Lesson: 9
সংবিধান এখন জীৱন্ত দলিল


*ৰচনাধৰ্মী প্ৰশ্ন:
১।সংবিধানক কিয় এখন জীৱন্ত দলিল বোলা হয়।বহলাই লিখা।
উত্তৰ: সংবিধান হ'ল ৰাষ্ট্ৰৰ  মৌলিক আৰু সৰ্বোচ্চ আইনস্বৰূপ,সংবিধান পৰিৱৰ্তনীয় আৰু ক্ৰমবৰ্ধনশীল।সময়ৰ গতিৰ লগত খাপ খুৱাই সংবিধানবোৰ পৰিৱৰ্তন কৰা হয়।সংবিধানৰ কোনো অপ্ৰয়োজনীয় অংশ বাদ দিয়া হ'লেও নতুন কথা সংযোজন ফলত ইয়াৰ কলেৱৰ বৃদ্ধি হৈ থাকে।সংবিধান এখন ৰচনা কৰোঁতে ভালেমান ৰৈ যাব পাৰে,কেতিয়াবা বিশেষ পৰিস্থিতিৰ বাবে সংবিধানত সন্নিৱিষ্ট কৰিবলগীয়া কিছুমান অংশ বাদ দিবলগীয়া হ'ব পাৰে,আকৌ কেতিয়াবা সংবিধানত লিপিবদ্ধ থকা কিছু অংশ সময়ৰ পৰিৱৰ্তনৰ ফলত বাদ দিবলগীয়া হয়।উদাহৰণস্বৰূপে ভাৰতীয়  সংবিধানৰ মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ বিলোপ ঘটোৱা হৈছে,নাইবা কোনো অংশ নতুনকৈ সংযোজন কৰাৰ আৱশ্যক হ'ব পাৰে,নাইবা কোনো অংশৰ সামান্য পৰিৱৰ্তনৰ আৱশ্যক হ'ব পাৰে।প্ৰতিখন ৰাষ্ট্ৰৰ সংবিধানৰ ক্ষেত্ৰত এনে ধৰণৰ পৰিৱৰ্তন সাধিত হৈ থকা দেখা যায়।সংবিধান যিহেতুকে জীৱিত বস্তুৰ নিচিনা পৰিৱৰ্তশীল আৰু ক্ৰমবৰ্ধমান,সেইবাবে সংবিধানক এখন জীৱন্ত দলিল বোলা হয়।

২। ভাৰতৰ সংবিধানৰ সংশোধনী পদ্ধতিটো বৰ্ণনা কৰা। 
উত্তৰ: ভাৰতৰ সংবিধানৰ সংশোধন পদ্ধতি সংবিধানৰ বিংশতিতম অংশৰ ৩৬৮ নং অনুচ্ছেদত বৰ্ণিত আছে।অৱশ্যে,সংবিধানৰ ৩৬৮ নং অনুচ্ছেদত বৰ্ণিত পদ্ধতিৰ বাহিৰেও কেতবোৰ অনুচ্ছেদ সাধাৰণ আইন প্ৰণয়ন কৰা পদ্ধতিৰ জৰিয়তেও সংশোধন সাধিত হ'ব পাৰে।ভাৰতৰ ভাৰতৰ সংবিধানৰ সংশোধন ব্যৱস্থাক ৩৬৮ নং অনুচ্ছেদৰ অন্তৰ্ভূক্ত আৰু ৩৬৮ নং অনুচ্ছেদৰ বহিৰ্ভূতএই দুটা প্ৰধান শ্ৰেণীত বিভক্ত কৰিব পাৰি ।অৱশ্যে,৩৬৮ নং অনুচ্ছেদত দুই ধৰণৰ প্ৰক্ৰিয়া সন্নিবিষ্ট থকা হেতুকে সংবিধান সংশোধনৰ বাবে মুঠতে তিনিটা পদ্ধতি অৱলম্বন কৰা হয়।যেনে:

১।নমনীয় পদ্ধতি: ভাৰতৰ সংবিধানৰ কিছুমান অনুচ্ছেদ সাধাৰণ আইন প্ৰণয়ন প্ৰক্ৰিয়া অনুসৰি সংশোধন কৰা হয়।এনে ধৰণৰ সংবিধানৰ সংশোধন কৰিবলৈ হ'লে সংসদৰ যিকোনো এটা সদনত সংশোধনী বিধেয়কখন উত্থাপন কৰিব পাৰি।সংসদৰ যিটো সদনত বিধেয়কখন উত্থাপিত হয়,সেই সদনত উপস্থিত থাকি ভোটদান কৰা সদস্যসকলৰ গৰিষ্ঠসংখ্যক সদস্যৰ সমৰ্থন লাভ কৰাৰ পিছত বিধেয়কখন আনখন সদনেও একে প্ৰক্ৰিয়াৰে অনুমোদন জনালে ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়।ৰাষ্ট্ৰপতিয়ে সংশোধনী বিধেয়কখনত সন্মতি প্ৰদান কৰিলে বিধেয়কখন সংশোধনী আইনত পৰিণত হয়।

