অধ্যায় ১

বিষয় হিচাপে ভূগোল বিজ্ঞান

 

১। বিবিধ পচন্দৰ প্ৰশ্নাৱলী 

(i) 'ভূগোল বিজ্ঞান' শব্দটো তলত উল্লেখ  কৰা পণ্ডিতকেইজনৰ ভিতৰত কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ? 

(ক) হিৰোডোটাছ                               (গ) গেলিলিঅ'

(খ) ইৰাটোছথেনিছ                          (ঘ) এৰিষ্ট'টল 

উত্তৰঃ  (খ) ইৰাটোছথেনিছ।


(ii) তলত উল্লেখ কৰা অৱয়বোৰৰ ভিতৰত কোনটো 'প্ৰাকৃতিক অৱয়ব' । 

(ক) বন্দৰ              (গ) সমতল 

(খ) ৰাস্তা বা পথ  (ঘ) পানী পাৰ্ক বা নাও-জাহাজ ৰখা ঠাই

উত্তৰঃ (গ) সমতল।


(iii) দুয়োটা শাৰীৰ পৰা শুদ্ধযোৰ মিলোৱা আৰু তলৰ কেইটাৰ কোনটো শুদ্ধ চিন দিয়া ।

    প্ৰথম শাৰী

      দ্বিতীয় শাৰী

 ১। বতৰ বিজ্ঞান

২। জনভূগোল

৩। সমাজ বিজ্ঞান

৪। মাটিবিজ্ঞান

 (ক) জনসংখ্যা ভূগোল

(খ) মৃত্তিকা ভূগোল

(গ) জলবায়ু বিজ্ঞান 

(ঘ) সামাজিক ভূগোল

(ক) ১খ; ২গ; ৩ক; ৪ঘ              (গ) ১ঘ; ২খ; ৩গ; ৪ক

(খ) ১ক; ২ঘ; ৩খ; ৪গ               (ঘ) ১গ, ২ক; ৩ঘ; ৪খ

উত্তৰঃ (ঘ) ১গ, ২ক; ৩ঘ; ৪খ।


(iv) তলৰ  প্ৰশ্নবোৰৰ কোনটো কাৰণ আৰু ফলাফলৰ লগত সম্পৰ্কীয় ?

(ক) কিয়                                          (গ) কি 

(খ) ক'ত                                          (ঘ) কেতিয়া 

উত্তৰঃ (ক) কিয়। 


(v) তলৰ বিষয়বোৰৰ কোনটোৱে সময় লগলগাবলৈ চেষ্টা কৰে?

(ক) সমাজ বিজ্ঞান          (গ) নৃতত্ব বিজ্ঞান ( Anthropology ) 

(খ) ভূগোল বিজ্ঞান          (ঘ) বুৰঞ্জী বিষয়

উত্তৰঃ  (ঘ) বুৰঞ্জী বিষয়।


২। ৩০ টা শব্দত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া । 

(i) তোমাৰ পঢ়াশালিলৈ যাওঁতে কি কি সাংস্কৃতিক অৱয়ব লক্ষ্য কৰিছা ? সেইবোৰ একেধৰণৰ নে বেলেগ বেলেগ ধৰণৰ ? এইবোৰক ভূগোল বিজ্ঞানৰ অন্তৰ্ভুক্ত কৰিব পাৰিনে নোৱাৰি ? যদি পাৰি কিয় ? 

উত্তৰঃ আমি ঘৰৰ পৰা পঢ়াশালীলৈ যাওঁতে যি বিলাক সাংস্কৃতিক অৱয়ব দেখিবলৈ পাওঁ সেইবোৰ একেধৰণৰ নহয়। আমি দেখিৱলৈ পোৱা উল্লেখযোগ্য সাংস্কৃতিক অৱয়ৱৰ ভিতৰত ৰাস্তা বা পথ, ঘৰ-দুৱাৰ, কল-কাৰখানা, হাট বজাৰ, যান-বাহন আৰু খেতি পথাৰ। এই বিভিন্ন ধৰণৰ অৱয়ববোৰৰ সংখ্যা গাওঁ অঞ্চলত কম সংখ্যক ( খেতি পথাৰৰ বাদে ) আনহাতে নগৰ বা চহৰ অঞ্চলত বেছি সংখ্যক পৰিলক্ষিত হয়। এই সকলো বিলাক অৱয়ব ভূগোল বিজ্ঞানৰ বিশেষকৈ মানৱ ভূগোলৰ উপাদান। সেয়ে এইবোৰ ভূগোল বিজ্ঞানৰ এক অবিছেদ্য অংগ।


