সাম্ৰাজ্য | অধ্যায় ৩ | Lesson 3 | Class 11 History Solution Assam | HS 1st Year History Solution | উচ্চতৰ মাধ্যমিক বুৰঞ্জী  ড° অজিত কুমাৰ দত্ত | Higher Secondary First Year History Notes|


অধ্যায় ৩

সাম্ৰাজ্য

অনুশীলনী 

১। অতি চমু উত্তৰ লিখা


(ক) ৰোমান সাম্ৰাজ্যৰ প্ৰধান ভাষা কি আছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্য়ৰ প্ৰধান ভাষা হ'ল লেটিন।


(খ) সম্ৰাট কন্সটেণ্টাইনে কোন শতিকাত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ চতুৰ্থ  শতিকাত।  


(গ) পবিত্ৰ ৰোমান সাম্ৰাজ্য কেতিয়া গঠিত হৈছিল?

উত্তৰঃ নৱম শতিকাত।


(ঘ) ইথিওপিয়াত খ্ৰীষ্টান গীৰ্জা কেতিয়া স্থাপন হৈছিল?

উত্তৰঃ ১২০০ খ্ৰীঃ পূঃত। 


(ঙ) চীনদেশত প্ৰথম ছপা গ্ৰন্থ কেতিয়া প্ৰকাশ হৈছিল?

উত্তৰঃ ৮৫০-৯০০  খ্ৰীঃ পূঃত।


(চ) পেপিৰি লিপি কিহত খোদিত কৰা হৈছিল?

উত্তৰঃ শিলত।


(ছ) ইউফ্ৰেটিছ নদীয়ে কোন দুখত সাম্ৰাজ্যক পৃথক কৰিছিল?

উত্তৰঃ ৰোম আৰু ইৰাণ। 


(জ) ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক বুৰঞ্জীৰ এজন মুখ্য 'খেলুৱৈ'ৰ নাম লিখা।

উত্তৰঃ অক্টাভিয়ান। 


(ঝ) টেচিটাচ কোন আছিল?

উত্তৰঃ টেচিটাচ ৰোমান সাম্ৰাজ্য়ৰ সমসাময়িক বুৰঞ্জীবিদ আছিল। 


(ঞ) আধুনিক আলজেৰিয়াৰ পুৰণি নাম কি আছিল?

উত্তৰঃ 


২। চমু উত্তৰ লিখা ঃ


(ক) তুমি ৰোমান সাম্ৰজ্যত বাস কৰা হলে নগৰ নে গাঁৱত থাকিলাহেঁতেন? ব্যাখ্য কৰা কিয়। 

উত্তৰঃ নগৰত, ইয়াৰ সুবিধা হ'ল - অভাৱৰ সময়ত খাদ্য় দ্ৰব্য় যোগাৰ কৰাটো গাঁৱতকৈ নগৰত সহজ আছিল। নগৰৰ লোকসকলে গাঁৱৰ পৰা যথেষ্ট পৰিমাণৰ খাদ্য় দ্ৰব্য় খেতি চপোৱাৰ সময়তে পিছৰ বছৰৰ বাবে মজুত কৰি ৰাখিছিল।   


(খ) অধ্যায়টোত উল্লেখ কৰা কিছুমান নগৰ, নদী, সাগৰ আৰু প্ৰদেশৰ এখন তালিকা সংকলন কৰা আৰু তাৰ পিছত সিবিলাক মানচিত্ৰত দেখুওৱা। তালিকা খনত অন্তৰ্ভুক্ত যিকোনো তিনিখনৰ বিষয়ে কিছু ব্যাখ্যা দাঙি ধৰিব পাৰিবানে? 

উত্তৰঃ নদীঃ আমাজান ( ব্ৰাজিল), 


(গ) কল্পনা কৰা যে তুমি এগৰাকী ৰোমান গৃহিনী আৰু ঘৰত ব্যৱহাৰৰ বাবে দ্ৰব্যৰ এখন বজাৰ তালিকা প্ৰস্তুত কৰিছা। তালিকাত কোনবোৰ দ্ৰব্য অন্তৰ্ভুক্ত কৰিবা।

উত্তৰঃ এগৰাকী ৰোমান গৃহিনীয়ে ঘৰত ব্য়ৱহাৰ কৰা দ্ৰব্য়ৰ সমূহ হ'ল-

১) ঘেঁহু, আৰু  ২) অলিভ তেল। 


(ঘ) ৰোমান চৰকাৰে কিয় ৰূপৰ মুদ্ৰা তৈয়াৰ বন্ধ কৰিছিল? কোনটো ধাতু মুদ্ৰা তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ৰোমান চৰকাৰে ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা বন্ধ কৰিছিল। কাৰণ চৰকাৰৰ হাতত প্ৰয়োজনীয় পৰিমাণ ৰূপ নাছিল। তেওঁলোকে সোণৰ, মুদ্ৰাৰ তৈয়াৰ কৰিব বাবে ব্য়ৱহাৰ কৰিছিল।  


৩। ৰচনাধৰ্মী প্ৰশ্ন ঃ


(ক) ধৰি লোৱা সম্ৰাট ট্ৰজানে ভাৰত দখল কৰিবলৈ সমৰ্থ হৈছিল আৰু ৰোমানসকলে বহুতো শতিকা ধৰি ইয়াক শাসন কৰিছিল। আজি ভাৰত সেই ক্ষেত্ৰত কিমান বেলেগ হ'লহেঁতেন?

