পাঠ ১১
যাতায়ত

১। উত্তৰ লিখা-
(ক) যাতায়ত বুলিলে কি বুজা?
উত্তৰঃ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা-যোৱা কৰা ব্যৱস্থাই হৈছে যাতায়ত।

(খ) চকাৰ আৱিষ্কাৰ হোৱাৰ আগত মানুহে বয়-বস্তু কেনেকৈ কঢ়িয়াইছিল?
উত্তৰঃ চকাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে বয়-বস্তুবোৰ কঢ়িয়াবৰ বাবে উট, ঘোঁৰা, হাতী, গাধ আদি ব্যৱহাৰ কৰিছিল।

(গ) উন্নত যাতায়ত ব্যৱস্থাৰ কিয় প্ৰয়োজন?
উত্তৰঃ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ বিদ্যাৰ দ্ৰুত উন্নতিৰ বাবে উন্নত যাতায়ত ব্যৱস্থাৰ প্ৰয়োজন।

(ঘ) পৰিবহন ব্যৱস্থা বুলিলে কি বুজা?
উত্তৰঃ যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াই নিয়া ব্যৱস্থই হৈছে পৰিবহন ব্যৱস্থা।

(ঙ) ভাৰতবৰ্ষত কি কি পৰিবহন ব্যৱস্থা আছে?
উত্তৰঃ ভাৰতবৰ্ষত ৰে'ল পৰিবহন, পথ পৰিবহন, জল পৰিবহন আৰু আকাশী পৰিবহন ব্যৱস্থা আছে।

। 'ক' অংশৰলগত 'খ' অংশ মিলোৱা-
'ক'    -    'খ' 
ৰে'ল পথত চলা বাহন - ৰে'লগাড়ী, ট্ৰাম বাছ
আলিবাটত চলা বাহন - ৰিক্সা, চাইকেল, ট্ৰাক
আকাশত চলা বাহন - উৰাজাহাজ, হেলিকপ্টাৰ
পানীত চলা বাহন - নাওঁ, ছাবমেৰিন

৩। খালী ঠাই পূৰ কৰা-
(ক) অসমৰ প্ৰথম ৰে'লপথটো আছিল ডিব্ৰুগড় ৰে'লপথ।
(খ) ভাৰতবৰ্ষত ১৮৫৩ চনত প্ৰথম ৰে'লপথ চৰকাৰীভাৱে মুকলি কৰা হয়।
(গ) অসমত বৰ্তমান প্ৰায় ৮২৬৪১ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে।
(ঘ) ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত দুটা জাহাজঘাট হ'ল ডিব্ৰুগড় আৰু দিচাংমুখ
(ঙ) গুৱাহাটী আৰু দিল্লীৰ মাজত ১৯৮১ চনৰ পৰা বিমান চলাচল আৰম্ভ হয়।

৪। চমু টোকা লিখা-
(ক) জল পৰিবহন (খ) ৰে'ল পৰিবহন (গ) ৰচী পৰিবহন (ঘ) আকাশী পৰিবহন
উত্তৰঃ 
জল পৰিবহনঃ জল পৰিবহন ব্যৱস্থা অতি কম খৰচী পৰিবহন ব্যৱস্থা। ভাৰতৰ নদীসমূহত বাৰমাহেই পানী উপচি থাকে বাবে গোটেই বছৰ জুৰি জল পৰিবহন ব্যৱস্থা সুচল হৈ থাকে। অসমত শদিয়াৰ পৰা ধুবুৰীলৈ ৮৯১ কিলোমিটাৰ দীঘল জলপথক ৰাষ্ট্ৰীয় জলপথ ঘোষণা কৰা হৈছে। জলপৰিবহনত ব্যৱহাৰ কৰা বাহন হ'ল- নাওঁ, জাহাজ ফেৰী, ছাবমেৰিন।
ৰে'ল পৰিবহনঃ ভাৰতবৰ্ষৰ সকলোতকৈ গুৰুত্বপূৰ্ণ পৰিবহন ব্যৱস্থা হ'ল ৰে'ল পৰিবহন ব্যৱস্থা। ১৮৫৩ চনৰ ১৬ এপ্ৰিলত মুম্বাই আৰু থানেৰ মাজত প্ৰায় ১১ মাইল দীঘল ৰে'লপথত চৰকাৰীভাৱে মুকলি কৰা হয়। এইটো আছিল ভাৰতৰ প্ৰথম ৰে'ল পথ। ভাৰতবৰ্ষত তিনি প্ৰকাৰৰ ৰে'ল পথৰ ব্যৱস্থা আছে। এই কেইটা হৈছে ব্ৰডগজ, মিটাৰ গজ, আৰু ঠেক গজ। অসমৰ প্ৰথম ৰেলপথটো হৈছে ডিব্ৰু-শদিয়া ৰেলপথ। 
ৰচী পৰিবহনঃ ভাৰতৰ আন চাৰি প্ৰকাৰৰ পৰিবহন ব্যৱস্থাৰ উপৰি আন এক প্ৰকাৰৰ পৰিবহন ব্যৱস্থা আছে। এইবিধ পৰিবহন হ'ল ৰচী পৰিবহন ব্যৱস্থা। ই কম খৰচী পৰিবহন ব্যৱস্থা। পাহাৰৰ দুৰ্গম অঞ্চলত যাতায়ত ব্যৱস্থাৰ উপৰিও খনিৰ পৰা চূণশিল কয়লা আদি কঢ়িয়াবলৈ ৰচী পৰিবহন ব্যৱস্থা সহায় লোৱা হয়। 
আকাশী পৰিবহনঃ আটাইতকৈ বেগী পৰিবহন ব্যৱস্থা হৈছে আকাশী পৰিবহন ব্যৱস্থা। এই ব্যৱস্থা আৰামদায়ক কিন্তু ব্যয়বহুল। এই ব্যৱস্থাৰ জৰিয়তে ভাৰতবৰ্ষই বিভিন্ন ঠাইলৈ যোগাযোগ ৰাখিছে। ১৯৮১ চনৰ জানুৱাৰী মাহৰ পৰা গুৱাহাটী আৰু দিল্লীৰ মাজত বিমান চলা-চল আৰম্ভ হোৱাৰ ফলত অসমৰ ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ হৈছে।

৫। তলৰ অশুদ্ধ বাক্যকেইটা শুদ্ধ কৰি লিখা-
(ক) বৰ্তমানলৈকে মেঘালয় আৰু ছিকিমত ৰেলপথৰ ব্যৱস্থা হোৱা নাই।
উত্তৰঃ শুদ্ধ।
(খ) অসমৰ পথসমূহক ৰাষ্ট্ৰীয় ঘাইপথ, জিলা গড়কাপ্তানি পথ, জিলা আৰু পঞ্চায়ত পথত ভাগ কৰিব পাৰি।
উত্তৰঃ শুদ্ধ।
(গ) জল পৰিবহম ব্যৱস্থা বৰ ব্যয়বহুল।
উত্তৰঃ জল পৰিবহন ব্যৱস্থা কম খৰচী।
(ঘ) অসমৰ বিমান বন্দৰৰ পৰা বিদেশলৈ যাবলৈ বিমান সেৱাৰ ব্যৱস্থা আছে।
উত্তৰঃ অসমৰ বিমান বন্দৰৰ পৰা বিদেশলৈ যাবলৈ বিমান সেৱাৰ ব্যৱস্থা নাই।
(ঙ) ভাৰতত ৰচী পৰিবহন ব্যৱস্থা আছে।
উত্তৰঃ শুদ্ধ।






Post ID : DABP006098