Chapter: 4

চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য-সাংস্কৃতিক বিকাশ

 (Thinkers, Beliefs and Buildings.) 

প্ৰশ্নাৱলী

◻️ চমুপ্ৰশ্নঃ

১। সাঁচী স্তূপ ক’ত অৱস্থিত?

উত্তৰঃ ভূপালৰ পৰা উত্তৰ-পূবে প্ৰায় ২০ মাইল দূৰত সাঁচীৰ কণাক্ষেৰা নামৰ পৰ্বতৰ দাঁতিৰ এখন সৰু গাঁৱত সাঁচী স্তূপ অৱস্থিত ।


২। কোনে সাঁচীৰ পূৱ ফালৰ তােৰণখন নিবলৈ বিচাৰিছিল আৰু ইয়াক কেনেকৈ ৰক্ষা কৰা হ'ল?

উত্তৰঃ ফৰাচীসকলে সাঁচীৰ পূৱ ফালৰ তোৰণখন নিবলৈ বিচাৰিছিল আৰু সাঁচত ঢালি প্ৰস্তুত কৰা হুবহু তোৰণখন পোৱা কাৰণে পূৱ ফালৰ তোৰণখন ৰক্ষা পৰিল । 


৩। সাঁচী স্তূপ সংৰক্ষণৰ লগত জড়িত দুজন শাসকৰ নাম লিখা।

উত্তৰঃ সাঁচী স্তূপ সংৰক্ষণৰ লগত জড়িত দুজন শাসকৰ নাম হ'ল ছাহজাহান বেগম আৰু জেহান বেগম ।


৪। দুটা জটিল যজ্ঞৰ নাম লিখা ।

উত্তৰঃ দুটা জটিল যজ্ঞৰ নাম হ'ল ৰাজসূয় আৰু অশ্বমেঘ ।

৫। বুদ্ধৰ জীৱন পথ সলনি কৰা তিনিটা গুৰুত্বপূর্ণ ঘটনা কি আছিল?

উত্তৰঃ বুদ্ধৰ জীৱন পথ সলনি কৰা তিনিটা গুৰুত্বপূৰ্ণ ঘটনা হ'ল এজন বুঢ়া মানুহ, এজন ৰোগী আৰু এটা মৰাশ ।


৬। গৌতম বুদ্ধৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ গৌতম বুদ্ধৰ লুম্বিনীত জন্ম হৈছিল ।


৭। বৌদ্ধ দর্শনৰ মতে পৃথিৱীখন কি?

উত্তৰঃ বৌদ্ধ দৰ্শনৰ মতে পৃথিৱীখন ক্ষণস্থায়ী আৰু সঘনাই পৰিৱৰ্তন হয় তদুপৰি ই নিৰ্জীৱ । 


৮ | ‘নির্বাণ’ মানে কি বুজা?

উত্তৰঃ 'নিৰ্বাণ' মানে হ'ল মৃত্য়ুৰ পিছত আত্মাই পুনৰ জীৱনৰ পৰা মুক্তি পোৱা ।


৯। চৈত্য বুলিলে কি বুজা ?

উত্তৰঃ শৱদাহৰ পিছত থাকি যোৱা চিতাভস্ম অৱশিষ্টখিনি এটা টিলা বা টিপ বনাই ৰখা হৈছিল । অন্তিম সংস্কাৰৰ সৈতে জড়িত এই টিপক চৈত্য় বুলি জনা যায় । 


১০। প্রাচীন কালত কোনবিলাক ঠাই পবিত্র বুলি গণ্য কৰা হৈছিল?

উত্তৰঃ প্ৰাচীন কালত গছৰ সৈতে জড়িত ঠাই, অতুলনীয় শিল, বা বিস্ময়কৰ প্ৰাকৃতিক সৌন্দৰ্যময় ঠাই পবিত্ৰ বুলি গণ্য় কৰা হৈছিল ।


১১। বৌদ্ধ ধর্মৰ লগত জড়িত চাৰিখন উল্লেখযােগ্য ঠাইৰ নাম লিখা।

উত্তৰঃ বৌদ্ধ ধৰ্মৰ লগত জড়িত চাৰিখন উল্লেখযোগ্য় ঠাইৰ নাম হ'ল  ভাৰহুট, সাঁচী, অমৰাৱতী, সাৰনাথ ।


১২। মহাযান আৰু হীনযান পন্থীৰ মাজৰ দুটা পার্থক্য লিখা।

উত্তৰঃ  মহাযান সকলে বুদ্ধৰ মূৰ্তিপূজা আৰু ভক্তিক মুক্তিৰ পথ বুলি বিবেচনা কৰে । আনহাতে হীনযানসকলে বৌদ্ধধৰ্মৰ আদি মতকে মানি চলে ।তেওঁলোকে আৰ্যমাৰ্গকেই মুক্তিৰ একমাত্ৰ পথ বুলি মানি চলে । মহাযান সকলে ভক্তিক শ্ৰেয় বুলি ভাবে । হীনযান সকলে নৈতিক আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।


১৩। জৈন ধৰ্মৰ ভিক্ষু আৰু ভিক্ষুণীসকলে পালন কৰিব লগা পাঁচটা নীতি কি আছিল?

