জীৱৰ প্ৰজনন | অধ্যায় ১ | Chapter 1 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Answer Assam | Reproduction in organisms

জীৱৰ প্ৰজনন

প্ৰশ্নমালা

(ক) অতি চমু প্রশ্নোত্তৰ:


১। জীৱনকাল বুলিলে কি বুজা?


উত্তৰঃ জন্মৰ সময়ৰ পৰা মৃত্যুৰ সমায়লৈকে প্রাকৃতিকভাৱে ঘটা জীৱন চক্রটোকে জীৱন কাল বোলা হয়।

২। কোন জীৱসমূহক অমৰ বোলা হয়?

উত্তৰঃ যিবোৰ অনুজীৱ মৃত্যুৰ পূর্বে দ্বি-ভাজন পদ্ধতিত বিভাজিত হৈ দুটা কোষকেন্দ্ৰৰ সৃষ্টি হয়, সেইবোৰ

অনুজীৱৰ মৃত্যু নহয়। সেয়ে এই অনুজীৱ সমূহক অমৰ বোলা হয়। যেনে- এবিমা।


৩। কোন বিলাকক আংগিক প্রবর্ধক বোলা হয়?

উত্তৰঃ উদ্ভিদৰ যিবোৰ অংশই নতুন সতি সন্ততি উৎপন্ন কৰিবলৈ সক্ষম, সেই অংশ সমূহকে উদ্ভিদৰ আংগিক প্রবর্ধক বুলি কোৱা হয়।

৪। হাইড্রাই কিভাৱে অংগজ প্রজনন কৰে?


উত্তৰঃ হাইড্রাই মুকুলৰ যোগেদি অংগজ প্রজনন কৰে।

৫। প্রাক-নিষেচন পৰিঘটনাসমূহ কি কি?

উত্তৰঃ প্রাক নিষেচন পৰিঘটনাসমূহ হ'ল-

(ক) জননকোষৰ গঠন আৰু

(খ) জননকোষ স্থানান্তৰ

৬। তৰুণকালৰ সংজ্ঞা দিয়া। ইয়াক অন্য কোন আখ্যাৰে ব্যক্ত কৰা হয়?

উত্তৰঃ যৌন প্রজননক্ষম হোৱাৰ আগতে সকলো জীৱই এটা নির্দিষ্ট মাপৰ দৈহিক বৃদ্ধি আৰু পৰিপক্কতা লাভ কৰা দেখা যায়। বৃদ্ধিৰ এই ঔৰকে কৈশোৰ বা তৰুন কাল (Juvenile Phase) বোলা হয়। উদ্ভদৰ ক্ষেত্ৰ ত ইয়াক দৈহিক বৃদ্ধিৰ বা অংগিকাল আখ্যাবে ব্যক্ত কৰা হয়।

৭। জননকোষ গঠন কাক বোলে?

উত্তৰঃ পুং আৰু স্ত্রী জননকোষ গঠন প্রক্রিয়া মানে শুক্রাণু আৰু ডিম্বাণু গঠন প্রক্রিয়াক জননকোষ গঠন প্রক্রিয়া বোলা হয়।

৮। কামচক্র কোনবিলাক জীৱৰ ক্ষেত্ৰত দেখা যায়?

উত্তৰঃ গৰু, ভেড়া, নিগনি, হৰিণ, কুকুৰ, বাঘ আদি প্ৰাণীৰ ক্ষেত্ৰত কামচক্ৰ পৰিলক্ষিত হয়।

৯। আমি কেনেকৈ বহিঃনিষেচনক অন্তঃনিষেচনৰ পৰা পাৰ্থক্য কৰিব পাৰো?

উত্তৰঃ পুং আৰু স্ত্রীজননকোষৰ মিলনক নিঃষেচন বোলা হয়। কিছুমান জীৱৰ ক্ষেত্ৰত নিঃষেচন শৰীৰৰ বাহিৰত অর্থাৎ পানীত হয় তাক বহিঃনিষেচন বোলে আৰু কিছুমানৰ ক্ষেত্ৰত নিঃবেচন শৰীৰৰ ভিতৰত হয়। এনে নিঃষেচনক অন্তঃনিষেচন বোলা হয়।

১০। ভ্রুণ গঠনৰ আখ্যা দিয়া।

উত্তৰঃ যোজন কোষৰ পৰা ভ্রূণৰ বিকাশ হোৱা প্রক্রিয়াক ভ্রূণ গঠন বোলা হয়।

১১। সমজননকোষ বুলিলে কি বুজা?