উত্তৰঃ সম্ৰাট ট্ৰজানে ১১৩-১৭ খ্ৰীঃৰ ভিতৰত একমাত্ৰ প্ৰধান সম্প্ৰসাৰণ মূলৰ অভিযানটো চলাইছিল। ইয়াৰ দ্বাৰা ট্ৰজানে ইউফ্ৰেটিছ নদীৰ পাৰৰ অঞ্চল দখল কৰিছিল। কাৰণ তেওঁৰ উত্তৰাধিকাৰী সকলে এই অঞ্চলবোৰ বাদ দিছিল। 

    ৰোমানসকলে পোনপটীয়া শাসন ক্ৰমাৎ সম্প্ৰসাৰণ কৰিছিল।ৰোমৰ আশ্ৰিত সৈন্য় বাহিনীৰে তেওঁলোকে ৰোম সাম্ৰাজ্য়ক সহায় কৰিব লগা হৈছিল। তাৰ বিনিময়ত ৰোমৰ লোকসকলে তেওঁলোকক বৰ্তী থাকিবলৈ ৰক্ষণাবেক্ষণ দিছিল। দ্বিতীয় শতিকাৰ প্ৰথম ভাগলৈ ইউফ্ৰেটিছৰ পশ্চিমদিশ ৰোম সাম্ৰাজ্য়ৰ লগত বিলীন হৈছিল। ৰোমান সাম্ৰাজ্য়ৰ ভূমধ্য়সাগৰৰ পূৱদিশৰ সকলো অঞ্চল, প্ৰধানকৈ পেলেষ্টাইন, চিৰিয়া আৰু মেছোপটেমিয়া প্ৰদেশ। ৰোমান চৰকাৰৰ সহযোগত নিজৰ নিজৰ অঞ্চলবোৰ শাসন কৰিছিল।

 ৰোমান সাম্ৰাজ্য়ক দুটা পৰ্য্য়ায়ত ভাগ কৰা হয়। সেই কেইটা হ'ল পূৰ্বৱৰ্ত্তী আৰু পৰৱৰ্ত্তী পৰ্য্য়ায়। দুয়োখন সাম্ৰাজ্য়ৰ পাৰ্থক্য় হ'ল ইৰাণৰ তুলনাত ৰোমানৰ সাম্ৰাজ্য় সংস্কৃতি অধিক বাৰেবৰণীয়া আছিল। ৰোমান সাম্ৰাজ্য় বিভিন্ন জাতিৰ আৰু ভাষা-সংস্কৃতি লোকেৰে ভৰা আছিল। তেওঁলোকে শাসন পদ্ধতিটোৱে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছিল। তেওঁলোকে লেটিন আৰু গ্ৰীক ভাষাৰ ব্য়ৱহাৰ কৰিছিল। ৰোমান ৰাজনৈতিক বুৰঞ্জীৰ দিশ হ'ল ইটালী আৰু প্ৰদেশ বিলাকৰ মাজৰ ক্ষমতাৰ পৰিৱৰ্তন। ৰোমান সাম্ৰাজ্য় বহুতো অঞ্চলেই ব্য়তিক্ৰমী উৎপাদন ক্ষমতাৰ বাবে বিখ্য়াত আছিল। চিচিলি আৰু বাইজেচিয়ামে ৰোমলৈ বিস্তৰ পৰিমাণ ঘেঁহু ৰপ্তানী কৰিছিল।

    ৰোমৰ কৃষি সম্পৰ্কীয় লেখকসকলে শ্ৰমিক পৰিচালনাৰ বিষয় ওপৰত গুৰুত্ব দিছিল। ৰোমান সাম্ৰাজ্য়ৰ কিছুমান ঔদ্য়োগিক প্ৰতিস্থাপনত শ্ৰমিকক কঠোৰভাৱে শাসন কৰিছিল। ধূপ আৰু ধূনাৰ  বছৱেলীয়া (Frankincense) গছৰ ছালৰ পৰা প্ৰস্তুত কৰা হৈছিল।তৃতীয় শতিকাত সম্ৰাটৰ সঘন পৰিৱৰ্তন ৰোমান সাম্ৰাজ্য়ত সন্মুখীন হোৱা এক সংকেত আছিল। 


(খ) অধ্যায়টো সাৱধানতাৰে পঢ়ি ৰোমান সমাজ আৰু অৰ্থনীতিৰ কিছুমান মৌলিক বৈশিষ্ট্য উলিওৱা, যিবোৰে ইয়াক আধুনিক ৰূপ দিছিল।

