নলিনী চৌধুৰীৰ গীতসমূহ


১। গালি তুমি নাপাৰিবা

গালি তুমি নাপাৰিবা

মোক দুষ্ট ল’ৰা বুলি

আসা নিৰাশাৰ জালত মই হ’লোঁ বন্দী।


দুখ নেদেখা ময়ো পাওঁ

হাঁহিৰে উৰুয়াওঁ

দুখ দেকোন ময়ো পাওঁ

অন্তৰেৰে চাওঁ

মোৰো যে মন য়ায়,

ৰুবলৈ আসাৰ পুলু।

গালি তুমি নাপাৰিবা.......।


জীয়া বাটৰ জীয়া সাঁকো

ধুমুহাতহে কঁপে

তোমোৰ মোৰ একেই দশা

কম বেছি ৰূপে

ততাপিও যাব খোজো 

বাধাৰ দুৱাৰ খুলি।

গালি তুমি নাপাৰিবা....।



২/  লগ  দিয়াৰ কথা আছিল

লগ দিয়াৰ কথা আছিল নৈৰে ঘাটত

নোৱাৰো যাব চেনাই ঐ

আই আছে বহি, অ’ পদুলি মুখত

লগ পোৱাৰ কথা আছিল আঁহতৰ তলত

নোৱাৰো যাব জান ঐ

পিছতাই আছে ৰৈ,অ’ পদূলি মুখত।

তোৰে কাষলৈ নোৱাৰি যাব

   অ’ বনজুই জ্বলিছে গাত

একোতা নবহে মন, মোৰে চেনাই ঐ

   অ’  দেহামন ইচাট্-বিচাট্।

শোকে খুন্দা মাৰে কুমলীয়া কলিজাত

অ’ হ’ হ লগ দিয়াৰ কথা আছিল...

ছেগ চাই এবাৰ যাব খোজোতেই

ককায়ে দিলেহি বাধা

পিৰীতিৰে জুই ছাটি-ফুটি দেহা

হিয়াতে মাৰিছো আধা

নেদেখি তোকে চোই কলুজা নপৰে শাঁত্

অ’ হ-হ-লগ দিয়াৰ কথা আছিল....।।




Post ID : DABP006681