ধুত্ব আৰু বিবাহ সম্বন্ধে ব্রাহ্মণে ৰীতি-নীতি সকলােকে অনুসৰণ কৰা হােৱা নাছিল, উদাহৰণ সহ ব্যাখ্যা কৰা।

উত্তৰঃ বিবাহ সমাজৰ এক সাৰ্বজনীন সামাজিক সংস্থা। পৃথিৱীৰ সকলো মানৱ সমাজতেই এই সাংস্কৃতিক প্ৰচলন আছে। হিন্দু বিবাহৰ অন্য়তম উদ্দেশ্য় আছিল পিতৃ প্ৰধান পৰিয়ালৰ আদৰ্শ ৰক্ষা কৰা। প্ৰাচীন কালত পিতৃ প্ৰধান পৰিয়ালত পৈত্ৰিক সম্পত্তিৰ অধিকাৰী আছিল পুত্ৰ। কন্য়া সন্তানৰ এই অধিকাৰ নাছিল। তেওঁলোকে সেই কাৰণে কন্য়াক নিজৰ গোত্ৰৰ বাহিৰত বিয়া দিয়াটো উচিত বুলি ভাবিছিল। এই পদ্ধতিক বহিৰ্বিবাহ প্ৰথা বুলি কোৱা হয়। সেই সময়ত পৰিয়ালত স্ত্ৰী আৰু কন্য়া সন্তানে উচ্চ মৰ্যাদা লাভ কৰিছিল। তেওঁলোকক প্ৰতিপালন কৰি উচিত সময়ত উচিত পাত্ৰৰ লগত কন্য়াৰ বিবাহ সম্পন্ন কৰাটো নিশ্চিত কৰিছিল। কন্য়াদান কৰাটো পিতৃৰ অন্য়তম প্ৰধান দায়িত্ব আছিল। 

     নতুন নতুন নগৰৰ বিকাশ আৰু উদ্ভৱ ব্য়ক্তিৰ সামাজিক জীৱন ক্ৰমাৎ জটিল কৰি তুলিলে। উপাদিত বস্তু ক্ৰয়-বিক্ৰয়ৰ কাৰণে মানুহে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিছিল। ইয়াৰ মাধ্য়মেৰে সমসাময়িক বিশ্বাস আৰু ব্য়ক্তিসকলে পালন কৰা ৰীতি-নীতিৰ ওপৰত আলোচনা হৈছিল। এই প্ৰত্য়াহবানৰ সন্মূখীন হৈয়ে ব্ৰাহ্মণসকলে সামাজিক আচাৰ পদ্ধতিৰ বিধি প্ৰস্তুত কৰিছিল। এই বিধিসমূহ ব্ৰাহ্মণসকলে বিশেষভাৱে পালন কৰিছিল। সেই সময়ত অনুষ্ঠানসমূহ সম্পূৰ্ণৰূপে ব্ৰাহ্মণসকলৰ দ্বাৰা সম্পন্ন কৰা হৈছিল। ধৰ্মসূত্ৰ আৰু ধৰ্মশাস্ত্ৰসমূহৰ মতে পৰম্পৰাগত ভাৰতীয় সমাজৰ হিন্দুসকলৰ মাজত আঠ প্ৰকাৰৰ বিবাহ প্ৰথাৰ প্ৰচলন আছিল। যেনে- (ক) ব্ৰাহ্ম বিবাহ, (খ) অৰ্চ বিবাহ, (গ) দৈৱ বিবাহ, (ঘ) পিশাচ বিবাহ, (ঙ) অসুৰ বিবাহ, (চ) ৰাক্ষহ বিবাহ, (ছ) প্ৰজাপত্য় বিবাহ আৰু (জ) গন্ধৰ্ব বিবাহ।

