Chapter: 6

পৰ্যটকৰ দৃষ্টিভংগীৰে ( ১০ম শতিকাৰ পৰা ১৭শ শতিকালৈ) 

( Through the Eyes of Travellers) ( 10th-17th C.)

প্ৰশ্নাৱলী

◻️ চমুপ্ৰশ্নঃ

১। খৃঃ ১০-১৭শ শতিকাৰ ভিতৰত উপমহাদেশখন ভ্ৰমণ কৰা চাৰিজন ভ্ৰমণকাৰীৰ নাম লিখ।

উত্তৰঃ খৃঃ ১০-১৭ শতিকাৰ ভিতৰত উপমহাদেশখন ভ্ৰমণ কৰা চাৰিজন ভ্ৰমণকাৰীৰ নাম হ'ল ৰাষ্ট্ৰদূত আব্দুৰ ৰাজ্জাক, আলবেৰুণী, ইবনবুটতা, ফ্ৰান্সকোচ বাৰ্ণিয়াৰ ।

২। আলবেণীৰ লিখনিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ আলবেৰুণীৰ লিখনিৰ দুটা বৈশিষ্ঠ্য় হ'ল

১। আলবেৰুণীয়ে অতি কমদিনৰ ভিতৰতে আৰবী, চিৰিয়া, পাৰ্চী, হিব্ৰু আৰু সংস্কৃত ভাষাত পাৰ্গত হৈছিল। 

২। আলবেৰুণীয়ে গ্ৰীক ভাষা নজনাকৈ আৰবী ভাষালৈ অনুদিত গ্ৰন্থৰ যোগেদি প্লেটো আৰু আন গ্ৰীক দাৰ্শনিকসকলৰ লিখনিৰ লগত পৰিচিত হৈ পৰিছিল। 

৩। ইবনটুতাই কিয় ভ্রমণ কৰি ভাল পাইছিল?

উত্তৰঃ ইবনবটুতাই নেদেখাক দেখা নজনাক জনাৰ দুৰ্বাৰ হেঁপাহত ভ্ৰমণ কৰি ভাল পাইছিল।

৪। জন বেপ্তিষ্ট টেভাৰনিয়াৰ কোন আছিল?

উত্তৰঃ জন বেপ্তিষ্ট টেভাৰনিয়াৰ ফৰাচী ৰত্ন ব্য়ৱসায়ী আছিল ।

৫। বার্ণিয়াৰৰ মতে ভূমিৰ ওপৰত ৰাষ্ট্ৰৰ কু-প্ৰভাৱবােৰ কি আছিল?

উত্তৰঃ   বাৰ্ণিয়াৰৰ মতে ইউৰোপ আৰু মোগল ভাৰতৰ মাজত এটা প্ৰধান পাৰ্থক্য় হ'ল যে ভাৰতীয়সকল ব্য়ক্তিগত ভূমিস্বত্বৰ অধিকাৰী নাছিল । ব্য়ক্তিগত সম্পত্তি ৰখাৰ পূৰ্ণ সমৰ্থক বাৰ্ণিয়াৰে উপলব্ধি কৰিছিল যে ভূমিৰ ওপৰত ৰাষ্ট্ৰৰ অধিকাৰ, ৰাষ্ট্ৰ আৰু জনসাধাৰণ দুয়োপক্ষৰ কাৰণে হানিকাৰক আছিল । তেওঁ ভাবিছিল মোগল সাম্ৰাজ্য়ৰ সকলো ভূমিৰ অধিকাৰ আছিল সম্ৰাটৰ আৰু সম্ৰাটে এই ভূমি অভিজাত সকলৰ মাজত ভাগ কৰিছিল, যিয়ে সমাজ আৰু অৰ্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল । বাৰ্ণিয়াৰৰ এই ধাৰণা সম্পূৰ্ণ শুদ্ধ নাছিল । 

৬। আৰবী ভাষাত লিখা আলবেৰুণী কিতাপখনৰ নাম কি?