উত্তৰঃ ৰোমান সাম্ৰাজ্য় আৰু অৰ্থনীতিৰ কিছুমান মৌলিক বৈশিষ্ট্য় বিষয়ে তলত উল্লেখ কৰা হ'ল 

          ৰোমান সাম্ৰাজ্য় এক আধুনিক বৈশিষ্ট্য় হ'ল ক্ষুদ্ৰতম পৰিয়ালৰ বহুল  বিস্তাৰ। মাক-দেউতাকৰ লগত তেওঁলোকৰ প্ৰাপ্তবয়স্ক পুত্ৰই বসবাস কৰা নাছিল। মালিকৰ লগতে দাসবিলাক বাস কৰিছিল। প্ৰথম শতিকালৈ প্ৰচলিত নিয়মমতে মাক-দেউতাকৰ সা-সম্পতিৰ   তেওঁলোকৰ পুত্ৰ-বোৱাৰীয়ে অধিকাৰ পাইছিল। তেওঁলোকৰ ছোৱালীক বিয়াৰ দিয়া পিছত যৌতুকৰ বস্তু দিছিলে যদিও সেই ছোৱালী জনীয়ে নিজৰ পিতৃৰ-মাতৃ ঘৰত উত্তৰাধিকাৰী হৈ আছিল। তেওঁ পিতৃৰ মৃত্য়ু হোৱাৰ পিছত স্বাধীনভাৱে সম্পতিৰ গৰাকী হৈছিল। বিবাহ বিচ্ছেদ অতি সহজ আছিল। স্বামী স্ত্ৰী দুয়োজনৰে এজনে আইনৰ ওচৰত ঘোষনা কৰিলেই   তেওঁলোকৰ মাজত বিচ্ছেদ হৈছিল।

    মহান আগষ্টাইনে বেছিভাগ সময় উত্তৰ আফ্ৰিকাতে আছিল। তেওঁ উল্লেখ কৰিছিল যে মহান আগষ্টাইনৰ মাকক তেওঁ দেউতাকে শাৰীৰিক অত্য়াচাৰ চলাইছিল। সৰু চহৰ খনৰ প্ৰায়বোৰ মহিলাই অত্য়াচাৰৰ সন্মুখীন হৈ আছিল।   

অৰ্থনৈতিক সম্প্ৰসাৰণ- ৰোমান সাম্ৰাজ্য়ৰ খনি, পাথৰ, কোৱেৰী, অলিভ তেল, আৰু কাৰখানা এইবোৰ বহুত আছিল। এইবোৰে দেশখনৰ অৰ্থনৈতিক শক্তিশালী কৰি তুলিছিল। তেওঁলোকৰ ঘেঁহু, মদ আৰু অলিভ তেল মূখ্য় বাণিজ্য়িক দ্ৰব্য় আছিল। স্পেনিচ অলিভ তেল ১৪০-১৬০ খ্ৰীঃত বাণিজ্য়িক দ্ৰব্য় হিচাপে পাইছিল। 

   ৰোমান সাম্ৰাজ্য়ৰ বহুতো অঞ্চলেই ব্য়তিক্ৰমী উৎপাদন ক্ষমতাৰ বাবে বিখ্য়াত আছিল। চিচিলি আৰু বাইজেচিয়ামে ৰোমলৈ বিস্তৰ পৰিমাণ ঘেঁহু ৰপ্তানী কৰিছিল।স্পেনিচ অলিভ তেল প্ৰধানকৈ দক্ষিণ স্পেইনৰ গোৱাদালকিভিৰ নদীৰ পাৰৰ জলফাই বাৰী (Fundi) পৰা আমদানী কৰা হৈছিল। ৰোমৰ কৃষি সম্পৰ্কীয় লোকসকলে শ্ৰমিক পৰিচালনাৰ ওপৰত গুৰুত্ব দিছিল। কলুমেল্লাই পৰামৰ্শ দিছিল যে মাটি গৰাকী সকলে প্ৰয়োজনত দুগুণ সঁজুলি মজুত কৰি ৰাখিব লাগে  যাতে উৎপাদন কমি নাযায়। 

 ৰোমান সাম্ৰাজ্য়ৰ শেষৰ ফালে তিনিটা শতিকাৰজুৰি ৰূপৰ মূদ্ৰাৰ ব্য়ৱস্থাৰ পৰিবৰ্তন ঘটিছিল। ইয়াৰ কাৰণ হ'ল স্পেইনৰ ৰূপৰ খনি খালি হৈ পৰিছিল। চৰকাৰৰ হাতত প্ৰয়োজনীয় পৰিমান ৰূপ নাছিল। সেই কাৰণে কন্স্টেণ্টাইনে নতুন সোণৰ মুদ্ৰাৰ ব্য়ৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। পৰৱৰ্তী সময়লৈকে সোণৰ মূদ্ৰাৰ ব্য়ৱহাৰ চলি আছিল। 


(গ) প্ৰাচীন কালত ভূমধ্যসাগৰীয়া অঞ্চলত কেনেদৰে শ্ৰমিকক নিয়ন্ত্ৰণ কৰা হৈছিল?