    ব্ৰাহ্ম বিবাহ ব্ৰাহ্ম বিবাহত কন্য়াৰ পিতৃ-মাতৃয়ে বেদজ্ঞ আৰু বিদ্বান পুৰুষক নিমন্ত্ৰণ কৰি আনি কন্য়াক অলংকাৰ- বস্তুৰে বৈদিক মন্ত্ৰ পাঠ কৰি দান কৰে।  অৰ্চ বিবাহ সু-পুত্ৰ লাভৰ বাবে ঋষি-মুনিয়ে কন্য়া বিবাহ দিয়া প্ৰথাটোক অৰ্চ বিবাহ বোলে।  দৈৱ বিবাহ এই বিবাহত কন্য়া পিতৃ-মাতৃয়ে এটা যজ্ঞৰ আয়োজন কৰি যজ্ঞৰ পুৰোহিতজনক বস্ত্ৰ-অলংকাৰে সুশোভিত কৰি কন্য়া দান কৰিছিল।  পিশাচ বিবাহ আৰু ৰাক্ষস বিবাহ এই বিবাহক অস্বাভাৱিক বিবাহ বুলি কোৱা হয়। ইয়াৰে প্ৰথম চাৰিবিধ বিবাহক উত্তম বিবাহ বুলি কোৱা হয় আৰু আন কেইবিধ বিবাহ উপেক্ষিত। 


৮। চীনা বৌদ্ধ তীর্থযাত্রীসকলে চণ্ডালসকলৰ বিষয়ে কি উল্লেখ কৰিছে?

উত্তৰঃ ভাৰতলৈ অহা ৫ ম শতিকাৰ চীনা তীর্থযাত্রীসকল সেই সময়ত ভাৰতবৰ্ষৰ চণ্ডাল নিষাদ সকলৰ বিষয়ে কিছু মন্তব্য দিয়া পৰিলক্ষিত হয়। চীনা পৰিব্রাজক ফাহিয়ানে উল্লেখ কৰিছে যে চণ্ডাল সকলে ৰাস্তাৰে গৈ থকা অৱস্থাত হাতচাপৰি বজাই যাব লাগিছিল যাতে আনলোকে তেওঁলোকৰ প্রতি দৃষ্টি নপৰাকৈ থাকিব পাৰে। আন এজন চীনা ভিক্ষুক জুয়ান জাঙে উল্লেখ কৰিছে যে কছাই আৰু হৰিজন সকলক নগৰৰ ভিতৰত বাস কৰিবলৈ অনুমতি দিয়া নাছিল। অস্পৃশ্য লোকসকলক কোনো সামাজিক অধিকাৰ দিয়া হোৱা নাছিল।


৯। সাহিত্যিক সমল সমূহ বিশ্লেষণ কৰােতে ইতিহাসবিদসকলে কি কি কথাত গুৰুত্ব দিছিল?

উত্তৰঃ সাহিত্য়িক সমল সমূহ বিশ্লেষণ কৰোতে ইতিহাসবিধসকলে বহুতো উপাদানৰ ওপৰত গুৰুত্ব দিছিল আৰু সেইবোৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    তেওঁলোকে প্ৰথমে গ্ৰন্থখন পালি আৰু তামিল ভাষাত লিখা নে পুৰোহিত বা উচ্চ শ্ৰেণীৰ লোকে সংস্কৃত ভাষাত ৰচনা কৰা সেইবোৰ বিষয়ে জানিবলৈ লক্ষ্য় কৰিছিল। দ্বিতীয়তে তেওঁলোকে গ্ৰন্থখন প্ৰকাশ সম্বন্ধেও জানিবলৈ চেষ্টা কৰিছিল। গ্ৰন্থখন ধৰ্মীয় অনুষ্ঠানৰ পুৰোহিতসকলে উচ্চাৰণ কৰা মন্ত্ৰ আছিল নেকি? এইবোৰৰ উপৰিও বহু সময়ৰ লিখকৰ ব্য়ক্তিগত ধ্য়ান-ধাৰণা প্ৰভাবো গ্ৰন্থখনৰ পৰা পৰিলক্ষিত হয়। 