উত্তৰঃ আৰবী ভাষাত লিখা আলবেৰুণী কিতাপখনৰ নাম হ'ল কিতাব উল-হিন্দ ।

৭। আলবেৰুণীয়ে গ্রীক দর্শনৰ বিষয়ে কেনেদৰে জ্ঞান অর্জন কৰিছিল?

উত্তৰঃ আলবেৰুণীয়ে অতি কমদিনৰ ভিতৰতে চিৰিয়া, আৰবী, পাৰ্চী, হিব্ৰু আৰু সংস্কৃত ভাষাত পাৰ্গত হৈ উঠে । কিন্তু তেঁও গ্ৰীক ভাষা নজনাকৈও আৰবী ভাষালৈ অনুদিত গ্ৰন্থৰ যোগেদি প্লেটো আৰু গ্ৰীক দাৰ্শনিকসকলৰ লিখনিৰ লগত পৰিচিত হৈ পৰিছিল । 

৮। বার্ণিয়াৰৰ ভ্ৰমণ বৃত্তান্ত কোন কোন ভাষালৈ অনুবাদ কৰা হৈছে? 

উত্তৰঃ বাৰ্ণিয়াৰ ভ্ৰমণ বৃত্তান্ত ইংৰাজী, ডাচ, জাৰ্মান, আৰু ইটালী ভাষালৈ অনুবাদ কৰা হয় ।

৯। ইবনবটুতাই উপমহাদেশখনত দেখা দুটা আচৰিত বস্তু কি আছিল?

উত্তৰঃ নাৰিকল আৰু পাণ । 

১০। ৰিহ্লা কি?

উত্তৰঃ ৰিহ্লা হ'ল আৰবী ভাষাত লিখা ইবনবটুতাৰ ভ্ৰমণ কাহিনী গ্ৰন্থ । 

১১। “চৰাই বাহৰ পৰা উৰিল” বুলি কোনজন ভ্ৰমণকাৰীক কোৱা হয়?

উত্তৰঃ ''চৰাই বাহৰ পৰা উৰিল'' বুলি ইবনবটুতা ভ্ৰমণকাৰীক কোৱা হয় ।

১২। ইবনবটুতাৰ পদাংক অনুসৰণ কৰি ভাৰতলৈ অহা দুজন পর্যটক নাম লিখা।

উত্তৰঃ ইবনবটুতাৰ পদাংক অনুসৰণ কৰি ভাৰতলৈ অহা দুজন পৰ্যটকৰ নাম হ'ল আব্দুৰ ৰজ্জাক আৰু শ্বেইখ আলী হাজীন ।

১৩। বার্ণিয়াৰৰ মতে শিল্পীসকল তেওঁলােকৰ উৎপাদন বৃদ্ধিৰ বাবে কিয় অনিচ্ছুক আছিল?

উত্তৰঃ বাৰ্ণিয়াৰৰ মতে শিল্পীসকল তেওঁলোকৰ উৎপাদন বৃদ্ধিৰ বাবে অনিচ্ছুক আছিল কাৰণ- ১। কৃষক আৰু শিল্পীসকলৰ আৰ্থিক অৱস্থা অতি শোচনীয় আছিল। 

২। লোভী মালিকসকলে শিল্পীসকলৰ অৱস্থাৰ কথা কেতিয়াও চিন্তা কৰা নাছিল। 

১৪। 'কাৰখানা’ মানে কি?

উত্তৰঃ ডাঙৰ ডাঙৰ আহল-বহল ঘৰ, যিবোৰক কাৰখানা বুলি কোৱা হয় ।

১৫। দুই প্রকাৰ ডাক ব্যৱস্থাৰ নাম লিখা।

উত্তৰঃ দুই প্ৰকাৰৰ ডাক ব্য়ৱস্থাৰ নাম হ'ল ১)ৰাজকীয় ঘোঁৰাৰে চলোৱা ঘোঁৰাৰ ডাক , ২) খোজকাঢ়ি বা দৌৰি নিয়া ডাক । 

বহলাই লিখাঃ

১। পর্যটকসকলৰ ভ্ৰমণৰ উদ্দেশ্য সমূহ কি কি আছিল?