উত্তৰঃ   জৈন ধৰ্মৰ ভিক্ষু আৰু ভিক্ষুণীসকলে পালন কৰিব লগা পাঁচটা নীতি হ'ল- অহিংসা, সত্য় কথা কোৱা, চুৰি নকৰা, ব্ৰহ্মচৰ্য পালন আৰু সম্পত্তি আহৰণৰ পৰা বিৰত থকা ।                                                                                      

১৪। গৌতম বুদ্ধৰ মতে অস্তমার্গ যি প্রত্যেক বৌদ্ধধর্মী লােকে অনুসৰণ কৰিব লাগে। -চমুকৈ লিখা।

উত্তৰঃ অষ্টমাৰ্গ হ'ল সৎ কাৰ্য, সৎ জীৱন, সৎ প্ৰচেষ্টা, সৎ চিন্তা, সৎ চেতনা, সৎ প্ৰতিজ্ঞা আৰু সৎ দৰ্শন । বৌদ্ধ পৰম্পৰা অনুসৰি বুদ্ধ তেওঁৰ শিষ্যসকলৰ প্ৰতি অন্তিম উপদেশ আছিল- ''তোমালোকে সকলো নিজেই নিজৰ জ্য়োতি হোৱা, কিয়নো, তুমি নিজেই নিজৰ মুক্তিৰ পথ প্ৰশস্ত কৰিব লাগিব ।''

১৫। মহাবীৰৰ দুটা বাণী লিখা।

উত্তৰঃ মহাবীৰৰ দুটা বাণী হৈছে-

ক) ইন্দ্ৰিয় সুখ ত্য়াগ কৰা।

খ) সম্পত্তিৰ মোহ ত্য়াগ কৰি নিষ্কাম ভাৱে কঠোৰ তপস্য়াত ব্ৰতী হোৱা। 


◻️ বহলাই লিখা ঃ

১। বৌদ্ধ ভিক্ষু আৰু ভিক্ষুনীসকলে পালন কৰা নীতি-নিয়মসমূহ আলােচন কৰা।

উত্তৰঃ বৌদ্ধ ভিক্ষু আৰু ভিক্ষুনীসকলে পালন কৰা নীতি-নিয়মসমূহ হ'ল - এজন ভিক্ষুৱে এখন নতুন কম্বল প্ৰস্তুত কৰিলে সেইখন অতি কমেও ছয় বছৰ ব্য়ৱহাৰ কৰিব লাগিব। যদি ভিক্ষুসকলৰ বিনা অনুমতিত ছয় বছৰ পূৰ্বেই আৰু এখন নতুন কম্বল প্ৰস্তুত কৰে, তেনেহ'লে তেওঁৰ পুৰণা কম্বলখন ত্য়াগ কৰক বা নকৰক, নতুন কম্বলখনৰ বাবে অপৰাধ স্বীকাৰ কৰিব লাগিব ।

        কোনো গৃহস্থৰ ঘৰত ভিক্ষা কৰাৰ সময়ত এজন ভিক্ষুৱে ইচ্ছা কৰিলে দুই-তিনি বাতি ৰুটি বা প্ৰস্তুত কৰা আহাৰ গ্ৰহণ কৰিব পাৰিব। যদি ইয়াতকৈ বেছি গ্ৰহণ কৰে, তেতিয়াহ'লে তেএঁ অপৰাধ স্বীকাৰ কৰিব লাগিব আৰু বেছিকৈ গ্ৰহণ কৰা খিনি আন ভিক্ষুৰ সৈতে ভগাই ল'ব লাগিব। ইয়াকে সম্য়ক আচৰণ বুলি কোৱা হয় ।

    বিহাৰ বা সংঘত থকা এজন ভিক্ষুৱে প্ৰস্থানৰ দৰে নিজৰ দ্বাৰা বা আনে পাৰি থৈ যোৱা বিছনা-পাতি সামৰি থৈ নাসামৰাকৈ বা বিদায় নোলোৱাকৈ প্ৰস্থান কৰিলে নিজৰ অপৰাধ স্বীকাৰ কৰিব লাগিব । 


২। বৌদ্ধ ধর্মৰ শিকনিসমূহৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ বুদ্ধৰ শিকনিসমূহ পিটকত পোৱা যায়। বিশেষকৈ সূত্ত পিটকৰ কাহিনীবোৰত বুদ্ধৰ শিকনিসমূহ পোৱা গৈছে । কিছুমান কাহিনীত বুদ্ধৰ অলৈকিক শক্তিৰ কথা বৰ্ণনা কৰিছে। আনহাতে কিছুমান কাহিনীত উপদেশ দিছে। প্ৰকৃততে বুদ্ধই অলৌকিক শক্তি প্ৰদৰ্শনেৰে নহয় বৰঞ্চ যুক্তি-তৰ্ক আৰু বিবেকৰ দ্বাৰাহে মানুহক বুজাবলৈ যত্ন কৰিছিল । উদাহৰণ স্বৰূপে যেতিয়া এগৰাকী শোকবিহ্বল বৃদ্ধা মাতৃয়ে তেওঁৰ সন্তানৰ মৃত্য়ুত বুদ্ধৰ ওচৰলৈ আহিছিল, তেতিয়া বুদ্ধই মৃত্য়ু যে অনিবাৰ্য তাক অতি নম্ৰভাৱে বুজাবলৈ সক্ষম হৈছিল। এই কাহিনীবোৰ সহজ-সৰল সৰ্বসাধাৰণ চহা মানুহৰ ভাষাত কোৱা হৈছিল যৈতে সকলোৱে সহজে বুজিব পাৰে ।