(ii) তোমালোকে এটা টেনিছ বল, ক্ৰিকেট বল, কমলা টেঙা আৰু কোমোৰা দেখিছা । এইবোৰৰ ভিতৰত কোনটো পৃথিৱীৰ আকৃতিৰ লগত মিলে ? পৃথিৱীৰ আকৃতি বুজাবলৈ এই নিৰ্দিষ্ট বস্তুটো তুমি কিয় বাচনি কৰিছা ।

উত্তৰঃ আমি দেখিবলৈ পোৱা টেনিছ বল, ক্ৰিকেট বল, কমলা টেঙা আৰু কোমোৰাৰ ভিতৰত পৃথিৱীৰ আকৃতিৰ লগত সম্পূৰ্ণ নহলেওঁ কিছু পৰিমানে মিল থকা বস্তুটো হ'ল কমলা। কমলা টেঙাৰ মেৰুদণ্ডীয় ব্যাল বিষুৱীয় ব্যাসতকৈ কিছু চুটি। আমাৰ পৃথিৱীখনেও নিজক কক্ষ পথত ঘুৰি থকাত ইয়াৰ বিযুৱীয় ব্যাসৰ পৰিমাণে মেৰুদণ্ডীয় ব্যাসতকৈ কিছু বেছি হোৱা দেখা যায়। সেয়েহে পৃথিৱীৰ আকৃতি বুজাবলৈ আমি কমলা টেঙাক উদাহৰণ হিচাপে ল'ব পাৰো।


(iii) তুমি তোমাৰ স্কুলত 'বন মহোৎসৱ' পালন কৰিছিলানে ? আমি কিয় গছ পুলি ৰুব লাগে গছ-গছনিবোৰে কেনেকৈ পৰিস্থিতিক ভাৰসাম্য ৰক্ষা কৰে ? 

উত্তৰঃ প্ৰতি বছৰে আমি নিৰ্দিষ্ট সময়ত আমি স্কুলত 'বন মহোৎসৱ' পালন কৰি আহিছোঁ। পৃথিৱীত জনসংখ্যাৰ পৰিমাণ দ্ৰত গতিত বাঢ়ি যোৱাৰ লগে লগে মানুহৰ বাসস্থান আৰু কৃষি ভূমিত নাটনিয়ে দেখা দিলে। এই নাটনি দূৰ কৰিবলৈ যাওঁতে প্ৰকৃতিক অৰণ্যভূমিৰ পৰিমাণ হ্ৰাস হ'ব ধৰিছে। অৰণ্যভূমি কমি অহাৰ ফলত বিশ্বত নানা ধৰণৰ পৰিৱেশিক সমস্যাই দেখা দিব ধৰিছে। সেইবোৰৰ ভিতৰত গোলকীয় উত্তাপ বৃদ্ধি, মৰুভূমিৰ প্ৰসাৰ ইত্যাদি প্ৰধান। জনসংখ্যাৰ বৃদ্ধিৰ ফলত যিহেতু প্ৰাকৃতিক আৰণ্যভূমি ধ্বংশ হৈ সমস্যাৰ সৃষ্টি হৈছে, এই সমস্যা সমূহ ৰোধ তথা নিৰাময়ৰ এক মাত্ৰ উপায় হৈছে গছ-গছনি তথা অৰণ্যৰ পৰিমাণ বৃদ্ধি কৰা। সেহে আমি সকলোৱে গছ পুলি ৰুব লাগে। গছ-গছনি পৰিমান বৃদ্ধি হ'লে জলবায়ু জীৱ-জন্তুৰ অনুকুল হ'ব, গৰা খহনীয়া ৰোধ হ'ব, মৰুভূমি প্ৰসাৰত বাধাৰ সৃষ্টি হৈ ধৰনী সেউজীয়া হ'ব আৰু বায়ুমণ্ডলত কাৰ্বন-ডাই অক্সাইডৰ পৰিমাণ কমি অক্সিজেনৰ পৰিমাণ বৃদ্ধি পাব। যাৰ ফলত পৰিস্থিতিক ভাৰসাম্য অটুট থাকিব।


(iv) তোমালোকে হাতী, পহু, কেঁচু, গছ আৰু ঘাঁহ দেখিছা । ইহঁত ক'ত থাকে বা ডাঙৰ-দীঘল হয় । ইহঁত থকা মণ্ডলটোৰ নাম কি ?  এই মণ্ডলৰ কেইটামান প্ৰধান বৈশিষ্ট্য (features) বৰ্ণনা কৰিব পাৰিবানে ?