উত্তৰঃ আধুনিক যুগৰ আগলৈকে মানুহে সাধাৰণতে তীৰ্থযাত্ৰা, বেহা-বেপাৰ, প্ৰাকৃতিক দুৰ্যোগ আৰু জ্ঞানৰ অন্বেষণৰ পৰা পৰিত্ৰান বিচাৰি এখন ঠাই পৰা আন এখন ঠাইলৈ ভ্ৰমণ কৰিছিল। এই ভ্ৰমণকাৰীসকলে ভৌগোলিক পৰিৱেশ,ভাষা, ৰীতি-নীতি, বিশ্বাস আৰু অন্য়ান্য় সকলো দিশতে এখন বেলেগ পৃথিৱীত সন্মূখীন হ'ব লগা হৈছিল। বহুতো লোকে এই সকলোবোৰ অভিজ্ঞতা সাৱধানে ভ্ৰমণ বৃত্তান্ত হিচাপে লিপিবদ্ধ কৰি থৈ গৈছিল। তেওঁলোকে উল্লেখযোগ্য় আৰু অসাধাৰণ কথাসমূহ লিপিবদ্ধ কৰিছিল। এই ভ্ৰমণৰ টোকাসমূহ বিভিন্ন বিষয়বস্তুৰৰ ওপৰত লিখা হৈছিল। সেইসমূহ হৈছে আদালতৰ বিচাৰ সম্পৰ্কীয় নথী-পত্ৰ, ৰীতি-নীতি, ধৰ্মীয় ক্ৰিয়া-কলাপ, স্মৃতি চিহ্ন আৰু স্থাপত্য়-ভাস্কৰ্য্য় আদি। কিছুমান ক্ষেত্ৰত বহুতো পৰ্যটকে দূৰলৈ ভ্ৰমণ কৰা নাছিল। মোগল সাম্ৰাজ্য়ৰ প্ৰশাসকসকলে কেতিয়াবা নিজৰ সাম্ৰাজ্য়ৰ মাজত ভ্ৰমণ কৰি তেওঁলোকৰ পৰ্যবেক্ষণ বোৰ লিপিবদ্ধ কৰিছিল। 

    আলবেৰুণীয়ে ভাৰত ভ্ৰমণৰ অভিজ্ঞতা ভিত্তিত সহজ-সৰল আৰবী ভাষাত কিতাপ-উল-হিন্দু গ্ৰন্থখন ৰচনা কৰিছিল। সেই গ্ৰন্থখন ৪০ টা অধ্য়ায়ত বিভক্ত আছিল। যেনে ধৰ্ম, অন্ধবিশ্বাস, সাহিত্য়, ভূগোল, দৰ্শন, অংক, ৰসায়ন, বিজ্ঞান, জ্য়োতি বিজ্ঞান, ৰীতি-নীতিৰ, আচাৰ ব্য়ৱস্থাৰ, জোখ-মাপ আৰু জ্য়োতিষ। 

২। বার্ণিয়াৰৰ মতে ভূমিৰ ওপৰত ৰাষ্ট্রৰ কু-প্ৰভাৱবােৰ কি আছিল আলােচনা কৰা।

উত্তৰঃ বাৰ্ণিয়াৰৰ মতে ইউৰোপ আৰু মোগল ভাৰতৰ মাজত এটা প্ৰধান পাৰ্থক্য় হ'ল যে ভাৰতীয়সকল ব্য়ক্তিগত ভূমিস্বত্বৰ অধিকাৰী নাছিল । ব্য়ক্তিগত সম্পত্তি ৰখাৰ পূৰ্ণ সমৰ্থক বাৰ্ণিয়াৰে উপলব্ধি কৰিছিল যে ভূমিৰ ওপৰত ৰাষ্ট্ৰৰ অধিকাৰ, ৰাষ্ট্ৰ আৰু জনসাধাৰণ দুয়োপক্ষৰ কাৰণে হানিকাৰক আছিল । তেওঁ ভাবিছিল মোগল সাম্ৰাজ্য়ৰ সকলো ভূমিৰ অধিকাৰ আছিল সম্ৰাটৰ আৰু সম্ৰাটে এই ভূমি অভিজাত সকলৰ মাজত ভাগ কৰিছিল, যিয়ে সমাজ আৰু অৰ্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল । বাৰ্ণিয়াৰৰ এই ধাৰণা সম্পূৰ্ণ শুদ্ধ নাছিল । 

