ফুল

অধ্যায় ২

অনুশীলনী

১। উত্তৰ লিখা 

ক) চাৰিবিধ ফুলৰ নাম 

উত্তৰঃ চাৰিবিধ ফুলৰ নাম হৈছেঃ গোলাপ, তগৰ, নাৰ্জী আৰু ৰজনীগন্ধা।


খ) দুবিধ গোন্ধ নথকা ফুলৰ নাম

উত্তৰঃ দুবিধ গোন্ধ নথকা ফুলৰ নাম হ'ল জবা আৰু নয়নতৰা। 


গ) তিনিবিধ গোন্ধ থকা ফুলৰ নাম

উত্তৰঃ তিনিবিধ গোন্ধ থকা ফুলৰ নাম হৈছেঃ তগৰ, গোলাপ, নাৰ্জী। 


ঘ) এবিধ ৰাতি ফুলা ফুলৰ নাম

উত্তৰঃ শেৱালি ফুল এবিধ ৰাতি ফুলা ফুল। 


২) শুদ্ধ বাক্যত '✔' চিন দিয়া 一

ক) ফুলৰ পৰা তেল প্ৰস্তুত কৰা হয়।

উত্তৰঃ- শুদ্ধ।


খ) গোলাপ ফুলৰ গোন্ধ নাই।

উত্তৰঃ- অশুদ্ধ।


গ) ৰাতি ফুল নুফুলে।

উত্তৰঃ- অশুদ্ধ। 


ঘ) ফুলেৰে বিভিন্ন ধৰণৰ মালা গঁথা হয়।

উত্তৰঃ- শুদ্ধ


ঙ) কিছুমান লোকে ফুলৰ খেতি কৰি জীৱিকা-নিৰ্বাহ কৰে।

উত্তৰঃ- শুদ্ধ। 


৩। ফুলৰ তিনিটা ব্যৱহাৰ লিখা ।

উত্তৰঃ-  

১। বিভিন্ন উৎসৱ-পাৰ্বণত ফুল ব্যৱহাৰ কৰা হয়।

২। কিছুমান ফুল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। 

৩। ফুলেৰে বিভিন্ন ধৰণৰ মালা গঁথা হয় আৰু পুষ্পসজ্জাত ব্যৱহাৰ কৰা হয়।



৪। 'ক' অংশৰ লগত 'খ' অংশ আঁচ টানি মিলোৱা一

 'ক'

'খ' 

গোন্ধ নথকা ফুল  

পানীত ফুলা ফুল

শীতকালত ফুলা ফুল

ৰাতি ফুলা ফুল 

বসন্ত কালত ফুলা ফুল 

জবা

ভেঁট

নাৰ্জী

শেৱালি

তগৰ



৫) খালী ঠাই পূৰ কৰা一

ক) মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌ-জোল তৈয়াৰ কৰে।

খ) পদুম ফুলক আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল বোলে।

গ) কপৌ ফুল বসন্ত কালত ফুলে।

ঘ) অবাবত ফুল ছিঙিব নালাগে

ঙ) ফুলৰ খেতি কৰি অৰ্থিক ভাৱে লাভৱান হ'ব পাৰি।


শ্ৰী নয়ন জ্যোতি বৰদলৈ 

( মৰিগাঁও ) 



Post ID : DABP006530