পণ্ডিত আনন্দৰাম বৰুৱা 

আনন্দৰাম বৰুৱা

আনন্দৰাম বৰুৱাৰ বিষয়ে (১৮৫০-১৮৮৯)


       ইংৰাজী ১৮৫০ চনৰ মে' মাহৰ ২১ তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল গৰ্গৰাম বৰুৱা আৰু মাকৰ নাম আছিল দুৰ্লভেশ্বৰী বৰুৱা। আনন্দৰাম বৰুৱা মাক-দেউতাকৰ তৃতীয় সন্তান আছিল। 

    ১৮৭০ চনৰ অসমৰ এজন মেধাসম্পন্ন  যুৱকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই.চি.এছ) প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্য়াতিৰে উত্তীৰ্ণ হৈছিল। 

    আনন্দৰাম বৰুৱা আই.চি.এছ পৰীক্ষাত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ মজিন্দাৰ বৰুৱা বংশৰ লগতে অসমৰ নাম উজ্জ্বল কৰি থৈ গৈছে। আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলকতাৰ প্ৰেছিডেন্সী কলেজত নাম ভৰ্তি কৰে। সেই কলেজৰ পৰাই তেখেতে এফ.এ.পৰীক্ষাত সুখ্য়াতিৰে উত্তীৰ্ণ হৈ গণিতত সৰ্বোচ্চ নম্বৰ সহ 'ডাফ স্কলাৰছিপ' পায়, সেই সময়ৰ ভাৰতত থকা ইংৰাজ চৰকাৰে ছাত্ৰক উচ্চ শিক্ষাৰ বাবে বৃত্তি দি বিলাতলৈ পঠিয়াইছিল। তেখেতৰ আগাধ পণ্ডিত্য়, আকৰ্ষণীয় ব্য়ক্তিত্ব আৰু বিভিন্ন উন্নয়মূলক কাৰ্যই বংগৰ নোৱাখালিৰ ৰাইজক মুগ্ধ কৰিছিল। নোৱাখালিত তেখেতৰ নামেৰে স্কুল, বজাৰ স্থাপন আৰু পুখুৰী খন্দা কাৰ্যই তাৰ প্ৰমাণ, সেইকালত স্ত্ৰী-শিক্ষা প্ৰচাৰৰবাবে তেখেতে নোৱাখালিত এখন বালিকা বিদ্যালয়ো স্থাপন কৰিছিল। তেখেতৰ আশাশুধীয়া অধ্য়য়নৰ ফলস্বৰূপে সৃষ্টি হৈছিল 'ব্য়ৱহাৰোপযোগী ইংৰাজী সংস্কৃত অভিধান',  'উচ্চ সংস্কৃত ব্য়ায়কৰণ', 'সংস্কৃত অভিধান', উচ্চ সংস্কৃত ব্য়ায়কৰণ', 'সংস্কৃত শিক্ষাৰ্থী সহচৰ' আৰু 'সৰস্বতী কন্ঠাভৰণ'ৰ দৰে কালজয়ী অমৰ ৰচনাৱলী।

    অসমৰ গৌৰৱ এই জনা মনীষীয়ে ১৮৮৯ চনৰ ১৯ জানুৱাৰীত বংগদেশত আস্মিকভাৱে মৃত্য়বৰণ কৰে। ঊনচল্লিছ বছৰীয়া ছুটি জীৱনত চিৰকুমাৰ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা-সাহিত্য়লৈ অমূল্য় অৱদান আগবঢ়াই থৈ গৈছে। তেখেত ভাষা সাহিত্য়ৰ আগবঢ়াই থৈ গৈছে। তেখেতে ভাষা সাহিত্য়ৰ যি অমৃত ভাণ্ডাৰ দি থৈ গ'ল, সি সঁচাকৈয়ে অতুলনীয়।


অংকুৰ ৰাজ ডেকা

Morigaon (Assam)