উত্তৰঃ আমি আটায়ে হাতী, পহু, কেঁচু গছ আৰু ঘাঁহ দেখিবলৈ পাইছো। এই আটাইবোৰ জীৱ স্থলভাগত থাকে আৰু প্ৰাকৃতিক ভাৱে ডাঙৰ দীঘল হয়। ওপৰত উল্লেখ কৰা জীৱ বিলাক যিহেতু স্থলভাগৰ থাকে সেয়ে এই মণ্ডলটোক স্থলমণ্ডল বুলিও কব পাৰো নতুবা জীৱ-জীয়াই থকা বা বসবাস কৰা মণ্ডলটােক আমি জীৱমণ্ডল বোলা হয়।

জীৱমণ্ডলৰ কেইটামান বৈশিষ্ট্য হ'ল-

(ক) ই-স্থলভাগ, জলভাগ আৰু বায়ুমণ্ডলক সামৰি গঠিত হৈছে।

(খ) এই মণ্ডলটোত বৃহৎ আকাৰৰ জীৱ থকাৰ উপৰিও বহু সৰু সৰু খলি চকুৰে মনিব নোৱাৰা জীৱৰ বাসস্থল।

(গ) প্ৰাকৃতিক পৰিৱেশৰ ভিন্নতাৰ লগে লগে এই মণ্ডলৰ জীৱ বৈচ্যিত্ৰতা বেলেগ হোৱা পৰিলক্ষিত হয়।


(v) তোমাৰ ঘৰৰ পৰা স্কুল পাওঁতে কিমান সময় লাগে ? তোমাৰ স্কুলখন, তোমাৰ ঘৰৰ পৰা ৰাস্তাৰ সিটো পাৰত অৱস্থিত নেকি ? তোমাৰ ঘৰ আৰু স্কুলৰ মাজত অহা-যোৱা কৰোতে সময় আৰু দূৰত্বৰ সম্পৰ্ক কি ? তুমি সময়ক ঠাইলৈ আৰু ঠাইক সময়লৈ ৰূপান্তৰ কৰিব পাৰানে ? 

উত্তৰঃ সকলোৱে সময় বেলেগ বেলেগ আৰু উত্তৰটো বেলেগ বেলেগ হ'ব। সেয়ে নিজা নিজা দুৰত্ব ব্যৱহাৰ কৰিবা।)

আমাৰ ঘৰৰ বিদ্যালয় প্ৰায় আধা ঘন্টা সময় লাগে। হয় আমাৰ স্কুলখন ৰাস্তাৰ সিটো পাৰত অৱস্থিত। এই পৰিঘটনাটো আমি এনেকৈও প্ৰকাশ কৰিব পাৰো। ঘৰখন (A) ৰ পৰা স্কুললৈ (B) যাওঁতে সময় লাগে ৩০  মিনিট খোজকাঢ়ি গলে চাইকেল চলাই গ'লে ১৫ মিনিট বা বাছত গলে ৫ মিনিট আঁতৰত। ভূগোল বিজ্ঞান সময় আৰু দূৰত্বৰ সম্পৰ্কে বিতংকৈ অধ্যয়ন কৰা হয়। সময়ক ঠাইলৈ আৰু ঠাইক সময়লৈ ৰূপান্তৰ কৰি লোৱাটো সম্ভৱ হয়।

ভূগোল বিজ্ঞানৰ বিভিন্ন অৱয়বৱ সময় সাপেক্ষে বেলেগ হোৱা পৰিলক্ষিত হয়, ঠিক একে দৰে ঠাই অৱয়ৱ  বেলেগ হোৱা দেখা যায়।


৩। ১৫০ টা শব্দ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) তুমি তোমাৰ চাৰিওফালে প্ৰক্যেকদিনে লক্ষ্য কৰিছা যে প্ৰাকৃতিক আৰু সাংস্কৃতিক ঘটনাবোৰৰ সদায় বেলেগ । পৃথিৱীত ভিন ভিন উপাদানৰ অৱস্থিতি দেখা যায় । তুমি এতিয়া যুক্তিসহকাৰে ক'ব পাৰিবানে যে ভূগোল বিজ্ঞানে 'ঠাইৰ পাৰ্থক্য (areal differentiation)' অধ্যয়ন কৰে ।