উত্তৰঃ প্ৰাচীন কালত ভূমধ্য়সাগৰীয়া অঞ্চলত কেনে দৰে শ্ৰমিকক নিয়ন্ত্ৰণ কৰিছিল ইয়াৰ বিষয়ে তলত উল্লেখ কৰা হ'ল 

     দাস ব্য়ৱস্থাটোৱে প্ৰাচীন কালত ভূমধ্য়সাগৰীয় অঞ্চল আৰু নিকট প্ৰাচ্য়ত অধিক গভীৰভাৱে সামৰি লৈছিল। চতুৰ্থ শতিকাত খ্ৰীষ্টান ধৰ্ম ৰাজ্য়ধৰ্ম হোৱাৰ পিছটো এই লোকসকলে ফলপ্ৰসূভাৱে প্ৰত্য়াহ্বান জনাব পৰা নাছিল। ইয়াৰ অৰ্থ এইটো নাছিল যে ৰোমৰ অৰ্থ ব্য়ৱস্থাৰ অধিকাংশই দাস সকলৰ শ্ৰমেৰেহে কৰা হৈছিল। অগষ্টাচৰ সময়ত ইটালীৰ মুঠ ৭৫ লাখ লোকৰ ভিতৰত ৩০ লাখে আছিল দাস। দাস বিলাকক ইয়াত বিনিয়োগ বা ব্য়ৱসায় ভিত্তিক ব্য়ৱহাৰ কৰা হৈছিল। এজন ৰোমান কৃষি বিষয়ক লেখকে মাটিদ্দাৰক কৈছিল যে য'ত বহুত দাসৰ প্ৰয়োজন হৈছিল তেওঁলোকৰ স্বাস্থ্য় ধবংস হ'ব পাৰে। (যেনেঃ মেলেৰিয়া) এই ক্ষেত্ৰত দাস বিলাকক কামত লগাব নালাগে। 

নগৰ প্ৰশাসক লুচিয়াচ পেদানিয়াচ চেকেণ্ডাচক তেওঁ এজন ভৃত্য়ই হত্যা কৰিছিল। তেওঁলোকৰ প্ৰাচীন নিয়ম অনুসৰি হত্য়া কৰা পিছত হত্য়াকাৰি জনৰ ঘৰত থকা বাকী সকলো দাসকে মৃত্য়ুদণ্ড দিব লাগে। হত্য়া নকৰা কেইজনক বচাব বাবে ৰাইজে বিদ্ৰোহ আৰম্ভ কৰিলে। চিনেট সভাগৃহৰ ভিতৰত বিদ্ৰোহী সকলৰ বিৰুদ্ধে অধিক কঠোৰ হব নালাগে বুলি কলে যদিও প্ৰাচীন নিয়মৰ কোনো সালসলনি নকৰিবলৈ ঠিক কৰিলে মৃত্য়ুদণ্ড বাহাল থাকিল। 

    শান্তি প্ৰতিষ্ঠাৰ লগে লগে প্ৰথম শতিকাত যুদ্ধ বিগ্ৰহ কমি গৈছিল। সেই সময়তে দাসৰ যোগান হ্ৰাস পাইছিল। হাজিৰা ভিত্তিক শ্ৰমিক নিয়োগ কৰিও পৰিস্থিতিৰ লগত মোকাবিলা কৰিছিল। বেতনভোগী শ্ৰমিক ব্য়ৱহাৰ সহজে তেওঁলোকে ৰাখিব পাৰিছিল।দাস আৰু মুক্তশ্ৰমিকবোৰ উদ্য়োগ তথা ব্য়ৱসায়-বাণিজ্য়ত সোমাই পৰিছিল। ৰোমৰ কৃষি সম্পৰ্কীয় লেখকসকলে শ্ৰমিক পৰিচালনা ওপৰত গুৰুত্ব দিছিল। প্ৰথম শতিকাৰ লেখক কলুমেল্লাৰ দক্ষিণ স্পেইনৰ পৰা আহিছিল। তেওঁ পৰামৰ্শ দিছিল যে মাটিৰ গৰাকী সকলে দুগুণ সঁজুলি মজুত ৰাখিব লাগিব। ইয়াৰ কাৰণ উৎপাদন কমি নাযায়। তদাৰক কৰাৰ সুবিধাৰ বাবে শ্ৰমিকসকলক ভাগ ভাগ কৰি দিছিল। কাৰণ তেওঁলোকে কামৰ ওপৰত গুৰুত্ব দিয়া নাছিল।Natural History ৰ লেখক জ্য়েষ্ঠ প্লিনীয়ে উৎপাদনৰ বাবে দাসৰ দলক ব্য়ৱহাৰ কৰা কাৰ্যৰ ওপৰত বিৰোধিতা কৰিছিল। ধূপ আৰু ধূনাৰ গছৰ ছালৰ পৰা প্ৰস্তত কৰিছিল। 

