পাঠ ১০

পৰিৱেশ প্ৰদূষণ


১। উত্তৰ লিখা-

(ক) প্ৰদূষণ কাক বোলে?

উত্তৰঃ পৰিৱেশত থকা বায়ু, পানী, মাটি আদি উপাদানবোৰ মানুহৰ অপকৰ্ম বা প্ৰাকৃতিক কাৰণত জীৱজগতৰ বাবে অনিষ্টকাৰক হৈ পৰে। ইয়াকেই প্ৰদূষণ বোলা হয়। 


(খ) দুবিধ জৈৱিক সাৰৰ নাম লিখা।

উত্তৰঃ পচন সাৰ আৰু কেচুঁসাৰ।


(গ) মাটিৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ এটা উপায় উল্লেখ কৰা।

উত্তৰঃ শস্যৰ পথাৰত ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক সাৰ প্ৰয়োগ কৰি মাটিৰ প্ৰদূষণ ৰোধ কৰিব পাৰি।


২। খালী ঠাই পূৰ কৰা-

(ক) ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰি মাটিৰ প্ৰদূষণ ৰোধ কৰিব পাৰি।


(খ) কেচুঁসাৰ এবিধ উৎকৃষ্ট জৈৱিক সাৰ।


(গ) ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড গেছ বাঢ়ি যায়।


(ঘ) গছৰ পাতে বায়ুত থকা কাৰ্ব-ডাই-অক্সাইড গেছ ধৰি ৰাখি বায়ুৰ প্ৰদূষণ কমায়।


(ঙ) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছ বেছি হ'লে প্ৰাণীৰ বিস্তৰ ক্ষতি সাধন হয়।


৩। অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা-

(ক) কাঠ,কয়লা আদি ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড গেছৰ প্ৰয়োজন হয়।

উত্তৰঃ কাঠ,কয়লা আদি ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হয়।


(খ) বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে য'তে ত'তে আৱৰ্জনা পেলাব লাগে।

উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে য'তে ত'তে আৱৰ্জনা পেলাব নালাগে।


(গ) পুনৰাবৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।

উত্তৰঃ শুদ্ধ।


(ঘ) জৈৱিক সাৰৰ পৰিবৰ্তে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

উত্তৰঃ ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।


(ঙ) দূষিত পানী খালে কলেৰা, টাইফয়েদ আদি ৰোগ হয়।

উত্তৰঃ দূষিত পানী খালে কলেৰা, টাইফয়েদ আদি ৰোগ হয়।


৪। পুনৰাবৰ্তন বুলিলে কি বুজা?

উত্তৰঃ পুনৰাৱৰ্তন হ'ল এনে এক প্ৰক্ৰিয়া য'ত ব্যৱহাৰৰ অযোগ্য ভঙা-ছিঙা বস্তুবোৰ যান্ত্ৰিক পদ্ধতিৰে পুনৰ ব্যৱহাৰৰ উপযোগী বস্তুলৈ ৰূপান্তৰ কৰা হয়। এনে ব্যৱস্থাৰ ফলত পৰিৱেশত আৱৰ্জনাৰ মাত্ৰা কমি যায় আৰু পৰিৱেশ নিকা হয়। এই পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।


৫। মাটিৰ গুণাগুণ কিয় নষ্ট হয় তাৰ কাৰণবোৰ লিখা।

উত্তৰঃ 

(ক) অধিক পৰিমাণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয়।

(খ) ঘৰুৱা আৱৰ্জনা, পেলনীয়া খাদ্য, মলমূত্ৰ আদি য'তে ত'তে পেলোৱাৰ ফলত সেইবোৰ গেলি পচি নানা বীজাণুৰ সৃষ্টি হৈ মাটিৰ গুণাগুণ নষ্ট হয়।

(গ) উদ্যোগৰ পৰা ওলোৱা আৱৰ্জনাই মাটিত মিহলি হৈ মাটিৰ গুণাগুণ নষ্ট কৰে।


৬। পানী প্ৰদূষণ কিদৰে ৰোধ কৰিব পাৰি?