৩। “কিতাপ-উল-হিন্দ’ৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ আলবেৰুণীয়ে সাহিত্য়ত ভ্ৰমণৰ অভিজ্ঞতাৰ ভিত্তিত সহজ-সৰল আৰবী ভাষাত কিতাব-উল-হিন্দ গ্ৰন্থখন ৰচনা কৰিছিল । ৪০ টা অধ্য়ায়ত বিভক্ত গ্ৰন্থখনৰ বিষয়বস্তু আছিল ধৰ্ম, সাহিত্য়, সংস্কৃতি, দৰ্শন, ভৃগোল, অংক, বিজ্ঞান, ৰসায়ন বিজ্ঞান, জ্য়োতিষ, জ্য়োতি বিজ্ঞান, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, অন্ধবিশ্বাস, জোখ-মাপ ইত্য়াদি । ইায়াৰ পৰা আমি সমসাময়িক ভাৰতীয় সমাজৰ প্ৰকৃত স্বৰূপ জানিব পাৰো ।

৪। ইবনবটুতা আৰু বার্ণিয়াৰৰ ভাৰত ভ্রমণ বৃত্তান্তৰ এটি তুলনাত্মক বিচাৰ কৰা।

উত্তৰঃ ইবনবটুতা আৰু বাণিয়াৰৰ ভাৰত ভ্ৰমণ বৃত্তান্তৰ বিচাৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    ইবনবটুতা এজন প্ৰাৰম্ভিক বিশ্ব ভ্ৰমণকাৰী আছিল। তেওঁ ভ্ৰমণৰ কাহিনী বিষয়ে আৰবী ভাষাত ৰিহ্লা নামেৰে জনাজাত আছিল। ৰিহ্লাত ১৪ শতিকাৰত ভাৰতৰ সামাজিক,অৰ্থনৈতিক আৰু সাংস্কৃতিক অৱস্থাত বহুতো গুৰুত্বপূৰ্ণ তথ্য় পোৱা যায়। ইবনবটুতাই ডেকা বয়সতে পৰিয়ালৰ পৰা সকলো বিষয়ে শিক্ষা লাভ কৰিছিল। তেওঁ ভ্ৰমণ কৰি জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিছিল। তেওঁ ভাৰতলৈ অহা আগতে ১৩৩২-৩৩ চনত তেওঁ তীৰ্থযাত্ৰী হিচাপে মক্কা ভ্ৰমণ কৰিছিল। স্থল পথেৰে মধ্য় এছিয়া ভ্ৰমণ কৰি তেওঁ ১৩৩৩ খৃঃত সিন্ধু প্ৰদেশত উপস্থিত হৈছিল। তেওঁ সেই ঠাইতে দিল্লীৰ চুলতান মবম্মদ বিন টোগলকৰ বিষয়ে জানি মূলতান আৰু উচ হৈ দিল্লীলৈ যাত্ৰা কৰে। 

    ফ্ৰাচোঁৱা বাৰ্ণিয়াৰ এজন ব্য়ক্তিক্ৰমী ডাক্তৰ আছিল। পৰ্তুগীজসকল ১৫০০ চনত ভাৰতলৈ অহা পিছতে তেওঁলোকৰ বহুতে ভাৰতীয় সামাজিক আৰু ধৰ্মীয় ৰীতি-নীতি বিষয়ে আলোচনা কৰিছিল। ইয়াৰে মাজৰে ৰৰ্বাট নবিলিয়ে বহুতো ভাৰতীয় গ্ৰন্থ ইউৰোপীয় ভাষালৈ অনুবাদ কৰিছিল। ১৬ শতিকাৰৰ পিছত বহুতো ডাচ, ফৰাচী আৰু ইংৰাজ লোক ভাৰতলৈ আগমন ঘটিছিল। এইবোৰৰ মাজৰে ফৰাচী ৰত্ন ব্য়ৱসায়ী জন ব্য়প্তিষ্ট টেৰ্ভানিয়াৰে ৬ বাৰকৈ ভাৰত ভ্ৰমণ কৰিছিল। তেওঁ ভাৰতৰ ব্য়ৱসায় বাণিজ্য়ৰ ওপৰত বেছি আগ্ৰহী আছিল। 