   দ্বিতীয় শতিকাৰ প্ৰথমাৰ্দ্ধৰ এজন লেখকে কৈছে যে হেজাৰ জন শ্ৰমিকে দাস হিচাপে কাম কৰিবলৈ আত্মসমৰ্পণ কৰে। যদিও তেওঁলোক মুক্ত আছিল। পঞ্চম শতিকাৰ দ্বিতীয়ৰ্দ্ধৰ সম্ৰাট এনাষ্টেচিয়াচ (Anastasius) এ শ্ৰমিকক উচ্চহাৰৰ হাজিৰাৰে আকৰ্ষণ কৰিছিল। 


(ঘ) 'চেংগিজ খাঁ আৰু তেওঁৰ উত্তৰাধিকাৰী সফলৰ মোগল সাম্ৰাজ্যখন কেনেকৈ পশুপালক সকলে একোখন সাম্ৰাজ্য দীৰ্ঘকাল সফলতাৰে বৰ্তাই ৰাখিব পাৰে। তাৰ এক সুন্দৰ উদাহৰণ' 一যুক্তি দৰ্শোৱা।

উত্তৰঃ ১৩ শতিকাত চেংগিজ খাঁ আৰু তেওঁ উত্তৰাধিকাৰি সকলে পশ্চিম এছিয়া, ইউৰোপ, মধ্য় এছিয়া আৰু চীনদেশলৈ অভিযান চলাইছিল। অঞ্চলবোৰত বাণিজ্য়িক সুবিধাই আছিল সাম্ৰাজ্য় প্ৰতিষ্টা আৰু ৰক্ষা সকলো প্ৰচেষ্টাৰ মূল লক্ষ্য়। সাম্ৰাজ্য় বিলাকত বিভিন্ন ধৰণৰ সামৰিক সংগঠন গঢ়ি উঠিছিল। এখন সাম্ৰাজ্য়ৰ কৃতিত্বৰ উত্তৰাধিকাৰী আছিল ইয়াৰ উত্তৰাধিকাৰীজন। 

    সাম্ৰাজ্য়বোৰ বেছি সুস্থিৰ নাছিল। পশুপালক জনজাতিৰ বিলাকৰ মাজত সম্পৰ্কৰ অভাৱ আছিল। উত্তৰ ফালৰ পশুপালক সকলৰ পৰা ৰজা বিলাকে ব্য়ৱসায়-বাণিজ্য়ত সহায় লাভ কৰিছিল। এইবোৰ পশুপালকৰ মাজৰ পৰাই শ্ৰমিক আৰু সৈনিকক মকৰল কৰা হৈছিল। এই সকলো সাম্ৰাজ্য়ই নগৰকেন্দ্ৰীক নাছিল। সময়ৰ লগতে অঞ্চলটোৰ গ্ৰীক, লেটিন, আৰবী আৰু পাৰ্চিয়ান ভাষাৰ নামেৰে জনাজাত হৈছিল। ধৰ্মই এখন বিশাল সাম্ৰাজ্য় প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।নুমিদিয়াত পশুপালক সকলে ভেড়া, ছাগলী আৰু অন্য়ান্য় জন্তুৰ খাদ্য় কাৰণে পৰ্বতৰ পৰা নামনিলৈ অহা-যোৱা কৰিছিল।  

    পশুপালক আৰু অৰ্ধ অঘৰী সম্প্ৰদায়বোৰ সদায় ঘূৰি ফুৰিছিল। উত্তৰ আফ্ৰিকাত ৰোমান বসতি বৃদ্ধি হোৱাত পথাৰ পৰিমাণ কমি গৈছিল। সেই কাৰণে পশুপালক সম্প্ৰদায়বোৰত চাল-চলন সীমিত হৈছিল। স্পেইনৰ উত্তৰ অংশ উন্নতি নাছিল। ইয়াত কেল্টিক ভাষা কোৱা কৃষকে বাস কৰিছিল।    


(ঙ) সম্ৰাট ট্ৰজানৰ সপোন কি আছিল? সপোন সফল হ'লনে?

উত্তৰঃ ৰোমান সাম্ৰাজ্য় দুটা পৰ্য্য়ায়ত ভাগ কৰা হয়। সেই ভাগ দুটা হ'ল পূৰ্বৱত্তী আৰু পৰৱত্তী। সাম্ৰাজ্য়ৰ পূৱফালৰ লোকসকলে কোৱা আৰু লিখা বাবে গ্ৰীক ভাষাৰ ব্য়ৱহাৰ কৰিছিল। আনহাতে পশ্চিম ফালৰ লোকসকলে লেটিন ভাষাৰ ব্য়ৱহাৰ কৰিছিল। এই দুয়োটা ভাষাৰ ভূমধ্য়সাগৰৰ মাজভাগৰ। সাম্ৰাজ্য় ভিতৰত বাস কৰা সকলোৱেই একেজন ৰজাৰ প্ৰজাৰ আছিল। 

