পৃথিৱীৰ অন্তৰভাগ

অনুশীলন

১। বিবিধ পচন্দৰ প্ৰশ্নাৱালী (Multiple Choice) 

(i) তলত দিয়া ভূমিকম্পৰ তৰংগবোৰৰ ভিতৰত কোনটো অধিক বিধ্বংসী ? 

(ক) P তৰংগ  (গ) পৃষ্ঠ তৰংগ 

(খ) S তৰংগ  (ঘ) এটাও নহয়

উত্তৰঃ (গ) পৃষ্ঠ তৰংগ।


(ii) তলত দিয়াবোৰৰ কোনটোৱে পৃথিৱী অন্তৰভাগৰ বিষয়ে প্ৰত্যক্ষ খবৰ দিয়ে ? 

(ক) ভূমিকম্পৰ তৰংগবোৰ  (গ) মাধ্যাকৰ্ষণ 

(খ) আগ্নেয়গিৰি  (ঘ) পৃথিৱীৰ চুম্বকত্ব 

উত্তৰঃ (খ) আগ্নেয়গিৰি।  


(iii) কি ধৰণৰ আগ্নেয় উদ্গীৰণৰ ফলত দাক্ষিণাত্য ট্ৰেপ গঠন হৈছে?

(ক) শ্বিল্ড (Shield)  (গ) কম্পজিত (Composite) 

(খ) বান (Flood)   (ঘ) কালডেৰা (Caldera) 

উত্তৰঃ (খ) বান (Flood)।


(iv) তলৰ কোনটোৱে লিথোস্ফিয়েৰৰ বিষয়ে বৰ্ণনা দিয়ে ? 

(ক) উচ্চ আৰু নিস্ন মেন্টল (upper and lower mantle) 

(খ) খোলা আৰু উচ্চ মেন্টল (crust and upper mantle) 

(গ) খোলা আৰু কেন্দ্ৰ ভাগ (crust and core)  

(ঘ) মেন্টল আৰু কেন্দ্ৰ ভাগ (mantle and core) 

উত্তৰঃ (খ) খোলা আৰু উচ্চ মেন্টল


২। ৩০ টা শব্দ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) বডি (body) ঢৌবোৰ কি ?

উত্তৰঃ যেতিয়া পৃথিৱীৰ অন্তৰ্ভাগৰ কোনো স্থানত ভূমিকম্পৰ উৎপত্তি হয় তেতিয়া সেই উৎপত্তি স্থানৰ পৰা কিছুমান ঢৌৰ সৃষ্টি হয় আৰু এই ঢৌ বিলাক কেন্দ্ৰটোৰ কেউকাষে বিয়পি যায়। এই ঢৌ বোৰক ভূমিকম্পৰ ঢৌ বোলা হয়। ভূমিকম্পৰ ঢৌবিলাকক প্ৰধানকৈ দুই ধৰণৰ। এবিধৰ নাম হল প্ৰাথমিক ঢৌ বা বডি ঢৌ আৰু আনবিধৰ নাম পৃষ্ঠ ঢৌ। ভূমিকম্পৰ ফলত সৃষ্টি হোৱা যিবিলাক তৰংগ বা ঢৌয়ে কেন্দ্ৰৰ পৰা সকলো দিশতে পৃথিৱীৰ দেহেৰে গতি কৰে, তেনেবোৰ ঢৌক বডি ঢৌ বোলে।


