পাঠ ১

সবাতোকৈ আপোন


৩। কোৱা আৰু লিখা-

(ক) কবিয়ে কাক সবাতোকৈ আপোন বুলি কৈছে?

উত্তৰঃ কবিয়ে মোৰ আই, মোৰ দেশ, মোৰ ভাষাক সবাতোকৈ আপোন বুলি কৈছে।

(খ) কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে প্ৰাণৰ চিনাকি বুলি ধুনীয়া ধৰণী, নগৰ গাওঁ, জান-জুৰি, আদিৰ কথা কৈছে।

(গ) কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কৈছে?

উত্তৰঃ কবিতাটিত অন্তৰৰ ভাৱ নিজৰ মুখেৰে প্ৰকাশ কৰা বুলি কৈছে।

(ঘ) কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে?

উত্তৰঃ কবিয়ে নিজৰ মাক, নিজৰ মাতৃভূমি আৰু নিজৰ যোগেদি নিজৰ মাতৃভাষাৰ জগতখন চিনি পাবলৈ আশা কৰিছে।

(ঙ) সুবিশাল পৃথিৱীত কেনেকৈ, কাৰ সৈতে খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে?

উত্তৰঃ সুবিশাল পৃথিৱীত কবিয়ে সকলোৰে সৈতে হাতে হাত ধৰি নিজৰ মাতৃভূমি, মাতৃভাষাৰ যোগেৰে খোজ দিবলৈ ইচ্ছা কৰিছে।


৪। কবিতাটিৰ মূলভাৱ লিখা। 

উত্তৰঃ “ সবাতােকৈ আপােন ” কবিতাটি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটি লেখত ল'বলগীয়া কবিতা। এই কবিতাটিৰ জৰিয়তে কবিৰ নিজৰ দেশ, নিজৰ মাতৃভাষা, নিজৰ মাতৃৰ প্ৰতি থকা গভীৰ প্রেম তথা ভক্তিৰ কথা প্রকাশ পাইছে। কবিৰ মতে নিজৰ জন্মদাতা মাতৃত সকলােতকৈ ধুনীয়া নহ'লেও তেওঁৰ মতে পৃথিৱীৰ সকলােতকৈ ধুনীয়া। কিয়নাে কবিয়ে কৈছে যে এই পৃথিৱীখন কবিয়ে নিজৰ মাতৃৰ কাৰণেই দেখিবলৈ পাইছে। সেয়েহে তেওঁৰ মাতৃয়েই সবাতকৈ আপােন। কবিৰ মতে নিজৰ দেশখন সবাতকৈ চহকী নহ'লেও অতি আপােন। নিজ দেশখনৰ নগৰ গাঁও, জান-জুৰি আদি কবিৰ প্ৰাণৰ চিনাকি। এইবােৰৰ মহিমাৰ অন্ত নাই। আনহাতে কবিৰ ভাষাটো সুৰীয়া নহলেও এই ভাষাৰেই তেওঁ জীৱনৰ আদি কালছােৱাৰ পৰা নিজৰ মনৰ ভাৱ আদান প্রদান কৰি আহিছে। নিজৰ সুখ-দুখ আদি কবিতাটিৰ জৰিয়তে কবিয়ে ওপজা ঠাইখনক ভিত্তি কৰি মাতৃ আৰু মাতৃভাষাৰ সহায়ত পৃথিৱীতয়ে আগুৱাই যাব পাৰি , সেই কথা প্ৰকাশ কৰিছে।


৫। পাঠৰ পৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা।

উত্তৰঃ 

আই - চিনাই

চহকী - চিনাকি

সুৰীয়া - কুমলীয়া

জগত - লগত

সুখ - দুখ


৬। নিৰ্দিষ্টতাবাচক প্ৰত্য়য় টো, টি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা-

তিৰোতা - তিৰোতাজনী।

ছাতি - ছাতিটো।

কেঁচুৱা - কেঁচুৱাটি।

ঘৰ - ঘৰখন।

কিতাপ - কিতাপখন।

ছোৱালী - ছোৱালীজনী।

ফুলনি - ফুলনিখন।

নৈ - নৈখনি।

পৰ্বত - পৰ্বতখন।


৭। বাক্য় ৰচনা কৰা-

শুৱনিঃ আমাৰ গাওঁখন বৰ শুৱনি

সুৰীয়াঃ ছোৱালীজনীৰ কণ্ঠ বৰ সুৰীয়া

ধুনীয়াঃ ৰীতা এজনী ধুনীয়া ছোৱালী।

চহকীঃ মৃণাল এজন চহকী মানুহ।

কুমলীয়াঃ ফুলজোপাৰ পাতবোৰ কুমলীয়া হৈ আছে।

সুবিশালঃ ব্ৰক্ষ্মপুত্ৰ এখন সুবিশাল নদী।


৯। তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা-

উত্তৰঃ 

হ'ব - নহ'ব।

ধোওঁ - নোধোওঁ।

শুনা - নুশুনা।

কৰোঁ - নকৰোঁ।

খেলোঁ - নেখেলোঁ।

যাম - নাযাম।

দিম - নিদিম।

লিখোঁ - নিলিখোঁ।


১১। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।

(ক) মই মোৰ আইক ভাল পাওঁ।

(খ) মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ।

(গ) আমি আমাৰ স্বদেশকলৈ গৌৰৱ বোধ কৰোঁ।



Answered by Hiru Moni Bora

Last Update By Dipawali Bora (04.05.2022)



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------



Post ID : DABP006525