        বৌদ্ধদৰ্শন মতে পৃথিৱীখন ক্ষণস্থায়ী (অণিকা) আৰু সঘনাই পৰিৱৰ্তন হয় । তদুপৰি ই নিৰ্জীৱ (অনন্ত) । সেইবাবে ইয়াত স্থায়ী বা নিত্য বুলি একো নাই । এই ক্ষণস্থায়ী বিশ্বৰ ভিতৰত মানুহৰ জন্মই দুখৰ কাৰণ । কামনা, বাসনা, তৃষ্ণা, আসক্তি, মোহ আদি প্ৰবৃত্তি সেই দুখৰ কাৰণ। দুখ নিবাৰণৰ কাৰণে সঠিক পথ অনুসৰণ কৰিব লাগিব। তেতিয়াহে মানৱ জীৱনে এই পাৰ্থিৱ কষ্টসমূহৰ পৰা মুক্ত হ'ব পাৰিব । প্ৰাচীন বৌদ্ধধৰ্মত মত অনুসৰি ঈশ্বৰ আছেনে নাই সেইটো অপ্ৰাসংগিক, সেয়ে বৌদ্ধধৰ্মত ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে কোনো আলোচনা নাই । সমাজ সম্পৰ্কে বুদ্ধৰ ধাৰণা আছিল যে সমাজ মানুহৰ দ্বাৰা সৃষ্ট ভগৱানৰ দ্বাৰা নহয় । মানুহৰ নানা ধৰণৰ অভাৱ আছে আৰু সেই অভাৱবোৰ সমাজতহে পূৰণ কৰিব পাৰি । সেয়ে তেওঁ ৰাজন আৰু গৃহপাতি সকল দয়াৱান আৰু সদাচাৰী হ'বলৈ উপদেশ দিছে । কিয়নো প্ৰচেষ্টাৰেহে সামাজিক পৰিৱেশ পৰিৱৰ্তন কৰাটো সম্ভৱ হয় । 

        নিৰ্বাণ লাভ কৰাটো বৈদ্ধধৰ্মৰ মূল কথা । মৃত্য়ুৰ পিছত আত্মাই পুনৰ জীৱন লাভ কৰে । পুনৰ জীৱন লাভ কৰিলেও আগৰ জীৱনৰ কৰ্মফল ভোগ কৰিব লগীয়া হয় । গতিকে পুনৰ জন্ম বন্ধ কৰিব পাৰিলেহে মানুহে দুখৰ পৰা মুক্তি পাব বা নিৰ্বাণ লাভ কৰিব । ইয়াৰ উপৰি বিদ্ধই চাৰিটা সত্য়ৰ কথা কৈছে । সেই কেইটা আৰ্য সত্য় বা পৰম সত্য় বুলি কোৱা হয় । আসক্তি বিনাশৰ কাৰণে বুদ্ধদেৱে অষ্টমাৰ্গৰ কথা কৈছে । সেই অষ্টমাৰ্গ হ'ল সৎ কাৰ্য, সৎ জীৱন, সৎ প্ৰচেষ্টা, সৎ চিন্তা, সৎ চেতনা, সৎ প্ৰতিজ্ঞা আৰু সৎ দৰ্শন । বৌদ্ধ পৰম্পৰা অনুসৰি বুদ্ধ তেওঁৰ শিষ্যসকলৰ প্ৰতি অন্তিম উপদেশ আছিল- ''তোমালোকে সকলো নিজেই নিজৰ জ্য়োতি হোৱা, কিয়নো, তুমি নিজেই নিজৰ মুক্তিৰ পথ প্ৰশস্ত কৰিব লাগিব ।'' 


৩। জৈন ধৰ্মৰ মূল নীতিসমূহৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ জৈন ধৰ্ম মূল নীতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    জৈন ধৰ্ম প্ৰৱৰ্তক আছিল মহাবীৰ আছিল যদিও এই ধৰ্মৰ প্ৰকৃত প্ৰলৰ্তকজন হৈছে ঋষভ। জৈন ধৰ্মৰ উল্লেখযোগ্য় দৰ্শন হ'ল গোটেই পৃথিৱীৰখনে সজীৱ, পাথৰ, শিল আৰু পানীৰো প্ৰাণ আছে। জৈনধৰ্মৰ প্ৰধান অংগ হৈছে গছ-গছনি, নদ-নদী আৰু পৰ্বত-পাহাৰ। মানুহ, জন্তু, কীট-পতঙ্গ আৰু গছ-গছনি অপকাৰ নকৰাটো জৈন ধৰ্মৰ মূলমন্ত্ৰ।  জৈন ধৰ্মই অহিংসা-নীতিৰ ওপৰত গুৰুত্ব দিছিল। জৈন ধৰ্ম মতে মানুহে কৰ্ম  যোগেদি জন্ম আৰু পুনঃজন্ম এই বৃত্তৰ মাজত ঘূৰি থাকে। কৰ্মফলৰ অপবিত্ৰতাৰ পৰা মুক্ত হোৱাটোৱে জৈন ধৰ্মৰ মূল কথা আছিল। 

    জৈন ধৰ্মৰ সন্ন্য়াসী তপস্বীসকলে পাঁচটা নীতি মানি চলিছিল। সেই নীতি কেইটা হ'ল অহিংসা, সত্য় কথা কোৱা, চুৰি নকৰা, ব্ৰহ্মচৰ্য পালন আৰু সম্পত্তি আহৰণৰ পৰা বিৰত থকা। জৈন ধৰ্ম ভাৰতৰ বিভিন্ন অংশত প্ৰচাৰ হৈছিল। তেওঁলোকে বিভিন্ন ভাষাৰে গ্ৰন্থ ৰচনা কৰিছিল, যেনে সংস্কৃত আৰু তামিল ভাষা। 