উত্তৰঃ 

(ক) নৈ-নিজৰা, পুখুৰী আদিৰ পানীত গা-ধোৱা, কাপোৰ-ধোৱা, শৌচ-প্ৰস্বাৱ কৰা আদি কামৰ পৰা বিৰত থাকিব লাগে।

(খ) খেতি-পথাৰত ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক সাৰৰ ব্যৱহাৰ কৰিব লাগে।

(গ) উদ্যোগৰ পৰা ওলোৱা ৰাসায়নিক দ্ৰব্যবোৰ আতঁৰ কৰিব লাগে।


৭। বায়ু প্ৰদূষিত হোৱাৰ চাৰিটা কাৰণ লিখা।

উত্তৰঃ 

(ক) কল-কাৰখানা, গাড়ী-মটৰৰ ধোৱা, আদিয়ে বায়ু প্ৰদূষিত কৰে।

(খ) নগৰ-চহৰৰ আৱৰ্জনাা, মলমূত্ৰ, মৃত জীৱজন্তু য'তে-ত'তে পেলালে গেলি পচি বায়ু প্ৰদূষিত কৰে।

(গ) খৰি, কয়লা আদি ইন্ধন বেছিকৈ জ্বলালে বায়ু প্ৰদূষণ হয়।


৮। প্ৰাকৃতিক পদ্ধতিৰে কিদৰে শস্য অনিষ্টকাৰী কীট-পতংগ নাশ কৰিব পাৰি?

উত্তৰঃ চিত্ৰনলা, ধোৱা, নিমপাত আদি প্ৰাকৃতিক পদ্ধতি ব্যৱহাৰ শস্য অনিষ্টকাৰী কীট-পতংগ নাশ কৰিব পাৰি।


৯। উদ্যোগৰ পৰা ধোৱা ওলোৱা চিমনিবোৰ ওখকৈ কিয় সাজিব লাগে?

উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে উদ্যোগৰ পৰা ধোৱা ওলোৱা চিমনিবোৰ ওখকৈ সাজিব লাগে।


১০। চমুকৈ লিখা-

(ক) পচন সাৰ (খ) জৈৱ গেছ (গ) প্ৰদূষক

উত্তৰঃ 

পচন সাৰঃ পচন সাৰ ঘৰতে প্ৰস্তুত কৰিব পৰা এবিধ  উৎকৃষ্ট জৈৱ সাৰ। ইয়াক প্ৰস্তুত কৰিবৰ বাবে এটা গাঁত খান্দিব লাগে। তাত সদায় ঘৰৰ পেলনীয়া শাক-পাচলিৰ বাকলি, জাবৰ-জোথঁৰ পেলাব লাগে। মাজে মাজে গাঁতটোত কেঁচা গোৱৰ ছটিয়াব লাগে। গাঁতটো পুৰ হ'লে গাঁতটোৰ ওপৰত মাটিৰ ঢাপ এটা তৈয়াৰ কৰি দিব লাগে যাতে ইয়াৈৰ ওপৰত পানী জমা নাথাকে।৩/৪ মাহৰ মুৰত ই এবিধ উৎকৃষ্ট জৈৱিক সাৰ হৈ পৰে।

জৈৱ গেছঃ পৰিৱেশত থকা জৈৱিক পদাৰ্থৰ পৰা জৈৱ গেছ উৎপন্ন হয়। জাঁবৰ-জোঁথৰ, গোহালিৰ মলমূত্ৰ, শাক-পাচলিৰ পেলনীয়া অংশ পথাৰত হোৱা মেটেকা, পুনি আদি পচিবলৈ দি জৈৱিক প্ৰক্ৰিয়াৰ যোগেদি ইয়াৰ পৰা জৈৱ গেছ উৎপন্ন কৰা হয়। এনে গেছ ৰন্ধনৰ ইন্ধন হিচাপে ব্যৱহাৰ  কৰিব পাৰি।

প্ৰদূষকঃ পৰিৱেশত থকা বায়ু, পানী আৰু মাটি আদি কিছুমান ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ প্ৰাণীজগতৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ উঠে। এই ক্ষতিকাৰক পদাৰ্থক প্ৰদূষক বোলে। মাটিৰ বাবে ৰাসায়নিক সাৰ, জাঁবৰ-জোঁথৰ, মলমূত্ৰ, পানীৰ বাবে ধূলি-বালি আদি লেতেৰা বস্তু, বায়ুৰ বাবে কল-কাৰখানাৰ ধোঁৱা, গেলা-পচা বস্তু আদি প্ৰদূষক পদাৰ্থ। 


- Hiru Moni Bora



Post ID : DABP006096