(ii) পৃথিৱীৰ আন্তৰভাগৰ বিষয়ে সন্ধান দিয়া প্ৰত্যক্ষ উৎসবোৰৰ নাম লিখা ।

উত্তৰঃ পৃথিৱীৰ আন্তৰভাগৰ বিষয়ে সন্ধান দিয়া প্ৰত্যক্ষ উৎসবোৰৰ নাম হ'ল- পৃষ্ঠখিলা, খনিৰ পৰা পোৱা শিলাবোৰ আৰু আগ্নেয়গিৰি উদগিৰণৰ। পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে জানিবলৈ সংগ্ৰহ কৰা কিছুমান সংগ্ৰহ কৰা কিছুমান তথ্য প্ৰত্যক্ষ উৎস কিছুমান নাম হল পৃষ্ঠশিলা খনি অধ্যয়ন আৰু আগ্নেয়গিৰি অধ্যয়ণ। পৃষ্ঠশিলা অধ্যয়ণ কৰি গম পোৱা গৈছে যে ক্ৰমে তললৈ শিলাসমূহৰ ঘনত্ব আৰু উত্তাপ বেছি হোৱাটো। আনহাতে খনি বিলাকৰ যিমানে গভীৰতালৈ সোমাই যোৱা যায় সিমানে উত্তাপৰ প্ৰাৱল্যতা বেছি অনুভূত হয় আৰু পদাৰ্থ সমূহৰ ঘনত্বৰ পৰিমান বেছি হোৱাটো পৰিলক্ষিত হয়।


(iii) ভূমিকম্পৰ ঢৌবোৰে আন্ধাৰ মণ্ডল (shadow zone)ৰ উৎপত্তি ঘটায় কিয় ? 

উত্তৰঃ ভূমিকম্পৰ ঢৌবোৰ দূৰদূৰণিত থকা ছিছম'গ্ৰাফত যন্ত্ৰবোৰত লিখা যায়। এই যন্ত্ৰবোৰ সকলো ঠাইতে পাতল পাতলকৈ সংস্থাপিত কৰাই আছে।পৃথিৱীৰ কোনো নিৰ্দিষ্ট অঞ্চলত ভূমিকম্পৰ ঢৌবোৰ যন্ত্ৰত ধৰা নপৰে। এনেকুৱা অঞ্চলকে আন্ধাৰ মণ্ডল বোলে। অধ্যয়নৰ পৰা ইয়াকে জানিব পাৰি যে প্ৰত্যেকটো ভূমিকম্পৰ কাৰণে একোটা বেলেগ আন্ধাৰ মণ্ডল আছে। এইটো ক'ব পৰা হৈছে যে উপকেন্দ্ৰৰ পৰা ১০৫॰ দূৰত্বৰ ভিতৰত স্থাপিত ছিছম'গ্ৰাফত P আৰু S তৰংগৰ উপস্থিতি ধৰা পৰে। কিন্তু উপকেন্দ্ৰৰ পৰা ১৪৫॰ৰ  বাহিৰত থকা ছিছম'গ্ৰাফে P তৰংগৰ উপস্থিতি সূচায় যদিও S তৰংগ বাদ পৰি যায়। গতিকে ১০৫॰-১৪৫॰ ৰ মাজত মণ্ডলটোক আন্ধাৰ মণ্ডল বুলি চিনাক্ত কৰা হৈছে অৰ্থাৎ এই অঞ্চলটিত P আৰু S তৰংগই আন্ধাৰ মণ্ডলৰ উৎপত্তি কৰে।


(iv) ভূমিকম্পন কাৰ্যবোৰক বাদ দি পৃথিৱীৰ অন্তৰভাগত বিষয়ে খবৰ পৰা পৰোক্ষ উৎসবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ ভূমিকম্প কাৰ্যবোৰক বাদ দি অন্তৰভাগৰ বিষয়ে খবৰ পাব পৰা অন্য় কিছুমান পৰোক্ষ উৎস হ'ল ভূ-গৰ্ভৰ খনন কাৰ্য অধ্যয়ন, উল্কাপিণ্ড অধ্যয়ন, মাধ্যাকৰ্ষণ বল অধ্যয়ন আৰু চুম্বকীয় পথাৰ অধ্যয়ন।

পৃথিৱীৰ ভূ-গৰ্ভৰ খনন কাৰ্য যোগেদি এইটো কথা জানিব পৰা গৈছে যে পৃথিৱীৰ অন্তৰভাগলৈ যিমানেই যোৱা যায় উত্তাপ আৰু হেঁচা সিমানেই বাঢ়ি যায়। এইটোও জানিব পৰা হৈছে যে যিমানেই গভীৰতা বাঢ়ি যায় পদাৰ্থবোৰৰ ঘনত্বও বাঢ়ি যায়। উল্কাপিণ্ডৰ পৰা পোৱা পদাৰ্থবোৰৰ গঠন পৃথিৱীৰ পদাৰ্থবোৰৰ সৈতে একে। গোটা উল্কাপিণ্ডবোৰ পৃথিৱীৰ পদাৰ্থবোৰৰ সৈতে একে ধৰণৰ পদাৰ্থৰে নিৰ্মীত। সেয়েহে উল্কাপিণ্ড অধ্যয়ণ কৰিও পৃথিৱীখনৰ অন্তৰ্ভাগৰ বিষয়ে বহুতো খবৰ আমি পৰোক্ষ ভাৱে জানিব পাৰো।


