ডাকৰ বচন | ডাকৰ বচন কিতাপখনৰ তথ্য সমূহ | 

ডাকৰ বচন

ডাকৰ বচন

ডাকৰ বচন

শ্ৰীশ্ৰীসোণাৰাম তালুকদাৰদেৱ


প্ৰকাশকঃ

            পৰমৰ্থা-পৰিষদৰ হৈ

            শ্ৰীমতী দিপ্তী  ৰাণী হাজৰিকা

            মিচ্ অলকা হাজৰিকা

            মিচ্ নয়না হাজৰিকা

            উজান বজাৰ

            গুৱাহাটী


প্ৰথম প্ৰকাশঃ ৫৫৩ শঙ্কৰাব্দ

                       ৬ আঘোণ ১৪০৮

                       ২২ নবেম্বৰ, ২০০১ ইং


দ্বিতীয় প্ৰকাশঃ ফেব্ৰুৱাৰী, ২০১৭ চন;

                        পৰমাৰ্থ-পৰিষদৰ হৈ

                        হৃষীকেশ পাব্লিকেশ্যন

                        এম. এল. নেহৰু ৰোড, পাণবজাৰ

                        গুৱাহাটী-৭৮১০০১


বৰঙণিঃ ৪০.০০ টকা


অভিমত

    “বৈষ্ণব-ৰত্ন” সাহিত্যিক পেন্সনাৰ শ্ৰীশ্ৰীসােণাৰাম তালুকদাৰদেৱে প্রকাশিত অপ্রকাশিত শতাধিক বিভিন্ন দিশৰ পুথি লিখি অসমীয়া সাহিত্য মন্দিৰৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। তেখেতৰ লিখনিত বৈষ্ণৱ-ধৰ্ম্ম সম্বন্ধীয় পুথিয়েই সৰহ। “পৱিত্ৰ শ্ৰীভক্তি-দর্শন” পুথিখনি তেখেতৰ জীৱনৰ কীৰ্ত্তিস্তম্ভ। তালুকদাৰদেৱৰ লিখনিত অন্যান্য দিশতাে ব্যুৎপত্তি থকা দেখা যায়।

    অন্যান্য দিশত লিখা সােণাৰাম তালুকদাৰদেৱৰ মূল্যৱান পুথিৰ ভিতৰত তেখেতৰ জীৱিত অৱস্থাত পােহৰলৈ নহাকৈ অপ্রকাশিত অৱস্থাত ৰৈ গ'ল তেখেতৰ “ডাকৰ-বচন” নামৰ পুথিখনি। অন্যান্য “ডাকৰ-বচন” লিখা লিখকতকৈ তালুকদাৰদেৱৰ “ডাকৰ-বচন” নামৰ পুথিখনি অলপ অন্য ধৰণৰ। অসমীয়া জন সমাজত প্ৰচলিত অসমৰ চুকে-কোণে ডাকৰ বচন সম্বন্ধে লিখা কিতাপৰ মূল্যৱান বচনবােৰ সংগ্ৰহ কৰি থুপ খুৱাই থৈ গৈছে। প্রচলিত ডাকৰ-বচনত নিজস্ব প্রতিভাৰে তেখেতে সােণত সুৱগা চৰাই থৈ গৈছে। তেখেতৰ এই ডাকৰ-বচনবােৰ অসমীয়া জনসমাজত অনেক কামত আহিব।

    সােণাৰাম তালুকদাৰদেৱৰ অপ্রকাশিত পুথিবােৰৰ মাজৰপৰা “ডাকৰ বচন” নামৰ পুথিখনি সােনকালে প্রকাশ কৰি উলিয়াবলৈ তেখেতৰ চাৰি পুত্ৰৰ সন্মতিক্রমে শ্রীমান ধন্তি হাজৰিকাই ইচ্ছা কৰাত আমি সন্তোষ পাইছোঁ। ডাকৰ-বচনবােৰ গাঁৱলীয়া হােজা সহজ-সৰল মানুহবােৰৰ মুখে মুখে বেছি প্রচলিত। কিছু বছৰৰ আগলৈকে ই মৌখিক সাহিত্যৰ ৰূপতে আছিল। নগৰ-চহৰ বাসীৰ লগতে গাঁওবাসীলােকে এই “ডাকৰ বচন” পুথিখনি পঢ়িলে বিমল আনন্দ পাব। তাৰােপৰি অমসীয়া ছাত্র ছাত্রীসকল বিশেষভাৱে উপকৃত হ'ব। তালুকদাৰদেৱৰ অসমীয়া সমাজৰ মংগলৰ এর্থ কৰা প্ৰচেষ্টাত সহস্ৰজনৰ হিত সাধন হওঁক; এয়ে আমাৰ কামনা। ইতি

বিনীত              

শ্ৰীডম্বৰুধৰ দাস, বি, এ,  

গাঁও-কুৰুৱা, দৰং (অসম)

২৫/১১/২০১১ উং 



Post ID : DABP002805