ভবেন্দ্ৰ নাথ শইকীয়াৰ গীত সমূহ 


১/ সপোন যেন বৰষুণ



ক
’ৰ এজাক সপোন যেন বৰষুণ।

ধূলিৰ ওৰণি ঠেলি

ভাহি আহে, ভাহি আহে

কোমল মাটিৰ গান গুণ, গুণ, গুণ

এজাক সপোন যেন বৰষুণ

ক’ৰ এজাক সপোন যেন বৰষুণ।

 

শুই থকা বননিক

দিলেহি জগাই

সাৰ পালে সেউজী

সেউজী শোভাই।।

কঁপি উঠে ক’ৰবাত অচিনা সুৰ

ৰুণজুন/ৰুণজুন/ৰুণজুন।

ক’ৰ এজাক সপোন যেন বৰষুণ।

 

সাৰ পালে অলেখ, অলেখ

অলেখ চৰাইয়ে

ক’ত আছে দেখাই নেপাও

অৰণ্য জুৰি।

শুনো মাথো আধা ফুটা গান

গুণগুণ, গুণগুণ, গুণগুণ

ক’ৰ এজাক সপোন এজাক বৰষুণ



Post ID : DABP006663