২।নমনীয় আৰু অনমনীয়ৰ মিশ্ৰণ পদ্ধতি : ভাৰতীয় সংবিধান সংশোধনৰ দ্বিতীয় পদ্ধতিটো সংবিধানৰ ৩৬৮ নং অনুচ্ছেদত বৰ্ণিত আছে।এই পদ্ধতি অনুসৰি সংবিধান সংশোধনী বিধেয়কখন সংসদৰ যিকোনো এখন সদনত উত্থাপন কৰিব পৰা যায়।সংসদৰ যিখন সদনত বিধেয়কখন উত্থাপিত হয়,সেইখন সদনৰ মুঠ সদস্যৰ গৰিষ্ঠসংখ্যক আৰু উপস্থিত থাকি ভোটদানকাৰী সদস্যসকলৰ কমেও দুই-তৃতীয়াংশৰ সমৰ্থনত গৃহীত হোৱাৰ পিছত আনখন সদনেও একে পদ্ধতিৰে গৃহীত কৰিব লাগে।এনেদৰে উভয় সদনৰ দ্বাৰা অনুমোদিত হোৱাৰ পিছত বিধেয়কখন ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়।ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলে সংশোধন কাৰ্য সম্পূৰ্ণ হোৱা বুলি গণ্য কৰা হয়।ভাৰতীয় সংবিধানৰ সৰহভাগ অনুচ্ছেদ এই পদ্ধতি অনুসৰি সংশোধন কৰা হয়।এই পদ্ধতিটো যিহেতুকে কিঞ্চিৎ নমনীয় আৰু কিঞ্চিৎ অনমনীয় ,সেইবাবে এই পদ্ধতিটোক নমনীয় আৰু অনমনীয়ৰ মিশ্ৰিত পদ্ধতি বুলি ক'ব পাৰি।

৩।দৃঢ় বা অনমনীয় পদ্ধতি : ভাৰতীয় সংবিধান সংশোধনৰ তৃতীয় পদ্ধতিটো সংবিধানৰ ৩৬৮ নং অনুচ্ছেদত বিধিবদ্ধ কৰা আছে।এই পদ্ধতিটো দ্বিতীয় পদ্ধতিৰ সৈতে প্ৰায় একে ধৰণৰ ।মাত্ৰ ইয়াত আধাসংখ্যক ৰাজ্যিক বিধানমণ্ডলৰ সন্মতিৰ প্ৰয়োজন হয়।তৃতীয় পদ্ধতি অনুসৰি সংবিধান সংশোধনী বিধেয়ক সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পৰা যায়।এই পদ্ধতি অনুসৰি সংসদৰ প্ৰতিখন সদনৰ মুঠ -সদস্যৰ গৰিষ্ঠসংখ্যক আৰু উপস্থিত থাকি ভোট দিয়া সদস্যসকলৰ কমেও দুই-তৃতীয়াংশৰ সমৰ্থনত বিধেয়কখন গৃহীত হোৱাৰ পিছত অংগ ৰাজ্যসমূহলৈ পঠিওৱা হয়।অংগ ৰাজ্যসমূহৰ অতি কমেও আধাসংখ্যক বিধানমণ্ডলৰ দ্বাৰা বিধেয়কখন সমৰ্থিত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলেই,ই নিয়ম অনুসৰি সংশোধিত হোৱা বুলি ধৰা হয়।


৩।ভাৰতীয়  সংবিধান সংশোধনৰ ক্ষেত্ৰত পুনৰ বিতৰ্কৰ মাজত সোমাই পৰা তিনিখন বিধায়কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ভাৰতীয়  সংবিধান সংশোধনৰ ক্ষেত্ৰত পুনৰ বিতৰ্কৰ মাজত সোমাই পৰা তিনিখন বিধায়ক হ'লঃ ৩৮ তম,৩৯ তম আৰু ৪২ তম সংশোধনী।