    ট্ৰজানে ১১৩-১৭ খ্ৰীঃৰ ভিতৰত প্ৰাৰম্ভিক কালৰ সাম্ৰাজ্য়ৰ একমাত্ৰ প্ৰধান সম্প্ৰসাৰণ মূলক অভিযানটো চলাইছিল। ট্ৰজানৰ উত্তৰাধিকাৰি সকলে সেই অঞ্চলবোৰ বাদ দিলে। ১১৫ খ্ৰীঃত ট্ৰজানে পূৱ দিশৰ দ্বিগ্বীজয়ৰ পিছত ৰোমান সাম্ৰাজ্য়ৰ চৰমতম সম্প্ৰসাৰণ কৰিছিল। সম্ৰাট আৰু চিনেটৰ পিছতে ৰোমত গণতন্ত্ৰৰ মুখ্য়শক্তি আছিল সৈন্য়বাহিনী। পাৰ্চী সৈন্য়বিলাক বাধ্য়তামূলক ভাৱে মকৰল কৰা হৈছিল। চিনেট সকলে সৈনিক সকলক ঘৃণা আৰু ভয় কৰিছিল। তেওঁলোকে কেতিয়া কেনেদৰে সৈনিকক হিংসা কৰিছিল সেই কথা চিনেট সকলে জানিব পৰা নাছিল। 

    সম্ৰাট, অভিজাত আৰু সৈন্য় বাহিনী এই তিনিটাৰ সাম্ৰাজ্য়ৰ প্ৰধান ৰাজনৈতিক খেলুৱৈ আছিল। সম্ৰাটসকলে সৈন্য়বাহিনী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিৰ্ভৰ কৰিছিল। সৈন্য় বাহিনীৰ বিভাজিত হোৱা সময়তে গৃহযুদ্ধৰ আৰম্ভ হৈছিল। ১১৫-১৬ খ্ৰীঃত শীত কালত প্ৰবল ভূমিকম্পৰ হৈছিল। ১১৬ খ্ৰীঃত ট্ৰজানে ইউফ্ৰেটিছ হৈ পাৰ্থিয়ান ৰাজধানী টিচিফ'ন আৰু তাৰ পৰা পাৰস্য় উপসাগৰৰ মূৰলৈ সৈন্য় লৈ আগবাঢ়িছিল। কেছিয়াচ ডিয়ই বৰ্ণনা মতে ট্ৰজানে ভাৰতলৈ যাত্ৰা কৰিছিল এখন সদাগৰী জাহাজ লৈ। তেওঁ সতৃষ্ণ নয়নেৰে চাই কৈছিল তেওঁ যদি আলেকজেণ্ডাৰৰ দৰে ডেকা হ'লহেতেন। ট্ৰজান আলেকজেণ্ডাৰ দৰে ডেকা হোৱা সপোন আছিল। কিন্তু ট্ৰজান সফল হ'ব পৰা নাছিল।    


৪। চমু উত্তৰ লিখা


(ক) নিকট প্ৰাচ্য়

উত্তৰঃ নিকট প্ৰাচ্য়- নিকট প্ৰাচ্য় প্ৰধান ভাষাৰ আছিল আৰামাইক। ভূমধ্য়সাগৰৰ পূৱদিশৰ সকলো অঞ্চল, প্ৰধানকৈ ৰোমান সাম্ৰাজ্য়ৰ চিৰিয়া, পেলেষ্টাইন আৰু মেছোপটেমিয়াৰ প্ৰদেশ। এইবোৰ সাধাৰণতে আৰৱৰ দৰে ইয়াৰ আশে পাশে থকা এলেকাৰ আছিল। 

    ৰোমান সাম্ৰাজ্য় সকলো অঞ্চলেই প্ৰদেশ হিচাপে গণ্য় কৰা হৈছিল। নিকট প্ৰাচ্য়ত বহুটো ৰাজ্য়ই ভৰি আছিল। সেইবোৰ আছিল স্থানীয় ৰাজ্য়: ৰোমৰ আশ্ৰিত সৈন্য় বাহিনীৰে তেওঁলোকৰ ৰোম সাম্ৰাজ্য়ক সহায় কৰিব লগা হৈছিল। ভূমধ্য়সাগৰৰ পাৰৰ প্ৰধান নগৰীয়া অঞ্চলবোৰেই আছিল সাম্ৰাজ্য়বাদী ব্য়ৱস্থাৰ প্ৰকৃত মূলভেটি। এইবোৰ নগৰ যোগেদিৰ 'চৰকাৰে' ভিতৰুৱা প্ৰাদেশিক অঞ্চলবোৰৰ পৰা কৰ সংগ্ৰহ কৰিছিল। বেছিভাগ সম্পদেই এই গ্ৰামাঞ্চলৰ পৰা আহিছিল। ৰোমান ৰাজনৈতিক বুৰঞ্জী এক আমোদজনক দিশ আছিল ইটালী আৰু প্ৰদেশ। দ্বিতীয় আৰু তৃতীয় শতিকাত এই প্ৰাদেশিক উচ্চ শ্ৰেণী লোকসকলে চৰকাৰী বিষয় লাভ কৰিছিল।

