ভবেন্দ্ৰ নাথ শইকীয়াৰ গীত সমূহ 


/ সপোন যেন বৰষুণ



ৰ এজাক সপোন যেন বৰষুণ।

ধূলিৰ ওৰণি ঠেলি

ভাহি আহে, ভাহি আহে

কোমল মাটিৰ গান গুণ, গুণ, গুণ

এজাক সপোন যেন বৰষুণ

ৰ এজাক সপোন যেন বৰষুণ।

 

শুই থকা বননিক

দিলেহি জগাই

সাৰ পালে সেউজী

সেউজী শোভাই।।

কঁপি উঠে কৰবাত অচিনা সুৰ

ৰুণজুন/ৰুণজুন/ৰুণজুন।

ৰ এজাক সপোন যেন বৰষুণ।

 

সাৰ পালে অলেখ, অলেখ

অলেখ চৰাইয়ে

ত আছে দেখাই নেপাও

অৰণ্য জুৰি।

শুনো মাথো আধা ফুটা গান

গুণগুণ, গুণগুণ, গুণগুণ

ৰ এজাক সপোন এজাক বৰষুণ



Post ID : DABP006663