পাঠ ১৩ 

দুৰ্যোগ


১। উত্তৰ লিখা-

(ক) প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম উল্লেখ কৰা।

উত্তৰঃ প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম হ'ল- বানপানী, ভূমিকম্প আৰু ভূমিস্খলন।


(খ) বনজুইৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ কিছুমান অসাৱধান কাৰ্যৰ ফলত যেনে জুইশলাৰ জ্বলা কাঠি হাবিত পেলোৱাৰ ফলত নাইবা হাবিত জুই জ্বলাই ভালকৈ নুমাই নিদিয়াৰ ফলত বনজুইৰ সৃষ্টি হয়।


(গ) ঔদ্যোগিক দুৰ্ঘটনা বুলিলে কি বুজা?

উত্তৰঃ উদ্যোগসমূহত আকস্মিকভাৱে হোৱা দুৰ্ঘটনাই হ'ল ঔদ্যোগিক দুৰ্ঘটনা। এনে দুৰ্ঘটনাৰ ফলত উদ্যোগৰ পৰা বিষাক্ত গেছ নিৰ্গত হয়।


(ঘ) ভূমিকম্পৰ ফলত হ'ব পৰা তিনিটা সম্ভাৱনা লিখা।

উত্তৰঃ ভূমিকম্পৰ ফলত হ'ব পৰা তিনিটা সম্ভাৱনা হৈছে- 

    -কেতিয়াবা মাটি ফাঁট মেলি ওপৰলৈ পানী আৰু বালি ওলাই আহে।

    -ভূ-গৰ্ভৰ পৰা মাটি, বালি, শিল আদি উঠি আহি দ মাটি ওখ কৰে।

    -ভূ-পৃষ্ঠৰ মাটি তললৈ বহি গৈ খাল-বিল, জলাহভূমি আদিৰ সৃষ্টি         কৰে।


(ঙ) ভূমিস্খলন হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰঃ ভূমিস্খলন হোৱাৰ দুটা কাৰণ হ'ল- 

    -খনন কাৰ্যৰ বাবে ভূমিস্খলন হয়।

    -বনানী ধ্বংসকৰণৰ কাৰণে ভূমিস্খলন হয়।


২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক'    -    'খ'