     ৰোম সাম্ৰাজ্য়ত ইটালী ক্ৰমাৎ ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাৱে গুৰুত্বহীন হৈ পৰিছিল। ভূমধ্য়সাগৰীয় অঞ্চলবোৰত একশ্ৰেণী সম্ভ্ৰান্ত লোকৰ উত্থান ঘটিছিল। ৰোমান অৰ্থত নগৰ হ'ল এক নগৰীয়া কেন্দ্ৰ। দাস ব্য়ৱস্থাটোৱে প্ৰাচীন কালত ভূমধ্য়সাগৰীয় অঞ্চল আৰু নিকট প্ৰাচ্য়ত অধিক গুৰুত্ব দিছিল। 


 (খ) তৃতীয় শতিকাৰ সংকট 

উত্তৰঃ তৃতীয় শতিকাৰ সংকট- তৃতীয় শতিকাৰ আভ্য়ন্তৰীণ বিবাদৰ সময় আছিল। ২৩০ দশকৰ পৰা ৰোমান সাম্ৰাজ্য়ত একে সময়তে বিভিন্ন সমস্য়াই দেখা দিছিল। ইৰাণত ২২৫ খ্ৰীঃত নতুন আৰু অধিক ৰাজবংশৰ আৱিৰ্ভাৱ হৈছিল। ইৰাণৰ লোকসকলে নিজকে চাচানিয়ান বুলি কৈছিল। তিনিটা ভাষাত খোদিত এটা বিখ্য়াত শিলালিপি আছিল। সেই ঠাইতে ইৰাণী শাসক প্ৰথম চাপোৰে কৈছিল যে তেওঁ ৬০,০০০ সৈন্য়ৰ এক ৰোমান বাহিনীক ধবংস কৰিছিল। 

    ৰোমৰ পূৱ ৰাজধানী এণ্টিঅ'ক দখল কৰিছিল। ২৩৩ আৰু ২৮০ ভিতৰৰ সময়ছোৱাত কৃষ্ণ সাগৰৰ পৰা আল্পচ আৰু দক্ষিণ জাৰ্মানীলৈকে এই সকলোবোৰ অঞ্চলৰ আক্ৰমণৰ মন্মুখীন হৈছিল। সম্ৰাট সকলে 'বিদেশী বৰ্বৰ বুলি কোৱা লোকসকলৰ বিৰদ্ধে যুদ্ধ অব্য়াহতৰ ৰাখিছিল। তৃতীয় শতিকাৰ সম্ৰাটৰ সঘন পৰিৱৰ্তন হয়। এই সময়তে ৰোমান সাম্ৰাজ্য়ই সন্মুখীন হোৱা সংকটৰ এক সংকেত আছিল। 


(গ) পবিত্ৰ ৰোমান সাম্ৰাজ্য

উত্তৰঃ পবিত্ৰ ৰোমান সাম্ৰাজ্য় - ৰোমান সাম্ৰাজ্য় আছিল সমগ্ৰ ইউৰোপ আৰু অৰ্ধচন্দ্ৰাকাৰ অঞ্চল। ই পশ্চিম এছিয়া পৰা উত্তৰ আফ্ৰিকাৰ বহুটো অঞ্চল ৰোমান সামাজ্য়ৰ খনে সামৰি লৈছিল। ৰোমান সাম্ৰাজ্য় প্ৰধান ভাষা আছিল লেটিন (ৰোমৰ ভাষা)। খ্ৰীষ্টীয় নৱম শতিকাত খ্ৰীষ্টান গীৰ্জাৰ চেষ্টাত পবিত্ৰ ৰোমান সাম্ৰাজ্য় গঠন হৈছিল।  ১৫ শতিকাৰ মাজত পূৰ্বৰোমান সাম্ৰাজ্য়ৰ সকলো ভূমিয়েই আৰব সাম্ৰাজ্য়ই গ্ৰাস কৰে। এই সাম্ৰাজ্য় হজৰত মহম্মদৰ শিষ্য় সকলে প্ৰতিষ্ঠা কৰিছিল।

    সাম্ৰাজ্য় প্ৰতিষ্টা সকলো প্ৰচেষ্টাই আছিল এই আঞ্চলবোৰত থকা বাণিজ্যিক সুবিধা। তেওঁলোকে ভাৰত আৰু চীনৰ দৰে অঞ্চলৰ লগত সম্পৰ্কৰ ৰখা সুবিধা গ্ৰহণ কৰা।এখন সাম্ৰাজ্য়ৰ কৃতিত্বৰ উত্তৰাধিকাৰী হয় ইয়াৰ উত্তৰাধিকাৰীজন। সময়ৰ গতিত অঞ্চলটো গ্ৰীক, লেটিন, পাৰ্চিয়ান, আৰু আৰবী ভাষা নামেৰে জনা যায়।সাম্ৰাজ্য়বোৰ বেছি সুস্থিৰ নাছিল। সাম্ৰাজ্য় ধবংসৰ কাৰণ হ'ল সাম্ৰাজ্য় আৰু পশুপালক জনজাতি বিলাকৰ মাজত সু-সম্পৰ্কৰ অভাৱ। উত্তৰ ফালৰ পশুপালকৰ পৰাই ৰজা বিলাকে ব্য়ৱসায়- বাণিজ্য়ৰ বাবে সহায় লাভ কৰিছিল। সকলো সাম্ৰাজ্য় নগৰকেন্দ্ৰীক আছিল।  

