উদ্ভিদৰ আহাৰ | অধ্য়ায় ২১ | Lesson 21 | Class 4 Science Solution Sankardev |  Class 4 Science Sankardev School Question Answer | Class 4 Science Nots | শংকৰদেৱ স্কুলৰ উদ্ভিদৰ আহাৰ পাঠটোৰ প্ৰশ্ন উত্তৰ |


পাঠ ২১

উদ্ভিদৰ আহাৰ


১। তলত দিয়া উদ্ভিদবোৰে কোন অংশত খাদ্য় জমা ৰাখে লিখাঃ

তিচি, ধান, বাদাম, ওলকবি, চালগোম, বেঙেনা, পাতে-গজা, আদা, নহৰু।

উত্তৰঃ 

তিচি    -    বীজ

ধান    -    বীজ

বাদাম    -    বীজ

ওলকবি    -    শিপা

চালগোম    -    শিপা

বেঙেনা    -    ফল

পাতে-গজা    -    পাত

আদা    -    শিপা

নহৰু    -    শিপা।


২। কাঠফুলা, ভেকুৰ আদিয়ে কিয় আহাৰ তৈয়াৰ কৰিব নোৱাৰে ?

উত্তৰঃ কাঠফুলা, ভেকুৰ আদিত পত্ৰহৰিৎ নথকাৰ বাবে সিহঁতে আহাৰ প্ৰস্তুত কৰিব নোৱাৰে।


৩। তিনিবিধ পতংগভোজী উদ্ভিদৰ নাম লিখা।

উত্তৰঃ তিনিবিধ পতংগভোজী উদ্ভিদৰ নাম হৈছে 一 কলচি, ৰদ মকুতা আৰু দ্ৰ'ছেৰা।


৪। পত্ৰৰন্ধ্ৰ কাক বোলে? ইয়াৰ কাম কি?

উত্তৰঃ পাতত কিছুমান সৰু সৰু চকুৰে মনিব নোৱাৰা বিন্ধা থাকে। সেই বিন্ধাবোৰক পত্ৰৰন্ধ বোলে।


৫। কেকটাছৰ পাত নাথাকে যদিও ই খাদ্য় প্ৰস্তুত কৰিব পাৰে কিয় ?

উত্তৰঃ কেকটাছৰ পাত নাথাকে যদিও ইয়াৰ কাণ্ডত হৰিৎকণা থাকে। সেয়েহে ই খাদ্য় প্ৰস্তুত কৰিব পাৰে।


৬। এবিধ পৰজীৱী আৰু এবিধ মূতজীৱী উদ্ভিদৰ উদাহৰণ দিয়া ? 

উত্তৰঃ এবিধ পৰজীৱী উদ্ভিদৰ উদাহৰণ হৈছে - স্বৰ্ণলতা আৰু এবিধ মূতজীৱী উদ্ভিদৰ উদাহৰণ হৈছে - কাঠফুলা।


৭। শিপাত খাদ্য় জমা কৰি ৰখা দুবিধ উদ্ভিদৰ নাম লিখা।

উত্তৰঃ শিপাত খাদ্য় জমা কৰি ৰখা দুবিধ উদ্ভিদৰ নাম হৈছে 一 আদা আৰু আলু।


৮। খালী ঠাই পূৰ কৰাঃ


ক) পাতে খাদ্য় তৈয়াৰ কৰোঁতে কাৰ্বন-ডাই-অক্সাইড গেছ বায়ুৰ পৰা শুহি লয় আৰু অক্সিজেন গেছ এৰি দিয়ে।


খ) হৰিৎকণা থকা বাবে পাতৰ ৰং সেউজীয়া হয়।


গ) পাতৰ পৰা কাণ্ডৰে গোটাই গছজোপালৈ খাদ্য যায়।


- Hiru Moni Bora



Post ID : DABP006450