ৰুদ্ৰ বৰুৱাৰ গীত


 ১/ অ’ বুলবুল অ’ তুলতুল


অ’ বুলবুল অ’  তুলতুল

অ’ সেউতী তৰা

লুকা-ভাকু ভাল নেলেগে

খেল কইনা দৰা।

তুলতুল আমাৰ কইনা হওক

বুলবুল হওক দৰা

মই নামতী নাম লগাই দিওঁ

দৰাঘৰীয়াক যোৰা

অ’ সেউতী হ’ দৰা মাক

ঘট্-টেকেলী ধৰা।

কোৰোকাৰে দুৰলীতে

চাউল হ’ব বালি

কচুপাতত শলাকানি

সেয়ে হ’ব চাকি

পানী পচাত পানী তুলিম

দূৰণিৰ ঘাটগড়া।

পাতাবাহৰ পাত আনি

বেইখনি ল’ম সাজি

মিছা-মিছি হালধিৰে

দুইকো নোৱাম আমি

তৰাই ল’ব তুলতুলক

সেউতীয়ে বুলবুলক

দাঙি আনি বহুৱাম বেই তলৰ পৰা।।


 ২/  অ’ বন্ধু সময় পালে


অ’ বন্ধু সময় পালে আমাৰ ফালে

এবাৰ আহি যাবা।

সহজ সৰল গাঁৱৰ জীৱন

খন্তেক ৰৈ চাবা।।

যান-বাহনৰ সুযোগ নাই

আওহতীয়া আমাৰ ঠাই

বাট বোলোতে হয়তো বন্ধু

অনেক দুখেই পাবা

(আমি) অনাহাৰে দিন কটাওঁ

তাত গধূলি পুৱা

খেৰ-বাঁহৰ





Post ID : DABP005717