    ৰাজনৈতিক দাৰ্শনিক আৰু বুৰঞ্জীবিদ বাৰ্ণিয়াৰ এজন ফৰাচী পৰিব্ৰাজক আছিল। বেলেগৰ দৰে তেওঁ সুযোগৰ সন্ধানত ভাৰতলৈ আহিছিল। বাৰ্ণিয়াৰে ভাৰতত ১২ বছৰ কাল আছিল। তেওঁ জ্য়েষ্ঠ পুত্ৰ দাৰাচিকোৰ ব্য়ক্তিগত চিকিৎসক আছিল। বাৰ্ণিয়াৰে তেওঁৰ ভাৰত ভ্ৰমণৰ সম্পকীয় বৃত্তান্ত Travels in the Mughal Empire নামৰ গ্ৰন্থত উল্লেখ কৰিছে।  

৫। বার্ণিয়াৰৰ ভ্ৰমণ বৃত্তান্তই কেনেকৈ পশ্চিমীয়া বুদ্ধিজীৱীসকলক প্ৰভাৱান্বিত কৰিছিল? উদাহৰণসহ ব্যাখ্যা কৰা ।

উত্তৰঃ 

৬। ইবনবটুতাই ভাৰতত দেখা দাস প্রথাৰ বিষয়ে কি উল্লেখ কৰিছে বর্ণনা কৰা।

উত্তৰঃ ইবনবুটতাৰ লিখনিৰ পৰা বুজিব পাৰি যে দাসীসকলৰ মাজতো কিছু পাৰ্থক্য় আছিল । চুলতানৰ সেৱাত নিয়োগ কৰা দাসীসকল সংগীত আৰু নৃত্য়ত নিপুণ আছিল । ইবনবটুতাই চুলতানৰ ভনীয়েকৰ বিয়া উপলক্ষে আয়োজিত অনুষ্ঠানত এওঁলোকৰ প্ৰদৰ্শন চাই আনন্দিত হৈছিল । আনকি চুলতানে অভিজাতসকলৰ সেৱা-শুশ্ৰূষাৰ কাৰণেও দাসীসকলক নিয়োগ কৰিছিল । 

    দাসসকলক সাধাৰণতে ঘৰুৱা কাম-কাজত নিয়োগ কৰা হৈছিল । ইবুনবটুতাই দেখা পাইছিল যে এওঁলোকে পাল্কী বা দোলাত পুৰুষ-মহিলাসকলক কঢ়িয়াই নিব লাগিছিল । ঘৰুৱা কামৰ বাবে আৱশ্য়ক হোৱা দাসীৰ মূল্য অতি কম আছিল আৰু অধিকাংশ সামৰ্থৱান পৰিয়ালেই এজন বা দুজন দাস ৰাখিছিল ।