উত্তৰঃ যিবিলাক জীৱৰ পুং আৰু স্ত্রী জননকোষ দেখাত একেই অর্থাৎ দৈহিকভাৱে পার্থক্য কৰিব নোৱাৰি সেইবিলা জননকোষক সমজননকোষ বোলা হয়।

১২। অনিষেচিত জননৰ সংজ্ঞা দিয়া।

উত্তৰঃ যিবিলাক উদ্ভিদত নিষেচন নোহোৱাকৈ ফল উৎপন্ন হয় তাক অনিষেচিত জনন বোলা হয়। এনে ফলত বীজ উৎপাদন নহয়। বীজশূন্য এনে ফলক অনিষেক ফল বোলে।

১৩। অযৌন প্রজননৰ ফলত উৎপন্ন সতি-সন্ততিক কিয় ক্লন বোলা হয়?


উত্তৰঃ অযৌন প্রজননৰ ফলত উৎপন্ন সতি-সন্ততি আণুবংশিকভাৱে মাতৃৰ লগক সম্পূর্ণ একে।

আনুবংশিকভাৱে সদৃশ এনে জীৱক ক্লন বোলা হয়।

১৪। কেনেকৈ পৃথিৱীত প্রজাতিৰ অবিচ্ছিন্নতা বজায় থাকে?

উত্তৰঃ প্ৰজননৰ ফলত মাতৃ আৰু পিতৃৰ পৰা পোৱা ক্রমে ডিম্বাণু আৰু শুক্রাণুৰ মিলনৰ যোগেদি উভয়ৰ আণুবংশিক চৰিত্র সতি-সন্ততি সন্নিবিষ্ট হয় বাবে প্ৰজাতিৰ বৈশিষ্ট্য অবিচ্ছিন্নবাবে বজায় থাকে।

১৫। কোনবিলাক জীৱত কোষ বিভাজনেই এক প্রজনন প্রক্রিয়া?

উত্তৰঃ প্ৰ'টিষ্ট আৰু মনেৰা গোষ্ঠীৰ এককোষী জীৱই কোষ বিভাজন কৰি বংশ বৃদ্ধি কৰে। উদাহৰণ- বেক্টেৰিয়া, এমিবা, পেৰমিচিয়াম।

১৬। জননকোষৰ মিলনৰ সংজ্ঞা দিয়া।

উত্তৰঃ প্রজননৰ সময়ত পুংজনন কোষ আৰু স্ত্রীজননকোষ মিলন ঘটে। যাৰ ফলত নিষেচন হয়।


১৭। বাঁহ গছ আৰু stroblilathus kuntiana-ত ফুল ফুলা কি বৈশিষ্ট্য দেখা যায়?


উত্তৰঃ এই বিলাৰ ফুল ফুলাৰ ধৰণ অগতানুগতিক। বাঁহত ৫০ ৰ পৰা ১০০ বছৰত মাজত মাত্ৰ এবাৰহে ফুল

ফুলে। ফুল ফুলাৰ পিছত বাঁহ গছ মৰি যায়। Strobilanthus kuntianaত ১২ বছৰৰ মূৰত এবাৰ ফুল ফুলে।

১৮। আপেলক কিয় অপ্রকৃত ফল বোলা হয়?

উত্তৰঃ আপেল গর্ভাশয়ৰ পৰা সৃষ্টি নহয়। পুষ্পাক্ষৰ বিকাশ হৈ সৃষ্টি হয় বাবে ইয়াক অপ্রকৃত ফল বোলা হয়।

১৯। কিয় একবীজপত্রী গুপ্তবীজী উদ্ভিদৰ জোৰা-কলম কৰিব পৰা নাযায়?

উত্তৰঃ একবীজপত্রী উদ্ভিদৰ সংবহন কণাসমূহ চক্রাকাৰে সজ্জিত নাথাকি বিক্ষিপ্তভাৱে থাকে। যাৰ ফলত কলম আৰু পোষকৰ ফ্লয়েমৰ মাজত সংযোগ স্থাপন সম্ভব নহয়।

২০। একবর্ষজীৱী আৰু বহুবর্ষজীৱীৰ ভিতৰত কোনটোৰ কৈশোৰ কাল চুটি আৰু কিয়?

উত্তৰঃ একবর্ষজীৱীৰ। কাৰণ, এটা বছৰৰ ভিতৰত জীৱনকাল সমাপ্ত কৰিবলগীয়া হয়।

২১। যদিও আলু মৃদগত তথাপি ইয়াক কাণ্ড বোলা হয়। এই বক্তব্যৰ যুক্তি দেখুওৱা।


উত্তৰঃ আলু যদিও মাটিৰ তলত জন্মে তথাপি ইয়াক কাণ্ড বোলা হয়; কাৰণ - ইয়াত কাণ্ডৰ চৰিত্ৰ, যেনে- কলি,

গঠি, পাব আৰু শক্লপত্র থকা দেখা যায়।

২২। জীৱজগতৰ দুটা সহবাসী প্ৰাণীৰ নাম দিয়া।

উত্তৰঃ কেঁচু, জোক।

২৩। যিবিলাক জীবৰ বহিঃনিষেচন হয় সেইবিলাক জীৱই কিয় বেছিকৈ জননকোষ উৎপন্ন কৰে?

