কমলানন্দ ভট্টাচাৰ্যৰ গীত সমূহ
বিলত তিৰেবিৰাই
বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ
পাতত তিৰেবিৰাই পানী
ৰ’দত তিৰেবিৰাই জিঞাৰে পাখি ঐ
ফুলনিত ফুলৰে ৰাণী।।
এন্ধাৰত জিলিকে জোনাকী পৰুৱা
আকাশত জিলিকে জোন।।
ক’ লাকৈ ডাৱৰত বিজুলী জিলিকে
হিয়াত মোৰ জিলিকে কোন।।
বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ
পাতত তিৰেবিৰাই পানী
ৰ’দত তিৰেবিৰাই জিঞাৰে পাখি ঐ
ফুলনিত ফুলৰে ৰাণী।
হিয়াত যিকুৰা জ্বলে ঐ জীয়া জুই
তাতো ঐ জিলিকে কেঁচা সোণ-
হ’বনে এনেদিন বাজিব ভঙা বীণ
হিয়াত মোৰ জ্বলিব পূৰ্ণিমাৰ জোন।।
বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ
পাতত তিৰেবিৰাই পানী
ৰ’দত তিৰেবিৰাই জিঞাৰে পাখি ঐ
ফুলনিত ফুলৰে ৰাণী।
Post ID : DABP006660