৭। দিল্লী চহৰখনৰ এটি বর্ণনা দিয়া।

উত্তৰঃ বৃহৎ জনসংখ্য়াৰে দিল্লী নগৰখনে এক বিস্তিত অঞ্চল জুৰি আছিল । চহৰখন অসমান পকাৰ প্ৰাচীৰেৰে বেৰি আছিল । প্ৰাচীৰ সমূহ বহলে ১১ ফুট আছিল । ইয়াৰ ভিতৰফালে দুৱাৰ ৰখীয়া আৰু ৰাতিৰ পহৰাবাদৰৰ ঘৰ আছিল । দুৰ্গৰ ভিতৰত খোৱাৰ বস্তু, গুলী-বাৰুদ, ক্ষেপনাস্ত্ৰ আৰু দুৰ্গ আক্ৰমণৰ যন্ত্ৰ-পাতিৰ ভঁৰাল আছিল । এই গঁড়ৰ ভিতৰত ৰখা খাদ্য় দ্ৰব্য় সমূহ বহুদিন ধৰি নপচাকৈ আছিল । দুৰ্গটোৰ ভিতৰত অশ্বাৰোহী আৰু পদাতিক সৈন্যই নগৰখন ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফূৰিছিল । প্ৰাচীৰ সমূহ খিৰিকীযুক্ত আছিল, নগৰৰ ফালৰ খোলা খিৰিকিৰে ভিতৰখন পোহৰাই ৰাখিছিল । বেৰসমূহ তলৰ অংশ শিল আৰু ওপৰ অংশ ইটাৰে নিৰ্মিত । ওচৰা-উচৰিকৈ ভালেমান গম্বুজ আছিল । তাত ২৪ খন প্ৰৱেশদ্বাৰ আছিল , এইবোৰক দৰৱাজা বুলি কোৱা হৈছিল । 

৮। আলবেৰুণীৰ মতে ভাৰতক বুজিবলৈ অতিক্রম কৰা বাধাসমূহ কি কি আছিল লিখা।

উত্তৰঃ আলবেৰুণীৰ মতে ভাৰতক বুজিবলৈ অতিক্ৰম কৰা বাধাসমূহ হ'ল প্ৰথম হ'ল ভাষা । তেওঁৰ মতে আৰবী আৰু পাৰ্চীৰ লগত সংস্কৃত ভাযাৰ ইমান পাৰ্থক্য় যে মনৰ ভাৱ আৰু ধাৰণাসমূহ এটা ভাষাৰ পৰা আনটোলৈ অনুবাদ কৰাই কঠিন হৈ পৰিছিল ।

              দ্বিতীয় বাধাটো আছিল ভাৰতৰ বহুধাবিভক্ত ধৰ্ম আৰু ধৰ্মীয় ক্ৰিয়া-কাণ্ডসমূহ । তৃতীয় বাধাটো হ'ল ইয়াৰ মানুহবিলাক অনৰ্থক অহংকাৰী আৰু সংকীৰ্ণমনা । তেওঁলোক ইমানেই সংকীৰ্ণমনা হৈ পৰিছিল যে নিজৰ ৰীতি-নীতি, আচাৰ-ব্য়ৱহাৰ বিষয়ে একো বিশ্লেষণ নকৰাকৈ বিদেশীসকলৰ প্ৰতি বিদ্বষী মনোভাৱ পোষণ কৰিছিল ।

৯। ইবনবটুতাই ভাৰতীয় নগৰসমূহৰ বৰ্ণনা কি দৰে দিছে?

উত্তৰঃ ইবনবটুতাই উল্লেখ কৰিছে যে যিকোনো এজন সম্পদশালী দক্ষ পৰ্যটকৰ কাৰণেই উপমহাদেশখনৰ নগৰসমূহ উত্তেজনাৰ খোৰাকেৰে ভৰপূৰ । সেইবিলাক নগৰ কেতিয়াবা যুদ্ধ আৰু আক্ৰমণে বিধ্বস্ত কৰাৰ বাহিৰে ঘনজনবসতিপূৰ্ণ আৰু সমৃদ্ধিশালী । তেওঁৰ লিখনিৰ পৰা এইটো জনা গৈছে যে নগৰৰ সৰহ সংখ্য়ক ৰাস্তাই জনসমাগমপূৰ্ণ আৰু বিভিন্ন জাকজমকীয়া সামগ্ৰীৰে নগৰৰ বজাৰবোৰ পৰিপূৰ্ণ আছিল । তেওঁ ভাৰতৰ ভিতৰত দিল্লীয়েই  আটাইতকৈ বৃহৎ জনবসতিপূৰ্ণ নগৰ বুলি উল্লেখ কৰিছে, তদুপৰি মহাৰাষ্ট্ৰৰ দৌলতাবাদ আয়তনৰ খালৰ পৰা দিল্লীৰ লগত ফেৰ মাৰিব পৰা বিধৰ নগৰ আছিল । 