৩। ১৫০ টা শব্দ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) যিবোৰ শিলাস্তৰৰ মাধ্যমেৰে ভূমিকম্পৰ ঢৌবোৰে গতি কৰে তাত ঢৌবোৰৰ গতি প্ৰভাৱবোৰ কি আলোচনা কৰা।

উত্তৰঃ ভূমিকম্পৰ উৎপত্তি হলে ইয়াৰ উৎপত্তি স্থলৰ পৰা কেউকাষে ইয়াৰ ঢৌবোৰে গতি কৰে। এই ঢৌ বিলাকে যেতিয়া শিলাস্তৰৰ মাজেৰে গতি কৰে তেতিয়া গতিপথত থকা শিলাস্তৰ সমূহত বিভিন্ন প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ভূমিকম্পৰ পৰা উৎপত্তি হোৱা ঢৌবোৰক সাধাৰণতে তিনিটা নামেৰে জনা যায়। যেনে- P-wave,S-wave আৰু Surface wave. ভূমিকম্পৰ ঢৌ প্ৰধানকৈ দুই ধৰণৰ- বডি ঢৌ বা প্ৰাথমিক ঢৌ আৰু পৃষ্ঠ ঢৌ। আমি ইয়াতে উল্লেখ কৰিব পাৰো যে আটাইবিলাক ভূমিকম্পৰ ঢৌৰ প্ৰভাৱ এভাৱ একেধৰণৰ নহয়। প্ৰাথমিক ঢৌ বা বডি ঢৌ বিলাকে যেতিয়া পৃথিৱীৰ দেহেৰে গতি কৰে তেতিয়া ই শিলাস্তৰ বা ভৃ-পৃষ্ঠৰ বিশেষ ক্ষয়-ক্ষতি নহয়, বৰঞ্চ অন্তভাগৰ বহু তথ্য পোৱা যায়। P তৰংগৰ ফলত পদাৰ্থবোৰৰ ঘনত্বৰ সাল সলনি হোৱা দেখা যায়।

প্ৰাথমিক তৰংগই ভূ-পৃষ্ঠৰ শিলাস্তৰত খুন্দা খোৱাৰ ফলত পৃষ্ঠ তৰংগ বা পৃষ্ঠ ঢৌৰ সৃষ্টি হয়। এই পৃষ্ঠ তৰংগ পৃথিৱী পৃষ্ঠৰে গতি কৰে। শিলাস্তৰৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি এই বিধ তৰংগৰ গতি বেগ কম-বেছি হয়। পদাৰ্থ বোৰৰ ঘনত্ব যিমানেই বেছি হয়, ঢৌৰ গতিবেগো সিমানেই অধিক হয়।

বৈজ্ঞানিকসকলে এইটো প্ৰমান কৰি উলিয়াইছে যে পৃষ্ঠ তৰংগ বোৰ আটাইতকৈ বেছি ক্ষতিকাৰক। যেতিয়া এই বিধ ঢৌৱে শিলাস্তৰৰ মাজেৰে গতি কৰে, তেতিয়া শিলাস্তৰক ইফাল-সিফাল কৰি দি ভূ-পৃষ্ঠৰ অনেক পৰিৱৰ্তন সাধন কৰে।