৪। সাঁচী স্তূপ সংৰক্ষণৰ ক্ষেত্ৰত ভূপালৰ বেগমৰ ভূমিকা আলােচনা কৰা।

উত্তৰঃ  সাঁচী স্তূপ সংৰক্ষণৰ ক্ষেত্ৰত ভূপাল বেগমৰ ভূমিকা বিষয়ে তলত আলোচনা কৰা হ'ল 

    ভূপালৰ পৰা উত্তৰ-পূৱে প্ৰায় ২০ মাইল দূৰত্ব, সাঁচীৰ কণাক্ষেৰা নামৰ পৰ্বতৰ দাঁতিৰ এখন সৰু গাঁৱত ভূপালৰ আটাইতকৈ প্ৰাচীন অট্টালিকাটো অৱস্থিত। গাওঁখন পৰিদৰ্শন কৰাৰ সময়ত তাত শিলৰ ভাস্কৰ্য, বুদ্ধৰ মূৰ্তি আৰু প্ৰাচীন তোৰণসমূহ চাইছিল। মেজৰ আলেকজেণ্ডাৰ কানিংহাম আছিল অন্য়তম। তেওঁ ভূপালৰ ওচৰৰ ঠাইসমূহত কেইবাসপ্তাহো আছিল আৰু তেওঁ এই ভগ্নাৱশেষবোৰ সাৱধানেৰে পৰীক্ষা কৰিছিল। তেওঁ ঠাইখনৰ ছবি লৈছিল। ভূপাল বুৰঞ্জীৰ পৰা উদ্ধৃত। 

    সাঁচীৰ স্তূপে ১৯শ শতিকাৰ ইউৰোপীয়ানসকলক অত্য়ন্ত আকৰ্ষিত কৰিছিল। ফৰাচীসকলে ফ্ৰান্সৰ সংগ্ৰহালয়ত প্ৰদৰ্শন আৰু সংৰক্ষণৰ নামত পূৱ ফালৰ তোৰণখন আঁতৰাই নিবৰ বাবে ছাহজাহান বেগমৰ অনুমতি বিচাৰিছিল। ইংৰাজসকলেও কিছু সময় কাৰণে ইয়াকে কৰিব বিচাৰিছিল। কিন্তু ফৰাচী আৰু ইংৰাজ দুয়োপক্ষই বৰ সাৱধানেৰে সাঁচত ঢালি প্ৰস্তুত কৰা হুবহু তোৰণখন সন্তুষ্ট হৈছিল। ইয়াৰ ফলত স্তূপৰ মূল তোৰণখন পূৰ্বৰ স্থানতে অক্ষত অৱস্থাত আছিল। যিখন বৰ্তমানলৈ ভূপালৰ এটা অংশ হৈ আছে। ভূপালৰ শাসকদ্বয় ছাহজাহান বেগম আৰু তেওঁৰ উত্তৰাধিকাৰী জেহান বেগমে এই প্ৰাচীন ঠাইখনত সংৰক্ষণৰ বাবে অনুদান আগবঢ়াইছিল। বেগমে তেওঁৰ সঞ্চিত ধনেৰে তাত এটা যাদুঘৰ আৰু আলহীঘৰ নিৰ্মাণ কৰিছিল। সেই ঠাইতে থাকি জন মাৰ্চালে গ্ৰন্থখনৰ ৰচনা কাম কৰিছিল। তেওঁ গ্ৰন্থখনৰ প্ৰকাশৰ বাবেও অনুদান আগবঢ়াইছিল। সাঁচীৰ স্তূপ আজিও অক্ষত অৱস্থাতে আছে।   


৫। বৈষ্ণৱবাদ আৰু শৈৱবাদৰ সৈতে জড়িত মূর্তিকলা বিকাশৰ বিষয়ে আলােচনা কৰা।

উত্তৰঃ বৈষ্ণৱবাদ আৰু শৈৱবাদৰ সৈতে জড়িত মূৰ্তিকলা বিকাশৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

    বৌদ্ধধৰ্মৰ বাহিৰে আন বহুতো ত্ৰাণকৰ্ত্তা, ধাৰণাটো পোৱা যায়। পৰম্পৰাবোৰৰ ভিতৰত বিভিন্ন দিশত একে ধৰণে বিশ্বাস বিকাশ হয়। যিবোৰক হিন্দু ধৰ্মৰ এটা অংশ বুলি কোৱা হয়। এইবোৰৰ ভিতৰত বৈষ্ণৱ ধৰ্ম আৰু শৈৱধৰ্ম পৰম্পৰা অন্তৰ্ভূক্ত আছিল। এই পৰম্পৰাসমূহত এজন বিশেষ দেৱতাৰ পূজা অৰ্চনাত গুৰুত্ব আৰোপ কৰা হয়। এনে ধৰণৰ পূজা অৰ্চনাত ভক্ত আৰু ঈশ্বৰৰ মাজৰ সম্পৰ্ক প্ৰেম আৰু আত্মা সমৰ্পণৰ সম্পৰ্ক বুলি ধাৰণা কৰা হৈছিল। ইয়াকে ভক্তি বুলি কোৱা হয়। 

    বৈষ্ণৱবাদত ভগৱানৰ বিভিন্ন অৱতাৰক গুৰুত্ব দি পূজা অৰ্চনা কৰা হৈছিল। এই পৰম্পৰাত ভগৱানৰ দহটা অৱতাৰ স্বীকাৰ কৰা হয়। দেশখনৰ ভিন ভিন প্ৰান্তৰত ভিন ভিন অৱতাৰ জনপ্ৰিয় আছিল। বৈষ্ণৱবাদৰ বিভিন্ন অৱতাৰসমূহৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল। তেওঁলোকৰ গুণ আৰু প্ৰতীকসমূহ শিৰাভূষণ, অস্ত্ৰ-শস্ত্ৰ, অলংকাৰ আৰু আয়ুধ্য়ৰ, ধ্য়ান শৈলীৰ আৰু শুভ চিহ্নযুক্ত বস্তু দ্বাৰা দেখুওৱা হৈছিল। বহুতো কাহিনী ব্ৰাহ্মণসকলৰ দ্বাৰা সংকলিত পুৰাণসমূহত পোৱা যায়।  