১০। আলবেৰুণীয়ে ভাৰতীয় জাতি ব্যৱস্থাৰ বিষয়ে কি উল্লেখ কৰিছে লিখা।

উত্তৰঃ আলবেৰুণীয়ে অন্য়ান্য় সমাজৰ লগত তুলনা কৰি ভাৰতীয় জাতি ব্য়ৱস্থাৰ ব্য়াখ্য়া কৰিবলৈ যত্ন কৰিছিল । তেওঁ প্ৰাচীন পাৰ্চী সমাজ ব্য়ৱস্থাত চাৰিটা সামাজিক শ্ৰেণীৰ কথা উল্লেখ কৰিছে । সেই কেইটা হ'ল- (১) নাইট আৰু ৰাজকোঁৱৰসকল (২) ভিক্ষু, পুৰোহিত আৰু আইনজ্ঞসকল (৩) চিকিৎসক, জ্য়োতিবিদ আৰু আন বিজ্ঞানীসকল আৰু (৪) খেতিয়কসকল । আনহাতে তেওঁ বুজাবলৈ যত্ন কৰিছিল যে ভাৰতীয় সমাজ ব্য়ৱস্থাতো সামাজিক শ্ৰেণী বিভাজন আছিল । একে সময়তে তেওঁ এইটোও আঙুলিয়াই দিছিল যে মুছলমান সকলো মানুহ সমান বুলি গণ্য় কৰা হয় । কেৱল ধৰ্মীয় ৰীতি-নীতি মানি চলাৰ ওপৰতহে পাৰ্থক্য় আছিল । 

Type: Pallab Jyoti Bora

Author: Monikongkona Saikia 


Post ID : DABP006313 

Important Question Answer


১) কিমান খ্ৰীঃত আৰু কত আলবেৰুণীৰ জন্ম হৈছিল ।

উত্তৰঃ   ৯৭৩ খ্ৰীঃত উজবেকিস্থানৰ খোৱাৰিজম নামৰ ঠাইত আলবেৰুণীৰ জন্ম হৈছিল ।


২) কিমান খ্ৰীঃত গজনীৰ চুলতান মামুদে খিৱা ৰাজ্য আক্ৰমণ কৰে ।

উত্তৰঃ  ১০১৭ খ্ৰীঃত গজনীৰ চুলতান মামুদে খিৱা ৰাজ্য আক্ৰমণ কৰে ।


৩) আলবেৰুণীয়ে আৰৱী ভাষাত লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  আলবেৰুণীয়ে আৰৱী ভাষাত লিখা গ্ৰন্থখনৰ নাম হল কিতাব-উল-হিন্দ ।