(ক) ৩৮তম সংশোধনী:  ১৯৭৫ চনৰ ৩৮তম সংবিধান সংশোধনী আইনৰ দ্বাৰা ১২৩,২১৩,২৩৯B,৩৫২,৩৫৬,৩৫৯ আৰু ৩৬০ অনুচ্ছেদৰ সংশোধন কৰা হৈছিল।সেই অনুসৰি,সংসদ নাইবা বিধান মণ্ডলৰ অধিবেশন চলি থকা সময়ত ৰাষ্ট্ৰপতি নাইবা ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকৰ হাতত অধ্যাদেশ জাৰি কৰাৰৰ ক্ষমতা অৰ্পণ কৰা হৈছিল ,তেনে অধ্যাদেশ আদালতৰ সমীক্ষাৰ বহিৰ্ভূত কৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু জৰুৰীকালীন সময়ছোৱাত নাগৰিকৰ অধিকাৰ খৰ্ব কৰি প্ৰণয়ন কৰা আইনৰ বিৰুদ্ধে আদালতৰ আশ্ৰয় গ্ৰহণ কৰিব পৰা ব্যৱস্থা ৰহিত কৰা হৈছিল;লগতে তেনে ব্যৱস্থা জৰুৰীকালীন অৱস্থা চলি থকা পৰ্যন্তহে বলবৎ থাকিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধি কৰি স্বৈৰতন্ত্ৰী শাসন চলোৱাৰ ব্যৱস্থা কৰিছিল।ইয়াৰ ফলশ্ৰুতিত এই আইনখন গ্ৰহণ কৰাৰ সময়ত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল।

(খ) ১৯৭৫ চনত ৩৯ তম সংবিধান সংশোধনী আইনখনো বিতৰ্কৰ মাজত সোমাই পৰিছিল।এই আইন অনুসৰি ৭১ অনুচ্ছেদটোৰ সংশোধন আৰু ৩২৯ A অনুচ্ছেদৰ অন্তৰ্ভূক্তি ঘটোৱা হৈছিল।এই আইন অনুসৰি ৰাষ্ট্ৰপতি ,উপ-ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন সম্পৰ্কীয় বিচাৰ ন্যায়পালিকাৰ আওতাৰ পৰা আঁতৰ কৰা হৈছিল।এনেবোৰ নিৰ্বাচন সম্পৰ্কীয় বিচিৰ সংসদে নিৰ্ধাৰণ কৰি দিয়া প্ৰাধিকাৰীয়ে মীমাংসা কৰিব।এই আইনখনৰ জৰিয়তে ন্যায়লয়ৰ ক্ষমতা হ্ৰাস তথা প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন সম্পৰ্কীয় বিচাৰ ন্যায়পালিকাৰ আওতাৰ পৰা আঁতৰ কৰি সংসদে নিৰ্ধাৰণ কৰি দিয়া প্ৰাধিকাৰীৰ ওপৰত অৰ্পণ কৰাত সকলোৰে মনত উচিত বিচাৰ পোৱাৰ ক্ষেত্ৰত সন্দেহ জন্মিছিল।
 
(গ) আন এখন বিতৰ্কমূলক আইন হ'ল ১৯৭৬ চনৰ  ৪২তম সংবিধান সংশোধনী আইন।এই সংশোধনীত আইনখনত ৫৯ টা দফা আছিল।কেইটামান বিতৰ্কমূলক দফা তলত উল্লেখ কৰা হ'লঃ

১। মৌলিক অধিকাৰতকৈ নিৰ্দেশাত্মক নীতিৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হৈছিল।ইয়াৰ জৰিয়তে জনসাধাৰণৰ মৌলিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব বিচৰা বুলি সমালোচকসকলে মত পোষণ কৰিছিল।
২। জাতীয় স্বাৰ্থবিৰোধী কাৰ্যকলাপ বন্ধ কৰাৰ উদ্দেশ্যে আৱশ্যকীয় আইন প্ৰণয়ন কৰাৰ বাবে সংসদৰ ওপৰত কৰ্তৃত্ব আৰোপ কৰা হৈছিল। এই দফাটোও বিতৰ্কৰ মাজত সোমাই পৰিছিল ।কাৰণ ইয়াৰ জৰিয়তে চৰকাৰে মাৰাত্মক আইন ৰচনা কৰি বিৰোধী দলসমূহক অযথা হাৰাশাস্তি দিয়াৰ সম্ভাৱনা আছিল।


