পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ | অধ্যায় ২ | Lesson ২ | Class 11 Geography Solution Assam |  Class 11 Geography Question and Answer Assamese Medium | Class 11 Geography Suggestion | Class 11 Geography Question and Answer | Class 11 Geography | Class 11 Geography Free Question and Answer Notes |  প্ৰাকৃতিক ভূগোলৰ বুনিয়াদ | উচ্চতৰ মাধ্যমিক প্ৰাকৃতিক ভূগোলৰ বুনিয়াদৰ প্ৰশ্ন আৰু উত্তৰ | উচ্চতৰ মাধ্যমিক প্ৰাকৃতিক ভূগোলৰ বুনিয়াদ কিতাপৰ পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ পাঠটো প্ৰশ্ন আৰু উত্তৰ |


পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ 

অনুশীৱন -

১। বিবিধ পচন্দৰ প্ৰশ্নাৱালী 

(i) তলত দিয়াবোৰৰ কোনটো পৃথিৱীৰ সঠিক বয়স ? 

(ক) ৪.৬ নিযুত বছৰ  (গ) ৪.৬ বিলিয়ন বছৰ 

(খ) ১৩.৭ বিলিয়ন বছৰ  (ঘ) ১৩.৭ ট্ৰাইলি

উত্তৰঃ (ক) ৪.৬ নিযুত বছৰ


(ii) তলত দিয়াকেইটাৰ কোনটো আটাইতকৈ দীঘল সময়ৰ ?

(ক) ইয়নচ (Eons)  (গ) ইৰা (Era) 

(খ) পেৰিয়দ (period)  (ঘ) এপোক (Epoch) 

উত্তৰঃ (ক) ইয়নচ (Eons)।


(iii) তলত দিয়াবোৰৰ কোনটো বৰ্তমানৰ বায়ুমণ্ডল গঠন বা সলনি হোৱাৰ লগত জড়িত নহয় ? 

(ক) সৌৰ বতাহ  (গ) গেছহীন কৰা (Degassing) 

(খ) পাৰ্থক্য বা পৃথকিকৰণ  (ঘ) আলোক-সংশ্লেষণ

উত্তৰঃ (খ) পাৰ্থক্য বা পৃথকিকৰণ।


(iv) তলত দিয়াবোৰৰ কোনটো ভিতৰুৱা (inner) গ্ৰহ ?

(ক) সূৰ্য আৰু পৃথিৱীৰ মাজত থকা গ্ৰহবোৰ 

(খ) সূৰ্য আৰু গ্ৰহাণুপুঞ্জৰ মাজত থকা গ্ৰহবোৰ 

(গ) গেছীয় অৱস্থাত থকা গ্ৰহবোৰ 

(ঘ) উপগ্ৰহ নথকা গ্ৰহবোৰ 

উত্তৰঃ(খ) সূৰ্য আৰু গ্ৰহাণুপুঞ্জৰ মাজত থকা গ্ৰহবোৰ।


(v) আজিৰ পৰা কিমান বছৰ আগেয়ে পৃথিৱীত জীৱনৰ আৱিৰ্ভাৱ হৈাছিল ? 

(ক) ১৩.৭ বিলিয়ন  (গ) ৪.৬ বিলিয়ন 

(খ) ৩.৮ নিযুত  (ঘ) ৩.৮ বিলিয়ন 

উত্তৰঃ (ঘ) ৩.৮ বিলিয়ন।


২। ৩০ টা শব্দত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) পাৰ্থিৱ গ্ৰহবোৰ শিলাময় কিয় ? 

উত্তৰঃ সৌৰজগতৰ ৪ টা গ্ৰহৰ ভিতৰত বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল এই চাৰিটা গ্ৰহক পাৰ্থিৱ গ্ৰহ বুলি জনা যায়। ইহঁতৰ গঠন পৃথিৱীৰ গঠনৰ লগত মিল দেখা যায় বাবে ইহঁতক পাৰ্থিৱ গ্ৰহ বুলি কোৱা হয়। আমি জানো যে আমাৰ পৃথিৱীখন শীল আৰু ধাতৱ পদাৰ্থৰে গঠিত আৰু বিভিন্ন পৰীক্ষাৰ পোৱা গম পোৱা গৈছে যে বাকি তিনিটা গ্ৰহৰ গঠলত শিল আৰু ধাতৱ পদাৰ্থ পোৱা যায়। এই গ্ৰহ কেইটা যিহেতু সূৰ্যৰ ওপৰত অৱস্থিত, সেয়ে অধিক উত্তাপ পায় যাৰ ফলত গেছবোৰ গোট মাৰিব নোৱাৰে। সৌৰবতাহৰ প্ৰবলতাও এই গ্ৰহ কেইটাত অধিক পৰিমাণৰ বাবে ইহঁতৰ পৃষ্টভাগৰ পৰা বহু পৰিমাণৰ গেছ আৰু ধূলি উৰুৱাই নিয়াৰ ফলত পৃষ্ঠ ভাগ উদং হৈ শিলাময় ৰূপ ওলাই পৰে বাবে আমি এই গ্ৰহ চাৰিটাক শিলাময় বুলি কোৱা হয়।    