    লিখকৰ ব্য়ক্তিগত ধ্য়ান-ধাৰণাই অত্য়াধিক প্ৰভাৱে গ্ৰন্থখন পক্ষপাতিত্বমূলক কৰি তুলিব পাৰে। গ্ৰন্থখন ৰচনা স্থান, সময় সম্বন্ধে তথ্য় আহৰণ কৰাটো আৱশ্য়ক হৈছিল। বহুতো ভাষাত মহাভাৰতৰ সংস্কৰণ পোৱা গৈছে। এইবোৰ পৰা জানিব পাৰি যে মহাভাৰতৰ ভাষা আছিল সংস্কৃত। এই ভাষাত বেদ বা প্ৰশস্তিসমূহৰ দৰে দূৰূহ নাছিল। ইতিহাসবিদসকলে গ্ৰন্থখনৰ কাহিনীভাগ দুটা বহল ভাগত ভাগ কৰিছিল। সেই ভাগ কেইটা হৈছে বৰ্ণনাত্মক আৰু উপদেশাত্মক। ইয়াৰে প্ৰথমভাগত গ্ৰন্থখনৰ কাহিনীভাগৰ বিষয়ে আৰু দ্বিতীয়ভাগ সমাজৰ ৰীতি-নীতি আচাৰ ব্য়ৱহাৰ বিষয়ে বৰ্ণনা কৰিছে। উপদেশাত্মক ভাগতো কাহিনী আছিল আৰু বৰ্ণনাত্মক ভাগতো সমাজৰ বাবে এটা শিক্ষাৰ নিহিত আছিল। 


১০। বৌদ্ধধৰ্মীসকলে সমাজৰ প্ৰচলিত বৈষম্য সম্পর্কে কি মতবাদ আগবঢ়াইছে আলােচনা কৰা।

উত্তৰঃ বৌদ্ধধৰ্মীসকলে সমাজত প্ৰচলিত বৈষম্য় সম্পৰ্কে বিভিন্ন অৱধাৰণা প্ৰস্তুত কৰিছে। জাতিভেদ ব্য়ৱস্থা তথা সামাজিক বৈষম্য়ৰ কাৰণে ভাৰতীয় সমাজে পৃথিৱীৰ আন সমাজৰ লগত সহজতে মিলা-মিছা কৰিব পৰা নাছিল। সামাজিক বৈষম্য় মানৱ জীৱনৰ বিকাশৰ বাবে বাধা হৈ পৰিছিল। বৌদ্ধ ধৰ্মগ্ৰন্থ সূত্ৰ পিটকত বৰ্ণিত এটি কল্প বাহিনী অনুসৰি আদিতে মানুহৰ শাৰীৰিক অৱয়বৰ পূৰ্ণ বিকশিত অৱস্থা নাছিল। এনেদৰে প্ৰাকৃতিক জগতো অবিকশিত অৱস্থাত আছিল। সেই সময়ত সকলো জীৱই এক শান্তিপূৰ্ণ অৱস্থাত বাস কৰিছিল। তেওঁলোকে প্ৰকৃতিৰ পৰা জীৱন নিৰ্বাহৰ বাবে আহাৰ সংগ্ৰহ কৰিছিল। 


১২। মহাভাৰতৰ কাহিনীভাগ ইতিহাসবিদসকলে কিদৰে বিভক্ত কৰিছিল?

উত্তৰঃ মহাভাৰতৰ কাহিনীভাগ ইতিহাসবিদসকলে কেনেদৰে বিভক্ত কৰিছিল  তলত আলোচনা কৰা হ'ল