৪।গণতান্ত্ৰিক কৰ্ম পদ্ধতিয়ে ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত পৰা প্ৰভাৱবোৰ বৰ্ণনা কৰা। 
উত্তৰ: গণতান্ত্ৰিক কৰ্ম পদ্ধতিয়ে ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলাইছে।কাৰণ ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষ যাতে প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হয় তাৰ বাবে গণতন্ত্ৰৰ মূল কৰ্ম পদ্ধতিসমূহ সংবিধানত লিপিবদ্ধ কৰিছে।গণতান্ত্ৰিক পদ্ধতিৰ মূল বিষয়বস্তু হ'ল জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ ব্যৱস্থা প্ৰতিষ্ঠা কৰা।ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষত সংসদীয় গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে।এই ব্যৱস্থা অনুসৰি কেন্দ্ৰীয় সংসদৰ নিম্নসদন অৰ্থাৎ লোকসভা আৰু ৰাজ্যিক বিধানসভাত জনসাধাৰণে নিৰ্বাচিত কৰা প্ৰতিনিধিসকলৰ জৰিয়তে মন্ত্ৰীপৰিষদ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে।ইয়াৰ ফলশ্ৰুতিত মন্ত্ৰীপৰিষদখন সম্পূৰ্ণৰূপে জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে।মন্ত্ৰীপৰিষদে জনহিতকৰ কাৰ্য নকৰিলে পিছৰ নিৰ্বাচনত জনসাধাৰণে তেওঁলোকক প্ৰত্যাখান কৰি আন দলক শাসনৰ দায়িত্ব দিয়াৰ ক্ষমতা জনসাধাৰণৰ ওপৰত ন্যস্ত কৰা হৈছে।ভাৰতবৰ্ষ যাতে অধিক গণতান্ত্ৰিক হয় তাৰ বাবে ৰাষ্ট্ৰপতিজনক বংশানুক্ৰমে নিয়োগ কৰা পৰিৱৰ্তে নিৰ্বাচনৰ জৰিয়তে নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে।গণতান্ত্ৰিক কৰ্ম পদ্ধতিৰ জৰিয়তে যাতে ভাৰতবৰ্ষৰ সংবিধানখন অধিক গণতান্ত্ৰিক সংবিধানত পৰিণত কৰিব পাৰি তাৰ বাবে ভাৰতবৰ্ষৰ সংবিধানখন বিভিন্ন সময়ত সংশোধন কৰা হৈছে।

৫।ভাৰতীয়  সংবিধান সংশোধন পদ্ধতিৰ যিকোনো চাৰিটা আসোঁৱাহ আঙুলিয়াই দিয়া। 
উত্তৰ: ভাৰতীয়  সংবিধান সংশোধন পদ্ধতিৰ যিকোনো চাৰিটা আসোঁৱাহ  হ'লঃ
১। ভাৰতীয়  সংবিধান সংশোধন পদ্ধতি যেনেকৈ নমনীয় ঠিক তেনেকৈ অনমনীয় পদ্ধতি।
২। ভাৰতীয়  সংবিধান সংশোধন পদ্ধতিত সংশোধনী প্ৰক্ৰিয়াৰ  প্ৰায় সকলো ক্ষমতা সংসদৰ হাতত।
৩। সংবিধান সংশোধনী বিধেয়ক সন্দৰ্ভত কোনোধৰণৰ  বিতৰ্ক হোৱাৰ আশংকা থাকিলে এই পদ্ধতিত উভয় সদনৰ যুটীয়া আলোচনা হোৱাৰ কোনো নিয়ম নাই।
৪। সংবিধান সংশোধনী পদ্ধতিত বিশেষ সংখ্যাগৰিষ্ঠৰ বাহিৰে বাকী পদ্ধতি সাধাৰণ বিধেয়কৰ সৈতে একেই।

*চমু উত্তৰৰ প্ৰশ্ন:
১।সংবিধানৰ ৭৩ তম সংশোধনৰ তিনিটা দফা উল্লেখ কৰা। 
উত্তৰ: সংবিধানৰ ৭৩ তম সংশোধনৰ তিনিটা দফা তলত উল্লেখ কৰা হ'লঃ
ক) এই সংশোধন অনুসৰি পঞ্চায়তীৰাজ ব্যৱস্থাই সাংবিধানিক মৰ্যদা লাভ কৰিছিল।
খ) ১৬ টা অনুচ্ছেদযুক্ত ৯ ম অংশটো আৰু একাদশ অনুসূচীটো নতুনকৈ সংবিধানত সন্নিবিষ্ট কৰা হৈছিল।
গ) ৯ ম অংশৰ অনুচ্ছেদবোৰত পঞ্চায়ত ব্যৱস্থাৰ গঠন,নিৰ্বাচন,পদাবধি,আদিৰ বিষয়ে ব্যৱস্থা কৰা হৈছিল আৰু নতুন অনুসূচীটোত পঞ্চায়তৰ হাতত দিব লগা ২৯ টা বিষয় অন্তৰ্ভূক্ত কৰা হৈছিল।