৬। স্তূপসমূহৰ গঠন শৈলী আলোচনা কৰা।

উত্তৰঃ স্তূপ নিৰ্মাণ এই যুগৰ অন্য়তম শ্ৰেষ্ট স্থাপত্য় কীৰ্তি। স্তূপবোৰ প্ৰথমতে সাধাৰণ মাটিৰ অৰ্দ্ধ গোলাকৃতিৰ ঢিপৰ দৰে আছিল; যাক পিছলৈ অন্দা বুলি কোৱা হৈছিল । লাহে লাহে ইয়াৰ গঠন শৈলী ক্ৰমে জটিল হৈ বৰ্গাকৃতি  আৰু সন্তুলিত গোলাকৃতি ৰূপত প্ৰকাশ পালে । অন্দাৰ ওপৰত হাৰমিকা আছিল । ই বেলকণিৰ দৰে আছিল আৰু ই দেৱতাৰ আৱাস গৃহক প্ৰতিনিধিত্ব কৰিছে । হাৰমিকাৰ ওপৰত এটি মাস্তুল আছিল । ইয়াক য়ষ্ঠি বুলি কোৱা হৈছিল । য়ষ্ঠীৰ ওপৰত আকৌ এটা ছত্ৰ বা ছাতি নিৰ্মাণ কৰা হৈছিল। ঢিপটোৰ চাৰিওফালে এখন বেৰা/ৰেলিং দিয়া আছিল; যি পবিত্ৰ স্থান টুকুৰাক সাধাৰণ ঠাইৰ পৰা পৃথক কৰিছিল ।

        সাঁচী আৰু ভাৰহুটৰ প্ৰাৰম্ভিক স্তূপসমূহৰ গঠন শৈলী সাধাৰণ আছিল যদিও চাৰিওফালে শিলৰ ৰেলিং দিয়া আছিল । এইবিলাক কাঠ-বাঁহৰ বেৰাৰ দৰে আছিল আৰু  অলংকৰণৰ অভাৱ পৰিলক্ষিত হৈছিল । স্তূপৰ চাৰিওদিশে চাৰিখন সু-সজ্জিত তোৰণ আছিল । ভক্তসকলে পূব দিশৰ তোৰণখনেৰে প্ৰৱেশ কৰি ঘড়ীৰ কাঁটাৰ দিশত মূল স্তূপৰ সোঁহাতে ৰাখি দক্ষিণাবৰ্তন প্ৰদক্ষিণ কৰে । আকাশমাৰ্গত সূৰ্যৰ পথৰ অনুকৰণত এই পৰম্পৰা পালন কৰা হৈছিল বুলি ভক্তসকলে ধাৰণা কৰিছিল । পিছলৈ অমৰাৱতী আৰু পেশোৱাৰৰ শাহ  জী-কি-ঢেৰী স্তূপৰ বেদীত বিস্তিত পৰিমাণে মূৰ্তি আৰু অলংকৰণৰ নক্সা খোদিত কৰাৰ উদাহৰণ পোৱা যায় ।


৭। সাঁচীৰ ভাস্কর্যসমূহৰ অর্থ উদ্ধাৰৰ ক্ষেত্ৰত বৌদ্ধ সাহিত্যৰ ভূমিকা কেনে আছিল বুলি ভাবা?

উত্তৰঃ 


৮ | বৌদ্ধ ধর্মগ্রন্থসমূহ কেনেকৈ সংকলন আৰু সংৰক্ষণ কৰা হৈছিল আলােচনা কৰা।

উত্তৰঃ বৌদ্ধ গ্ৰন্থসমূহ কিদৰে প্ৰস্তুত  আৰু সংৰক্ষণ কৰা হৈছিল সেইটো এক গুৰুত্বপূৰ্ণ বিযয় আছিল । আন ধৰ্মপ্ৰচাৰকসকলৰ দৰে বুদ্ধইও ধাৰ্মিক তথা লোক-কল্য়াণমূলক তত্ত্ব আৰু উপদেশসমূহ মৌখিক ৰূপত প্ৰচাৰ কৰিছিল । পুৰুষ-মহিলা সম্ভৱতঃ ল'ৰা-ছোৱালীও তেওঁৰ শ্ৰোতা আছিল । বুদ্ধৰ জীৱন কালত তেওঁৰ কোনো বক্তৃতা বা ধৰ্মমূলক উপদেশসমূহ লিপিবদ্ধ কৰা হোৱা নাছিল । তেওঁৰ মৃত্য়ুৰ পিছত বৈশালীত অনুষ্ঠিত এখন ধৰ্মীয় আলোচনা সভাত তেওঁৰ জ্যেষ্ঠ ভিক্ষুসকলৰ দ্বাৰা তেওঁৰ এই ধৰ্মৰ বাণীসমূহ সংকলন কৰা হৈছিল । সি যি কি নহওক এনেদৰে লিখিত ৰূপ পোৱা বৌদ্ধ দৰ্শনৰ মূল গ্ৰন্থখন ত্ৰিপিটক নামে জনা যায় । ইয়াৰ শব্দগত অৰ্থ হ'ল তিনিটা পাচি । এইবোৰ প্ৰথমে মৌখিক ভাবে এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰিত হৈছিল । তাৰ পিছতহে বিষয় অনুসৰি এইবোৰ শ্ৰেণী বিভাগ কৰি লিপিবদ্ধ কৰা হৈছিল । ত্ৰিপিটক  তিনিখন পিটকৰ সমষ্টি । সেই কেইখন হ'ল- বিনয়, সূত্ত আৰু অভিধৰ্ম্ম পিটক ।


