বিষ্ণুপ্ৰসাদ ৰাভ | কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা | কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে | Bishnu Prahsad Rabha Topic


কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা


    "ৰাইজে গণদেৱতা, ৰাইজেই আমাৰ নাটঘৰ, ৰাইজেই ভাৱঁৰীয়া"- বুলি সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰা ব্যক্তিয়েই হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।

    কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই জন্ম গ্ৰহণ কৰিছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বাংলাদেশৰ ঢাকাত। তেখেতৰ পিতৃ গোপাল চন্দ্ৰ মুছাহাৰী তেখেতৰ দেউতাকো আছিল সংগীত প্ৰিয়। অতি কম বয়সতে তেওঁ গহৰজান বিবিৰ ওচৰত শাস্ত্ৰীয় নৃত্য-গীতৰ শিক্ষা গ্ৰহণ কৰিছিল। প্ৰায় সাত বছৰৰ বয়সতে পিতৃ ঢুকায়। ঢাকাত প্ৰাথমিক শিক্ষা লাভ কৰে। তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰিক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা প্ৰথম পৰ্যায়ত আই. এছ. চি. পাছ কৰে। তেওঁ থলুৱা সুৰত গীত নাট অলেখ্য ৰচি তাত নিজে সুৰ সংযুজন কৰি বাণীবদ্ধ কৰাৰ লগতে সত্ৰীয়-সংস্কৃতিৰ চিন্তাত মনোনিৱেশ কৰে। তেওঁৰ তাণ্ডৱ-নৃত্য দেখি কাশী হিন্দু মহাবিদ্যালয়ে তেওঁক ভাৰতৰ শ্ৰেষ্ঠ কলাবাদি আৰু কলাগুৰু উপাধি দিয়ে। ১৯৪৮ চনৰ পৰা তেখেতে ৰাজনীতিত সক্ৰিয় ভূমিকা ল'বলৈ আৰম্ভ কৰে। ১৯৬৯ চনৰ ১৯ জুনৰ পুৱতি নিশা এইজনা মহান কলা সাধনে ইহলীলা সম্বৰণ কৰে।


Type - Pallab Jyoti Bora