উত্তৰঃ বহিঃনিবেচনৰ ফলত অনেক জননকোষ মিলিত হ'ব নোৱাৰি নষ্ট হৈ যায়। তাৰ বাবে বেছিকৈ জননকোষ উৎপাদন কৰা হয় যাতে যথেষ্ট সংখ্যক জননকোষৰ মাজত মিলন ঘটাৰ সুযোগ ঘটে।

২৪। কি পদ্ধতিৰে যথেষ্ট সংখ্যক পুলি উৎপন্ন কৰা যায়?

উত্তৰঃ কলা সংবর্ধন বা কলা কর্ষণ পদ্ধতি।

২৫। "প্রজনন জীৱৰ বাবে আংশ্যকীয় আৰু গুৰুত্বপূৰ্ণ কিয়?

উত্তৰঃ প্রজননৰ যোগেদি জীৱই বংশবৃদ্ধি কৰাৰ উপৰিও প্রজাতিৰ স্বকীয়তা আৰু নিৰবিচ্ছিন্নত বজায় ৰাখে।

২৬। নতুন কলগছ মাতৃ গছৰ কোন অংশৰ পৰা সৃষ্টি হয়?


উত্তৰঃ মৃদগত কাণ্ড।


২৭। এককোষী ভেঁকুৰ এবিধৰ নাম লিখা যিয়ে মুকুলোম্পম অযৌন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰে।


উত্তৰঃ ইষ্ট।

২৮। ক্ল'ন কি?

উত্তৰঃ এক পৈতৃক জীৱৰ পৰা অযৌন প্ৰক্ৰিয়াৰে একে জিনীয় গুণবিশিষ্ট কোষেৰে সৃষ্টি হোৱা জীৱবোৰকে ক্ল'ন বোলে।

২৯। কোন প্ৰকাৰৰ প্ৰজননৰ সৈতে হ্রাসাত্মক কোষ বিভাজন জড়িত?

উত্তৰঃ যৌন প্রজননৰ সৈতে হ্রাসাত্মক কোষ বিভাজন জড়িত হৈ থাকে।

৩০। কোন প্ৰকাৰৰ অংকুৰণত অকুৰিত বীজ পৈতৃক উদ্ভিদৰ সৈতে সংলগ্ন হৈ থাকে?

উত্তৰঃ মৃদগত অংকুৰণত বীজটো মূল উদ্ভিদ জোপাত যুক্ত হৈ থাকে।

৩১। এককোষী জীৱ যেনে এমিবা আৰু বেক্টেৰিয়াৰ প্ৰাকৃতিক মৃত্যু নহয় কিয়?

উত্তৰঃ এককোষী জীৱ যেনে এমিবা, বেক্টেৰিয়া আদিৰ মৃত্যু নহয় বুলি কোৱা হয় কাৰণ দ্বিবিভাজন প্রক্রিয়াবে ইহঁতে সংখ্যা বঢ়ায়।

খালী ঠাই পূৰ কৰাঃ

১। এগুণাত্মক কোষৰ যোজন প্রক্রিয়াক _______ বোলে।

উত্তৰঃ জননকোষ গঠন।

২। ______ হৈ পুংজননকোষৰ লগত স্ত্রীজননকোষৰ মিলন।

উত্তৰঃ নিষেচন।

৩। পদিনা গছৰ ______ হৈছে সাধাৰণ প্ৰৱৰ্ধক অংগজ প্ৰৱৰ্ধনৰ বাবে।

উত্তৰঃ অধোধাৱক।

৪।  লিংগতাৰ ফালৰ পৰা কেঁচু হৈছে _______ কিন্তু পইতাচোৰা হৈছে ______ প্রাণী।

উত্তৰঃ সহবাসী, ভিন্নবাসী।

৫। সপুষ্পক নিষেচনৰ পিছত গর্ভকোষ আৰু ডিম্বকে _______ আৰু ______ গঠনৰ কৰে।


উত্তৰঃ ফল, বীজ।

৬। অযৌন প্রজননৰ দ্বাৰা হোৱা সতি-সন্তনিক _______ বোলে।

উত্তৰঃ আংগিক প্রবর্ধক।

৭)  দুপৰ টেঙাই অযৌন প্রক্ৰিয়াৰে _______ মুকুলৰ সৃষ্টি কৰি প্ৰজনন কৰে।

উত্তৰঃ পত্রমুকুল।

৮। আলুৰ এটা অংশই এডাল নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰিব যদি ইয়াত______থাকে।