ভূমিস্খলন - বিস্তৃতভাৱে মাটি, বালি, শিল আদি খঁহি পৰে।

খৰাং - পানীৰ উসসমূহ শুকাই যায়।

বনজুই - হাবিত লগা জুই।

ভূমিকম্প - পৃথিৱীৰ উপৰিভাগ কঁপি উঠে।


৩। খালী ঠাই পূৰ কৰা- 

(ক) ১৯৫০ চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল।

(খ) ভূপাল গেছ দুৰ্ঘটনা ১৯৮৪ চনত হৈছিল।

(গ) সামাজিক বনানীকৰণ কৰি ভূমিস্খলন ৰোধ কৰিব পাৰি।

(ঘ) বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত জুই লাগে।

(ঙ) ভূমিকম্পৰ ফলত নদীৰ সুঁতি সলনি হয়।


৪। তলত দিয়া দুৰ্যোগবোৰৰ পৰা প্ৰতিকাৰ পাবলৈ আমি ল'ব পৰা তিনিটাকৈ ব্যৱস্থা লিখা-

(ক) কৃত্ৰিম বানপানী (খ) ভূমিস্খলন (গ) বনজুই

উত্তৰঃ 

কৃত্ৰিম বানপানীৰ পৰা প্ৰতিকাৰ পাবলৈ ল'ব পৰা তিনিটা ব্যৱস্থা হৈছে- 

    -জলাশয় পুতি যেনিতেনি অপৰিকল্পিতভাৱে ঘৰ সজা বন্ধ কৰা।

    -পানী ওলাই যাবলৈ নলা-নৰ্দমা খন্দা।

    -জলাশয়বোৰ সংৰক্ষণ কৰা।

ভূমিস্খলনৰ পৰা প্ৰতিকাৰ পাবলৈ ল'ব পৰা তিনিটা ব্য়ৱস্থা হৈছে- 

    -বনানীকৰণৰ ব্য়ৱস্থা কৰা।

    -খননকাৰ্য ৰোধ কৰা।

    -নৈৰ পাৰত গছ-গছনি ৰোৱা।

বনজুইৰ পৰা প্ৰতিকাৰ পাবলৈ ল'ব পৰা তিনিটা ব্য়ৱস্থা হৈছে- 

    -বিদ্য়ুতৰ তাঁৰ সংযোগত সাৱধান হোৱা।

    -হাবিৰ মাজত জুইৰ ব্য়ৱহাৰ কৰোঁতে সাৱধান হোৱা।

    -জুইশলাৰ জ্বলা কাঠি পেলোৱাৰ সময়ত সাৱধান হোৱা।


৫। দুৰ্যোগ বুলিলে কি বুজা?

উত্তৰঃ প্ৰাকৃতিক আৰু মানৱসৃষ্ট ঘটনা বা পৰিঘটনাই ভয়াবহ ৰূপ লৈ মূহুৰ্ততে পৰিৱেশৰ অভাৱনীয় ক্ষতি কৰে। এই ঘটনা বা পৰিঘটনাবোৰেই হৈছে দুৰ্যোগ।


৬। কৃত্ৰিম বানপানী কেনেকৈ সৃষ্টি হয় তাৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ তিনিটা কাৰণ হ'ল-

    -পানী ওলাই যোৱা নলা-নৰ্দমাত জাবৰ-জোঁথৰ পেলোৱাৰ ফলত পানী ওলাই যাব নোৱাৰি কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।

    -পাহাৰৰ গছ-গছনি যধে-মধে কাটি পেলোৱাৰ ফলত পাহাৰৰ মাটি বৰষুণৰ লগত উটি আহি চহৰৰ নলা-নৰ্দমা পুতি পেলোৱাৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।

    -মানুহে খাল-বিল পুতি বসতি কৰিবলৈ লোৱাৰ ফলত বৰষুণৰ পানী জমা হ'বলৈ জলাশয় নথকাত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।


৭। চুনামি কি?

উত্তৰঃ সাগৰৰ তলিত ভূমিকম্প হৈ সাগৰীয় উপকূল অঞ্চলত বানপানীৰ সৃষ্টি হোৱাকে চুনামি বুলি কোৱা হয়।


৮। নৈৰ বান্ধ নিৰ্মাণ কৰি চৰকাৰে হাতত লোৱা তিনিটা আঁচনিৰ নাম লিখা।

উত্তৰঃ নৈৰ বান্ধ নিৰ্মাণ কৰি চৰকাৰে হাতত লোৱা তিনিটা আঁচনিৰ নাম হৈছে- জলসিঞ্চন ব্য়ৱস্থা, জলবিদ্যুৎ উৎপাদন, আৰু দূৰণিবটীয়া অঞ্চললৈ পানী যোগান ধৰা আঁচনি।


৯। খৰাং বুলিলে কি বুজা?

উত্তৰঃ বহুত দিন বৰষুণ নোহোৱাৰ ফলত ভূ-পৃষ্ঠৰ আৰু ভূ-গৰ্ভৰ পানী শুকাই যোৱাক খৰাং বোলা হয়।


১০। বান নিয়ন্ত্ৰণ বিভাগে হাতত লোৱা তিনিটা কাৰ্যসূচী লিখা।

উত্তৰঃ বান নিয়ন্ত্ৰণ বিভাগে লোৱা তিনিটা কাৰ্যসূচী হৈছে- নদীত বান্ধ দিয়া, মাথাউৰি বন্ধা আৰু অতিৰিক্ত পানী ওলাই যাবলৈ নলা-খাল আদি খন্দা।


- Hiru Moni Bora


Post ID : DABP006128