উত্তৰঃ ভোগোল বিজ্ঞানৰ সংজ্ঞা যেনে-

ভোগোল বিজ্ঞানে পৃথিৱীৰ উপৰিভাগৰ ঠাইৰ পাৰ্থক্যবোৰৰ বিষয়ে অধ্যয়ন কৰে, বৰ্ণনা কৰে আৰু ব্যাখ্যা কৰে- এই সংজ্ঞাটো আগবঢ়াইছিল বিখ্যাত ভূগোলবিদ ৰিচাৰ্ড হাৰ্টছন এই সংজ্ঞাটোৰ পৰা আমি অটি সহজে কব পাৰো যে ভূগোল বিজ্ঞানে ঠাইৰ পাৰ্থক্য অধ্যয়ন কৰে।

পৃথিৱীৰ উপৰিভাগ প্ৰাকৃতিক ভাৱে সমান নহয়। অৰ্থাৎ এখন দেশ বা এটা অঞ্চল আন এখন দেশৰ লগত বা অন্য অঞ্চলৰ লগত একে হোৱা দেখা নাযায়। এনে পাৰ্থক্য হোৱাৰ কাৰন জানিবলৈ আগবাঢ়োতে আমি দেখিবলৈ পাওঁ অঞ্চল ভেদে মাটি বা শিলাৰ গঠন একে নহয় কৰবাত হয়তো কঠিন শিলা আন কৰবাত কোমল শিলা পোৱা যায়। এই শিলা বিলাকৰ ওপৰত ক্ৰিয়া কৰা শক্তি ঠাই ভেদে ভিন হোৱা দেখা যায়। যাৰ ফলত বিভিন্ন অঞ্চলত আমি বিভিন্ন অৱয়ব দেখিবলৈ পাওঁ।

পৃথিৱীখন যিহেতু গোলাকাৰ, সেয়ে সূৰ্য্যৰ প্ৰভাৱ সকলো দেশ বা অঞ্চলত একে নহয়। এনে ভিন্ন বাবে বিভিন্ন অঞ্চলত বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে মেৰু অঞ্চলত বৰফ পোৱাৰ বিপৰীতে বিষুৱীয় অঞ্চলত অতিপাত গৰম হোৱাৰ লগতে ধাৰাসাৰ বৰষুণ হোৱা দেখা যায়। এই সমস্ত পৰিঘটনা ভূগোল বিজ্ঞানে সুন্দৰকৈ অধ্যয়ন কৰি বৰ্ণনা কৰে আৰু যুক্তি সহকাৰে ব্যাখ্যা কৰে।

প্ৰাকৃতিক পৰিৱেশৰ পিছত যেতিয়া আমি সাংস্কৃতিক দিশটো আলোচনা কৰিবলৈ যাওঁ তেতিয়া আমি দেখিবলৈ পাম যে সাংস্কৃতিক ভাৱে পৃথিৱীৰ উপৰিভাগ বৰ অসমান। পৃথিৱীৰ এনে কিছুমান ঠাই আছে যত বহু মানুহে একেলগে ঠুপ খাই আছে আকৌ এনে বহু বিস্তৃৰ্ন অঞ্চল আছে যত হয়তো এজনে স্থায়ী লোকে বসবাস কৰা নাই। পৃথিৱীৰ এনে কিছুমান দেশ আছে যিয়ে সভ্যতা বা অৰ্থনৈতিক বাবে বহু উন্নতি লাভ কৰিছে আনহাতে এনে কিছুমান দেশ বা অঞ্চল আছে যিয়ে এতিয়াওঁ আদিম মানুহৰ দৰে জীৱন-জাপন কৰি আছে। পৃথিৱীৰ উপৰিভাগত দেখিবলৈ পোৱা এনে পাৰ্থক্যবোৰৰ বিষয়ে ভূগোল বিজ্ঞানে বিতংকভাৱে অধ্যয়ন কৰাৰ লগতে এইবোৰৰ সুন্দৰ বৰ্ণনা আৰু বৈজ্ঞানিক ভাৱে ব্যাখ্যা দাঙি ধৰে। সেয়ে আমি কব পাৰো, যে ভোগোল বিজ্ঞানে ঠাইৰ পাৰ্থক্য অধ্যয়ণ কৰে।