(ii) পৃথিৱী উৎপত্তি সম্পৰ্কে তলত দিয়া মতবাদ দুটা মাজত পাৰ্থক্য কি ? 

(ক) কেন্ট আৰু লেপলাচ (Kant and Laplace) 

(খ) চেম্বাৰলেইন আৰু ম'লটন (Chamberlain and Moulton)

উত্তৰঃ পৃথিৱীৰ উৎপত্তি সম্পৰ্কে আগবঢ়োৱা কেন্ট আৰু লেপলাচৰ ধাৰনাৰ লগত চেম্বাৰলেইন আৰু মলটনৰ ধাৰনাৰ মূল পাৰ্থক্য হল-

ইমানুৱেল কেন্টে পৃথিৱীৰ উৎপত্তি সম্পৰ্কে যি ধাৰনা আগবঢ়াই, সেইটো ১৭৯৭ চনত লেপলাচে সংশাধন ঘটাইছিল আৰু তাৰ নাম দিছিল নীহাৰিকা মতবাদ। এই মতবাদ মতে প্ৰথমে প্ৰবীন সূৰ্যটোক মাজত লৈ বিশ্বব্ৰহ্মাণ্ডত পদাৰ্থৰ মেঘ সৃষ্টি হৈছিল আৰু সেই মেঘবোৰৰ পৰাই গ্ৰহবোৰৰ সৃষ্টি হোৱা বুলি ভৱা হৈছিল।

আনহাতে চেম্বাৰলেইন আৰু মলটনৰ ধাৰনাতো হল যে আমাৰ সূৰ্যটোৰ ওচৰলৈ অন্য এক বৃহৎ নক্ষত্ৰ আহিছিল। ভ্ৰমনৰত নক্ষত্ৰটোৰ আকৰ্ষনত সৌৰ পৃষ্টাৰ পৰা এটা ফিলামেণ্ট পৃথক হৈ পৰিছিল। ভ্ৰমনৰত নক্ষত্ৰটো আটৰি গল যদিও, সূৰ্যৰ পৰা এৰাই যোৱা অংশবোৰ তেনেকৈ ৰৈ থাকিল। আৰু অৱশেষত এই অংশবোৰে সূৰ্যৰ চাৰিওফালে ঘূৰিব ললে। এনেকয়ে গ্ৰহবোৰৰ উৎপত্তি হৈছিল বুলি পণ্ডিত দুজনে মত দাঙি ধৰিছিল।


(iii) পৃথকীকৰণ পদ্ধতি (process of differentiation) মানে কি বুজা ? 

উত্তৰঃ আমাৰ পৃথিৱীখন উৎপত্তিৰ সময়ত উত্তপ্ত অৱস্থাত আছিল। সময় আগবঢ়াৰ লগে লগে পদাৰ্থবোৰৰ ঘনত্ব বাঢ়িব ধৰিছে আৰু পৃথিৱীখনৰ ভিতৰফালে উত্তাপ বাঢ়ি গ'ল। ইয়াৰ ফলত পৃথিৱীখনত থকা বিভিন্ন পদাৰ্থবোৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ অৱস্থানত অৱস্থান গ্ৰহণ কৰিছে। অতি বেছি ঘনত্ব পদাৰ্থবোৰ বাহিৰৰ ফালে অৱস্থান ললে আৰু একেবাৰে কম ঘনত্বৰ পদাৰ্থ যেনে- বায়ু পৃথিৱীৰ বাহিৰত অৱস্থান গ্ৰহণ কৰিলে এনেকৈয়ে ঘনত্ব অনুযায়ী বিভিন্ন পদাৰ্থৰ অৱস্থানৰ ব্যৱস্থাক পৃথকীকৰণ পদ্ধতি বুলি জনা যায়।  

(iv) আৰম্ভণিতে পৃথিৱীৰ উপৰিভাগৰ প্ৰকৃতি কেনেকুৱা আছিল ? 

