মানৱ সৃষ্টি পৰিৱেশঃ

আগতে উল্লেখ কৰা হৈছে যে, মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন উপায়েৰে নিজৰ পৰিৱেশত থকা সমলবোৰ কামত খটুৱায়। এনে কাৰ্যৰ ফলত, পৰিৱেশত কিছু পৰিৱৰ্তন সাধন হয় আৰু নতুন পৰিৱেশ এটা গঢ় লৈ উঠে। এনেদৰে মানুহে নিজৰ সুবিধা মতে গঢ়ি তোলা পৰিৱেশেই মানৱ সৃষ্ট পৰিৱেশ।

ভূগোল বিজ্ঞানৰ বিষয়বস্ত হিচাপে পৰিৱেশঃ

মানৱ সৃষ্ট পৰিৱেশ সম্পৰ্কে পিছৰ পাঠত বহলাই আলোচনা কৰা হৈছে। তোমালোকে নিশ্চয় মন কৰিছা যে এই পাঠত ঘাইকৈ মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক আৰু পৰিৱেশৰ সৈতে সম্পন্ন হোৱা ক্ৰিয়াকলাপৰ কথা আলোচনা কৰা হেছৈ। এই সকলোবিলাক কথা বিতংভাৱে ভূগোল বিজ্ঞান বিষয়ত অধ্যয়ন কৰা হয়। ভুগোল বিজ্ঞানত সৌৰজগত বা বিশ্বব্ৰহ্মাণ্ডৰ কথা অধ্যয়ন কৰাৰ লগতে পৃথিৱীৰ সমগ্ৰ সম্পদ বা উপাদান মানৱ জাতিৰ কল্যাণৰ হকে কেনেদৰে ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে গুৰুত্ব সহকাৰে অধ্য়য়ন কৰে। এনে অধ্যয়নৰ জৰিয়তে পৰিৱেশৰ সুষম ব্যৱহাৰ, সংৰক্ষণ আৰু সুৰক্ষাৰ ধাৰণা দিবলৈ যত্ন কৰা হয়। বৰ্তমান পৰিৱেশ প্ৰদূষণ, পৃথিৱীৰ উষ্ণতা বৃদ্ধি, জনসংখ্যা  বৃদ্ধি আদি সমস্যাই মানুহক চিন্তিত কৰিছে। এইবোৰৰ কাৰণ আৰু মানৱ সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কেও ভূগোলত অধ্যয়ন কৰা হয়। সেয়েহে পৰিৱেশ অধ্যয়নকে ভূগোলৰ মূল বিষয় হিচাপে গণ্য কৰা হয়।


Social Science Class 7

Type: Nayan Moni Deka