(ii) তোমালোকে ইতিমধ্যে ভূগোল বিজ্ঞান, বুৰঞ্জী, ৰাজলীতি আৰু অৰ্থনীতি বিজ্ঞান, সমাজ অধ্যয়নৰ অংশ হিচাপে পঢ়ি আহিছা। এই বিষয়বোৰক সংহত কৰিবলৈ চেষ্টা কৰা, সিহঁতৰ অন্তৰ্মুখৰ উল্লেখ (high lighting their inerface ) । 

উত্তৰঃ জ্ঞানৰ বিষয়ে হিচাপে ভোগোলবিজ্ঞান, বুৰঞ্জী, ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান আটাই বিলাকেই সমাজ বিজ্ঞানৰ লগত জড়িত অৰ্থাৎ এই বিভাগ সমূহে প্ৰত্যেকেই সমাজ বিজ্ঞানৰ বিভিন্ন দিশ বিলাক যুক্তি সংগত তথা বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰে। ভূগোল বিজ্ঞান বিষয়টো এই সকলোবোৰ বিভাগৰ লগতে অতি নিবিড় সম্বন্ধ থকা দেখা যায়।

ভূগোল বিজ্ঞান বিভাগে পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন পৰিঘটনাৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰে, স্থানিক পৰিবৰ্তনৰ সাপেক্ষে আনহাতে বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞানে এখন দেশ বা অঞ্চলৰ চাৰিসীমা, তাত বসবাস কৰা লোকসকল আৰু তাৰ শাসন ব্যৱস্থা বা শাসন প্ৰণালীৰ বিষয়ে অধ্যন কৰে আকৌ অৰ্থনীতি বিজ্ঞানে কোনো এখন দেশৰ বা অঞ্চলৰ অৰ্থনীতিৰ বিষয়ে অধ্যয়ন কৰে অৰ্থাৎ ই দেশৰ ভিতৰত পোৱা সম্পদ সমুহৰ উৎপাদন, বিতৰণ আদিবোৰৰ বিষয়ে আমাক জ্ঞান দিয়ে।

ওপৰৰ আলোচনাৰ পৰা দেখা গল যে প্ৰতিটো বিভাগেই সমাজৰ একো একোটা ভাগৰ লগত জড়িত। কিন্তু ভূগোল এনে এটা বিষয়, যি সমাজ বিজ্ঞানৰ প্ৰতিটো বিষয়ৰ লগত জড়িত। পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন অংশত বা দেশত বিভিন্ন প্ৰাকৃতিক পৰিৱেশ পোৱা যায়। সেয়ে প্ৰাকৃতিক পৰিৱেশ অনুযায়ী দেশৰ বিভিন্ন প্ৰাকৃতিক পৰিৱেশ পোৱা যায়। সেয়ে প্ৰাকৃতিক পৰিৱেশ অনুযায়ী দেশৰ শাসন ব্যৱস্থা মানুহৰ কৰ্ম, সম্পদৰ উৎপাদন আনকি বিতৰণও ভিন্ন হোৱা দেখা যায়। যিবোৰ বৰ্ণনা কেৱল ভোগোল বিজ্ঞান অধ্যয়ন কৰিহে আমি বিতংকৈ জানিব পাৰো। সেয়ে ভূগোল বিজ্ঞানক সকলো সমাজ বিজ্ঞানৰ মাতৃ স্বৰূপ বুলি বহুতো পণ্ডিতে মত পোষণ কৰি আহিছে।

ভোগোল বিজ্ঞানে অকল সমাজ বিজ্ঞানৰ বিষয়বোৰৰ লগত জড়িত হৈ থকাই নহয়, ই প্ৰাকৃতিক বিজ্ঞান বিভাগবোৰৰ লগত ওতঃপোতঃভাৱে জড়িত হৈ আছে।


আঁচনিৰ কাম (Project Work) 

হাবি বা জংঘলক প্ৰকৃতিক সম্পদ হিচাপে বাছনি কৰা।

(i) ভাৰতবৰ্ষৰ এখন সম্পদ হিচাপে বাছনি কৰা।

(ii) দেশৰ কাৰণে হাবিৰ অৰ্থলৈতিক গুৰুত্ব সম্পৰ্কে উল্লেখ কৰা।

(iii) ৰাজস্থান আৰু উত্তৰঞ্চলত হোৱা 'চিপকো' আন্দোলনৰ আধাৰত ভাৰতৰ বন সংৰক্ষণ সম্পৰ্কে এটা বুৰঞ্জীমূলক বিৱৰণ প্ৰস্তুত কৰা। 


 Type :  Priyam Jyoti Patar

Answered By : Himashree Bora & Leena Kakati 

Post ID : DABP006496