উত্তৰঃ আমাৰ পৃথিৱী গ্ৰহটো আৰম্ভণিতে খালী আৰু উদং, শিলাময় আৰু অত্যন্ত উতপ্ত গ্ৰহ আছিল। ইয়াৰ এখন হিলিময় আৰু আৰু হাইড্ৰজেন গেছৰ পাতল আৱৰণ আছিল। আজিৰ পৃথিৱীখনৰ লগত একেবাৰে অমিল। 

(v) পৃথিৱীৰ প্ৰাৰম্ভিক বায়ুমণ্ডলত কি কি গেছ আছিল ? 

উত্তৰঃ পৃথিৱীৰ যিহেতু সূৰ্যৰ ( নক্ষত্ৰ ) পৰা উৎপত্তি হৈছিল, সেয়ে সূৰ্যত থকা গেছ সমূহেই সৃষ্টিৰ সময়ত পৃথিৱীত পোৱা গৈছিল। আৰম্ভনিতে পৃথিৱীৰ উপৰিভাগত হিলিয়াম আৰু হাইড্ৰজেন গেছৰ এখন পাতল আৱৰণ আছিল। পৃথিৱীৰ বিভিন্ন অধ্যয়নৰ পৰা এইটো গমপোৱা গৈছে যে তিনিটা অৱস্থাৰ মাজেৰে আহি বায়ুমণ্ডলে বৰ্তমান অৱস্থা পাইছেহি প্ৰথম অৱস্থাটো চিহ্নিত হৈছে প্ৰাৰম্ভিক বায়ুমণ্ডল অস্তিত্বহীন হোৱাৰ পৰা। সেই সময়ত বোধহয় বায়ুমণ্ডলত হাইড্ৰজেন আৰু হিলিয়াম গেছ আছিল যি খিনি হয়তো সৌৰ বতাহে উৰুৱাই লৈ গৈছিল।  

৩। ১৫০টা শব্দ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) 'বিগ বেং মতবাদ'টো বহলাই লিখা ।

উত্তৰঃ অতীতৰে পৰা বৈজ্ঞানিক মহলে পৃথিৱী তথা বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিষয়ে নানা ধাৰনা আগবঢ়াই আহিছে। যি বিলাকে কিছুসময়ৰ বাবে গুৰুত্ব লাভ কৰিছিল যেতিয়ালৈকে নতুন এটা ধাৰনা বা মতবাদ আৱিস্কাৰ হোৱা নাছিল।

আধুনিক সময়ত পৃথিৱী তথ্য বিশ্বব্ৰহ্মাণ্ডল উৎপত্তিৰ সম্বন্ধে আগবঢ়োৱা অতি জনপ্ৰিয় মতবাদটোৰ নাম হল বিগ বেং মতবাদ। এই মতবাদটো বৰ্ধিত বিশ্বব্ৰহ্মাণ্ড মতবাদ বুলিও জনা যায়। এই মতবাদটো ১৯২০ চনত এডুইন হাবলে নামৰ বিজ্ঞনী দাঙি ধৰিছিল।

এডুইন হাবলে তেওঁৰ বিগ বেং মতবাদটো এই দৰে দাঙি ধৰিছে যে, আৰম্ভনিতে বিশ্বব্ৰহ্মাণ্ডত থকা সকলো পদাৰ্থই এটা সৰু বলৰ ৰূপত একে ঠাইতে থুপ খাই আছিল। বলটোৰ আকাৰ অতি সৰু আছিল যদিও ইয়াৰ উত্তাপ আৰু ঘনত্ব কিন্তু যথেষ্ট বেছি আছিল। এটা সময়ত অৰ্থাৎ আজিৰ পৰা প্ৰায় 13.7 বিলিয়ন বছৰৰ আগতে এই সৰু বলটোৰ প্ৰচণ্ড বিস্ফোৰণ ঘটে। ইয়াৰ লগে লগে বলটোৰ আকাৰ সাংঘাটিক ভাৱে বাঢ়ি গল তেতিয়া তাৰ কিছুমান শক্তি পদাৰ্থলৈ ৰূপান্তৰিত হল। হাবলেৰ মতে বিস্ফোৰণ ঘটাৰ এক ছেকেণ্ডতকৈও হাজাৰভাগ কম সময়ৰ ভিতৰত বহলি যোৱা কাৰ্য ধীৰ হৈ পৰিছিল। বিগ বেং সংঘটিত হোৱাৰ প্ৰথম তিনি মিনিটৰ ভিতৰত অনুটোৰ গঠন হোৱা বুলি তেওঁ ধাৰণা কৰিছিল।