    এদিন একলব্য় নামে এজন নিষাধ কোঁৱৰ কৌৰৱ, পাণ্ডৱৰ শিক্ষাগুৰু দ্ৰোণাচাৰ্যৰ ওচৰত ধনুবিদ্য়া ল'বলৈ আহিছিল। দ্ৰোণাচাৰ্যই ধৰ্মৰ দোহাই দি তেওঁক শিষ্য়ৰূপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ বনলৈ ঘূৰি গৈ মাটিৰে দ্ৰোণাচাৰ্যৰ মূৰ্ত্তি এটা বনাই গুৰুৰ হিচাপে গ্ৰহণ কৰিলে। তেওঁ নিজে ধনুবিদ্য়াত সিদ্ধহস্ত হৈ পৰিল। এদিন কুৰু কোঁৱৰসকলে কুকুৰ লৈ বনত চিকাৰ কৰিবলৈ গৈ একলব্য়ৰ ওচৰত উপস্থিত হৈছিল। বাকলি বসন মৃগ ছাল পৰিহিত একলব্য়ক দেখি কুকুৰে ভুঁকিবলৈ ধৰিলে। কুকুৰে ভুঁকাৰ শুনি একলব্য়ই ক্ষুন্ন হৈ একেলগে সাতপাট কাঁড় মাৰি কুকুৰ মাত বন্ধ কৰি দিলে। পাণ্ডৱসকলে এই কাণ্ডৰ দেখি খেদি গৈ একলব্য়ক বিচাৰি আনি পাণ্ডৱসকলে তেওঁক পৰিচয় সুধিলে আৰু তেওঁ নিজকে দ্ৰোণাচাৰ্য্য়ৰ শিষ্য় বুলি পৰিচয় দিলে।

    দ্ৰোণই তেওঁৰ প্ৰিয় শিষ্য় অৰ্জুনক শ্ৰেষ্ঠ ধনুবিধ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিজ্ঞা কৰিছিল। দ্ৰোণাচাৰ্য একলব্য়ৰ ওচৰ পালেগৈ, লগতে একলব্য়ই নিজকে দ্ৰোণাচাৰ্যৰ শিষ্য় বুলি প্ৰমাণ কৰিলে। সেই সময়তে দ্ৰোণাচাৰ্যই একলব্য়ৰ পৰা গুৰুদক্ষিণা হিচাপে তেওঁ সোঁহাতৰ বুঢ়া আঙুলিটোৰ বিচাৰিলে। গুৰুৱে বিচৰা দক্ষিণা দিবলৈ একলব্য়ই লগতে তেওঁ বুঢ়া আঙুলি কাতি গুৰু দক্ষিণা প্ৰদান কৰিলে। 


Type Pallab Jyoti Bora


Author : Monikongkona Saikia 


Post ID : DABP006305


Important Question Answer 


১) বিবাহ কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ বিবাহ ৮ প্ৰকাৰৰ যেনে ক) ব্ৰাহ্ম বিবাহ,খ) দৈৱ বিবাহ, গ) অৰ্চ বিবাহ, ঘ) প্ৰজাপত্য বিবাহ, ঙ) গন্ধৰ্ব বিবাহ, চ) ৰাক্ষস বিবাহ, ছ) অসুৰ বিবাহ আৰু জ) পিশাচ বিবাহ । 


২)  অৰ্চ বিবাহ কাক বোলে ।

উত্তৰঃ যজ্ঞৰ পুৰোহিতজনক বস্ত্ৰ-অলংকাৰেৰে সুশোভিত কৰি কন্যা দান কৰে । সু-পুত্ৰ লাভৰ বাবে ঋষি-মুনিয়ে কন্যা বিবাহ দিয়া প্ৰথাটোক অৰ্চ বিবাহ বুলি কোৱা হয় । 


৩) কুৰু কি আছিল ।

উত্তৰঃ  কুৰু এখন জনপদ আছিল ।


৪) পিতৃপ্ৰধান পৰিয়ালৰ আদৰ্শ কি ।

উত্তৰঃ  পিতৃপ্ৰধান পৰিয়ালৰ আদৰ্শ হল পিতৃৰ মৃত্যুৰ পাছত পুত্ৰ সমস্ত সম্পদ তথা সিংহাসনৰ উত্তৰাধিকাৰী হয় ।