৯। অমৰাৱতী আৰু সাঁচী স্তূপৰ আৱিষ্কাৰৰ কাহিনী লিখা।

উত্তৰঃ ১৯৭৬ খৃঃত এজন স্থানীয় ৰজাই অমৰাৱতীত এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল ।  হঠাৎ তাত অমৰাৱতী স্তূপৰ অৱশেষ উদ্ধাৰ হ'ল। তেওঁ মন্দিৰৰ কামত পাথৰৰ ব্যৱহাৰৰ সিদ্ধান্ত ল'লে আৰু দেখাত টিলা যেন লগা টিপটোত বহু ধন-সম্পত্তি পুতি থোৱা আছিল বুলি তেওঁৰ ধাৰণা হৈছিল। তাৰ কিছু বছৰৰ পিছত কলিন মেকেঞ্জী নামৰ এজন বৃটিছ বিষয়াই সেই ঠাইখন পৰিদৰ্শন কৰিছিল। তেওঁ তাত ভালেমান মূর্তি উদ্ধাৰ কৰিলে আৰু সেইবোৰৰ বিস্তৃত নক্সাও তৈয়াৰ কৰিছিল। কিন্তু তেওঁ প্ৰস্তুত কৰা বিৱৰণ কেতিয়াও প্ৰকাশ নকৰিলে ।

        ১৮৫৪ খৃঃত অন্ধ্রপ্রদেশৰ গুটুৰৰ গৱৰ্ণৰ বাল্টাৰ ইলিয়টে (Walter Elliot) অমৰাৱৰ্তী পৰিদৰ্শন কৰিছিল। তেওঁ তাত ভালেমান শিলত খোদিত মূৰ্তি উদ্ধাৰ কৰি মাদ্ৰাজলৈ লৈ গৈছিল। (ইলিয়টৰ মৃত্যুৰ পিছত এইবোৰ ইলিয়ট মাৰ্বল বুলি জনা যায়)। তেওঁ পশ্চিম ফালৰ তোৰণখনৰ স্মৃতিচিহ্ন উদ্ধাৰ কৰি এইটো সিদ্ধান্তলৈ আহিছিল যে অমৰাৱৰ্তী স্তূপ আকাৰ আৰু গঠনশৈলীৰ ফালৰ পৰা অন্যতম এটা ডাঙৰ আৰু ঐশ্বর্যশালী বৌদ্ধ স্তূপ আছিল। ১৮৫০ খৃঃৰ পৰা অমৰাৱতীৰ চিত্র খোদিত শিলসমূহ বিভিন্ন স্থানলৈ তুলি নিবলৈ আৰম্ভ কৰিছিল। যেনে–কলিকতাৰ এছিয়াটিক চছাইটি অৱ বেংগল, মাদ্ৰাজৰ ইণ্ডিয়া অফিঞ্চ আৰু কিছুমান আনকি লণ্ডনলৈও নিয়া হৈছিল। অমৰাৱতীৰ সুন্দৰ সুন্দৰ চিত্ৰ খোদিত শিলসমূহে বৃটিছ প্রশাসকসকলৰ বাগিছা শুৱনি কৰাটো তেনেই সাধাৰণ কথা হৈ পৰিল। বাস্তৱিকতে এই অঞ্চলৰ যিকোনো নতুন বিষয়াই আগৰসকলৰ দৰে ইয়াৰ পৰা শিলৰ ভাস্কৰ্যসমূহ লৈ গৈছিল।

        প্রত্নতত্ত্ববিদ H. H. Cole-ৰ দৰে খুউব কম সংখ্যক মানুহৰহে এটা পৃথক দৃষ্টিভংগী আছিল। তেওঁ লিখিছিল— “দেশৰ এই প্রাচীন কলাকৃতিসমূহৰ মূল বস্তুবোৰ লুট কৰিবলৈ দিয়াটো এটা আত্মঘাটী আৰু অসংৰক্ষিত নীতি যেন বোধ হয়।” তেওঁ মূল ভাস্কৰ্যসমূহ উদ্ধাৰ হোৱা ঠাইতে সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সংগ্ৰহালয়বোৰত প্লাষ্টাৰৰ অবিকল প্রতিকৃতি ৰখাৰ কথা কৈছিল। দুর্ভাগ্যবশতঃ Cole-য়ে অমৰাৱতীৰ সংৰক্ষণৰ ক্ষেত্ৰত কৰ্তৃপক্ষক সন্মত কৰাত সফল হ'ব নোৱাৰিলে। কিন্তু থলীতে সংৰক্ষণ পদ্ধতি সাঁচীৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছিল।