(ii) অন্তৰ্গত গঠন (intrusive forms) মানে কি বুজা ? বিভিন্ন প্ৰকৃতিৰ অন্তৰগঠিত শিলৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ আগ্নেয়গিৰি উদগীৰণৰ সময়ত ওলাই অহা লাভাবোৰ শীতল হৈ আগ্নেয়শিলত পৰিণত হয়। লাভাবোৰ বাহিৰলৈ ওলাই আহিও শীতল হ'ব পাৰে নতুবা আহি থাকোতে পৃথিৱীৰ খোলাটোৰ মাজত কোনো অংশতো ই শীতল হ'ব পাৰে। লাভাবোৰ কোন ঠাইত শীতল হৈছে, তাৰ ওপৰত নিৰ্ভৰ কৰি আগ্নেয়শিলাক দুটা ভাগত ভগোৱা হৈছে- এটা হ'ল আগ্নেয়শিলাৰ, যদি পৃথিৱীৰ উপৰিভাগত শীতল হৈছে আৰু আনবিধ হ'ল প্লুটনিক শিলা, যদি খোলাটোৰ আন্তৰভাগত শীতল হৈছে। অন্তভাগত শীতল হোৱা লাভাবোৰে বেলেগ বেলেগ আকৃতি ধাৰণ কৰে এইবোৰক অন্তৰ গঠন বোলে। অন্তৰ গঠিত শিলা বহু ধৰণৰ হ'ব পাৰে যেনে -  

(i) বেথোলিথ, (ii) লেকোলিথ, (iii) লেপোলিথ, ফেকোলিথ আৰু শ্বিল,   (iv) ডাইক।

(i) বোথোলিথঃ কেতিয়াবা কেতিয়াবা মেগনাবোৰে বাহিৰলৈ ওলাই আহিবলৈ অপাৰাগ হৈ খোলাৰ কিছু গভীৰতাত প্ৰকাণ্ড ডোম আকৃতি ধাৰণ কৰি শীতল হৈ টান শিলত পৰিণত হয়। ইয়াকে বেথোলিথ বোলে। উদাহৰণ হ'ল গ্ৰেনাইট।  

(ii) লেকোলিথঃ এইবোৰ ডোম আকৃতিৰ ইনট্ৰুচিভ শিল। ইহঁতক ভূ-পৃষ্ঠৰ গভীৰতাত পোৱা যায় আৰু এডাল নলীৰে মেগনা গহ্বৰৰ লগত সংযোজিত হৈ থাকে। ইহঁত ভূ-পৃষ্ঠত থকা আগ্নেয় ডোমৰ নিচিনা দেখাত, মাত্ৰ ইহঁত খোলাৰ তলত সোমাই থাকে।  

(iii)  লেপোলিথ, ফেকোলিথ আৰু শ্বিলঃ মেগনাবোৰ ওপৰলৈ ওলাই আহিবলৈ চেষ্টা কৰোতে কোমল শিলাস্তৰৰ মাজত সমান্তৰালভাৱে সোমাই গৈ শীতল হৈ টান হয়। ইহঁতে নানা আকৃতি ধাৰণ কৰে। ইয়াৰ আকৃতি যদি বাটিৰ দৰে হয় তাক লোপোলিথ বোলে। ভাজবিশিষ্ট পৰ্বতৰ নিম্নভাজ বা উচ্চভাজত সোমাই পৰি যদি ই ঢৌবিশিষ্ট আকৃতি গ্ৰহণ কৰে তেতিয়া তাক ফকোলিথ বোলা হয়। একেবাৰে ভৃ-পৃষ্ঠৰ সমান্তৰাল হিচাপে পাতল বা ডাঠ হৈ বহল ভিত্তিত গোট মাৰিলে তাক শ্বিল বা চিট বোলে।

(iv) ডাইকঃ লাভাবোৰে কেতিয়াবা কেতিয়াবা  খোলাৰ স্তৰবোৰত থকা উলম্বিক ফাটবোৰৰ মাজেৰে সোমাই আহি টান মাৰে আৰু বেৰৰ দৰে থিয় হৈ থাকে। এনেকুৱা গঠনবোৰক ডাইক বোলে। পশ্চিম মহাৰাষ্ট্ৰত সাধাৰণতে এনেকুৱা শিলা দেখা যায়।


(iii) তৰাৰ ধূলি গোটাবলৈ বৈজ্ঞানিসকল ইমান ইচ্ছুক কিয় ? 

উত্তৰঃ

(iv) ক'ৰ পৰা  তৰাৰ ধূলি সংগ্ৰহ কৰা হয় ? 

উত্তৰঃ

Type :  Priyam Jyoti Patar

Answered By : Leena Kakati 

Post ID : DABP006504