৪) হিন্দু শব্দটো কৰ পৰা আহিছে ।

উত্তৰঃ  হিন্দু শব্দটো পাৰ্চীয়ান শব্দৰ পৰা আহিছে ।


৫) ছাহজাহানৰ জেষ্ঠ পুত্ৰৰ নাম কি ।

উত্তৰঃ  ছাহজাহানৰ জেষ্ঠ পুত্ৰৰ নাম হল দাৰাচিকো ।


৬) বৰ্ণ ব্যৱস্থাত আটাইতকৈ উচ্চ বৰ্ণ কি ।

উত্তৰঃ  বৰ্ণ ব্যৱস্থাত আটাইতকৈ উচ্চ বৰ্ণ হল ব্ৰাহ্মণসকল ।


৭) প্ৰাচীন পাৰ্চী সমাজ ব্যৱস্থাত চাৰিটা সামাজিক শ্ৰেণী কি কি ।

উত্তৰঃ  প্ৰাচীন পাৰ্চী সমাজ ব্যৱস্থাত চাৰিটা সামাজিক শ্ৰেণী হল 

ক) নাইট আৰু ৰাজকোঁৱৰসকল ।

খ) ভিক্ষু, পুৰোহিত আৰু আইনজ্ঞসকল ।

গ) জ্যোতিৰ্বিদ আৰু বিজ্ঞানীসকল ।

ঘ) খেতিয়কসকল ।


৮) পশ্চিম ভাৰতত সংগঠিত সমূহক কি বুলি কোৱা হৈছিল ।

উত্তৰঃ পশ্চিম ভাৰতত সংগঠিত সমূহক মহাজন বুলি কোৱা হৈছিল । 


৯) বাৰ্ণিয়াৰে মোগল নগৰসমূহক কি বুলি উল্লেখ কৰিছে ।

উত্তৰঃ  বাৰ্ণিয়াৰে মোগল নগৰসমূহক শিৱিৰ নগৰ বুলি উল্লেখ কৰিছে ।


১০)  এজন ফৰাচী দাৰ্শনিকৰ নাম লিখা ।

উত্তৰঃ এজন ফৰাচী দাৰ্শনিকৰ নাম হল মন্টেস্কু । 


১১) দিল্লী চহৰৰ আটাইতকৈ ডাঙৰ দৰৱাজাখনৰ নাম কি ।

উত্তৰঃ দিল্লী চহৰৰ আটাইতকৈ ডাঙৰ দৰৱাজাখনৰ নাম হল বুলন্দ দৰৱাজা ।


১২) ডাক ব্যৱস্থা কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ  ডাক ব্যৱস্থা দুইপ্ৰকাৰৰ যেনে 

ক) ৰাজকীয় ঘোঁৰাৰে চলোৱা ঘোঁৰাৰ ডাক বা উল্ক যত প্ৰতি চাৰিমাইলৰ মূৰে মবৰে একোটা ঘোৰা ৰখা হৈছিল । খোজকাঢ়ি বা দৌৰি নিয়া ডাকত প্ৰতি মাইলত তিনিজনকৈ আছিল যাক দাৱা বুলি কোৱা হৈছিল । অক মাইলৰ এক তৃতীয়াংশ । 


১৩) ব্ৰহ্মাৰ আন এটা নাম কি ।

উত্তৰঃ  ব্ৰহ্মাৰ আন এটা নাম হল প্ৰকৃতি ।


১৪) বৈশ্য আৰু শূদ্ৰসকল কৰ পৰা সৃষ্টি হৈছে ।

উত্তৰঃ  বৈশ্য আৰু শূদ্ৰসকল ক্ৰমে ব্ৰহ্মাৰ কৰঙণ আৰু ভৰিৰ পৰা সৃষ্টি হৈছে ।


১৫) ভাৰতৰ এখন জনবসতিপূৰ্ণ নগৰৰ নাম লিখা ।

উত্তৰঃ  ভাৰতৰ এখন জনবসতিপূৰ্ণ নগৰৰ নাম হল দিল্লী ।


১৬) ব্যৱসায়িক সন্থাৰ মুখিয়ালজনক কি বুলি কোৱা হয় ।পশ্চিম আফ্ৰিকাৰ মৰক্কোৰ 

উত্তৰঃ  ব্যৱসায়িক সন্থাৰ মুখিয়ালজনক শেঠ বুলি কোৱা হয় ।


১৭) কিমান বছৰ বয়সত আলবেৰুণীৰ মৃত্যু হয় ।

উত্তৰঃ  ৭০ বছৰ বয়সত আলবেৰুণীৰ মৃত্যু হয় ।


১৮) ইবনবটুতা কৰ পৰা আহিছিল ।

উত্তৰঃ  পশ্চিম আফ্ৰিকাৰ মৰক্কোৰ পৰা ইবনবটুতা আহিছিল ।


১৯) কিতাব-উল-হিন্দ গ্ৰন্থখন কেইটা ভাগত বিভক্ত ।

উত্তৰঃ  কিতাব-উল-হিন্দ গ্ৰন্থখন ৪০ টা ভাগত বিভক্ত । 


২০) ইবনবটুতাই ভ্ৰমণ কাহিনী সম্পৰ্কে লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  ইবনবটুতাই ভ্ৰমণ কাহিনী সম্পৰ্কে লিখা গ্ৰন্থখনৰ নাম হল ৰিহলা । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




Answer type  Ali rani Kakati