    ৰোমান সাম্ৰাজ্য় পৰ্য্য়ায়ত দুটা আৰু সেই কেইটা হ'ল পূৰ্বৱত্তী আৰু পৰৱৰ্ত্তী। ৰোমান সাম্ৰাজ্য় বিভিন্ন ভাষা-সংস্কৃতি আৰু জাতিৰ ব্য়ক্তিয়ে ভৰা আছিল। ৬৩০ খ্ৰীঃত সাম্ৰাজ্য় দুখন আছিল আৰু সেই সাম্ৰাজ্য় দুখন হ'ল- ৰোম আৰু ইৰাণ। ৰোমান আৰু ইৰাণিয়ান সকলে আধিপত্য় বিস্তাৰৰ বাবে ইখনে সিখনৰ বিৰুদ্ধে অস্ত্ৰৰ হাতত লৈছিল। সেই সাম্ৰাজ্য় দুখন ওচৰা- উচৰিকৈ আছিল। সাম্ৰাজ্য়খনত বহুতো ভাষাৰ লোক আছিল। প্ৰশাসনিকৰ ক্ষেত্ৰত লেটিন আৰু গ্ৰীক ভাষাৰ ব্য়ৱহাৰ কৰা হৈছিল। পূৱফালৰ লোকসকলৰ লিখাৰ আৰু কোৱাত গ্ৰীক ভাষাৰ ব্য়ৱহাৰ কৰিছিল, আনহাতে  পশ্চিম বাসিন্দাৰসকলে লেটিন ভাষাৰ কৈছিল। সাম্ৰাজ্য়ৰ ভিতৰত বাস কৰা সকলোৱেই একেজন ৰজাৰে প্ৰজাৰ আছিল।  


Question type Nayan jyoti Deka 

Answer type Ali rani Kakati 


Important Question Answer


১) ৰোমান সাম্ৰাজ্যৰ প্ৰধান ভাষা কি আছিল ।

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ প্ৰধান ভাষা আছিল লেটিনভাষা । 


২) কেতিয়া আৰু কিমান খ্ৰীঃত সম্ৰাট কনষ্টেনটাইনে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল ।

উত্তৰঃ খ্ৰীষ্টীয় চতুৰ্থ শতিকাত কনষ্টেনটাইনে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল । 


৩। কোনে কেতিয়া ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল । 

উত্তৰঃ খ্ৰীষ্টাব্দ সপ্তম শতিকাত হজৰত মহম্মদে ইছলাম ধৰ্ম প্ৰৱৰ্তন  কৰিছিল । 


৪) কিমান খ্ৰীঃত দেমাচকাচ বৃহ মছজিদৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয় । 

উত্তৰঃ  ৭১৪ খ্ৰীঃত দেমাচকাচৰ  বৃহৎ, মচজিদৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয় । 


৫) ৰোমান সাম্ৰাজ্য ধ্বংস হোৱাৰ এটা কাৰণ লিখা ।

উত্তৰঃ ৰোমান সাম্ৰাজ্য ধ্বংস হোৱাৰ এটা কাৰণ হল সাম্ৰাজ্য আৰু পশুপালক জনজাতিবিলাকৰ মাজত সু-সম্পৰ্কৰ অভাৱ । 


৬) ৰোমানসকলৰ ঐতিহাসিক সমলক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ ৰোমানসকলৰ ঐতিহাসিক সমলক তিনিটা ভাগত ভগাব পাৰি যেনে 

ক)  পুথি ।

খ) নথি । 

গ) ভগ্নাৱশেষ আদি অন্যান্য ঐতিহাসিক সামগ্ৰী । 


৭) ৰোমান সাম্ৰাজ্যৰ নগৰীয়া জীৱনৰ উল্লেখনীয় বৈশিষ্ট্য এটা লিখা ।

উত্তৰঃ  ৰোমান সাম্ৰাজ্যৰ নগৰীয়া জীৱনৰ উল্লেখনীয় বৈশিষ্ট্য এটা হল ৰাজহুৱা স্নানাগাৰ । 


৮) খ্ৰীষ্টানকৰণ কি । 

উত্তৰঃ  খ্ৰীষ্টানকৰণ হল বিভিন্ন জনগোষ্ঠীৰ মাজত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰক্ৰিয়া ।


৯) জুলিয়াছ ছিজাৰৰ পুত্ৰৰ নাম কি আছিল ।

উত্তৰঃ  জুলিয়াছ ছিজাৰৰ পুত্ৰৰ নাম আছিল অক্টোভিয়ান ।


১০) আধুনিক আলজেৰিয়াৰ পুৰণি নাম কি আছিল ।

উত্তৰঃ আধুনিক আলজেৰিয়াৰ পুৰণি নাম আছিল নুমিদিয়া । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Answer type  Ali rani Kakati