        অমৰাৱতী ধ্বংসৰ সময়ত সাঁচী স্তূপ বৰ্ত্তি থাকিল কিয়? সম্ভৱতঃ পণ্ডিত বিশেষজ্ঞসকলে । ইয়াৰ মূল্য বুজি পোৱাৰ আগতেই অমৰাৱতী স্তূপ উদ্ধাৰ হৈছিল। পুৰাতাত্ত্বিক সমলসমূহে উদ্ধাৰ হোৱা স্থানতে সংৰক্ষণ কৰাটো কিমান গুৰুত্বপূৰ্ণ সেই কথা তেওঁলোকে বুজি পোৱা নাছিল। ১৮১৮ খৃত সাঁচী স্তূপ উদ্ধাৰ হোৱা সময়ত চাৰিখন তোৰণৰ তিনিখন অক্ষত অৱস্থাত থিয় হৈ আছিল আৰু চাৰি নম্বৰখন ঠাইতে পৰি আছিল আৰু টিপটোও যথেষ্ট ভাল অৱস্থাত পোৱা গৈছিল। তথাপি এইটো পৰামৰ্শ দিয়া হৈছিল যে তোৰণখন হয় পেৰিচ বা লণ্ডনলৈ লৈ যোৱা হওক। অৱশেষত বহুতো কাৰকে সাঁচীক ইয়াতে ৰখাত সহায় কৰিলে আৰু সেইবাবে সাঁচী আজিও সগৌৰৱেৰে থিয় হৈ আছে। আনহাতে অমৰাৱতীৰ মহা চৈত্যটো বর্তমান এটা সামান্য টিপহে মাত্ৰ, ইয়াৰ আগৰ গৌৰৱ সম্পূৰ্ণৰূপে লুপ্ত হৈছে।


১০। শিল, ইটা, ভাস্কর্য, চিত্রকলা ইত্যাদিৰ পৰা ইতিহাস পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সন্মুখীন হােৱা কেইটামান সমস্যা উল্লেখ কৰা।

উত্তৰঃ 

১১। স্তূপসমূহ কিয় আৰু কেনেদৰে নিৰ্মাণ কৰা হৈছিল বর্ণনা কৰা।

উত্তৰঃ সেই সময়ত স্তূপ নিৰ্মাণ কৰাৰ উদ্দেশ্য কি আছিল? উত্তৰত এইটো ক'ব পাৰি যে কিছুমান ঠাই বুদ্ধৰ অৱশিষ্টৰ সৈতে জড়িত আছিল। যেনে— তেওঁৰ চিতাভস্ম, অস্থি বা তেওঁৰ দ্বাৰা ব্যৱহৃত বস্তু তাত পুতি থোৱা হৈছিল। এইবোৰ ঢাপ মাৰি দিছিল আৰু স্তূপ নামে জনা গৈছিল।

        স্তুপ নিৰ্মাণ কৰা পৰম্পৰা প্ৰাক্ বৌদ্ধ যুগৰো হ'ব পাৰে। কিন্তু এইবোৰ বৌদ্ধধৰ্মৰ সৈতে জড়িত হৈ আছিল৷ এইবোৰে বুদ্ধৰ অৱশিষ্ট বহন কৰা বাবে পবিত্ৰ বুলি গণ্য কৰা হৈছিল। গোটেই স্বপবোৰক বুদ্ধদেৱ আৰু বৌদ্ধধৰ্ম দুয়োটাৰে প্ৰতীক বুলি পূজা কৰিছিল। বৌদ্ধ সাহিত্য অশোকবন্দনা মতে অশোকে বুদ্ধদেৱৰ চিতাভস্ম প্রত্যেকখন উল্লেখযোগ্য নগৰতে বিলাইছিল। কথিত আছে যে অশোকে দেশ জুৰি ৮৪০০০ স্তূপ নিৰ্মাণ কৰাইছিল। অৱেশ্যে এই সংখ্যাটো অতিৰঞ্জিত যেন ধাৰণা হয়। কেইবা শতিকাৰ পিছত হিউৱেন চাঙে ভ্ৰমণ কৰাৰ সময়ত ভাৰতত বহুতো স্তূপ দেখাৰ কথা উল্লেখ কৰিছে। তাৰ ভিতৰত ভাৰহুট, সাঁচী, অমৰাৱতী, সাৰনাথ আদিয়েই প্রধান।

         অট্টালিকা নিৰ্মাণ আৰু সেইবোৰ অলংকৃত কৰিবৰ কাৰণে দান আগবঢ়োৱাৰ তথ্য স্তূপৰ বেৰা আৰু স্তম্ভবোৰত থকা লিপিৰ পৰা জনা গৈছে। কিছুমান দান সাতবাহন ৰজাসকলে আগবঢ়াইছিল। অন্য কিছুমান আগবঢ়াইছিল নিগমবোৰে। যেনে—সাঁচী স্তূপৰ এখন তোৰণৰ নিৰ্মাণৰ ব্যয় বহন কৰিছিল হাতী দাঁতৰ কাম কৰা শিল্পীসকলে। শ শ পুৰুষ-মহিলাই আগবঢ়োৱা দান নাম সহ উল্লেখ কৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁলোকে তেওঁলোকৰ গাঁও আৰু চহৰৰ নামো উল্লেখ কৰিছিল। ইয়াৰোপৰি তেওঁলোকৰ জীৱিকা আৰু তেওঁলোকৰ সম্বন্ধীয় লোকৰ নামো উল্লেখ কৰিছিল। ভিক্ষু আৰু ভিক্ষুণীসকলেও এইবোৰৰ নিৰ্মাণৰ বাবে দান-বৰঙণি আগবঢ়াইছিল। 

Type: Pallab Jyoti Bora

Author: Monikongkona Saikia 


Important Question Answers 


১) ০বৌদ্ধধৰ্মৰ গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  বৌদ্ধধৰ্মৰ গ্ৰন্থখনৰ নাম হল ত্ৰিপিটক ।