৫) অন্তবিবাহ কাক বোলে ।

উত্তৰঃ  যিবোৰ পৰিয়ালৰ বিবাহ কাৰ্য সাধাৰণতে নিজৰ জাতি গোত্ৰ গাওঁ আদিৰ ভিতৰতে হয় তেনে বিবাহক অন্তবিবাহ বুলি কোৱা হয় ।


৬) বহুপত্নীবিবাহ কাক বোলে ।

উত্তৰঃ  এজন পুৰুষে একাধিক পত্নী গ্ৰহণ কৰিলে বহুপত্নীবিবাহ বুলি কোৱা হয় ।


৭) ভীমৰ পুত্ৰৰ নাম কি ।

উত্তৰঃ ভীমৰ পুত্ৰৰ নাম হল ঘটোৎকচ । 


৮) পাঞ্চালৰাজ দ্ৰোপদৰ নাম কি ।

উত্তৰঃ  পাঞ্চালৰাজ দ্ৰোপদৰ নাম হল দ্ৰৌপদী ।


৯) কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃৰ ভিতৰত ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থকেইখন ৰচনা কৰা হৈছিল ।

উত্তৰঃ  খ্ৰীঃপূঃ ৫০০-৪০০ ইতৰত ৰামায়ণ আৰু মহা ভাৰত গ্ৰন্থকেইখন ৰচনা কৰা হৈছিল ।

১০) পুতা কি শব্দ আৰু ইয়াৰ অৰ্থ কি ।

উত্তৰঃ  পুতা এটা প্ৰাকৃত শব্দ ইয়াৰ অৰ্থ হল পুত্ৰ ।


১১) ৰজা গৌতমৰ পুত্ৰৰ নাম কি ।

উত্তৰঃ  ৰজা গৌতমৰ পুত্ৰৰ নাম হল শ্ৰী সাতকৰ্ণী । 


১২) জাতি শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি ।

উত্তৰঃ জাতি শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হল Caste . 


১৩) ভাৰতীয় সংবিধান সংৰচনাৰ অন্যতম আধাৰ কি ।

উত্তৰঃ  ভাৰতীয় সংবিধান সংৰচনাৰ অন্যতম আধাৰ হল জাতি ব্যৱস্থা ।


১৪) অৰ্জুনৰ প্ৰিয় শিষ্যজনৰ নাম কি ।

উত্তৰঃ  অৰ্জুনৰ প্ৰিয় শিষ্যজনৰ নাম হল অৰ্জুন । 


১৫) বিশাখাদত্তই লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  বিশাখাদত্তই লিখা গ্ৰন্থখনৰ নাম হল মুদ্ৰাৰাক্ষস ।


১৬) মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।

উত্তৰঃ  মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰগুপ্ত মৌৰ্য ।


১৭) চণ্ডালসকলৰ কৰ্তব্য দুটা লিখা ।

উত্তৰঃ  চণ্ডালসকলৰ কৰ্তব্য দুটা হল 

ক) মনুস্মৃতি অনুসৰি তেওঁলোকে গাঁৱৰ বাহিৰত বাস কৰিব লাগিছিল ।

খ) তেওঁলোকে মাটিৰ পাত্ৰ ব্যৱহাৰ, মৃত লোকৰ কাপোৰ আৰু লোৰ অলংকাৰ পৰিধান কৰাটো নিয়ম আছিল ।


১৮) গান্ধাৰী কোন আছিল ।

উত্তৰঃ  গান্ধাৰী ধৃতৰাষ্ট্ৰৰ পত্নী আৰু কৌৰৱসকলৰ মাতৃ আছিল ।


১৯) পঞ্চপাণ্ডবৰ পিতৃৰ নাম কি আছিল ।

উত্তৰঃ পঞ্চপাণ্ডৱৰ পিতৃৰ নাম আছিল 


২০)  কালিদাসৰ দুখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ  কালিদাসৰ দুখন গ্ৰন্থৰ নাম হল 

ক) অভিজ্ঞানম শকুন্তলম ।

খ)  ৰঘুবংশম । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Answer type  Ali rani Kakati