২। সংবিধানৰ ৯১  তম সংশোধনৰ বিষয়ে লিখা।
উত্তৰ: সংবিধানৰ ৯১  তম সংশোধনী আইন ২০০৩,এই আইনখনে কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীপৰিষদ আকাৰৰ সীমাবদ্ধতা কৰিছে।এই আইনখনে সাংসদ বা বিধায়কে দলত্যাগ কৰিলে তেওঁলোকৰ সাংসদ বা বিধানসভাৰ সদস্যপদ বাতিল কৰাৰ ব্যৱস্থা কৰিছে।

৩। কোনসকল ভাৰতৰ সংবিধান সংশোধনৰ লগত জড়িত       
*ভোটাৰ । 
*ভাৰতৰ ৰাষ্ট্ৰপতি।
*ৰাজ্যিক বিধানমণ্ডল । 
*সংসদ
*ন্যায়পালিকা।
উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰপতি,ৰাজ্যিক বিধানমণ্ডল,সংসদ

*অতি চমু উত্তৰৰ প্ৰশ্ন:

১।তলত উল্লেখ কৰা উক্তিবোৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

সংবিধান এখন সময়ে সময়ে পৰিৱৰ্তন কৰিবলগীয়া হয়;কাৰণঃ

*পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে সংবিধানৰ সংশোধনৰ প্ৰয়োজন হয়। 

*এটা সময়ত ৰচিত এখন দলিল কিছু বছৰ পিছত অপ্ৰচলিত হয়। 

*প্ৰত্যেক প্ৰজন্ম বা পীৰি(generation)ৰ ৰুচি অনুসৰি?সংবিধান থকা উচিত।
*ই চলিত চৰকাৰৰ দৰ্শন প্ৰতিফলিত কৰে। 
উত্তৰ: পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে সংবিধানৰ সংশোধনৰ প্ৰয়োজন হয়।

২।তলৰ উক্তিৰ বিপৰীতে শুদ্ধ বা অশুদ্ধ লিখা।

*ৰাষ্ট্ৰপতিয়ে সংবিধান সংশোধনী বিধেয়ক পুনৰ বিবেচনাৰ বাবে সংসদলৈ ঘূৰাই পঠিয়াব নোৱাৰে। 
উত্তৰ: অশুদ্ধ।

*সংবিধান সংশোধনৰ ক্ষেত্ৰত কেৱল নিৰ্বাচিত প্ৰতিনিধিসকলৰহে ক্ষমতা আছে।
উত্তৰ: অশুদ্ধ।

*ন্যায়পালিকাই সংবিধান সংশোধনত আগভাগ ল'ব নোৱাৰে,কিন্তু সংবিধানৰ বেলেগ বেলেগ ধৰণৰ ব্যাখ্যা কৰি পৰিৱৰ্তন আনিব পাৰে। 
উত্তৰ: শুদ্ধ।

*সংসদে সংবিধানৰ যিকোনো ধাৰা সংশোধন কৰিব পাৰে। 
উত্তৰ: শুদ্ধ।

৩।সংবিধানৰ ৪২ তম সংশোধনটো হ'ল আটাইতকৈ বেছি বিতৰ্কমূলক।তলত উল্লেখ কৰা কোনবোৰ বিতৰ্কমূলক কাৰণ?

*এইটো জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত কৰা হৈছিল। 
*বিশেষ সংখ্যাগৰিষ্ঠতাৰ সমৰ্থন নোহোৱাকৈ এই সংশোধনটো কৰা হৈছিল। 
*ৰাজ্যৰ বিধানসভাৰ অনুমোদন নোহোৱাকৈ এইটো কৰা হৈছিল। 
*ইয়াত সন্নিবিষ্ট কৰা বিষয়সমূহ বিতৰ্কমূলক আছিল। 

উত্তৰ: ইয়াত সন্নিবিষ্ট কৰা বিষয়সমূহ বিতৰ্কমূলক আছিল।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)











Answer by: Chandana Sarkar (M.A in Political Science)



Post ID : DABP006222