২) ত্ৰিপিটক কেইখন পিটকৰ সমষ্টি আৰু কি কি ।

উত্তৰঃ  ত্ৰিপিটক তিনিখন পিটকৰ সমষ্টি যেনে 

ক) বিনয় পিটক ।

খ) সূত্ত পিটক ।

গ) অভিধৰ্ম পিটক । 


৩) মহাবীৰৰ আগৰজন তীৰ্থাংকৰৰ নাম কি ।

উত্তৰঃ  মহাবীৰৰ আগৰজন তীৰ্থাংকৰৰ নাম হল পাৰ্শ্বনাথ ।


৪) বুদ্ধদেৱৰ বাল্যনাম কি আছিল ।

উত্তৰঃ  বুদ্ধদেৱৰ বাল্যনাম আছিল সিদ্ধাৰ্থ ।


৫) গৌতম বুদ্ধৰ পিতৃ-মাতৃৰ নাম কি আছিল ।

উত্তৰঃ  গৌতম বুদ্ধৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে শুদ্ধোধন আৰু মায়াদেৱী ।


৬) কিমান চনত ৱাল্টাৰ ইলিয়েটে অমৰাৱতী পৰিদৰ্শন কৰিছিল ।

উত্তৰঃ ১৮৫৪ চনত অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰৰ গৱৰ্ণৰ ৱাল্টাৰ ইলিয়েটে অমৰাৱতী পৰিদৰ্শন কৰিছিল । 


৭) এজন আধুনিক কলা ইতিহাসবিদৰ নাম লিখা ।

উত্তৰঃ  এজন আধুনিক কলা ইতিহাসবিদৰ নাম হল জেমচ ফাৰ্গুচন ।


৮) গৌতম বুদ্ধই জন্মলাভ কৰা ঠাইখনৰ নাম কি ।

উত্তৰঃ  গৌতম বুদ্ধই জন্মলাভ কৰা ঠাইখনৰ নাম হল লুম্বিনী ।


৯) গৌতম বুদ্ধই পৰম জ্ঞান লাভ কৰা ঠাইখনৰ নাম কি ।

উত্তৰঃ  গৌতম বুদ্ধই পৰম জ্ঞান লাভ কৰা ঠাইখনৰ নাম হল বুদ্ধগয়া ।


১০ঃ গৌতম বুদ্ধৰ পত্নীৰ নাম কি আছিল ।

উত্তৰঃ  গৌতম বুদ্ধৰ পত্নীৰ  নাম আছিল যশোধৰা । 


১১)  জৈন ধৰ্মৰ আটাইতকৈ উল্লেখযোগ্য দৰ্শন কি ।

উত্তৰঃ  জৈন ধৰ্মৰ আটাইতকৈ উল্লেখযোগ্য দৰ্শন হল যে গোটেই পৃথিৱীখনেই সজীৱ, আনকি পাথৰ, শিল আৰু প্ৰাণীৰো পাণ আছে ।


১২) জৈনধৰ্মৰ সন্ন্যাসী আৰু তপস্বীসকলে মানি চলা নীতি কেইটা আৰু কি কি ।

উত্তৰঃ  জৈনধৰ্মৰ সন্নযাসী আৰু তপস্বীসকলে মানি চলা নীতি ৫টা যেনে 

ক) অহিংসা ।

খ) সত্য কথা কোৱা ।

গ) চুৰি নকৰা ।

ঘ) ব্ৰহ্মচৰ্য পালন ।

ঙ) সম্পত্তি আহৰণৰ পৰা বিৰত থকা ।


১৩) গৰ্ভগৃহ কাক বোলে ।

উত্তৰঃ  প্ৰাৰম্ভিক অৱস্থাত মন্দিৰসমূহ এটা সৰু বৰ্গক্ষেত্ৰাকাৰ কোঠা আছিল, যাক গৰ্ভগৃহ বুলি কোৱা হৈছিল ।


১৪) কিমান খ্ৰীঃত কলিকতাত Indian Museum প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ  ১৮১৪ খ্ৰীঃত কলিকতাত Indian Museum প্ৰতিষ্ঠা কৰা হৈছিল ।


১৫) গজলক্ষ্মী কোন ।

উত্তৰঃ  গজলক্ষ্মী হল হাতীৰ সৈতে জড়িত দেৱী । 


১৬) কিমান খ্ৰীঃত সাঁচীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল ।

উত্তৰঃ  ১৯৮৯ খ্ৰীঃত সাঁচীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল । 


১৭) বৌদ্ধধৰ্মৰ মূল কথা কি ।

উত্তৰঃ  বৌদ্ধধৰ্মৰ মূল কথা হল নিৰ্বাণ লাভ কৰা ।


১৮) গৌতম বুদ্ধই পৰমজ্ঞান লাভ কৰা ঠাইখিনিৰ নাম কি ।

উত্তৰঃ  গৌতম বুদ্ধই পৰমজ্ঞান লাভ কৰা ঠাইখিনিৰ নাম হল বুদ্ধগয়া ।


১৯) পুৰণি পৰম্পৰাগত বিশ্বাসীসকলক কি বুলি কোৱা হৈছিল ।

উত্তৰঃ  পুৰণি পৰম্পৰাগত বিশ্বাসীসকলক হীনযান বা সৰুবাহন বুলি কোৱা হৈছিল ।


২০) নিৰ্বাণ প্ৰাপ্তি হোৱা মহিলাসকলক কি বুলি কোৱা হৈছিল ।

উত্তৰঃ  নিৰ্বাণ প্ৰাপ্তি হোৱা মহিলাসকলক থেৰী বুলি কোৱা হৈছিল । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Answer type  Ali rani Kakati 


Post ID : DABP006306