উত্তৰঃ মুকুল।

৯) _______ প্ৰক্ৰিয়াৰে হোৱা প্ৰজননৰ সতি-সন্ততি সকল পিতৃ-মাতৃৰ লগত সাইলাখ একে নহয়।

উত্তৰঃ অযৌন।

১০। যেতিয়া স্ত্রী আৰু পুৰুষ বাহ্যিক আকাৰত দেখিবলৈ বেলেগ হয় তাক_______বুলি কোৱা হয়।

উত্তৰঃ Sexual dimorphism

১১। এডাল উদ্ভিদে যদি গুটি উৎপাদন কৰিবলৈ অসমর্থ তেন্তে ইয়াক ______ পদ্ধতিৰে বৃদ্ধি কৰিব পাৰি।

উত্তৰঃ আংগিক।

১২। সপুষ্পক উদ্ভিদৰ পুংজননকোষ_______ আৰু _______কোষৰ বিভাজনৰ দ্বাবা সৃষ্টি হয়।

উত্তৰঃ জননক্ষম কোষ।

১৩। সপুষ্পক উদ্ভিদৰ ডিম্বকধাৰীৰ ডিম্বথলী _______ আৰু ________ কোষেৰে গঠিত।

উত্তৰঃ আঠটা।

১৪। ভেকুঁৰে অযৌন প্রকাবে _______আৰু ৰ সৃষ্টি কৰি প্ৰজনন কৰে।

উত্তৰঃ চলবেণু, ক'নিডিয়া।

১৫। দুয়ো লিংগৰে দেখিবলৈ একে জননকোষ বোৰক ________ বোলে।

উত্তৰঃ সমজননকোষ।

১৬। জীৱ এটাৰ জন্মৰ পৰা প্রাকৃতিক মৃত্যুলৈকে সময়ছোৱাক _______ বোলে।

উত্তৰঃ জীৱনকাল।

১৭। যেতিয়া কলম এটা পোষকত জোৰাকলম কৰোৱা হয় তেতিয়া ফলৰ জিনীয় ৰূপ_______য়ে নির্ণয় কৰে।

উত্তৰঃ কলম (scion)

১৮। ক নিডিয়া অযৌন গঠন-ত পোৱা যায়।

উত্তৰঃ পেনিচিলিয়াম।

শুদ্ধ, অশুদ্ধ উক্তি বাছি উলিওৱাঃ

১। স্পঞ্জৰ বাহিৰে আন কোনো প্রাণীয়েই অমৰ নহয়।

উত্তৰঃ অশুদ্ধ।

২। সহযুত্থান হৈছে কোষ প্রৰসৰ মিলন।

উত্তৰঃ অশুদ্ধ।

৩। গুটিবোৰ হৈছে যৌন প্রজননৰ উৎপাদক; কাৰণ, ইহঁত জননকোষৰ মিলনৰ ফল সৃষ্টি হয়।

উত্তৰঃ শুদ্ধ।

৪। প্ৰাণীৰ ক্ষেত্ৰত কৈশোৰ কালৰ পিছতেই প্রজনন কাল আৰম্ভ হয়।

উত্তৰঃ শুদ্ধ।

৫। জীৱৰ জীৱনচক্ৰত জননকোষৰ গঠন সহযুত্থান ভ্রূণ গঠন- যোজনকোষে সঠিক পৰিঘটনাৰ শৃংখল দেখুৱায়।

উত্তৰঃ অশুদ্ধ।

৬। সমবাসী আৰু সমসূত্র শব্দ দুটাই উভয়লিংগি অৱস্থাক বুজায়।

উত্তৰঃ শুদ্ধ।

৭। বৃত্তকৰ এটা প্ৰাণীৰ জীনীয় গঠন একে হয়।

উত্তৰঃ শুদ্ধ।

৮। গর্ভকোষ্ঠ পকি ডিম্বকৰ সৃষ্টি কৰে।

উত্তৰঃ অশুদ্ধ।

৯। অমিতা এবিধ ভিন্নবাসী উদ্ভিদ।

উত্তৰঃ শুদ্ধ।

১০। ক'নিডিয়া হৈছে শেলাইৰ একলিংগি প্রজনন অংগ।

উত্তৰঃ অশুদ্ধ।

১১। ভিন্নৱাসী জীৱ প্ৰাণী আৰু উদ্ভিদত দেখা যায়।

উত্তৰঃ সঁচা।

১২। চলৰেণুবোৰ সদায় যৌন প্রজনন অংগ।

উত্তৰঃ মিছা।

(গ) ৰচনাধর্মী প্রশ্নোত্তৰ:


Type Himanku Bora  

Post ID : DABP006593


New Update 2026