বিগ বেং মতবাদে এইটো উল্লেখ কৰিছে যে বিশ্বব্ৰহ্মাণ্ডত থকা তৰাৰ থূপবোৰৰ মাজৰ দূৰত্ব বাঢ়ি গৈ আছে। বৈজ্ঞানিক সকলে বিশ্বব্ৰহ্মাণ্ড বহলি থকাৰ বহু তথ্য সংগ্ৰহ কৰিছে আৰু ইয়াক সমৰ্থনও কৰিছে।


(ii) পৃথিৱীৰ ক্ৰমবিকাশত কি কি পৰ্যায় আছিল ? চমুকৈ প্ৰত্যেকটোৰে বৰ্ণনা দিয়া ।

উত্তৰঃ পৃথিৱীৰ উৎপত্তি এক বিশাল নক্ষত্ৰৰ ( সূৰ্য ) পৰা হোৱা বুলি আমি বিভিন্ন মতবাদৰ পৰা জানিব পাৰিছো, সেয়ে উৎপত্তিৰ সময়ত ই এক গেছীয় শিলাময় উদং, উত্তপ্ত অৱস্থাত আছিল। তেতিয়াৰ পৰা বৰ্তমান অৱস্থালৈ আহোতে পৃথিৱীয়ে বহুতো পৰ্যায় অতিক্ৰম কৰি আহিছে। সেই সকলোবোৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল।

আৰম্ভণিতে পৃথিৱীখন খালী বা উদং, শিলাময় আৰু অত্যন্ত উত্তপ্ত গ্ৰহ আছিল। ইয়াত এখন হিলিয়াম আৰু হাইড্ৰজেন গেছৰ পাতল আৱৰণ আছিল। আজিৰ পৃথিৱীখনৰ লগত একেবাৰে অমিল। সেই তেতিয়াৰ পৰা পৃথিৱীখনে বহুতো ঘটনা-পৰিঘটনা, নিয়ম-প্ৰণালী আদিৰ মাজেৰে আহাৰ ফলস্বৰূপে পৰিৱৰ্তিত হৈ তাৰ আগৰ শিলাময় উদং, উষ্ণ ৰূপৰ সলনি ধুনীয়া সেউজীয়া পৃথিৱীখন হৈ পৰিছে য'ত প্ৰচুৰ পৰিমাণৰ পানী, সুবিধাজনক বায়ুমণ্ডলৰ আৰু জীৱজগতৰ আৱিৰ্ভাৱ হৈছে।

পৃথিৱীখনত থকা বিভিন্ন পদাৰ্থবোৰে ঘনত্ব অনুসৰি বিভিন্ন স্থানত অৱস্থান গ্ৰহন কৰিলে অৰ্থাৎ অতি বেছি ঘনত্বৰ পদাৰ্থবোৰ কেন্দ্ৰত ক্ৰমে পাতল ঘনত্বৰ পদাৰ্থবোৰে বাহিৰৰ ফালে অৱস্থান ললে। সেয়ে আমি পৃথিৱীত পোৱা পদাৰ্থবোৰ স্তৰীভূত হোৱা দেখিবলৈ পাওঁ। 


আঁচনিৰ কাম (Project Word) 

তলত দিয়া সংক্ৰান্তত 'তৰাৰ ধূলি' (stardust) নামৰ আঁচনিৰ কামৰ কাৰণে খবৰ বা তথ্য গোটোৱা (website : www.sci.edu/public.html and www.nasm.edu) ।

(i) এই আঁচনি প্ৰচলিত কৰা (launched) এজেন্সী কোনটো ? 

(ii) তৰাৰ ধূলি গোটাবলৈ বৈজ্ঞানিকসকল ইমান ইচ্ছুক কিয় ?

(iii) ক'ৰ পৰা তৰাৰ ধূলি সংগ্ৰহ কৰা হয় ?


Type : Priyam Jyoti Patar

Answered by : Leena Kakati

Post ID : DABP006499